মুদুমলই টাইগাৰ ৰিজাৰ্ভৰ সেউজীয়া অৰণ্যলৈ চালে আপোনাৰ চকু জুৰাবই, কিন্তু কাণদুখন আপোনাৰ অতি ব্যস্ত হৈ পৰিব। চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ নিজা নিজা কিমানযে ভাষা আছে, আপুনি কাণেৰে শুনোতে-গণোতে ভাগৰিব। তামিলনাডুৰ নিলগিৰি পৰ্বতমালা নিবাসী সেই সুললিত ভাষাবোৰৰে মাজৰ জনজাতীয় লোকসকলৰ ভাষাও চামিল আছে।

“নালাইয়াবদুতু (কেনে আছে)?” বেট্টাকুৰুম্বাসকলে সোধে। সেই একেটা কথাই ইৰুলাৰসকলে সোধোতে কয়, “সন্ধাকিটাইয়া?”

প্ৰশ্ন একেটাই, ভাষা ভিন্ন।

Left: A Hoopoe bird after gathering some food.
PHOTO • K. Ravikumar
Right: After a dry spell in the forests, there is no grass for deer to graze
PHOTO • K. Ravikumar

বাওঁফালে: খাদ্য গোটোৱাৰ পিছত এটা হুপো চৰাই। সোঁফালে: বহুদিন বৰষুণ নোহোৱাত ঘাঁহবোৰ শুকাই গৈছে, হৰিণাবোৰ চৰিবলৈ ঘাঁহনিৰ অভাৱ ঘটিছে

আন ঠাইৰ যান-বাহন আৰু মেচিনৰ কোলাহলৰ বিপৰীতে পশ্চিমঘাটৰ এই দক্ষিণাঞ্চলৰ মানুহ আৰু পশু-পক্ষীকূলৰ ছন্দোময় এই কোলাহল সম্পূৰ্ণ বিপৰীত। এয়া শব্দৰ ভিৰ লগা এখন ঘৰ।

মই মুদুমলই টাইগাৰ ৰিজাৰ্ভৰ পোক্কাপুৰম (চৰকাৰী নথিত বোক্কাপুৰম বুলি আছে) গাঁৱৰ সৰু গলি এটা কুৰুম্বাৰ পাড়িত থাকো। ফেব্ৰুৱাৰীৰ শেষভাগৰ পৰা মাৰ্চৰ আৰম্ভণিৰ ভাগৰ সময়ছোৱাত উৎসৱৰ উলহ-মালহ পৰিৱেশ এটাই এই শান্ত-সমাহিত ঠাইখনৰ ৰূপেই সলনি কৰি পেলায়। তুংগনগৰম (কেতিয়াও নোশোৱা চহৰ), যিটো মাদুৰাই চহৰৰ ক্ষেত্ৰতো খাটে, তেনেই এক ৰূপ লয় এইখন ঠাইয়ে। কাৰণ হৈছে ঠাইখনত উদযাপিত পোক্কাপুৰম মৰিয়ম্মন দেৱীৰ প্ৰতি উৎসৰ্গিত মন্দিৰ উৎসৱ। ছদিন ধৰি ঠাইখনত মানুহৰ ভিৰ লাগে, উলহ-মালহ পৰিৱেশে বিৰাজ কৰে। কিন্তু মই যেতিয়া মোৰ উৰ (গাওঁ)খনৰ কথা ভাবো, তেতিয়া এই উলহ-মালহ এই কাহিনীৰ এটা অংশহে হৈ পৰে।

এই কাহিনী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলটো কিম্বা মোৰ গাওঁখনৰ নহয়। এয়া মোৰ জীৱনত নিৰ্ণায়ক ভূমিকা পালন কৰা এগৰাকী মহিলাৰ বিষয়ে -  এগৰাকী মহিলা যাক স্বামীয়ে এৰি যোৱাৰ পিছত অকলেই পাঁচটো সন্তান তুলি-তালি ডাঙৰ দীঘল কৰিছে। এই কাহিনী মোৰ মাক লৈ।

Left: Amma stops to look up at the blue sky in the forest. She was collecting cow dung a few seconds before this.
PHOTO • K. Ravikumar
Right: Bokkapuram is green after the monsoons, while the hills take on a blue hue
PHOTO • K. Ravikumar

বাওঁফালে: আম্মাই হাবিৰ ওপৰৰ নীলা আকাশখন চাবলৈ থমকি ৰৈছে। ইয়াৰ আগেয়ে তেওঁ গোবৰ গোটাই আছিল। সোঁফালে: বোক্কাপুৰমখন বাৰিষা সেউজীয়া হৈ পৰে, পাহাৰবোৰেও ডাঠ নীলা ৰং ধৰে

*****

কাগজে-পত্ৰই মোৰ নাম কে. ৰবিকুমাৰ। কিন্তু আমাৰ ইয়াৰ মানুহে মোক মাৰান বুলি জানে। আমাৰ সম্প্ৰদায়টো চৰকাৰীভাবে বেট্টাকুৰুম্বা বুলি তালিকাভূক্ত যদিও সম্প্ৰদায়টোৰ মানুহখিনিয়ে নিজকে পেট্টাকুৰুম্বাৰ বুলিয়ে পৰিচয় দি আহিছে।

এই কাহিনীৰ হিৰ’ইন হৈছে মোৰ আম্মা, তেওঁৰ লিখিত আৰু মানুহে মতা নাম মেতী। মোৰ আপ্পাৰ নাম কৃষ্ণন, তেওঁক মানুহে কেতন বুলি জানে। মোৰ পাঁচটা ভাই-ভনী: মোৰ ডাঙৰ ভনী চিত্ৰা (গাঁৱত মানুহে কিৰকালি বুলি মাতে), মোৰ ডাঙৰ ভাই ৰবিচন্দ্ৰন (মাদন), মোৰ দ্বিতীয়গৰাকী ডাঙৰ ভনী শশীকলা (কেত্থি) আৰু মোৰ সৰু ভনী কুমাৰী (কিনমাৰি)। মোৰ ডাঙৰ ভাই আৰু ভনীৰ বিয়া হৈছে, তেওঁলোক পৰিয়াল সহিতে পালাৱাড়ি নামে তামিলনাডুৰ কুৰাল’ৰ জিলাৰ গাওঁ এখনত থাকে।

মোৰ একেবাৰে শৈশৱৰ স্মৃতি বুলিলে অংগনবাদী কেন্দ্ৰত মোৰ আম্মা বা আপ্পাৰ লগত পতা কথা ৰিণিকি ৰিণিকি মনত পৰে। সেইখিনি সময়তে মই মোৰ বন্ধুবৰ্গৰ লগত থাকি সুখ-দুখ, খং-ৰাগ আদি সকলো আৱেগৰ সৈতে পৰিচয় হৈছিলো। আবেলি তিনি বজাত আপ্পা বা আম্মাই মোক ঘৰলৈ লৈ গৈছিল।

মদৰ ৰাগীত জীৱন হেৰুওৱাৰ আগলৈকে মোৰ আপ্পা বৰ মৰমীয়াল মানুহ আছিল। কিন্তু মদ খোৱাৰ পিছত তেওঁ বেপৰোৱাহ আৰু হিংস্ৰ হৈ পৰিছিল। “বেয়া সংগই তেওঁৰ তেনে আচৰণৰ কাৰণ, বুজিছ” আম্মাই আমাৰ আগত কৈছিল।

Left: My amma, known by everyone as Methi.
PHOTO • K. Ravikumar
Right: Amma is seated outside our home with my sister Kumari and my niece, Ramya
PHOTO • K. Ravikumar

বাওঁফালে: মোৰ আম্মা, সকলোৱে মেতী বুলি জানে। সোঁফালে: আম্মাই আমাৰ ঘৰৰ বাহিৰত মোৰ ভনী কুমাৰী আৰু ভতিজী ৰম্যাৰ লগত বহিছে

ঘৰত প্ৰথম হিংসা দেখিছিলো যেতিয়া আপ্পাই বাহিৰত মদত খাই আহি আম্মাক গালি পাৰিবলৈ লৈছিল। তেওঁ আম্মাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল আৰু আম্মাৰ মা-দেউতা, ভাই-ভনীহঁতৰ কথা বেয়াকৈ ক’বলৈ লৈছিল – সেইখিনি সময়ত তেওঁলোক আমাৰ লগতে থাকিছিল। বৰ বেয়া ভাষাৰে তেওঁ গালি পাৰিছিল। তেওঁৰ কথাবোৰ কাণত পৰিছিল যদিও তেওঁলোকে সেইবোৰ নুশুনাৰ ভাও জুৰি থাকিছিল। এটা সময়ত আপ্পাৰ এনে আচৰণ নৈমিত্তিক হৈ পৰিল।

দ্বিতীয় মানত পঢ়ি থাকোতে ঘটা ঘটনা এটা মোৰ ভালকৈয়ে মনত আছে। আনদিনৰ দৰে সিদিনাও আপ্পাই মদ খাই ঘৰলৈ আহিছিল। খঙত আম্মাৰ গাত হাত তুলিছিল, মোক আৰু ভাই-ভনীকেইটাৰ ওপৰতো হাত তুলিছিল। আমাৰ কাপোৰ-কানি, বয়-বস্তু বাহিৰলৈ দলিয়াই দিছিল আৰু ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল। সেইদিনা ৰাতি আমি মাক সাবতি ধৰি ৰাতি কটাইছিলোঁ, যিদৰে বনৰীয়া জীৱ-জন্তুৱে শীতকালত মাকৰ উম বিচাৰি গাতে লাগি থাকে।

জিটিআৰ মজলীয়া বিদ্যালয়খন চৰকাৰী জনজাতীয় ব’ৰ্ডিং স্কুল আছিল। তাত খোৱা-বোৱা আৰু থকাৰ সুবিধা আছিল। সেয়ে মোৰ ডাঙৰজন ভাই আৰু ভনী তাত থাকিবলৈ ল’লে। সেইখিনি সময়ত আমাৰ জীৱনত কেৱল দুখেই আছিল। আমি আমাৰ ঘৰতেই থাকিবলৈ পালো।

সদায়েই আমি শংকাত সময় কটাবলগীয়া হৈছিল। আকৌ এখন কাজিয়া, মাৰ-পিট কেতিয়া লাগিব, তাৰ কোনো ঠিকনা নাছিল। এদিনাখন ৰাতি আপ্পাই মদ খাই আহি আম্মাৰ ভায়েকৰ লগত মাৰ-পিট কৰাত লাগিল। আপ্পাই চুৰীকটাৰী এখন লৈ মামাৰ গলটো ৰেপিবলৈ চেষ্টা কৰিলে। ভাগ্যে চুৰীখনৰ ধাৰ নাছিল, মামাই বেছি দুখ নাপালে। পৰিয়ালৰ আনবোৰে হস্তক্ষেপ কৰিলত, মোৰ আম্মাও আগবাঢ়ি অহাত মোৰ সৰু ভনীজনী আম্মাৰ কোলাৰ পৰা পৰি মুৰত দুখ পালে। মই তাত জঠৰ হৈ চাই থাকিলো, চকুৰ পচাৰতে কি ঘটি গ’ল, মই টলকিবই নোৱাৰিলো।

পিছদিনা চোতালখন আপ্পা আৰু মামাৰ তেজৰ চেকুৰাৰে ভৰি আছিল। ৰাতি আপ্পাই খোৰাই খোৰাই খোজ কাঢ়ি আহি ককাৰ ঘৰৰ পৰা মোক আৰু ভনীজনীক লৈ গৈ পথাৰৰ মাজত থকা তেওঁৰ সৰু কোঠাটোত ৰাখিলে। কেইমাহমান পিছত মোৰ আপ্পা-আম্মাই চিৰদিনৰ বাবে সম্পৰ্ক চিগিলে।

Left: My mother cutting dry wood with an axe. This is used as firewood for cooking.
PHOTO • K. Ravikumar
Right : The soft glow of the kerosene lamp helps my sister Kumari and my niece Ramya study, while our amma makes rice
PHOTO • K. Ravikumar

বাওঁফালে: মোৰ আম্মাই কুঠাৰেৰে শুকান খৰি ফালে। এই খৰিৰে চৌকাত ভাত ৰন্ধা হয়। সোঁফালে: কেৰাচিনৰ ক্ষীণ পোহৰতে মোৰ ভনী কুমাৰী আৰু ভতিজী ৰম্যাই পঢ়ে, ইফালে আম্মাই ভাত ৰান্ধিছে

গুডালুৰৰ ফেমিলি ক’ৰ্টত মই আৰু মোৰ ভাই-ভনীকেইটাই আম্মাৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। কিছুদিনৰ বাবে আমি আমাৰ মামাহঁতৰ ফালৰ ককা-আইতাৰ ঘৰতে থাকিলো। তেওঁলোকৰ ঘৰটো আমাৰ আপ্পা-আম্মাৰ ঘৰলৈ যোৱা গলিটোতে আছিল।

কিন্তু সেই সুখ বেছিদিন নিটিকিল। চাউলে নুকুলা হ’ল। ককাই ৰেচন পাইছিল ৪০ কিলো, সেইখিনিৰে ইমানগাল মানুহক নোজোৰা হ’ল। প্ৰায়েই ককাই আমি যাতে পেট পুৰাই খাব পাওঁ, তাৰবাবে খালিপেটে থাকিবলৈ ল’লে। কেতিয়াবা তেওঁ মন্দিৰৰ পৰা প্ৰসাদ আমি আমাক খুৱাইছিল, যাতে আমি ভোকত নাথাকো। তেনে সময়তে আম্মাই দিনহাজিৰা কৰিবলৈ যোৱা হ’ল।

*****

আম্মাই ৩য় মানতে পঢ়া এৰিবলগীয়া হৈছিল। পৰিয়ালে তেওঁক তাতকৈ বেছি পঢ়াব নোৱাৰিলে। তেওঁ গোটেই শৈশৱকালটো সৰু ভাই-ভনীকেইটাৰ আলপৈচান ধৰাতে কটালে। ১৮ বছৰ বয়সত তেওঁ আপ্পাৰ লগত বিয়াত বহিল।

আপ্পাই পোক্কাপুৰমৰ পৰা ১০ কিলোমিটাৰ দূৰৰ নিলগিৰিৰ গুডালুৰ ব্লকৰ অন্তৰ্গত চিংগাৰা গাঁৱত থকা ডাঙৰ কফি বাগান এখনৰ কেণ্টিনৰ বাবে খৰি গোটাইছিল।

আমাৰ এলেকাটোৰ প্ৰায়ভাগেই তাত কাম কৰিছিল। তাৰে কিছুমান বিয়া হৈ গৈছিল। আম্মাই কিন্তু ঘৰতে থাকি আমাৰ যত্ন লৈছিল। আপ্পা-আম্মাৰ বিচ্ছেদৰ পিছত আম্মাই চিংগাৰা কফি বাগানত দিনে ১৫০ টকা হাজিৰাত মজদুৰ হিচাপে কাম কৰিবলৈ ল’লে।

Left: After quitting her work in the coffee estate, amma started working in her friends' vegetable garden.
PHOTO • K. Ravikumar
Right: Here, amma can be seen picking gourds
PHOTO • K. Ravikumar

বাওঁফালে: কফি বাগানৰ কাম এৰাৰ পিছত আম্মাই তেওঁৰ বন্ধুৰ পাচলি বাগানত কাম কৰিবলৈ ল’লে। সোঁফালে: আম্মাই লাও চিঙিছে

প্ৰতিদিনে আম্মাই ৭ বজাতে কামলৈ যায়, দিনটো ৰ’দে-বৰষুণে কাম কৰে। তেওঁৰ সহকৰ্মীবোৰে কোৱা শুনো, “তাই আনকি দুপৰীয়াৰ আহাৰৰ সময়তো জিৰণি নলয়।” প্ৰায় আঠোটা বছৰ তেওঁ নিজ উপাৰ্জনেৰে ঘৰখন চলাইছে। তেওঁ কামৰ পৰা যেতিয়া ৰাতি ৭:৩০ মানত ঘৰলৈ আহে, দেখো যে শাড়ীখন ঘামত তিতি থাকে, কেৱল ভিজা তাৱেল এখনেৰে তেওঁ নিজকে ঢাকি ৰাখে, কঁপি থাকে। বৰষুণৰ দিনত আমাৰ ঘৰৰ উৰুখা চালেৰে পানী পৰে। তেওঁ ইটো কোণৰ পৰা সিটোলৈ গৈ পাত্ৰৰে তেওঁ পানী ধৰে।

মই জুই ধৰাত তেওঁক প্ৰায়ে সহায় কৰোঁ। তাৰপিছত জুইৰ গুৰিত বহি আমি ৰাতি সদায় ১১ মান বজালৈকে কথা পাতো।

কেতিয়াবা আমি ৰাতি শোৱাৰ সময়ত আম্মাই আমাৰ লগত কথা পাতে, তেওঁৰ কষ্টৰ দিনৰ কথাও কয়। কেতিয়াবা তেনে কথা মনত পেলাই তেওঁ চকুলোও টোকে। তেওঁৰ কথা শুনি আমি কান্দিবলৈ ধৰিলে তেওঁ ততালিকে কৌতুক কৰি আমাক হহুৱায়। কোন মাকে নিজৰ সন্তানক কন্দা চাব পাৰে?

Before entering the forest, amma likes to stand quietly for a few moments to observe everything around her
PHOTO • K. Ravikumar

হাবিত সোমোৱাৰ আগতে মায়ে কিছুক্ষণৰ বাবে তেওঁৰ চাৰিওফালে এবাৰ ভালকৈ চাই লয়

এনেকৈ এটা সময়ত আম্মাক সংস্থাপন দিয়াসকলে পাতি দিয়া শ্ৰী শান্তি বিজিয়া হাইস্কুল, মাচিনাগুৰিত আম্মাই মোক নামভৰ্তি কৰাই দিলে। সেইখন স্কুল শ্ৰমিকৰ সন্তানবোৰৰ কাৰণে আছিল। তালৈ গৈ জেললৈ যোৱা যেন লাগিছিল। মোৰ কাকূতি-মিনতি স্বত্ত্বেও আম্মাই মোক স্কুললৈ যাবলৈ জোৰ দিছিল। আনকি কেতিয়াবা মই জেদত ধৰিলে দুচাট দিছিলোঁ। এটা সময়ত আমি আমাৰ ককাৰ ঘৰৰ পৰা মোৰ ডাঙৰজনী ভনী চিত্ৰা বিয়া হোৱা ঘৰখনলৈ গ’লো। ঘৰ মানে দুটা কোঠালীৰ জুপুৰী। মোৰ সৰুভনী কুমাৰীয়ে জিটিআৰ মজলীয়া স্কুলতে পঢ়া অব্যাহত ৰাখিলে।

মোৰ সৰুভনীয়ে দশমমানৰ পৰীক্ষাৰ বাবে পঢ়াৰ প্ৰেছাৰ সহ্য কৰিব নোৱাৰি স্কুল এৰি ঘৰুৱা কাম-বনতে সহায় কৰিবলৈ ল’লে। আম্মাও কিছু সকাহ পালে। এবছৰ পাছত শশীকলাই তিৰুপুৰ বস্ত্ৰ উদ্যোগ এটাত চাকৰি পালে। বছৰেকত এবাৰ বা দুবাৰ দেখা কৰিবলৈ আহে। তাইৰ দৰমহা মাহে ৬,০০০ টকা। পাঁচ বছৰ তাই আমাক সহায় কৰিলে। আম্মা আৰু মই প্ৰতি তিনিমাহৰ মুৰে মুৰে তাইক সাক্ষাৎ কৰিবলৈ যাওঁ আৰু তাই সঞ্চয় কৰা টকাখিনি আমাক দি পঠিয়ায়। এবছৰ পিছত মোৰ ভনীজনীয়ে কাম কৰিবলৈ ল’লে, তেতিয়া আম্মাই কফি বাগানৰ কাম এৰি দিলে। আম্মাই তেতিয়া মোৰ ডাঙৰজনী ভনী চিত্ৰাৰ সন্তানকেইটা আৰু ঘৰখনৰ কামত বেছি সময় দিবলৈ ল’লে।

মই শ্ৰী শান্তি বিজিয়া হাইস্কুলত দশমমানৰ পঢ়া সামৰি উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে কোটাগিৰি গভৰ্ণমেণ্ট ব’ৰ্ডিং স্কুললৈ আহিলো। আম্মাই আমাক জীৱনৰ সম্ভাৱনাবোৰ উদঘাটন কৰিবলৈ সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল, পঢ়াৰ খৰছ উলিয়াবলৈ আম্মাই গৰুৰ গোবৰ শুকুৱাই পিঠা বনাই বিক্ৰী কৰিছিল।

আপ্পাই ঘৰ এৰি যোৱাৰ সময়ত আমাৰ বিদ্যুতৰ সংযোগ কাটি থৈ গৈছিল। মদৰ বটলত কেৰাচিন ভৰাই তাৰে চাকি বনাই আমি সেয়া ব্যৱহাৰ কৰিছিলো। পিছলৈ দুটা চেম্বু (কপাৰ)ৰ লেম কিনিছিলো। এই লেম দুটাৰ পোহৰতেই আমি দহ বছৰ কটালো, মই দ্বাদশ শ্ৰেণী পাওঁতে যেনিবা বিদ্যুতৰ সংযোগ পুনৰাই পালো।

আম্মাই আমাৰ বিদ্যুতৰ সংযোগ ঘুৰাই আনিবলৈ বহুখিনি কষ্ট কৰিছিল। অফিছে অফিছে গৈছিল, নিজৰ মনত থকা বিদ্যুতৰ ভয় জয় কৰিছিল। অকলে থাকিলে আম্মাই লাইটবোৰ অফ কৰি লেমৰ পোহৰত থাকিছিল। বিদ্যুতৰ পোহৰক লৈ কিয় ইমান ভয় বুলি প্ৰশ্ন কৰাত কৈছিল যে চিংগাৰাত বিদ্যুতৰ শ্বক লাগি মহিলা এগৰাকী ঢুকোৱা শুনাৰ পিছৰে পৰা হেনো তেওঁৰ মনত ভয় সোমাইছিল।

Left: Our old house twinkling under the stars.
PHOTO • K. Ravikumar
Right: Even after three years of having an electricity connection, there is only one light bulb inside our house
PHOTO • K. Ravikumar

বাওঁফালে: আমাৰ পুৰণি ঘৰটো তৰাৰ পোহৰত জিলিকি উঠিছে। সোঁফালে: বিদ্যুতৰ সংযোগ পোৱা তিনি বছৰ হৈছে যদিও আমাৰ ঘৰৰ ভিতৰত এটাহে বিজুলীবাতি জ্বলে

মোৰ উচ্চশিক্ষাৰ বাবে মই জিলা সদৰ উধগামাণ্ডালম (ওটি)ৰ আৰ্টছ কলেজত নামভৰ্তি কৰালোঁ। মোৰ মায়ে ঋণ লৈ মোৰ মাচুল আদায় দিলে আৰু কিতাপ-কাপোৰ আদি আনিলে। এই ঋণ শুজিবলৈ তেওঁ পাচলি বাগানত কাম কৰিলে আৰু গৰুৰ গোবৰ শুকুৱাই বিক্ৰী কৰি থাকিল। আৰম্ভণিতে তেওঁ মোলৈ পইচা পঠিয়াইছিল যদিও মই কেটাৰিং চাৰ্ভিচ এটাত অংশকালীন কাম কৰিবলৈ লোৱাত নিজৰ বাবে ৰাখি ঘৰলৈ পইচা পঠিয়াব পৰা হ’লো। পঞ্চাশৰ দেওনা পাৰ কৰা মোৰ মায়ে কেতিয়াও মোৰ পৰা পইচা বিচৰা নাই। তেওঁ সদায়ে কামৰ বাবে সাজু, কাম যিয়েই নহওঁক লাগিলে।

মোৰ ডাঙৰজনী ভনীৰ সন্তানকেইটা অলপ ডাঙৰ হোৱাত মায়ে সিহঁতক অংগনবাদী স্কুলত থৈ পথাৰৰ পৰা গোবৰ সংগ্ৰহ কৰিবলৈ ওলাই গৈছিল। তেওঁ সপ্তাহটো গোবৰ সংগ্ৰহ কৰি এবাল্টি গোবৰ ৮০ টকাত বিক্ৰী কৰিছিল। পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ তেওঁ গোবৰ সংগ্ৰহ কৰা সময়খিনিত বনৰীয়া ফল যেনে কড়ালিপড়ম (এবিধ কেকটাছ ফল) খাই থাকিছিল।

ইমান কম খাইও তেওঁ কেনেকৈ ইমান শকতি গোটাইছিল বুলি মই প্ৰশ্ন কৰাত তেওঁ কৈছিল, “শৈশৱত বহুত মাংস, শাক-পাচলি, কল-কচু আৰু হাবিৰ ফল-মূল খাইছিলো। সেইবোৰেই এতিয়া মোক সবল কৰি ৰাখিছে।” আম্মাই সেউজীয়া শাক-পাচলি খাই বৰ ভাল পায়। মই মাক কেৱল ভাতৰ লুথুৰী নিমখ আৰু গৰম পানীৰে খাই দিনটো থকা দেখিছো।

বিস্মিত হওঁ ভাবি, মায়ে কেতিয়াও “ভোক লাগিছে” বুলি কোৱা নুশুনিলো। আমাক খাই থকা দেখিলেই তেওঁৰ পেট ভৰিছিল, মনত সন্তোষ পাইছিল।

ঘৰত আমাৰ তিনিটা কুকুৰ আছে – দীয়া, দিঅ’ আৰু ৰছতি। ছাগলীও আছে। প্ৰতিটোৰে গাৰ ৰং লৈ নাম থোৱা হৈছে। এই জীৱ-জন্তুবোৰ আমাৰ ঘৰৰ অতিকৈ মৰমৰ। আমাৰ সমানেই যত্ন আম্মাই সিহঁতৰ লয়। প্ৰতিদিনে আম্মাই সিহঁতক পুৱা পানী দিয়ে, তাৰপিছত ছাগলীকেইটাক সেউজীয়া ঘাঁহ-পাত আৰু ভাতৰ মাড় খাবলৈ দিয়ে।

Left: Amma collects and sells dry cow dung to the villagers. This helped fund my education.
PHOTO • K. Ravikumar
Right: The dogs and chickens are my mother's companions while she works in the house
PHOTO • K. Ravikumar

বাওঁফালে : আম্মাই গাঁৱত শুকান গোবৰ বিক্ৰী কৰে। এইৰে মোৰ পঢ়াৰ খৰছ উলিওৱাত সহায় হৈছিল। সোঁফালে : ঘৰত কাম-বনত ব্যস্ত থকাৰ সময়ত আম্মাক কুকুৰ আৰু কুকুৰাকেইটাই আগুৰি ধৰি থাকে

Left: Amma taking the goats into the forest to graze.
PHOTO • K. Ravikumar
Right: Amma looks after her animals as if they are her own children.
PHOTO • K. Ravikumar

বাওঁফালে : আম্মাই ছাগলীকেইটাক হাবিত চৰাবলৈ নিছে। সোঁফালে : আম্মাই ঘৰৰ জীৱ-জন্তুকেইটাক নিজৰ সন্তানৰ দৰে চোৱা-চিতা কৰে

আম্মা বৰ ভক্তি-ধৰ্মত বিশ্বাসী লোক। তেওঁ আমাৰ পাৰম্পৰিক দেৱ-দেৱীতকৈও অধিক বিশ্বাস কৰে জড়চামী আৰু আয়াপ্পানৰ ওপৰত। সপ্তাহত এবাৰ তেওঁ ঘৰখন যত-পিটকৈ চাফা কৰে আৰু জড়চামীৰ মন্দিৰলৈ গৈ তাত নিজৰ সংগ্ৰামৰ কথা ইশ্বৰক ব্যক্ত কৰে।

মই কেতিয়াও মাক নিজৰ বাবে শাড়ী এখন কিনা দেখা নাই। তেওঁৰ যি আঠখন শাড়ী আছে, সেয়া মোৰ খুৰীহঁতে আৰু ডাঙৰ ভনীকেইজনীয়ে দিয়া শাড়ী। তেওঁ সেইকেইখনকে পিন্ধি থাকে, মনত কেতিয়াও কাৰো প্ৰতি একো অভিযোগ কিম্বা আশা নাৰাখে।

গাঁৱৰ বহুতেই আমাক পৰিয়ালটোৰ নিৰন্তৰ কন্দলক লৈ আগতে কোৱা-কুই কৰিছিল। এতিয়া ইমান কষ্টৰ মূৰকত সকলো বাধা নেওচি আমি এই অৱস্থা পাইছো, তাকে দেখি সকলো আচৰিত হয়। আম্মাই কিদৰে নিজে সকলো দায়িত্ব শিৰপাতি লৈ সন্তানকেইটাক ডাঙৰ কৰিছে, সেই লৈ এতিয়া চুবুৰীয়াই আম্মাক প্ৰশংসা কৰে।

পিছলৈ ঘূৰি চাই যেতিয়া মনত পৰে মই স্কুললৈ নপঠিয়াবলৈ বুলি আম্মাক কাবৌ-কাকূতি কৰিছিলোঁ, কিন্তু আম্মাই জোৰ কৰি মোক স্কুললৈ পঠিয়াই দিছিল। মনত সুখ পাওঁ যে মই শ্ৰী শান্তি বিজিয়া হাইস্কুললৈ গ’লো। তাতেই মই ইংৰাজী ভাষাটো শিকিলো। সেইখন স্কুল আৰু মাৰ খাটনি অবিহনে মই উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ নাপালোহেঁতেন। আম্মাৰ প্ৰতি সেই ঋণ মই কেতিয়াও শুজিব নোৱাৰিম। গোটেই জীৱনটো আম্মাৰ ওচৰত মই ঋণী হৈ থাকিম।

দিনটোৰ শেষত আম্মাই যেতিয়া জিৰণি লয়, তেতিয়া মই আম্মাৰ ভৰিদুখনলৈ চাওঁ। সেই দুখন ভৰি, যি কেতিয়াও যিমান দুখ-কষ্ট দেখিও থমকি নৰ’ল। কামৰ সময়ত গোটেই দিনটো পানীৰ মাজত থাকিবলগীয়া হ’লেও আম্মাৰ ভৰিৰ পতাদুখন যেন ছিৰাল ফাঁট দিয়া এখন শুকান পথাৰ। এই ফাঁটবোৰৰ বাবেই আমি আজি জীয়াই থাকিব পাৰিছো।

No matter how much my mother works in the water, her cracked feet look like dry, barren land
PHOTO • K. Ravikumar

আম্মাই দিনটো লাগিলে পানীত ভৰি দি কাম কৰি থাকিলেও তেওঁৰ ভৰিৰ পতাদুখন এনে লাগে যে সেয়া এখন ছিৰাল ফাঁট দিয়া এখন পথাৰ

অনুবাদ: পংকজ দাস

K. Ravikumar

Ravikumar. K is an aspiring photographer and documentary filmmaker living in Bokkapuram, a village in Tamil Nadu's Mudumalai Tiger Reserve. Ravi studied photography at Palani Studio, an initiative run by PARI photographer Palani Kumar. Ravi's wish is to document the lives and livelihoods of his Bettakurumba tribal community.

Other stories by K. Ravikumar
Editor : Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das