“য়ে বাৰা লাখ ৱালা না? ইচি কি বাত কৰ ৰহে হ্যে না?” চাহিদ হুছেইনে (৩০)য়ে তেওঁৰ ফোনৰ হোৱাটচআপত অহা মেচেজটো খুলি দেখুৱাই কয়। ১২ লাখলৈকে উপাৰ্জনৰ ক্ষেত্রত কৰ ৰেহাই কথা কোৱা হৈছে। চাহিদ এগৰাকী ক্ৰেন অপাৰেটৰ, বেংগালুৰুৰ মেট্ৰ’ লাইনত কাম কৰা নাগাৰ্জুনা কনষ্ট্ৰাকছন কোম্পানীত তেওঁ কাম কৰে।

“আমি এই ১২ লাখলৈকে কৰ ৰেহাই দিয়া বাজেটখনৰ কথা বৰকৈ শুনি আছো,” কাম কৰি থকা ছাইটতে উপহাসৰ সুৰ এটাৰে তেওঁ কয়। “ইয়াত কাৰো উপাৰ্জন বছৰি ৩.৫ লাখৰ (টকা) ওপৰত নহয়।” ২০ৰ দেওনা পাৰ কৰা ব্ৰীজেশ উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ দুমাৰিয়া গাঁৱৰ এগৰাকী অকুশলী প্ৰব্ৰজিত শ্ৰমিক।

“এই কাম চলি থকালৈকে আমি মাহত ৩০,০০০ টকা উপাৰ্জন কৰোঁ,” বিহাৰৰ কাইমুৰ (ভাবুৱা) জিলাৰ বিউৰৰ চাহিদে কয়। তেওঁ কামৰ সন্ধানত বহু ৰাজ্যলৈ গৈছে। “এই কাম শেষ হোৱাৰ পিছত কোম্পানীয়ে আমাক আন ক’ৰবালৈ পঠিয়ায় বা আমি ১০-১৫ টকা বেছি পইচা পোৱা কাম এটাৰ সন্ধানত ওলাও।”

PHOTO • Pratishtha Pandya
PHOTO • Pratishtha Pandya

ক্ৰেন অপাৰেটৰ চাহিদ হুছেইন আৰু (নীলা চোলা পিন্ধা অকুশলী শ্ৰমিক) ব্ৰীজেশ যাদৱে বেংগালুৰত ৰাজ্যখনৰ বাহিৰৰ-ভিতৰৰ আন বহু প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মেট্ৰ’ লাইনত কাম কৰে। ছাইটত কাম কৰি থকা কাৰোৱে উপাৰ্জন বছৰি ৩.৫ লাখৰ ওপৰত নহয়, তেওঁলোকে কয়

PHOTO • Pratishtha Pandya
PHOTO • Pratishtha Pandya

উত্তৰ প্ৰদেশৰ নফীজ এগৰাকী প্ৰব্ৰজিত শ্ৰমিক, বেংগালুৰুত তেওঁ ৰাস্তাৰ কাষত দোকান দিয়ে। তেওঁ গাঁৱৰ পৰা ১,৭০০ কিলোমিটাৰ দূৰত জীৱিকা উপাৰ্জনৰ বাবে আহিছে। জীয়াই থকাৰ সংগ্ৰাম কৰি থকা নফীজৰ বাজেটৰ কথা ভাবিবলৈ সময় নাই

ৰাস্তাৰ ট্ৰেফিক জংছনৰ কাষতে উত্তৰ প্ৰদেশৰ আন এগৰাকী প্ৰব্ৰজিত শ্ৰমিকে ৱিণ্ডো শ্বিল্ড, কাৰৰ নেক চাপ’ৰ্ট, মাইক্ৰ’ফাইবাৰ ডাষ্টাৰ আদি বিক্ৰী কৰে। তেওঁ ৰাস্তাৰ মাজলৈ সঘনে আহিছে আৰু গৈছে। দিনটো এনেকৈ ন ঘণ্টা সময় তেওঁ সেইটো জংছনত গাড়ীৰ খিৰিকীত টুকুৰিয়াই গ্ৰাহক বিচাৰিছে। “আৰে কা বাজেট ব’লে? কা নিউজ? (আৰে, কি বাজেটৰ কথা ক’ব লাগে? কি বাতৰি?” নফীজে এই প্ৰতিবেদকৰ কথাত বিৰক্ত হোৱা দেখা গৈছে।

তেওঁ আৰু তেওঁৰ ভায়েকেই তেওঁলোকৰ সাতজনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। তেওঁলোকৰ ঘৰ তাৰপৰা ১,৭০০ কিলোমিটাৰ দূৰৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাৰ ভৰতগঞ্জত। “কি উপাৰ্জন হ’ব সেয়া আমাৰ কামৰ ওপৰত নিৰ্ভৰ কৰে। আজ হুৱা তৌ হুৱা, নহী হুৱা তৌ নহী হুৱা (উপাৰ্জন কৰিব পাৰিলে কৰিলোঁ, নোৱাৰিলে নোৱাৰিলোঁ)। এনে দিনটোত ৩০০ টকা উপাৰ্জন কৰোঁ। ৱিকেণ্ডত ৬০০ টকা পৰ্য্যন্ত পাও।”

“গাঁৱত আমাৰ মাটি নাই। আমি আনৰ মাটিত আধিয়া খেতি কৰোঁ। আধা শস্য আমাৰ, আধা মালিকৰ।” পানী, বীজ আৰু আন সকলো খৰছ তেওঁলোকৰ নিজৰ। “খেতিত যিখিনি শ্ৰম লাগে, সেইখিনিও আমাৰ। তথাপি আমি আধাখিনি শস্য মালিকক দিবলগীয়া হয়। চলাটো টান। বাজেটৰ কথা কি ক’ম?” নফীজে কথাখিনি কওতে অধৈৰ্য্য হৈ পৰে। চিগনেল ৰেড হোৱাৰ লগে লগে তেওঁ সাম্ভাব্য গ্ৰাহকৰ সন্ধানত আকৌ ৰাস্তাত নামি পৰিল।

অনুবাদ: পংকজ দাস

Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das