“মোৰ সদায়ে পইচাৰ অভাৱ থাকেই,” পৰিয়ালৰ বাজেট মিলাবলৈ জোৰা-টাপলি দি থকা ববিতা মিত্ৰই কয়। “মই খোৱা-বোৱাৰ বাবে পইচা আচুতীয়াকৈ থও আৰু শেষত দৰৱৰ নামত সেয়া শেষ হৈ যায়। সন্তানৰ টিউশ্যনৰ পইচাখিনি ৰেচন কিনোতে যায়। প্ৰতিমাহে মই নিযোক্তাৰ পৰা ধাৰে ল’বলগীয়া হয়...”

৩৭ বৰ্ষীয় এইগৰাকী ঘৰুৱা শ্ৰমিকে কলকাতাৰ কালিকাপুৰ অঞ্চলত দুঘৰ মানুহৰ তাত কাম কৰি কোনোমতে বছৰটোত ১ লাখ টকা উপাৰ্জন কৰে। তেওঁ মাত্ৰ ১০ বছৰ বয়সতে পশ্চিমবংগৰ নাদিয়া জিলাৰ আচাননগৰৰ পৰা চহৰলৈ প্ৰব্ৰজিত হৈছিল। “মোৰ মা-দেউতাই তিনিটা সন্তান পোহপাল দিয়াৰ দায়িত্ব ল’বলৈ অপাৰগ আছিল। সেয়ে কলকাতাতে থিতাপি লোৱা আমাৰ গাঁৱৰে মানুহ এঘৰৰ তাত পঠিয়াই দিছিল।”

তেতিয়াৰে পৰা ববিতাই মানুহৰ ঘৰে ঘৰে মজদুৰি কৰিবলৈ লয়। কলকাতাত থকা সময়চোৱাত ২৭তম কেন্দ্ৰীয় বাজেটে তেওঁ কিম্বা তেওঁৰ দৰে ভাৰতৰ ৪২ লাখ ঘৰুৱা শ্ৰমিকৰ জীৱনৰ একো বিশেষ পৰিৱৰ্তন সাধিব পৰা নাই। চৰকাৰী হিচাপৰ বিপৰীতে স্বতন্ত্ৰ সংস্থাই কৰা হিচাপমতে তেওঁলোকৰ সংখ্যা ৫০ লাখৰো অধিক।

২০১৭ত ববিতাৰ দক্ষিণ ২৪ পৰগনা জিলাৰ ভগৱানপুৰ অঞ্চলৰ উচ্চেপোটা পঞ্চায়তৰ দুকুৰি বয়সৰ অমল মিত্ৰৰ সৈতে বিয়া হয়। কাৰখানা এটাত দিনহাজিৰা কৰা গিৰীয়েকে ঘৰখন চলাবলৈ বিশেষ এটা সহায় নকৰাত তেওঁৰ দায়িত্ব বিয়াৰ পিছত বাঢ়িহে যায়। তেওঁৰ আয়ৰ যোগেদিয়েই তেওঁলোকৰ ৫ আৰু ৬ বছৰ বয়সৰ দুই পুত্ৰ, ২০ বছৰ বয়সৰ সতীয়া জীয়েক, শাহুৱেকক লৈ ছজনীয়া পৰিয়ালটো চলে।

চতুৰ্থ মানৰ পৰা পঢ়া এৰা ববিতাই ভাৰতৰ দুটা দশকৰ জেণ্ডাৰ বাজেটিঙৰ বিষয়ে খুব কমেইহে জানে। ২০২৫-২৬ৰ বাজেটত মহিলাৰ দ্বাৰা উন্নয়নৰ যি ধাৰণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে পোষণ কৰিছে, তাৰ বিষয়েও তেওঁ নাজানে। কিন্তু ববিতাৰ প্ৰাত্যহিক জীৱনৰ অভিজ্ঞতা তেওঁ দিয়া উত্তৰত ফুটি উঠে: “মহিলাৰ বাবে ইমান কিবাকিবি কৰা বুলি যে বাজেটখনক লৈ হৈ-চৈ কৰা হৈছে, আমাৰ বিপদৰ সময়ত যে সহায়ৰ বাবে হাত এখন বিচাৰি নাপাও, তাক লৈ কিবা কৰা হৈছে জানো?” ক’ভিডৰ সময়ৰ দুৰ্বিষহ যাতনাৰ দিনবোৰ তেওঁৰ মনত পৰে।

PHOTO • Smita Khator
PHOTO • Smita Khator

ক’ভিডৰ সময়ত অসহনীয় যাতনাৰ কথা মনত পৰাত ববিতা মিত্ৰৰ চকুলো নিগৰি আহে। গৰ্ভাৱস্থাৰ শেষৰটো ত্ৰৈমাসিক কালত চৰকাৰৰ পৰা একো সহায় আৰু সংহত শিশু উন্নয়ন সেৱা (আইচিডিএছ)ৰ পৰাও পুষ্টি আৰু প্ৰটিন পৰিপূৰক নোপোৱাত তেওঁৰ গাত ভিটামিনৰ অভাৱে দেখা দিছিল, যাৰ চিন এতিয়াও তেওঁৰ দেহত স্পষ্ট

PHOTO • Smita Khator
PHOTO • Smita Khator

দুটা সন্তানৰ মাতৃ ববিতাই ঘৰুৱা সহায়ক হিচাপে কলকাতাৰ দুঘৰ মানুহৰ তাত কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছে। তেওঁৰ দৰে মহিলাই কঠিন পৰিস্থিতিত কাৰোৰে সহায় নাপায় বাবে বাজেটত মহিলাক বহুত গুৰুত্ব দিয়া হৈছে বুলি কৰি থকা হৈ-চৈক তেওঁ অৰ্থহীন বুলি ভাৱে

“অটা আমাৰ জীৱনেৰ সবচেয়ে খাৰাপা সময়। পেটে তাখান দ্বিতীয় সন্তান, প্ৰথম জন তাখানো আমাৰ দুধ খায়...শৰীৰে কোনো জোৰ চিলো না (সেয়া মোৰ জীৱনৰ আটাইতকৈ বেয়া দিন আছিল। পেটত আছিল দ্বিতীয়টো সন্তান, ইফালে প্ৰথমটোৱে বুকুৰ গাখীৰ খাই আছিল। মোৰ গাত একো বল নাছিল)।” কথাখিনি কওতে তেওঁ বাৰে বাৰে উশাহ সলাইছে। “কেনেকৈ বাচি আহিলো, নাজানো।”

“পেটত সন্তান লৈ শেষৰ মাহকেইটাত মই কেবামাইল খোজকাঢ়ি দীঘলীয়া শাৰীত থিয় হৈ দাতব্য সংস্থা আৰু আন কিছুমান দয়ালু লোকে দিয়া ৰেচন লৈছিলো,” তেওঁ কয়।

“চৰকাৰে কেৱল ৫ কিলোগ্ৰাম বিনামূলীয়া চাউল দি দায়িত্ব সামৰিছিল (ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত)। মই গৰ্ভৱতী মহিলা হিচাপে যিখিনি দৰৱ-পাতি আৰু খাদ্য (পুষ্টি আৰু প্ৰটিনৰ পৰিপূৰক) পাব লাগে, সেইখিনিও নাপালো,” তেওঁ কয়। মহামাৰীৰ সময়ত ৰক্তহীনতা আৰু কেলচিয়ামৰ অভাৱৰ ফলত দেখা দিয়া পুষ্টিহীনতা এতিয়াও তেওঁৰ হাত-ভৰিত স্পষ্ট।

“ঘৰৰ পৰা বা গিৰীয়েকৰ পৰা কোনো সহায় নোপোৱা দুখীয়া মহিলাক চৰকাৰে চাব লাগে।” তাৰপিছত উপাৰ্জনৰ ক্ষেত্ৰত ১২ লাখলৈকে দিয়া ৰেহাইৰ কথাক লৈ ভেকাহি মাৰি কয়, “আমাৰ কথা কি ভাবে চৰকাৰে? আমি বস্তু-বাহিনী কিনোতে কৰ নিদিও নেকি? চৰকাৰে ডাঙৰ ডাঙৰ কথা কয়, কিন্তু আমি দিয়া খাজনা (কৰ)ৰ পৰা আটাইবোৰ পইচা আহে।” নিযোক্তৰ বেলকনিত মেলি দিয়া কাপোৰখিনি কোচাই থাকোতে তেওঁ কয়।

তাৰপিছত এই কথা কৈ তেওঁ মোখনি মাৰে: “আমাৰ যি প্ৰাপ্য সেইখিনি চৰকাৰে আমাক দি তাৰপিছত ইমান হাল্লা কৰি থাকে!”

অনুবাদ: পংকজ দাস

Smita Khator

Smita Khator is the Chief Translations Editor, PARIBhasha, the Indian languages programme of People's Archive of Rural India, (PARI). Translation, language and archives have been her areas of work. She writes on women's issues and labour.

Other stories by Smita Khator
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das