শ্ৰমিক শ্ৰেণীৰ লোকসকলে জৰাজীৰ্ণ ছেন্দেল এযোৰকো মূল্যৱান সম্পদৰ দৰে বুকুত সাবটি ৰাখে। মালবস্তু কঢ়িওৱা লোকসকলৰ ছেন্দেলবোৰত কটা-চিগাৰ চিন থাকে আৰু ভিতৰৰ তলুৱা ক্ষয় গৈ কাঁচিজোনটোৰ লেখীয়া হয়, আনহাতে খৰিকটীয়াসকলৰ ছেন্দেল কাঁইটেৰে থকা-সৰকা হৈ থাকে। মই মোৰ নিজৰ ছেন্দেলবোৰো পিন্ধিব পৰা কৰি ৰাখিবলৈ প্ৰায়ে ছেফটি পিনেৰে জোৰা মাৰি থৈছিলোঁ।

ভাৰতৰ বিভিন্ন ঠাই ঘূৰি ফুৰাৰ সময়ছোৱাত মই ধাৰাবাহিকভাৱে জোতা-ছেন্দেলৰ ফটো তুলি আহিছোঁ আৰু এতিয়া সেই ফটোবোৰৰ আঁৰৰ কাহিনীবোৰ বিচাৰিবলৈ আৰম্ভ কৰিছোঁ। এনে জোতা-ছেন্দেলৰ কাহিনীবোৰৰ মাজেৰে মোৰ নিজ জীৱনৰ যাত্ৰাও উন্মোচিত হ’ব ধৰিছে।

শেহতীয়াকৈ ওড়িশাৰ জাজপুৰলৈ কৰা কাম সংক্ৰান্তত ভ্ৰমণৰ সময়ত বাৰাবাংকি আৰু পুৰাণামন্তিৰা গাঁৱৰ বিদ্যালয়সমূহলৈ যোৱাৰ সুযোগ পাইছিলোঁ। আমি তাত উপস্থিত হোৱা সময়ত আদিবাসী সম্প্ৰদায়ৰ লোকসকল গোট খোৱা কোঠাটোৰ বাহিৰত বৰ পৰিপাটিকৈ থোৱা ছেন্দেলবোৰে মোৰ মনত কৌতূহলৰ সৃষ্টি কৰিছিল।

প্ৰথম অৱস্থাত বিশেষ গুৰুত্ব দিয়া নাছিলোঁ যদিও যাত্ৰাৰ তিনিদিনৰ পাছত মই জৰাজীৰ্ণ ছেন্দেলবোৰ লক্ষ্য কৰিবলৈ ধৰিলোঁ। তাৰ কিছুমানত ফুটাও আছিল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

জোতা- ছেন্দেলৰ সৈতে মোৰ নিজৰ সম্পৰ্কও মোৰ স্মৃতিত খোদিত হৈ আছে। আমাৰ গাঁৱত সকলোৱে ভি-আকৃতিৰ ফিটা থকা ছেন্দেল কিনিছিল। মোৰ বয়স প্ৰায় ১২ বছৰ মান থকা সময়ত মাদুৰাইত এইধৰণৰ ছেন্দেলৰ দাম মাত্ৰ ২০ টকা মান আছিল, তথাপিও আমাৰ পৰিয়ালটোৱে সেয়া কিনিবলৈ বহুত কষ্ট কৰিব লগা হৈছিল কাৰণ আমাৰ জীৱনত ছেন্দেলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

যেতিয়াই বজাৰলৈ নতুন ডিজাইনৰ ছেন্দেল আহিছিল, আমাৰ গাঁৱৰ ল’ৰা এজনে সেইযোৰ কিনি আনিছিল, আৰু আমি বাকীবোৰে কিবা উৎসৱ-পাৰ্বণ, কিবা বিশেষ অনুষ্ঠান অথবা চহৰৰ বাহিৰলৈ ফুৰিবলৈ গ’লে সেইযোৰ তেওঁৰ পৰা ধাৰলৈ লৈ পিন্ধিছিলোঁ।

জাজপুৰ ভ্ৰমণৰ পিছত চৌপাশৰ জোতা- ছেন্দেলবোৰৰ প্ৰতি মোৰ মনোযোগ আৰু বেছি হৈ পৰিছে। কিছুমান বিশেষ ছেন্দেল মোৰ অতীতৰ ঘটনাৰ লগতো জড়িত হৈ পৰা দেখিছোঁ। জোতা নিপিন্ধাৰ বাবে মোৰ সহপাঠী আৰু মোক আমাৰ শাৰীৰিক শিক্ষাৰ শিক্ষকে গালি পৰাৰ দৰে কিছুমান ঘটনা মোৰ মনত আছে।

জোতা-ছেন্দেলে মোৰ ফটোগ্ৰাফীৰ শিল্পতো প্ৰভাৱ পেলাইছিল, দৃষ্টিভংগীৰ লক্ষণীয় পৰিৱৰ্তন ঘটাইছিল।নিপীড়িত সম্প্ৰদায়সমূহক দীৰ্ঘদিন ধৰি ছেন্দেলৰ ব্যৱহাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। এই কথাটোৱে মনলৈ অহাৰ লগে লগে তাৰ তাৎপৰ্য্যৰ পুনৰ মূল্যায়নৰ বাবে ইন্ধন যোগাইছিল আৰু সেই চিন্তাটোতেই মোৰ কামৰ বীজ নিহিত হৈ আছিল। ইয়েই দিনে-নিশাই ছেন্দেল চোঁচৰাই কষ্ট কৰি থকা শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ সংগ্ৰামক প্ৰতিনিধিত্ব কৰিবলৈ মই যি লক্ষ্য সাধিব লৈছো, তাত বৰঙনি যোগাইছিল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

অনুবাদ: সৃষ্টি শ্ৰেয়ম

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Translator : Srishti Shreyam

Srishti Shreyam is an interdisciplinary artist based out of Mumbai. An erstwhile media person associated with various Assamese news channels, Srishti currently works as a freelance voice over artist and an Assamese language expert. She has published two collections of short stories in Assamese. Srishti is also a filmmaker. She has written and directed a short film.

Other stories by Srishti Shreyam