“এহ কিছে হোৰ নু জীতা ৰহে নে, সাদে আগে কই হোৰ কুড়ি নহী ছি (তেওঁলোকে আন কাৰোবাক জয়ী কৰাই আছে, আমাৰ আগত আন কোনো ছোৱালী নাছিল)।” প্ৰশিক্ষকৰ ওচৰত থিয় হৈ এইদৰে অভিযোগ কৰে খেলুৱৈ জছপাল, ৰমনদ্বীপ আৰু আন বান্ধৱীসকলে। অমৃতসৰ জিলাৰ কেইবা ডজন যুৱ দৌৰবিদে ২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি চণ্ডীগড়ত উপস্থিত হৈ মাৰাথনত অংশগ্ৰহণ কৰিছিল। মাৰাথনৰ অন্তত প্ৰশিক্ষকৰ সন্মুখত অভিযোগ কৰাৰ সময়ত তেওঁলোকক অতি উত্তেজিত হৈ পৰা দেখা যায়।

দৰাচলতে পাঁচ কিলোমিটাৰ দৌৰৰ অন্তত দ্বিতীয় পুৰষ্কাৰ বিজয়ী হিচাপে মঞ্চৰ পৰা জছপাল কৌৰৰ নাম ঘোষণা কৰাৰ পিছতে এই ঘটনা ঘটে। তেওঁলোকে জানে যে জছপাল ৰানাৰ্ছ আপ নহয়, বৰং বিজয়ীহে। সকলো বাধা অতিক্ৰম কৰি ফিনিছিং লাইনত প্ৰথম উপনীত হোৱা প্ৰতিযোগী আছিল জছপাল। কিন্তু তাৰ পিছতো ৫ হাজাৰ টকা নগদ ধনৰ প্ৰথম পুৰস্কাৰ প্ৰদানৰ সময়ত মঞ্চৰ পৰা আন এগৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰে আয়োজকে।

এনে কাৰণতে মঞ্চলৈ উঠি গৈ দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে জছপাল কৌৰে। ইয়াৰ বিপৰীতে তেওঁ আৰু তেওঁৰ প্ৰশিক্ষকসকলে মঞ্চত আৰু মঞ্চৰ বাহিৰত ইজন-সিজনৰ কাষ চাপি বিজয়ীৰ নাম ঘোষণা সন্দৰ্ভত আয়োজকৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে নিজৰ ক’বলগীয়াখিনি কৈ অন্যায়ৰ সমাধানৰ বাবে বহুতৰে পৰা সহায় বিচাৰে। কিন্তু ইমানৰ পিছতো আয়োজকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত অৱশেষত নিজৰ প্ৰশিক্ষকৰ অনুৰোধমৰ্মে মঞ্চলৈ উঠি গৈ বিশাল ব’ৰ্ডত লিখা থকা ৩,১০০ টকাৰ দ্বিতীয় পুৰস্কাৰৰ চেকখন গ্ৰহণ কৰিবলগীয়া হয় জছপালে।

এই ঘটনাৰ এমাহ পাছত অৰ্থাৎ ২০২৩ চনৰ এপ্ৰিল মাহত জছপালক আচৰিত কৰি তেওঁৰ বেংক একাউণ্টত ৫ হাজাৰ টকা জমা হয়। জছপালক একো কোৱা হোৱা নাছিল আৰু কোনো স্থানীয় বাতৰি কাকততো তেওঁ একো খবৰ পোৱা নাছিল। ৰুনিজেন টাইমিং চিষ্টেমৰ ফলাফলৰ ৱেবছাইটত ৫ কিলোমিটাৰ দৌৰৰ লেডাৰব’ৰ্ডত ২৩.০৭ মিনিটৰ গানটাইম (দৌৰৰ সময়)ৰে বিজয়ী হিচাপে তেওঁৰ নাম উল্লেখ আছে। এইবাৰৰ বঁটা বিতৰণৰ ছবিত তেওঁ নাই। কিন্তু জছপালৰ হাতত এতিয়াও আছে কেইবাটাও পদকৰ লগতে সেই বিশাল চেকখন।

২০২৪ চনত যুৱতী কেইগৰাকীৰ সৈতে পৰৱৰ্তী মাৰাথন দৌৰৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত এই সাংবাদিকগৰাকীয়ে আয়োজকৰ পৰা জানিব পাৰিলে যে তেওঁলোকে ভিডিঅ’ ফুটেজ পৰ্যালোচনা কৰি সেই বছৰৰ শেষৰ ফালে জছপালৰ প্ৰতিদ্বন্দ্বীক দৌৰৰ পৰা অযোগ্য ঘোষণা কৰিছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে প্ৰতিবাদ কৰা যুৱতী কেইগৰাকী তেওঁলোকৰ মতত শুদ্ধ আছিল। ৰেচ বিবৰ সৈতে জড়িত প্ৰৱঞ্চনা পোহৰলৈ অহাৰ পিছতে জছপালে বেংক একাউণ্টযোগে লাভ কৰা ধনৰ ৰহস্যও ফাদিল হ’ল।

নগদ ধনৰ পুৰস্কাৰ জছপালৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰা তেওঁৰ কলেজীয়া শিক্ষা পুনৰ আৰম্ভ কৰাৰ পথ মুকলি হ’ব পাৰে। দুবছৰ আগতে তেওঁ ব্যক্তিগত বিশ্ববিদ্যালয় এখনত অনলাইন বি এ (কলা) পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। জছপালে কয়, “কিন্তু প্ৰথম ছেমিষ্টাৰৰ বাহিৰে শেষ কৰিব পৰা নাই। পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰতিটো ষান্মাসিকত প্ৰায় ১৫ হাজাৰ টকা দিব লাগে। প্ৰথম ষান্মাসিকত মই নগদ ধনৰ পুৰস্কাৰ [গাঁৱৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় বিজয়ীৰ বাবে বিদ্যালয়ে দিয়া] মাচুল পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰিলোঁ। কিন্তু তাৰ পিছত মোৰ হাতত টকা নথকাৰ বাবে দ্বিতীয় ষান্মাসিক সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ।”

উচ্চ শিক্ষা গ্ৰহণ কৰা পৰিয়ালৰ প্ৰথমজন সদস্যা ২২ বছৰীয়া জছপাল। পাঞ্জাৱৰ আটাইতকৈ বঞ্চিত অনুসূচিত জাতি সম্প্ৰদায়ৰ ভিতৰত অন্যতম হিচাপে শ্ৰেণীভুক্ত কৰা মজহবি ধৰ্মীয় শিখ সম্প্ৰদায়ৰ নিজৰ গাঁৱৰ মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁৱো এগৰাকী। জছপালৰ মাতৃ বলজিন্দৰ কৌৰ (৪৭)য়ে পঞ্চম শ্ৰেণীতেই শিক্ষা সামৰাৰ বিপৰীতে পিতৃ বালকাৰ সিং (৫০) একেবাৰে অনাখৰী। জ্যেষ্ঠ ভাতৃ অমৃতপাল সিং (২৪) য়ে দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিয়েই শিক্ষা সামৰি পৰিয়ালৰ দায়িত্ব বুজি কামত লাগে। তেওঁ দেউতাকক তেওঁলোকৰ গাঁও কোহালীৰ আশে-পাশে নিৰ্মাণ কাৰ্য্যত সহায় কৰিবলৈ আৰম্ভ কৰে। ইফালে ১৭ বছৰীয়া কনিষ্ঠ ভাতৃ আকাশদ্বীপ সিঙে দ্বাদশ শ্ৰেণীলৈকে শিক্ষা সম্পূৰ্ণ কৰিছে।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

ধাতুৰ এই আলমাৰীটোত জছপালে তেওঁৰ আটাইবোৰ মূল্যবান পুৰস্কাৰ সযতনে ৰাখি থৈছে। পৰিয়ালৰ সৈতে ফটো (সোঁফালে)

জ্যেষ্ঠ ভাতৃৰ পত্নী আৰু সন্তানৰ সৈতে একেলগে বাস কৰা পৰিয়ালৰ বৰ্তমানৰ আয় নিৰ্ভৰ কৰে দুয়োগৰাকী পুৰুষৰ উপাৰ্জনৰ ওপৰত। কিন্তু কথাটো হ’ল, তেওঁলোকেও কাম সদায় নাপায়। যি সময়ত তেওঁলোকে কাম পায়, সেই সময়ত তেওঁলোকৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে উন্নত হয়। সেই সময়ত তেওঁলোকৰ মাহিলী উপাৰ্জন ৯-১০ হাজাৰ টকালৈকে হয়।

জছপালে দৌৰ প্ৰতিযোগিতাত অংশ লৈ লাভ কৰা পুৰস্কাৰৰ ধনেৰে কিছুমান খৰচ নিজাববীয়াকৈ বহন কৰে, যেনে প্ৰতিযোগিতাৰ প্ৰৱেশ মাচুল, ভ্ৰমণৰ খৰচ অথবা শিক্ষাৰ মাচুল। কিন্তু তাৰ পিছতো বহু অভাৱ তেওঁৰ থাকি যায়। “'যদিও আমি দৌৰ পঞ্জীয়নৰ সময়ত টি-চাৰ্ট এটা পাওঁ, কিন্তু তাৰ পিছতো আমি শ্বৰ্ট, ট্ৰেকছুট পেণ্ট আৰু জোতাৰ দৰে অন্য ক্ৰীড়া সামগ্ৰীৰ বাবে পিতৃ-মাতৃৰ পৰা টকা বিচাৰিবলগীয়া হয়।” খেলপথাৰত ক্ৰীড়াৰ পোছাক পৰিধান কৰি থকাৰ সময়তে এইদৰে কয় জছপালে।

আমাৰ চৌপাশে যুৱ খেলুৱৈসকল বিভিন্ন কামত নিয়োজিত হোৱা আমি দেখিবলৈ পালো। কোনো খেলুৱৈয়ে যদি অনুশীলন কৰি আছে, আন কোনোৱে আকৌ আৰামত খেলপথাৰখনৰ চৌদিশে টহল দিছে। আনহাতে কিছু সংখ্যক খেলুৱৈয়ে তেওঁলোকৰ প্ৰশিক্ষক ৰাজিন্দৰ সিঙৰ চাৰিওফালে নিজৰ দৈনন্দিন প্ৰশিক্ষণৰ বাবে গোট খাইছে। এই খেলুৱৈসকল বিভিন্ন গাঁৱৰ পৰা আহে। যোৱা সাত বছৰত জছপালে ৪০০ মিটাৰ, ৮০০ মিটাৰ আৰু ৫ কিলোমিটাৰ দৌৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বহু বঁটা আৰু পদক লাভ কৰিছে। নিজৰ গাঁৱৰ বহু লোকৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে জছপাল। তেওঁৰ পদক, প্ৰমাণপত্ৰ আৰু নগদ ধনৰ বঁটাৰ সংগ্ৰহে অভাৱগ্ৰস্ত পটভূমিৰ বহু লোকক নিজৰ সন্তানক প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

তেওঁৰ সাফল্যৰ পিছতো জছপালৰ এতিয়ালৈকে কোনো জয়েই পৰিয়ালৰ আৰ্থিক বোজা লাঘৱ কৰিব পৰাকৈ পৰ্যাপ্ত হোৱা নাই। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা নতুন কাম আৰম্ভ কৰিছে জছপালে। অমৃতসৰৰ সমীপৰ এটা গৌশালাত তেওঁ  মাহে ৮ হাজাৰ টকা দৰমহাৰ চাকৰিটো লাভ কৰিছে। কিন্তু নিজৰ ক্ৰীড়া মন আৰু উচ্চ শিক্ষা গ্ৰহণৰ হাবিয়াসৰ বাবে এতিয়া চাকৰিটো সম্পাদন কৰাত অসুবিধাৰ সন্মুখীন হৈছে জছপাল। তেওঁ আক্ষেপ ব্যক্ত কৰি কয়, “মই মোৰ পৰিয়ালৰ উপাৰ্জনত অৰিহণা যোগাবলৈ এই চাকৰিটো কৰিবলৈ আৰম্ভ কৰিছিলো। অৱশ্যে এতিয়া পঢ়া-শুনাৰ বাবে সময়ৰ অভাৱ অনুভৱ কৰিছো।”

তেওঁ এই কথা ভালদৰে জানে যে তেওঁৰ নতুন চাকৰিটোৰ পৰা লাভ কৰা দৰমহা পাৰিবাৰিক দায়িত্ব পালনৰ সমান্তৰালভাৱে তেওঁৰ স্নাতক শিক্ষাৰ ষাণ্মাসিকৰ মাচুল আদায় কৰিবলৈও পৰ্যাপ্ত নহয়।

২০২৪ চনৰ মাৰ্চ মাহত চণ্ডীগড়ত অনুষ্ঠিত ১০ কিলোমিটাৰ দৌৰত পুনৰবাৰ অংশগ্ৰহণৰ সিদ্ধান্ত লয় জছপালে। প্ৰতিযোগিতাখনিত অংশ লৈ এইবাৰ তেওঁ দ্বিতীয় ৰানাৰ্ছ আপৰ স্থান নিশ্চিত কৰি ১১ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

*****

হৰ্ছে ছিনা গাঁৱৰ নিৱাসী ৰাজিন্দৰ সিং ছিনা (৬০)ৰ তত্ত্বাৱধানত প্ৰায় ৭০ গৰাকী খেলুৱৈৰ মাজত নিঃসন্দেহে “তৰা”ৰ দৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে জছপাল। ১৫০০ মিটাৰ দৌৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন কৰা এগৰাকী নিপুণ ক্ৰীড়াবিদ হিচাপে পৰিচিত ৰাজিন্দৰ সিং ছিনাই প্ৰান্তীয় সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁৰ জীৱনৰ এক দশকৰো অধিক সময় উৎসৰ্গা কৰিছে।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

জছপাল আৰু মনপ্ৰীত, পাঞ্জাৱৰ অমৃতসৰৰ হৰ্ছে চিনা গাঁৱৰ প্ৰশিক্ষণ শিবিৰত

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

প্ৰশিক্ষক ৰাজিন্দৰ সিং চিনা আৰু তেওঁ লগত দৌৰবিদসকল (বাওঁফালে)। নিজৰ আয়ুৰ্বেদিক দৰৱৰ দোকানত, তাত তেওঁ দিনটোৰ কেইঘণ্টামান সময় ৰোগী চায়

পাঞ্জাৱৰ গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত প্ৰচলিত ড্ৰাগছ আসক্তিক লৈ চণ্ডীগড়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কৰা উপহাসে ২০০৩ এক লক্ষ্য দিছিল ৰাজিন্দৰ সিং ছিনাক। সেই সময়তে তেওঁ সৰু সৰু ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলক ক্ৰীড়া প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰে। অমৃতসৰৰ হৰ্ছে ছিনা গাঁৱৰ কমৰেড অচ্ছাৰ সিং ছিনা চৰকাৰী উচ্চতৰ মাধ্যমিক স্মাৰ্ট স্কুলৰ খেলপথাৰখনলৈ আঙুলিয়াই তেওঁ কয়, “মই প্ৰথমে শিশুসকলক এই ক্ষেত্ৰৰ সৈতে পৰিচয় কৰাই দিছিলো। তেওঁলোক আছিল বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত শ্ৰমিকৰ সন্তান আৰু প্ৰান্তীয় শ্ৰেণীৰ ল’ৰা-ছোৱালী। মই তেওঁলোকক বিদ্যালয়ত নামভৰ্তিৰ সুবিধা কৰি দিয়াৰ লগতে তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ কৰো আৰু লাহে লাহে এই পদক্ষেপে গতি লাভ কৰিলে।”

ৰাজিন্দৰ সিং ছিনাই কয়, “চৰকাৰী বিদ্যালয়ত এতিয়া প্ৰান্তীয় শ্ৰেণীৰ বহু ছাত্ৰ-ছাত্ৰী আহিছে। তেওঁলোক কঠোৰ পৰিশ্ৰমী আৰু শক্তিশালী। অন্ততঃ তেওঁলোকে ৰাজ্যিক পৰ্যায়লৈ আগবাঢ়ি গৈ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰক, সেই লক্ষ্যৰেই মই দল গঠনৰে তেওঁলোকক একত্ৰিত কৰিবলৈ আৰম্ভ কৰোঁ। গুৰুদ্বাৰাত সেৱাৰ বাবে মই সময় উলিয়াব নোৱাৰিলোঁ। কিন্তু মই বিশ্বাস কৰোঁ যে পাৰিলে শিশুসকলক তেওঁলোকৰ শিক্ষাত সহায় কৰা উচিত।”

প্ৰশিক্ষক ছিনাই গৌৰৱেৰে কয়, “মই কমেও ৭০ জন খেলুৱৈক প্ৰশিক্ষণ দিওঁ। বহুতে উৎকৃষ্ট প্ৰদৰ্শন কৰি আহিছে আৰু আনকি ভাল চাকৰিও লাভ কৰিবলৈ সক্ষম হৈছে। কিছুমানে আনকি প্ৰ' কাবাডী লীগতো খেলাৰ সুযোগ পাইছে। আমি কাৰো পৰা কোনোধৰণৰ সহায় লাভ কৰা নাই, তাৰ পিছতো মানুহ আহে আৰু ল’ৰা-ছোৱালীসকলৰ প্ৰশংসা কৰে। তেওঁলোকে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু ইয়াৰ পৰা কোনো লাভ হোৱা নাই। আমি নিজাববীয়াকৈ যি পাৰো কৰি আহিছো।”

বি এ এম এছ ডিগ্ৰীধাৰী ৰাজিন্দৰ সিং ছিনাৰ অমৃতসৰৰ সমীপৰ ৰাম তীৰ্থত নিজাকৈ এখন ক্লিনিক আছে। তেওঁ কয় যে সেই ক্লিনিকখনৰ পৰা কৰা উপাৰ্জনেই তেওঁৰ পৰিয়াল আৰু ক্ৰীড়াঙ্গনৰ খা-খৰছ বহন কৰিবলৈ যথেষ্ট হয়। তেওঁ কয়, “মই মাটি চিহ্নিত কৰিবলৈ হাৰ্ডল, ওজন, চূণৰ দৰে সঁজুলিৰ বাবে প্ৰতিমাহে প্ৰায় ৭,০০০-৮,০০০ টকা খৰছ কৰোঁ।” ইয়াৰ উপৰিও বৰ্তমান বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ছিনাৰ তিনি সন্তানেও মাজে মাজে আৰ্থিক সহায় আগবঢ়ায়।

“কোনো শিশুৱেই ড্ৰাগছ আসক্ত হৈ জীৱন ধ্বংস কৰাটো মই নিবিচাৰো। মই কেৱল বিচাৰো আৰু তেওঁলোক খেলপথাৰলৈ আহক আৰু কিবা এটা কৰি দেখুৱাওক।”

ক্ৰীড়াৰ বাবে জীৱন সমৰ্পণ কৰা পাঞ্জাৱৰ প্ৰশিক্ষক ৰাজিন্দৰ সিং ছিনা আৰু তেওঁৰ যুৱতীৰ খেলুৱৈৰ দলটোৱে তেওঁলোকৰ যাত্ৰাৰ বিষয়ে এইদৰে বৰ্ণনা কৰে

ভিডিঅ’টো চাওক ‘গ্ৰামীণ পাঞ্জাৱত মহিলা খেলুৱৈৰ সংগ্ৰাম’

*****

গাঁও কোহালীৰ পৰা ১০ কিলোমিটাৰ নিলগত অৱস্থিত খেলপথাৰখনলৈ যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় যুৱতী জছপাল। গাঁৱৰ বাহিৰৰ নিজৰ সামান্য দুটা কোঠাৰ ইটাৰে নিৰ্মিত ঘৰটোৰ চোতালত বহি তেওঁ কয়, “মোৰ বাবে দূৰত্বটো যথেষ্ট সংগ্ৰামৰ বিষয়। প্ৰতিদিনে খেলপথাৰলৈ অহা-যোৱা কৰিবলৈ মোক ৪৫ মিনিট সময় লাগে।” যুৱ খেলুৱৈগৰাকীয়ে পুনৰ কয়, “মই প্ৰতিদিনে পুৱা ৩.৩০ বজাত শেতেলীৰ পৰা উঠো আৰু তাৰ পিছত ৪.৩০ বজাত খেলপথাৰ পাও। মা-দেউতাই মোক সাৱধান হ’বলৈ কৈ থাকে, কিন্তু মই কেতিয়াও অসুৰক্ষিত অনুভৱ কৰা নাই। ওচৰৰে আখৰা এখনত ডেকা ল’ৰাবোৰে সদায় মল্লযুঁজৰ অনুশীলন কৰে। তেওঁলোকৰ বাবেই ৰাস্তাটো কেতিয়াও জনশূন্য নহয়। খেলপথাৰত দুঘণ্টা আমি অনুশীলন কৰো, আৰু তাৰ পিছত ৭.৩০ বজাত মই ঘৰলৈ খোজকাঢ়ি উভতো।”

দেউতাকৰ চেকেণ্ডহেণ্ড বাইকখন চলাবলৈ দুবছৰ আগতে শিকিছিল জছপালে। তাৰ পিছত মাজে মাজে সেই বাইকখন লৈয়েই তেওঁ প্ৰশিক্ষণথলীলৈ অহা-যোৱা কৰিছিল। বাইকেৰে গ’লে মাত্ৰ ১০ মিনিটমানহে সময় লাগে। কিন্তু তেনেকৈ অনুশীলনলৈ গ’লেও দেউতাক বা ককায়েকহঁতে বাইকখন বিচাৰি হাহাকাৰ লগালে প্ৰশিক্ষণ আধাতে সামৰি তেওঁ ততাতৈয়াকৈ ঘৰলৈ উভতিবলগীয়া হয়। এনে কাৰণতে তেওঁ প্ৰশিক্ষণৰ কেইবাটাও পৰ্যায় বাদ দিবলগীয়াও হৈছে।

প্ৰশিক্ষকগৰাকীয়ে কয়, “এতিয়াও কিছুমান গাঁৱত চৰকাৰী বা ব্যক্তিগত বাছ সেৱা নাই। সেয়েহে বহু যুৱ খেলুৱৈয়ে খেলপথাৰত উপস্থিত হ’বলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। যোগাযোগৰ সুবিধা নথকাৰ বাবে তেওঁলোকৰ বহুতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো এখন পৃথক যুঁজ দিবলগীয়া হৈ আহিছে। উচ্চ শিক্ষাৰ বাবে ওচৰৰ মহাবিদ্যালয়ৰ অভাৱৰ বাবেই এনে গাঁওসমূহৰ বহু ছোৱালীয়ে দ্বাদশ শ্ৰেণীৰ পিছত পঢ়া-শুনা বাদ দিবলৈ বাধ্য হয়। জছপালে মন্তব্য কৰা মতে, তেওঁৰো ঘৰৰ একেবাৰে ওচৰৰ বাছ আস্থানটো গাঁওখনৰ সিটো মূৰে অৱস্থিত। আনহাতে আন এটা প্ৰধান সমস্যা হৈছে তেওঁ যি সময়ত প্ৰশিক্ষণথলীলৈ যায়, সেই সময়ত বাছ পোৱাটো।

একেখন গাঁৱৰে আন এগৰাকী যুৱ খেলুৱৈ ৰমনদ্বীপ কৌৰেও দিনটোত দুবাৰকৈ দহ কিলোমিটাৰ বাট অহা-যোৱা কৰি প্ৰশিক্ষণত ভাগ লয়। তেওঁ কয়, “কেতিয়াবা, মই পাঁচ কিলোমিটাৰ খোজ কাঢ়ি যাও, আৰু তাৰ পিছত একেলগে প্ৰশিক্ষণ কৰা চেইনপুৰ গাঁৱৰ কোমলপ্ৰীতৰ সৈতে স্কুটীত উঠি প্ৰশিক্ষণথলীলৈ যাও। অহাৰ সময়তো পাঁচ কিলোমিটাৰ স্কুটীত আহি বাকীছোৱা খোজকাঢ়ো।”

“ডৰ তন লগদা ইকালে আন্দে-জান্দে, পৰ কিছে কল টাইম নহী নাল জান আউন লায়ী (মই অকলে অহা-যোৱা কৰিবলৈ ভয় কৰো, বিশেষকৈ আন্ধাৰত ভয় লাগে। কিন্তু মোৰ সৈতে সদায় অহা-যোৱা কৰিবলৈ পৰিয়ালৰ কাৰো সময় নাই)” এইদৰে কয় ৰমনদ্বীপে। প্ৰশিক্ষণৰ উপৰিও প্ৰতিদিনে অতিৰিক্তভাৱে ২০ কিলোমিটাৰ খোজ কাঢ়ি ভাগৰি পৰে ৰমনদ্বীপ। তেওঁ কয়, “মই সকলো সময়তে ভাগৰুৱা অনুভৱ কৰো।”

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: জছপালে দুবছৰ আগতে মটৰচাইকেল চলাবলৈ শিকিছিল, যাতে প্ৰশিক্ষণ শিবিৰলৈ যাব পাৰে। সোঁফালে: মাক আৰু ভনীয়েকৰ সৈতে ঘৰত ৰমনদীপ কৌৰ (ক’লা চোলা), লগত তেওঁ যোৱা বছৰকেইটাত লাভ কৰা ট্ৰফিবোৰ

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

পুৰস্কাৰৰ পইচাৰে ৰমনদীপে জোতা কিনিছে

কিন্তু কেৱল প্ৰশিক্ষণ আৰু প্ৰশিক্ষণলৈ অহা-যোৱাতেই শেষ নহয় ২১ বৰ্ষীয় যুৱতীগৰাকীৰ সংগ্ৰাম। এই সকলো শাৰীৰিক কষ্টৰ উপৰিও তেওঁ ঘৰুৱা কাম-বনত সহায় কৰিবলগীয়া হয়। ঘৰৰ ম’হ-গৰুবোৰ চৰোৱা, দানা দিয়া আদি কামবোৰ তেওঁ কৰিবলগীয়া হয়। ঘৰৰ ঠিক সন্মুখতে থকা ৩-৪ ফুট বহল ইটাৰ ৰাস্তা এটাৰ সিটো পাৰে এটুকুৰা সৰু ঠাইত গৰু-ম’হবোৰ ৰাখে যুৱতীগৰাকীৰ পৰিয়ালে।

ৰমনদ্বীপো মজহবি শিখ সম্প্ৰদায়ৰ। তেওঁৰ দহজনীয়া পৰিয়ালটোৰ উপাৰ্জনকাৰী দুই ভাতৃ। তেওঁলোকৰ উপাৰ্জনেৰেই ঘৰখন চলে। ৰমনদ্বীপে কয় “তেওঁলোকে সাধাৰণতে কাঠমিস্ত্ৰীৰ কাম কৰে যদিও অন্য কাম পালেও প্ৰায়ে তেওঁলোকে কৰে। যেতিয়া তেওঁলোকে কাম বিচাৰি পায়, তেতিয়া প্ৰত্যেকেই দিনটোত প্ৰায় ৩৫০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে।”

পিতৃৰ বিয়োগৰ পিছতে ২০২২ চনত দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰি পঢ়া বাদ দিবলগীয়া হৈছিল ৰমনদ্বীপে। “পঢ়িবলৈ আমাৰ সামৰ্থ্য নাই” গাঁৱৰ শেষৰ ফালে থকা তেওঁলোকৰ দুটা কোঠাৰ ঘৰটোত বহি অনুশোচনা আৰু বিষাদেৰে এই মন্তব্য কৰে ৰমনদ্বীপে। তেওঁলোকৰ ঘৰটোৰ দেৱালবোৰত মাজে মাজে ফাঁট মেলিছে। যুৱতীগৰাকীয়ে কয়, “মোৰ মায়ে বিধৱা পেঞ্চন হিচাপে ১৫০০ টকা লাভ কৰে আৰু তাৰ পৰাই তেওঁ মোৰ বাবে খেলৰ পোছাক কিনি আনে।”

“কেচ প্ৰাইজ জিট কে শ্বুছ লায়ে চি ৩১০০ দে, হুন টুট গয়ে, ফেৰ কোই ৰেচ জিটুংগী তে শ্বুছ লাউংগী [এখন দৌৰ প্ৰতিযোগিতাত ৩১০০ টকাৰ নগদ পুৰস্কাৰ লাভ কৰি মই এই জোতাযোৰ কিনিছিলো, এইযোৰ এতিয়া ফাটি গৈছে, আকৌ দৌৰত জয়ী হ’লে পুনৰ জোতা কিনিম]” - তেওঁ পিন্ধি থকা উৱলি যাবলৈ ধৰা জোতাযোৰলৈ দেখুৱাই দি এইদৰে কয় ৰমনদ্বীপে। জোতা থাকক বা নাথাকক, আজি য’ত আছে, সেই ঠাইৰ পৰা এখন উন্নত ঠাই পাবলৈ তেওঁ দৌৰি আছে।

ৰমনদ্বীপে কয়, “মই আৰক্ষী বাহিনীত এটা চাকৰি নিশ্চিত কৰিবলৈ দৌৰিছো।”

চেইনপুৰৰ কোমলপ্ৰীত কৌৰ (১৫), কোহালী গাঁৱৰ গুৰকিৰপাল সিং (১৫), ৰানেৱালী গাঁৱৰ মনপ্ৰীত কৌৰ (২০) আৰু শৈনশ্ৰা কালান গাঁৱৰ মমতা (২০) আদি সকলেও অলেখ বাধা অতিক্ৰম কৰি ছিনাৰ অধীনত প্ৰশিক্ষণ ল’বলৈ আহে। এই যুৱ খেলুৱৈসকলে তেওঁলোকৰ সামাজিক ভাৱমূৰ্তি সলনি কৰিবলৈ প্ৰয়াস কৰাৰ উপৰিও এটা স্থায়ী সংস্থাপনৰ বাবে সংগ্ৰাম কৰিছে। তেওঁলোকৰ বাবে এটা চৰকাৰী চাকৰিৰ অৰ্থ হ’ল সমগ্ৰ পৰিয়ালটোৰ বাবে আৰ্থিক নিৰাপত্তা। কিন্তু তেওঁলোকৰ বাবে এনে চৰকাৰী চাকৰিৰ প্ৰৱেশ পৰীক্ষাটোও অন্য এক কঠোৰ দৌৰৰ দৰে।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

কোমলপ্ৰীত আৰু মনপ্ৰীত, প্ৰশিক্ষণৰত অৱস্থাত

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: যুৱ দৌৰবিদ গুৰকৃপাল সিঙে তেওঁ জিকা মেডেলবোৰ দেখুৱাইছে। সোঁফালে: প্ৰশিক্ষক চিনাই যুৱ এথলিটসকলক প্ৰশিক্ষণ দি থকা অৱস্থাত

খেলুৱৈসকলৰ বাবে বিশেষ তিনি শতাংশ কোটা আঁচনিখনে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে চেম্পিয়নশ্বিপ ট্ৰফী লাভ কৰাটো বাধ্যতামূলক কৰি তুলিছে। কিন্তু এই কৃতিত্ব অৰ্জনৰ বাবেও বিভিন্ন সম্পদৰ সুবিধাৰ প্ৰয়োজন। কিন্তু এনে সম্পদৰ অভাৱত এই দৃঢ়প্ৰতিজ্ঞ ছোৱালীসকলে ৰাজ্যজুৰি কেইবাটাও মাৰাথনত ৫ আৰু ১০ কিলোমিটাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ বাছি লয়। তেওঁলোকে লাভ কৰা বঁটা আৰু পদকসমূহে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে স্বীকৃতি হিচাপে কাম কৰাই নহয়, তেওঁলোকে লাভ কৰিব বিচৰা আৰক্ষী বাহিনীৰ চাকৰিৰ বাবে প্ৰয়োজনীয় শাৰীৰিক যোগ্যতা পৰীক্ষাতো উত্তীৰ্ণ হোৱাত সহায় কৰে।

২০২৪ চনত পাঞ্জাৱ আৰক্ষীত কনিষ্টবলৰ বাবে ৰাজ্যিক নিযুক্তি অভিযানত এই পদসমূহত মজহবি শিখসকলৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা আছে। বিজ্ঞাপন দিয়া মুঠ ১,৭৪৬টা খালী পদৰ ভিতৰত ১৮০টা এই অনুসূচিত জাতি সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ইয়াৰ উপৰিও এই আৱণ্টনৰ ভিতৰত মজহবি শিখ সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে বিশেষভাৱে ৭২খন আসন সংৰক্ষিত।

আৰক্ষী, ন্যায়পালিকা, কাৰাগাৰ আৰু আইনী সাহায্যকে ধৰি নিজৰ মূল ন্যায় প্ৰদান ব্যৱস্থাসমূহ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যৰ অগ্ৰগতিৰ মূল্যায়ন আৰু ৰেংকিং কৰা ২০২২ চনৰ ভাৰত ন্যায় প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত পাঞ্জাৱৰ স্থান ৪ৰ্থৰ পৰা দ্বাদশ স্থানলৈ অৱনমিত হৈছে। প্ৰতিবেদনত জাতি বা লিংগৰ ভিত্তিতেই হওক, অগ্ৰগতি লেহেমীয়া হোৱাৰ লগে লগে অন্তৰ্ভুক্তিৰ ব্যাপক অভাৱৰ ওপৰত আলোকপাত কৰা হৈছে। দশক দশক ধৰি ব্যাপক বিতৰ্ক চলি থকাৰ পিছতো কোনো ৰাজ্যই সকলো উপ-ব্যৱস্থাতে তিনিওটা কোটা লাভ কৰিব পৰা নাই আৰু মহিলাসকল এতিয়াও সমতাৰ পৰা বহু পিছ পৰি ৰৈছে। পোন্ধৰ বছৰৰ সময়ছোৱাত ২০০৭ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জানুৱাৰীলৈকে সমগ্ৰ দেশতে আৰক্ষীত মহিলাৰ প্ৰতিনিধিত্ব মাত্ৰ ৩.৩ শতাংশৰ পৰা ১১.৮ শতাংশলৈ বৃদ্ধি পাইছে, আনহাতে ২০২২ চনত পাঞ্জাৱত এই সংখ্যা ৯.৯ শতাংশ নথিভূক্ত কৰা হৈছে।

জছপাল আৰু ৰমনদ্বীপ দুয়োগৰাকীয়েই যোৱা বছৰৰ পৰা পাঞ্জাৱ আৰক্ষীৰ কনিষ্টবল পদৰ বাবে আবেদন কৰি আহিছে। ২০২৩ চনত দুয়োগৰাকী যুৱতীয়েই পাঞ্জাৱী ভাষাত কনিষ্টবলৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সফলতা লাভ কৰিব নোৱাৰিলে। ৰমনদ্বীপে কয়, “মই ঘৰতে লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো।”

২০২৪ চনৰ নিযুক্তি অভিযানৰ বিজ্ঞাপনত কম্পিউটাৰভিত্তিক পৰীক্ষাৰ কথা উল্লেখ কৰা হৈছে। অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলে শৰীৰিক পৰীক্ষণ পৰীক্ষা আৰু দৈহিক জোখ-মাখৰ দ্বিতীয় পৰ্যায়লৈ যাবলৈ হ’লে প্ৰয়োজনীয় নূন্যতম নম্বৰ ৩৫ শতাংশ লাভ কৰিব লাগিব। শাৰীৰিক পৰীক্ষাৰ সময়ত দৌৰ, লং জাম্প, হাই জাম্প আদিৰ প্ৰদৰ্শনৰ লগতে প্ৰাৰ্থীৰ শাৰীৰিক ওজন আৰু উচ্চতাৰ ওপৰত ভিত্তি কৰি নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়লৈ বাছনি কৰা হ’ব।

PHOTO • Courtesy: NMIMS, Chandigarh
PHOTO • Courtesy: NMIMS, Chandigarh

এনএমআইএমএছ, চণ্ডীগড়ত আয়োজিত মাৰাথনত ৰমনদীপ (বাওঁফালে) আৰু জছপাল (সোঁফালে)

ৰমনদ্বীপে খোৱা-লোৱাত বেছি ৰাপ নেদেখায় বাবে তেওঁক লৈ চিন্তিত হৈ পৰে মাতৃ। ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ পুষ্টি সম্পৰ্কীয় গাইডবুকৰ বিষয়ে তেওঁ বৰ বেছি নাজানে। ফেডাৰেচনে যুৱ খেলুৱৈসকলৰ পুষ্টি আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সেউজীয়া শাক-পাচলি, ফল-মূল, বীন, মাহজাতীয় শস্য, কম চৰ্বিযুক্ত মাংস, মাছ আৰু দুগ্ধজাত খাদ্য গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়। কিন্তু ৰমনদ্বীপৰ দৰে খেলুৱৈসকলে এনে খাদ্য গ্ৰহণৰ বৃহৎ খৰচ বহন কৰিবলৈ অপৰাগ। মাংস হৈছে তেওঁলোকৰ ঘৰত মাহত এবাৰ উপভোগ কৰা এক বিলাসীতা। ৰমনদ্বীপে কয়, “ডায়েট নহী মিলদি, বচ ৰোটি জা জো ভি ঘৰে মিল জান্দে [আমি উপযুক্ত খাদ্য নাপাওঁ, ৰুটি বা ঘৰত যি বনোৱা হয় সেয়াই খাওঁ।] জছপালেও একে কথাই দোহাৰি কয়, “ঘৰত সকলোৰে বাবে যি বনোৱা হয় সেয়াই আমি খাও, আৰু তিয়াই থোৱা বুট খাও।”

এইবাৰ বিজ্ঞাপনত উল্লেখ কৰা কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ বিষয়ে দুয়োগৰাকী যুৱতীয়েই অৱগত নহয়। জছপালে যোৱা বছৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অভিজ্ঞতাৰ কথা সুঁৱৰি কয়, “যোৱা বছৰ কম্পিউটাৰ ভিত্তিক নহয়, পঞ্জাবী ভাষাত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। আমাৰ কম্পিউটাৰৰ জ্ঞান নাই।” যোৱা বছৰ জছপালে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৩ হাজাৰ টকা খৰছ দুমহীয়া কোচিং লৈছিল।

এই বৰ্ষৰ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে প্ৰথম পৰ্যায়ৰ যোগ্যতা অৰ্জনকাৰী পঞ্জাবী ভাষাৰ প্ৰশ্নকাকতৰ লগতে এখন অতিৰিক্ত প্ৰশ্নকাকতো অন্তৰ্ভুক্ত কৰা হ’ব। সাধাৰণ সজাগতা, পৰিমাণগত আৰু সংখ্যাগত দক্ষতা, মানসিক ক্ষমতা, যুক্তিগত বিশ্লেষণ, ইংৰাজী ভাষাৰ দক্ষতা, পঞ্জাবী ভাষাৰ দক্ষতা আৰু ডিজিটেল সাক্ষৰতা আৰু সজাগতাকে ধৰি বিভিন্ন বিষয়ত প্ৰাৰ্থীসকলৰ এইবাৰ মূল্যায়ন কৰা হ’ব।

জছপালে কয়, “ফিজিকেল টেষ্ট ৰিটেন টেষ্ট ক্লিয়েৰ হোন টোন বাদ লাইন্দে নে, ৰিটেন টেষ্ট হি ক্লিয়েৰ নহী চি হোয়া ইচ কৰকে ফিজিকেল টেষ্ট টক পোহচানচে হি নহী [লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ’ব, যেতিয়া লিখিত পৰীক্ষাই সম্পূৰ্ণ কৰিব নোৱাৰি, তেতিয়া শাৰীৰিক পৰীক্ষা অৱতীৰ্ণ হোৱাৰ প্ৰশ্নই বা ক’ত থাকিল]?”

ৰমনদ্বীপে কয়, “যোৱা বছৰৰ কিতাপখিনি মোৰ ওচৰত আছে। মই এইবছৰো আৰক্ষী বাহিনীৰ খালী পদৰ বাবে আৱেদন কৰিছো।” আশা-নিৰাশাৰ মিশ্ৰিত অনুভূতি কণ্ঠত সানি যুৱতীগৰাকীয়ে পুনৰ কৈ উঠে, “চাওঁচোন এইবাৰ কি হয়!”

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Arshdeep Arshi

Arshdeep Arshi is an independent journalist and translator based in Chandigarh and has worked with News18 Punjab and Hindustan Times. She has an M Phil in English literature from Punjabi University, Patiala.

Other stories by Arshdeep Arshi
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari