তামিলনাডুৰ ৱড়নমেল্লি গাঁৱত বেলি লহিয়াইছে। শ্ৰী পুণ্ণিয়ম্মন তিৰুকুট্টু মনদ্ৰমৰ সদস্যসকলে কাৰিয়াকুট্টু পৰিৱেশনৰ বাবে সাজু হৈছে। সদায়ৰ দৰে আজিও সন্ধিয়াৰ পৰা কাহিলীপুৱালৈ এই প্ৰদৰ্শন চলিব। বিভিন্ন চৰিত্ৰৰ সমাহাৰ ঘটিব, ভালেকেইবাৰ পোছাক সলনি হ’ব।

নাট্যশালাৰ নেপথ্যত ৩৩ বৰ্ষীয় শৰ্মিয়ে মেক-আপৰ কাম কৰিছে। তেওঁ ৰঙা পাউডাৰৰ সৈতে তেল মিহলাই নিজৰ বাবে লিপষ্টিক বনাইছে। তাৰ মাজতে তেওঁ আৰিদাৰম (মেক-আপ)ৰ ঘাই ঘাই পাৰ্থক্যখিনি কৈ গৈছে: “পুৰুষ আৰু মহিলাৰ বাবে আৰিদাৰম ভিন্ন। ৰূপায়ন কৰিবলীয়া চৰিত্ৰ আৰু কিমান সময় মঞ্চত থাকিব লাগিব, সেই লৈও মেক-আপ সলনি হয়।”

তামিলনাডুৰ অতিকৈ প্ৰাচীন পৰিৱেশ্য কলাৰ মাজৰ এটা বুলি জনাজাত তিৰুকুট্টু পৰিৱেশন কৰা নাট্যগোষ্ঠী শ্ৰী পুণ্ণিয়ম্মন তিৰুকুট্টু মনদ্ৰমৰ ১৭ জনীয়া দলটোত শৰ্মিকে ধৰি চাৰিগৰাকী ৰূপান্তৰকামী শিল্পী আছে। “মোৰ আগৰ প্ৰজন্মবোৰেও তিৰুকুট্টু প্ৰদৰ্শন কৰিছিল,” শৰ্মিয়ে কয়। “এই শিল্প কিমান পুৰণি মই সঠিককৈ ক’ব নোৱাৰিম।”

তিৰুকুট্টু বা বাটৰ নাট্যশালাৰ কাহিনীসমূহ মহাকাব্যৰ পৰা লোৱা, সাধাৰণতে মহাভাৰত আৰু ৰামায়ণৰ। এই নাট গোটেই ৰাতি চলে। তিৰুকুট্টু আৰম্ভ হয় পাংগুনি (এপ্ৰিল) আৰু পুৰাত্তাচ্ছি (ছেপ্টেম্বৰ) মাহত। এইখিনি সময়ত শৰ্মি আৰু তেওঁলোকৰ দলটো সপ্তাহটোৰ আটাইকেইটা কৰ্মদিনতে নাট পৰিৱেশন কৰে। এনেকৈ মাহত তেওঁলোকে প্ৰায় ১৫-২০ বাৰ নাট পৰিৱেশন কৰে। প্ৰতিবাৰ প্ৰদৰ্শনীৰ বাবদ তেওঁলোকে গাইপতি ৭০০ৰ পৰা ৮০০ টকা পায়, তাৰমানে প্ৰতিজন শিল্পীয়ে প্ৰায় ১০ৰ পৰা ১৫ হাজাৰ টকা উপাৰ্জন কৰে।

যাহওক, এবাৰ বছৰৰ সেইখিনি সময় যোৱাৰ পিছত শিল্পীসকলে উপাৰ্জনৰ বিকল্পৰ সন্ধানত নামি পৰিবলগীয়া হয়। তেওঁলোকে তেনে দিনবোৰত কাৰিয়াকুট্টু নামে তিৰুকুট্টুৰ এক বিশেষ বিধিও পৰিৱেশনৰ কাম কৰে। এই বিধি কেৱল মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত পৰিৱেশন কৰা হয়। “কাৰোবাৰ মৃত্যুৱে আমাক সপ্তাহত এবাৰ বা দুবাৰ পৰিৱেশনৰ সুযোগ দিয়ে,” তিৰুৱল্লুৰ জিলাৰ পট্টৰইপেৰুম্বুদুৰ নাট্য গোষ্ঠীটোৰ গৃহগাঁৱৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰৰ ৱড়নমেল্লিত কাৰিকুট্টু পৰিৱেশনৰ বাবে প্ৰস্তুতি চলাই থকা শৰ্মিয়ে কয়।

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

শৰ্মিয়ে ৱড়নমেল্লি গাঁৱত তিৰুকুট্টু প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাইছে। মহাকাব্য বিশেষকৈ মহাভাৰত আৰু ৰামায়ণৰ আলমত কাহিনী পৰিৱেশন কৰা একপ্ৰকাৰৰ বাটৰ নাটকলা তিৰুকুট্টু পৰিৱেশন কৰা তেওঁৰ চাৰি বছৰ হ’ল

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

তেওঁ ৰঙা পাউডাৰৰ সৈতে তেল মিহলাই নিজৰ বাবে লিপষ্টিক বনাইছে, তাৰ মাজতে তেওঁ আৰিদাৰম (মেক-আপ)ৰ ঘাই ঘাই পাৰ্থক্যখিনি কৈ গৈছে: ‘পুৰুষ আৰু মহিলাৰ বাবে আৰিদাৰম ভিন্ন। ৰূপায়ন কৰিবলীয়া চৰিত্ৰ আৰু কিমান সময় মঞ্চত থাকিব লাগিব, সেই লৈও মেক-আপ সলনি হয়’

কুট্টৰ কাৰণে ‘মঞ্চ’ সাজু। প্ৰয়াতজনৰ ঘৰৰ বাহিৰখন বগা কাপোৰেৰে মেৰিয়াই পেলোৱা হৈছে আৰু ৰাস্তাত ক’লা কাপোৰ পাৰি দিয়া হৈছে। মৃতকৰ ফটো ঘৰৰ সন্মুখত থোৱা আছে, সৰু সৰু চাকি কাষত জ্বলাই দিয়া হৈছে। ৰাস্তাৰ কাষত পাৰি থোৱা ডেস্ক-বেঞ্চবোৰ ভোজভাতৰ বাবে সাজু কৰি থোৱা হৈছে।

“গোটেই গাওঁখন যেতিয়া নীৰৱ হৈ পৰে, তেতিয়া আমি আমাৰ বাদ্যযন্ত্ৰ, সা-সঁজুলিবোৰ সাজু কৰো। সেইবোৰ সঠিককৈ টিউন কৰা আছে নে নাই, শুনা পোৱা হৈছে নে নাই, সেইবোৰ চাও। একে সময়তে মেক-আপৰ কামখিনিও কৰো,” শৰ্মিয়ে কয়। কুট্টু আৰম্ভ হয় ৰাতি ১০ বজাত। তাৰ আগেয়ে মুডি (নাট পৰিৱশনৰ সময়ত মূৰত পৰিধান কৰা এবিধ অলংকাৰ)লৈ পুচই (আহুতি) অৰ্পণ কৰা হয়। “পুচই দিয়া মানে নাটকলাক সন্মান যঁচা। নাট পৰিৱেশন সফল হওঁক আৰু শিল্পীসকল ভালে-কুশলে ঘৰলৈ উভতক, সেয়াই আমি প্ৰাৰ্থনা কৰোঁ,” তেওঁ বুজাই কয়।

আজিৰ সন্ধিয়াৰ নাট ‘মিন্নললি শিৱ পূজা’ পঞ্চ পাণ্ডৱৰ এজন অৰ্জুনন আৰু তেওঁৰ আঠগৰাকী ভাৰ্যাক লৈ লিখা। “মই আঠোটা চৰিত্ৰই ৰূপায়ণ কৰিব পাৰো, কিন্তু আজি মই বগবধিৰ চৰিত্ৰত অভিনয় কৰিম,” মহাকাব্যৰ আধাৰত লিখা নাটখনৰ চৰিত্ৰকেইটাৰ নাম উশাহ নোলোৱাকৈ কৈ যোৱা আৰু চৰিত্ৰৰ জঁটবোৰৰ বিষয়ে কোৱা শৰ্মিয়ে কয়।

মিন্নললি (বিজুলী) হৈছে অৰ্জুননৰ অষ্টমগৰাকী ভাৰ্যা, তেওঁ কয়। ৰজা মেঘৰাসন (মেঘৰ দেৱতা) আৰু ৰাণী কুড়িকলা দেৱীৰ ৰাজকন্যা মিন্নললিক পাঁচ বছৰ বয়সতেই অৰ্জুননলৈ বিয়া দিয়া হৈছিল। কৈশোৰ অৱস্থা পোৱাৰ পিছত তেওঁ নিজৰ পিতৃ-মাতৃক তেওঁৰ স্বামী কোন বুলি সুধিলত, তেওঁক স্বামীক সাক্ষাৎ কৰাৰ আগেয়ে ৪৮ দিনৰ বাবে শিৱপুচই (শিৱক তুষ্ট কৰা বিধি) পালন কৰিবলৈ কোৱা হ’ল। মিন্নললিয়ে বৰ সাধনাৰে ৪৭ দিন সেই বিধি পালন কৰিলে। ৪৮তম দিনটোত অৰ্জুননে তেওঁক সাক্ষাৎ কৰিবলৈ আহিল, কিন্তু তেওঁ অৰ্জুনক সাক্ষাৎ নকৰি পুচই বিধি শেষ হোৱালৈ অপেক্ষা কৰিবলৈ অনুৰোধ জনালে। অৰ্জুনে তেওঁৰ কথা নুশুনিলে। নাটখন তেনেকৈয়ে আগবাঢ়ে আৰু শেষত ভগৱান শ্ৰীকৃষ্ণই আহি হস্তক্ষেপ কৰে আৰু মিন্নললি আৰু অৰ্জুন এক হয়।

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

বাওঁফালে: নাট পৰিৱেশনৰ সময়ত পৰিধান কৰা মুডি (মুকুট)লৈ সেৱা আগবঢ়াই ৰাতি ১০ বজাত নাট পৰিৱেশন আৰম্ভ হয়। সোঁফালে: তিৰুকুট্টুৰ বাবে মঞ্চখন সাজু হৈছে

শৰ্মিয়ে ওঠত মেই (ক’লা চিয়াহী) লগাবলৈ লয়। “মই ওঠত মেই লগাবলৈ আৰম্ভ কৰাৰ পৰা বহুতেই সেয়া অনুকৰণ কৰিবলৈ লৈছে,” তেওঁ কয়। “মোৰ সাজ-সজ্জা দেখি বহুতেই মোক আজিকালি সোধে মই মহিলা নেকি। (ময়ো বিচাৰো) যেতিয়া মই মেক-আপ কৰি ওলাও, তেতিয়া পুৰুষে মোলৈ চায়েই থাকক।”

শৰ্মি “মেক-আপক লৈ ইমানেই আগ্ৰহী” যে তেওঁ কিছুবছৰ আগতে বিউটিচিয়ানৰ ছমহীয়া পাঠ্যক্ৰম এটাও কৰিছে। “কিন্তু আগতে (লিংগ পৰিচয় পৰিৱৰ্তনৰ আগতে) মোক মহিলাৰ মেক-আপ কৰিবলৈ দিয়া নাছিল।”

নিজৰ আৰিদাম কৰা কামটোত শৰ্মিক প্ৰায় আধাঘণ্টা সময় লাগিল। তেওঁ শাড়ী এখন গাত মেৰিয়াই বগবধিৰ ৰূপ ল’লে। “শাড়ী পিন্ধিবলৈ মোক কোনেও শিকোৱা নাই। মই নিজেই শাড়ী পিন্ধা শিকিছো। নাক আৰু কাণ ফুটাইছো। সকলো নিজেই কৰিছো,” তেওঁ কয়।

“কেৱল অস্ত্ৰোপচাৰ ডাক্তৰে কৰিছিল। অস্ত্ৰোপচাৰ কেনেকৈ কৰিব লাগে, জনা হ’লে সেয়াও নিজে কৰিলোঁহেতেন। কিন্তু হস্পিতালত মই ৫০,০০০ টকা খৰছ কৰিবলগীয়া হ’ল,” ২৩ বছৰ বয়সত হোৱা জেণ্ডাৰ এফাৰ্মেচন চাৰ্জাৰীৰ বিষয়ে তেওঁ কয়।

“ৰূপান্তৰিত মহিলা এগৰাকীয়ে শাড়ী পিন্ধাটো এতিয়াও স্বাভাৱিক কথা হৈ উঠা নাই। আন মহিলাই শাড়ী পিন্ধি বিনা দ্বিধাই বাটত ওলোৱাৰ দৰে আমি সহজে ওলাব নোৱাৰো,” তেওঁ আঙুলিয়াই দি কয়। তেওঁ পেছাই অৱশ্যে আন ৰূপান্তৰিত মহিলাই প্ৰায়ে সন্মুখীন হোৱা হাৰাশাস্তি আৰু ভায়-ভাবুকিৰ পৰা তেওঁক কিছু সুৰক্ষা দিছে। “নাট্যশালাৰ শিল্পী বুলিহে মানুহে মোক সন্মান কৰে।”

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

নিজৰ মেকআপ কৰোঁতে শৰ্মিক প্ৰায় আধাঘণ্টামান লাগিল (বাওঁফালে)। ‘মই মেই (ক’লা চিয়াহী) লগাবলৈ আৰম্ভ কৰা দেখি বহুতেই সেয়া অনুকৰণ কৰিবলৈ ল’লে,’ তেওঁ কয়। তেওঁ আন অভিনেতাসকলক মেক-আপ কৰি দিয়ে

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

নাট পৰিৱেশনৰ আগেয়ে পুৰুষ শিল্পীয়ে মেক-আপ কৰিছে

*****

“মোৰ ঘৰ তিৰুভল্লুৰ জিলাৰ (তামিলনাডু) এক্কাৰু গাঁৱৰ,” তোপাটো (ৱিগ) ফণিয়াই থকাৰ মাজতে শৰ্মিয়ে কয়। সৰুৰে পৰা সংলাপ আৰু গীত গোৱাৰ প্ৰতি তেওঁৰ বিশেষ ৰাপ আছিল। “সৰুকালিতেই মই ৰংগমঞ্চৰ প্ৰতি আকৰ্ষিত হৈছিলো। মেক-আপ, সাজ-পোছাক আদিৰ প্ৰতি মোহ জাগিছিল। কিন্তু এদিন মই নিজেই যে নাট্যশালাৰ শিল্পী হৈ পৰিম, ভবা নাছিলো।”

ৰাজা ৰাণীৰ নাচ নামে এক ধৰণৰ বাটৰ নৃত্য-গীত আৰু বাদ্য পৰিৱেশনৰ পৰা তেওঁৰ এই ৰংগমঞ্চৰ যাত্ৰা আৰম্ভ হোৱাৰ কথা তেওঁ মনত পেলায়। “তেতিয়াৰে পৰা প্ৰায় দহ বছৰ ধৰি মই সমসাময়িক কাহিনীৰ ওপৰত আধাৰিত তিৰুকুট্টু মঞ্চত পৰিৱেশন কৰি আহিছো। তিৰুকুট্টু পৰিৱেশন কৰা মোৰ প্ৰায় চাৰিবছৰ হ’ল।”

নাট্যশালাৰ নেপথ্যত চৰিত্ৰ ৰূপায়ণ কৰিব ওলোৱা শিল্পীসকলে আৰিদাৰম কৰিছে। শৰ্মিয়ে তেওঁৰ অতীতৰ কথা কৈ গৈছে। “মোৰ পৰিয়ালে মোক কন্যা এজনীৰ দৰেই আপডাল কৰিছিল। সকলো স্বাভাৱিক আছিল,” তেওঁ মনত পেলায়। চতুৰ্থ শ্ৰেণীত থাকোতেহে তেওঁ নিজৰ ৰূপান্তৰকামী পৰিচয়ৰ প্ৰতি সচেতন হৈছিল। “কিন্তু আনক কিদৰে বুজাম ভাবি পোৱা নাছিলো।”

নিজৰ লিংগ পৰিচয়ৰ সৈতে আগবঢ়াৰ যাত্ৰা তেওঁৰ বাবে সহজ নাছিল। স্কুলত ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈ তেওঁ দশমমানৰ পৰীক্ষা দি পঢ়া এৰিছিল। “সেই সময়ত তিৰুদা তিৰুদি নামে এখন চিনেমা মুক্তি পাইছিল। শ্ৰেণীকোঠাৰ ল’ৰাবোৰে আহি মোৰ আগত সেই চিনেমাৰ ভন্দাৰকুললি গীতটো (ৰূপান্তৰকামী ব্যক্তিৰ প্ৰতি অভদ্ৰ আচৰণ দৰ্শোৱা সেই সময়ৰ এটা জনপ্ৰিয় গীত) গাই হাৰাশাস্তি কৰিছিল। সেই ঘটনাৰ পিছত আৰু মই স্কুল যোৱা এৰিলো।”

“ঘৰত কাকো ক’ব পৰা নাছিলো (কিয় স্কুল এৰিলো)। তেওঁলোকে বুজিও নাপালেহেঁতেন। সেয়ে একো নক’লো,” তেওঁ কয়। “কৈশোৰ অৱস্থাৰ আৰম্ভণিতে মই ঘৰ এৰিলো আৰু ১৫ বছৰ পিছত ঘূৰি আহিলো।”

ঘৰলৈ উভতি অহাটো ইমান সহজ নাছিল। ঘৰৰ পৰা বাহিৰত থকা সময়ছোৱাত তেওঁলোকৰ ঘৰটো জৰাজীৰ্ণ হৈ পৰিছিল, থকাৰ অনুপযোগী হৈ পৰিছিল। ফলত তেওঁ ভাৰাঘৰত থাকিবলগীয়া হৈছিল। “ৰূপান্তৰকামী ব্যক্তি হোৱাৰ বাবে মই এইখন গাঁৱৰ মানুহ হৈও ক’তো থাকিবলৈ ভাৰাঘৰ এটা পোৱা নাছিলো,” শৰ্মিয়ে কয়। “তেওঁলোকে ভাবে যে আমি ঘৰত যৌনকৰ্মীৰ কাম কৰো।” গাঁৱৰ পৰা দূৰত তেওঁ ভাৰাঘৰ এটাত থাকিবলৈ লৈছিল।

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

‘সৰুকালিতেই মই ৰংগমঞ্চৰ প্ৰতি আকৰ্ষিত হৈছিলো। মেক-আপ, সাজ-পোছাক আদিৰ প্ৰতি মোহ জাগিছিল। কিন্তু এদিন মই নিজেই যে নাট্যশালাৰ শিল্পী হৈ পৰিম, ভবা নাছিলো,’ শৰ্মিয়ে কয়

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

‘মোৰ পৰিয়ালে মোক কন্যা এজনীৰ দৰেই আপডাল কৰিছিল। সকলো স্বাভাৱিক আছিল,’ তেওঁ মনত পেলায়। স্কুলত সমনীয়াৰ হাৰাশাস্তি সহ্য় কৰিব নোৱাৰি তেওঁ দশমমানৰ পিছত পঢ়া এৰিলে। শৰ্মিয়ে এথিয়া তেওঁৰ ৫৭ বৰ্ষীয় মাতৃ (সোঁফালে) আৰু ১০ টা ছাগলীৰ সৈতে থাকে, তিৰুকুট্টুৰ কাম নথকা মাহকেইটাত সেই ছাগলীকেইটাই তেওঁৰ উপাৰ্জনৰ উপায়

আদি দ্ৰাবিড়াৰ সম্প্ৰদায়ৰ (অনুসূচিত জাতি হিচাপে তালিকাভুক্ত) শৰ্মিয়ে এতিয়া তেওঁৰ ৫৭ বৰ্ষীয় মাতৃ (সোঁফালে) আৰু ১০ টা ছাগলীৰ সৈতে থাকে, তিৰুকুট্টুৰ কাম নথকা মাহকেইটাত সেই ছাগলীকেইটাই তেওঁৰ উপাৰ্জনৰ উপায়।

“তিৰুকুট্টুই একমাত্ৰ জীৱিকাৰ উপায়। তাত সন্মানো আছে। সেইখিনি মানুহৰ মাজত মই মৰ্য্যাদা পাওঁ, সুখী হওঁ,” তেওঁ কয়। “তিৰুকুট্টু নথকা সময়ছোৱাত (অক্টোবৰৰ পৰা মাৰ্চলৈ) আমি ছাগলী বিক্ৰী কৰি চলো। পিচাই (ভীক্ষা মগা) বা যৌনকৰ্মীৰ কাম কৰিবলৈ যাব মই নিবিচাৰো।”

শৰ্মীৰ নাৰ্ছিঙৰ প্ৰতিও খুব আগ্ৰহ আছে। “ছাগলীকেইটাৰ বেমাৰ লাগিলে মইয়ে শুশ্ৰুষা কৰোঁ। ছাগলীয়ে পোৱালী জন্ম দিয়াৰ সময়ত ময়েই ধাত্ৰীৰ কাম কৰোঁ,” তেওঁ কয়। “কিন্তু পেছাদাৰী নাৰ্ছ হ’ব নোৱাৰো।”

*****

নাট পৰিৱেশন আৰম্ভ হয় কৌতুক আৰু বহুৱাই গোৱা গীত-মাতেৰে। দৰ্শকক আকৰ্ষিত কৰিবলৈ তেনে কৰা হয়। তাৰপিছত পুৰুষ শিল্পী যিয়ে মূল ভূমিকা ৰূপায়ণ কৰে, তেওঁ মঞ্চত উঠে। মেঘৰাজন আৰু কুড়িকলা দেৱীয়ে তেওঁলোকৰ আত্মপৰিচয়ৰ গীত গায় আৰু এনেকৈ নাট আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে।

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

মঞ্চত পৰিৱেশন কৰা মিন্নললি শিৱ পূজা নাটখন মহাভাৰতৰ পঞ্চপাণ্ডৱৰ এজন অৰ্জুনন আৰু তেওঁৰ আঠগৰাকী ভাৰ্যাক লৈ ৰচিত। শৰ্মিয়ে বগবধিৰ চৰিত্ৰ ৰূপায়ণ কৰিছে

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

শৰ্মি আৰু আন আন শিল্পীসকলে নাটৰ সময়ত ১০ বাৰমান পোছাক সলায়, দৰ্শকেও আন আন ৰূপত শিল্পীসকলক দেখি আমোদ পায়

কাহিনী আৰম্ভ হয় কৌতুক, গীত আৰু পৰিতাপৰ গীতেৰে। মুনুচামী বোলা বহুৱাজনে কথা আৰু কৰ্মৰে দৰ্শকক মুহি পেলায়। দৰ্শকে হাঁহে, কান্দে। শৰ্মি আৰু তেওঁৰ সহশিল্পীসকলে নাটৰ সময়ত ১০ বাৰমান পোছাক সলায়। দৰ্শকেও ন ন পোছাকত তেওঁলোকক দেখি আমোদ পায়। নাটৰ মাজে মাজে চাবুকেৰে কোবোৱাৰ দৰে শব্দ কৰা হয়। ই নাটকীয়তা বঢ়ায়, অৱশ্যে দৰ্শকৰ টোপনিৰ জালো ভাগে।

নিশা প্ৰায় ৩.৩০ মানত মিন্নললিক ক্ৰোধান্বিত অৰ্জুননে বিধবা জীৱন অতিবাহিত কৰিব লাগিব বুলি অভিশাপ দিয়ে। নাট্যকাৰ ৰুবানে মিন্নললিৰ ভূমিকা পালন কৰিছে। তেওঁৰ অপ্পাৰি মানে শোক জাহিৰ কৰাৰ অভিনয়ে দৰ্শকৰ বহুতকে কন্দুৱালে। ৰুবানে গান গাই থকাৰ মাজতে কিছুমানে তেওঁৰ হাতত নগদ ধন গুঁজি দিছে। সেই দৃশ্য অন্ত পৰাত বহুৱাজনে পুনৰ মঞ্চলৈ আহি পৰিৱেশটো হাঁহি-তামাচাৰে অলপ সহজ কৰি তুলিছে।

সুৰ্য্যোদয় হওঁ হওঁ। মিন্নললিয়ে এতিয়া অৰ্জুননৰ সৈতে এক হোৱাৰ সময়। ৰুবানে প্ৰয়াতজনৰ নাম লৈছে আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছে। তাৰপিছত তেওঁ দৰ্শকক ধন্যবাদ দিছে আৰু নাটৰ অন্ত পৰাৰ কথা ঘোষণা কৰিছে। সময় পুৱা ছয় বাজিছে। এতিয়া টালি-টোপোলা বন্ধাৰ সময়।

শিল্পীসকলে টালি-টোপোলা বান্ধিবলৈ লৈছে। তেওঁলোক ভাগৰুৱা, কিন্তু সুখী। নাটখন ভালে ভালে কোনো ঘটনা নোহোৱাকৈ শেষ হ’ল। “কেতিয়াবা মানুহে আমাক জোকায় (পৰিৱেশ চলি থকাৰ মাজতে)। এদিন মই মোৰ ফোন নম্বৰটো নিদিয়াৰ বাবে এজনে মোক চুৰীৰে আঘাত কৰিছিল,” শৰ্মিয়ে কয়। “এবাৰ তেওঁলোকে আমাক ৰূপান্তৰিত বুলি গম পোৱাৰ পিছত বেয়া আচৰণ কৰিবলৈ লয়, আনকি যৌন সম্পৰ্কত লিপ্ত হোৱাৰো দাবী কৰে। কিন্তু তেওঁলোকে নুবুজে যে আমিও মানুহ। এক মুহূৰ্তৰ বাবে হ’লেও তেওঁলোকে যদি বুজি পায় আমাৰ সমস্যা কি, তেতিয়া তেওঁলোকে এনে কৰিবলৈ এৰিব।”

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

নাটত হাস্যৰসৰো সমাহাৰ ঘটে, শোক-তাপৰো গীত থাকে। গোবিৰ (সোঁফালে) কাষত শৰ্মি, তেওঁ কৃষ্ণৰ চৰিত্ৰ ৰূপায়ণ কৰে

PHOTO • Akshara Sanal
PHOTO • Akshara Sanal

মিন্নললিৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰুবান (বাওঁফালে) আৰু অৰ্জুননৰ চৰিত্ৰ ৰূপায়ণ কৰা আপ্পুন, নাটৰ চৰম সীমাত উপনীত হোৱা সময়ত। শৰ্মিয়ে (সোঁফালে) নাটৰ শেষত মেক-আপ আঁতৰাইছে

আৰিদাম আঁতৰোৱাটো ইমান সহজ কাম নহয়। সেয়ে শিল্পীয়ে প্ৰথমে তাৰ ওপৰত তেল সানে আৰু লাহে লাহে কাপোৰেৰে সেয়া মচি দিয়ে। “আমি ঘৰ আহি পাও মানে ৰাতিপুৱা ৯ৰ পৰা ১০ বাজে। কিমান দূৰ আহিব লাগিব, তাৰ ওপৰত সেয়া নিৰ্ভৰ কৰে। ঘৰ আহি আকৌ খাদ্য ৰান্ধি খাই টোপনি মাৰো। আবেলিৰ ভাগত উঠি খাম। নাইবা আবেলিলৈকে শুই থাকিম,” শৰ্মিয়ে কয়। “একেলেথাৰিয়ে পৰিৱেশন কৰি থাকিলেও আমাৰ ভাগৰ নালাগে (কুট্টুত)। উৎসৱ নথকা দিনত পৰিৱেশন কৰা বৰ কষ্টৰ কাম, তেতিয়া পৰিৱেশনৰ মাজত দীঘলীয়া জিৰণিৰ সময়ত এনেয়ে সময় কটাবলগীয়া হয়।”

শৰ্মিয়ে কয় যে তেওঁৰ জীৰাব নোৱাৰে, নাইবা মাত্ৰ কেইখনমান নাট কৰিও এৰিব নোৱাৰে। তিৰুকুট্টু শিল্পীৰ ক্ষেত্ৰত বয়সৰ কথা আহি পৰে। যিমান সুস্থ-সবল আৰু কম বয়সৰ শিল্পী হয়, সিমানেই কাম পোৱাৰ সম্ভাৱনা বাঢ়ে, উপাৰ্জনো প্ৰতিবাৰ প্ৰদৰ্শনীত ৭০০ৰ পৰা ৮০০ টকা পোৱা যায়। বয়স হৈ অহাৰ লগে লগে কামৰ প্ৰস্তাৱ কমি আহে আৰু প্ৰতি প্ৰদৰ্শনীত ৪০০-৫০০ টকাহে পোৱা যায়।

“নাট্যশালাৰ শিল্পী হিচাপে আমাৰ মুখখন দেখাত ভাল আৰু শৰীৰটোত জোৰ থকালৈকে কাম পাওঁ। সেই (সুশ্ৰী মুখ, সন্মান আৰু নিয়োগ) হেৰুওৱাৰ আগতেই মই ঘৰ এটা সাজি থাকিবপৰাকৈ আৰু সৰু-সুৰা ব্যৱসায় এটা কৰিব পৰাকৈ উপাৰ্জন কৰি ল’ব লাগিব। তেতিয়াহে বুঢ়া বয়সত চলিব পাৰিম!”

এই ষ্ট ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন ( এমএমএফ ) পৰা প্ৰাপ্ত ফেল শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Poongodi Mathiarasu

Poongodi Mathiarasu is an independent folk artist from Tamil Nadu and works closely with rural folk artists and the LGBTQIA+ community.

Other stories by Poongodi Mathiarasu
Photographs : Akshara Sanal

Akshara Sanal is an independent photojournalist based in Chennai, and interested in documenting stories around people.

Other stories by Akshara Sanal
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das