গকুলে দিনে-ৰাতি জুইৰ সৈতে খেলা কৰে। তেওঁ লোহাক ৰঙাকৈ গৰম কৰে, তাৰপিছত সেয়া কোবাই কোবাই গঢ় দিয়ে। ফিৰিঙতিবোৰে তেওঁৰ কাপোৰত সৰু-ডাঙৰ ফুটা কৰি পেলাইছে। জোতাতো আপুনি ফুটা দেখিব। হাতত জুয়ে পোৰা দাগবোৰেই দেশৰ অৰ্থনীতিৰ চকা ঘুৰিবলৈ তেওঁ কৰা কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ।
“ক্যা হুন্দা হ্যে (সেইটো আকৌ কি বস্তু)?” তেওঁক বাজেটৰ কথা সোধাত তেওঁ ওলোটাই প্ৰশ্ন কৰে।
সংসদত ২০২৫ৰ বাজেট মুকলি কৰাৰ ৪৮ ঘণ্টাৰো কম হৈছে। গোটেই দেশতে খবৰ বিয়পিছে। কিন্তু বাগৰিয়া সম্প্ৰদায়ৰ যাযাবৰ কমাৰ গকুলৰ জীৱনটো একেই আছে।
“শুনক, কোনেও আমাৰ বাবে একো কৰা নাই। এনেকৈ ৭০০-৮০০ বছৰ পাৰ হৈ গৈছে। প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰিছে, সিহঁতৰ তেজ-ঘাম পাঞ্জাৱৰ মাটিত মিহলি হৈ গৈছে। কোনেও আমাক একো দিয়া নাই,” দুকুৰিমান বয়সৰ কমাৰজনে কয়।
গকুলে পাঞ্জাৱৰ মোহালি জিলাৰ মৌলি বেদৱান গাঁৱৰ দাঁতিতে জুপুৰী এটাত বাহৰ পাতিছে। তেওঁ একে সম্প্ৰদায়ৰে আন লোকৰ সৈতে তাত আছে। তেওঁলোকৰ আটাইৰে পূৰ্বপুৰুষ ৰাজস্থানৰ চিত্তোৰগঢ়ৰ।
“সিহঁতে এতিয়া আমাক কি দিব?” তেওঁ আচৰিত হৈ প্ৰশ্ন কৰে। চৰকাৰে গকুলহঁতৰ দৰে লোকক একো নিদিলেও তেওঁ ক্ৰয় কৰা প্ৰতিটো লোৰ টুকুৰাত ১৮ শতাংশ টকা চৰকাৰক দিয়ে। লো গৰম কৰিবলৈ তেওঁ ব্যৱহাৰ কৰা কয়লাত দিছে পাঁচ শতাংশ। তেওঁ নিজৰ সঁজুলি - হাতুৰি আৰু কাচি আৰু তেওঁ খোৱা প্ৰতিটো শস্যদানাৰ বাবে চৰকাৰক কৰ দিয়ে।
অনুবাদ:পংকজ দাস