অঞ্জনা দেৱীয়ে ভাবে বাজেটৰ খবৰ ৰখা পুৰুষৰ কাম।
“মৰ্দ লৌগ হি জানতা হ্যে য়ে সব, লেকিন ৱহ তৌহ নহী হ্যে ঘৰ পৰ (মতাবোৰেহে জানে এইবোৰ কথা, কিন্তু মোৰ মানুহজন ঘৰত নাই),” তেওঁ কয়। অৱশ্যে ঘৰৰ বাজেটখন তেওঁৰ হাততে থাকে। তেঁৱেই ঘৰখন চলায়। অঞ্জনা এগৰাকী চমাৰ, অনুসূচিত জাতিৰ লোক।
“বজ্জট (বাজেট)!” তেওঁ নতুন কিবা ঘোষণাৰ কথা শুনিছে নেকি, তাকে চিন্তা কৰি কয়। “অ সব তা হম নহী সুনে হ্যে (সেইবিষয়ে মই একো শুনা নাই)।” কিন্তু, বিহাৰৰ বৈশালী জিলাৰ সন্ধো ৰত্তি গাঁৱৰ এই দলিত বাসিন্দাগৰাকীয়ে কয়, “ই সব (বাজেট) পেইচা ৱালা লোগ কে লিয়ে হ্যে (এইবোৰ ধনী মানুহৰ বস্তু)।”
আমি তেওঁলোকৰ ঘৰলৈ যোৱাৰ সময়ত অঞ্জনাৰ স্বামী আশী বছৰীয়া শম্ভু ৰামে ভক্তিমূলক গীত পৰিৱেশন কৰিবলৈ বাহিৰলৈ গৈছিল। তেওঁ ঘৰতে ৰেডিঅ’ মেৰামতিৰ দোকান চলায়। কিন্তু গ্ৰাহক তেনেই কম। “আমি কোনোমতে সপ্তাহত ৩০০-৪০০ টকা উপাৰ্জন কৰোঁ,” তেওঁ কয়। তেনেকৈ বছৰত হয়গৈ মোটামুটি ১৬,৫০০ টকা। নাইবা চৰকাৰে ব্যক্তিৰ উপাৰ্জনৰ ক্ষেত্রত কৰ ৰেহাইৰ ধৰি দিয়া ১২ লাখৰ মাত্ৰ ১.৩৭ শতাংশ। আমি কৰ ৰেহাইৰ কথা উলিয়াওতে তেওঁ হাঁহি হাঁহি কয়, “আমি কেতিয়াবা সপ্তাহত ১০০ টকা এটা উপাৰ্জন কৰিব নোৱাৰো। এতিয়া ম’বাইল ফোনৰ যুগ। এতিয়া আৰু কোনেও ৰেডিঅ’ নুশুনে,” তেওঁ অভিযোগৰ সুৰত কয়।
অঞ্জনা (৭৫) সেই ১৪০ কোটি ভাৰতীয় জনতাৰ মাজৰ এগৰাকী, যিসকলৰ ‘অভিলাষ’ পুৰণ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বাস কৰে। কিন্তু নতুন দিল্লীৰ সেই দৰবাৰৰ পৰা ১,১০০ কিলোমিটাৰ দূৰৰ অঞ্জনাই সেই অভিলাষৰ অংশ হ’ব পৰা নাই।
শীতৰ আবেলিৰ সময়। মানুহবোৰ নৈমিত্তিক কামত ব্যস্ত, বোধকৰো তেওঁলোকে বাজেটৰ কথা গম নাপায়। নাইবা বাজেটৰ প্ৰাসংগিকতা তেওঁলোকৰ জীৱনত নাই বুলি তেওঁলোকে ভাবে।
বাজেটখনক লৈ অঞ্জনাই কোনো আশা পুহি ৰখা নাই। “চৰকাৰ ক্যা দেগা! কমায়েংগে তৌ খায়েংগে, নহী কমায়েংগে তৌ ভুখে ৰহেংগে (চৰকাৰে কি দিব আমাক! উপাৰ্জন কৰিলেহে আমি খাব পাৰিম, নাইবা ভোকতে থাকিব লাগিব।)”
গাওঁখনৰ ১৫০ ঘৰ মানুহৰ প্ৰায় ৯০ শতাংশই ভূমিহীন। তেওঁলোকে ঘাইকৈ দিনহাজিৰা কৰে আৰু কামৰ বাবে বাহিৰলৈ প্ৰব্ৰজিত হয়। তেওঁলোক কেতিয়াও কৰৰ আওতাত পৰা নাই।
অঞ্জনা দেৱীয়ে মাহে পাঁচ কিলো খাদ্যশস্য বিনামূলীয়াকৈ পায়, কিন্তু নিয়মীয়া আয় বিচাৰে। “মোৰ মানুহজন বৰ দুৰ্বল আৰু কাম কৰিব নোৱাৰে। আমাক চলি থাকিবলৈ চৰকাৰৰ পৰা নিয়মীয়া কিবা আয় লাগে।”
অনুবাদ: পংকজ দাস