“বাও চকুটোৰে মই একো নেদেখো। উজ্বল পোহৰত কষ্ট পাওঁ। বৰ কষ্ট। এইটো কাৰণতে খুব যাতনাৰ জীৱন এটা কটাই আছো,” পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ বনগাওঁ চহৰৰ গৃহিণী প্ৰমীলা নস্কৰে কয়। দুকুৰি বয়সৰ প্ৰমীলাই আমাৰ সৈতে কথা পাতিছে কলকাতাৰ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ অপথেলমলজিৰ সাপ্তাহিক কৰ্ণিয়া ক্লিনিকত। তাত তেওঁ চকুৰ চিকিৎসাৰ বাবে আহিছে।
মই প্ৰমীলাৰ মনোকষ্ট বুজিব পাৰিছিলোঁ। এটা চকুৰো ক্ষতি হোৱাটো ফটোগ্ৰাফাৰ এজনৰ বাবে কিমান ভয়াৱহ হ’ব পাৰে, সেয়া খোদ ফটোগ্ৰাফাৰ এজনেহে বুজিব পাৰে। ২০০৭ত মোৰ বাওঁ চকুটোৰ কৰ্ণিয়াত আলচাৰ হৈছিল, মই অন্ধ হোৱাৰ উপক্ৰম ঘটিছিল। সেই সময়ত মই বিদেশত আছিলো আৰু চিকিৎসাৰ বাবে ভাৰতলৈ উভতিবলগীয়াত পৰিছিল। সম্পূৰ্ণ দৃষ্টিশক্তি ঘুৰাই পোৱাৰ আগেয়ে সুস্থ হৈ উঠিবলৈ ডেৰমাহ জটিল আৰু যন্ত্ৰণাপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়াত পৰিছিল। তাৰে ডেৰটা দশকৰ মূৰত এতিয়াও মোৰ মনৰ ক’ৰবাত এনে এটা ভাব ৰৈ গৈছে, যেন কেতিয়াবা মই আকৌ দৃষ্টিশক্তি হেৰুৱাই পেলাম। এয়া ফটোগ্ৰাফাৰ এজনৰ বাবে ই কেনে এক দুঃস্বপ্ন, ভাবি গাৰ নোম শিয়ৰি উঠে।
বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ.এইছ.অ’.) অনুসৰি “অতিকমেও ২০০.২ কোটি লোকৰ দূৰ নাইবা নিকট দৃষ্টিৰ বিসংগতি আছে। ইয়াৰে প্ৰায় অৰ্ধেক সংখ্যক মানে প্ৰায় ১০০ কোটি লোকৰ দৃষ্টিশক্তিৰ বাধাগ্ৰস্ততা ৰোধ কৰিব পৰা গ’লহেঁতেন, নাইবা এতিয়াও তেনে কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই…”
ছানি পৰা ৰোগৰ পিছতে দৃষ্টিহীনতাৰ দ্বিতীয় বৃহৎ কাৰণ হৈছে কৰ্ণিয়াৰ ৰোগ। কৰ্ণিয়ায়েল ব্লাইণ্ডনেছৰ ক্ষেত্রত সংক্ৰমণ সংক্ৰান্ত বিষয়টো বৰ জটিল। চকু ৰঙা পৰি ফুলি উঠা নাইবা চকুৰ ভাইৰেল সংক্ৰমণ আদি কাৰণত কৰ্ণিয়াত ঘাঁ লগাৰ ফলত শেষত গৈ সিয়ে দৃষ্টিশক্তি হেৰুওৱাৰ কাৰণ হ’ব পাৰে। দেশে দেশে কৰ্ণিয়াৰ সংক্ৰমণৰ কাৰণো ভিন্ন।




















