তেওঁৰ যিমানখিনি মনত পৰে, জীন যোৱা হাতুৰিৰ কোবটোৰ সুৰে মোহনলাল লোহাৰক বিস্মিত কৰিছিল। তালে তালে ঝন ঝননিৰ সুৰ শুনি ডাঙৰ হোৱা তেওঁ বুজি পাইছিল যে সেইবোৰ হাতেৰে সাজিবলৈ জীৱনযোৰা আৱেগ লাগিব।

ৰাজস্থানৰ বাৰমাৰ জিলাৰ নন্দ গাৱঁৰ এক লোহাৰ(কমাৰ)পৰিয়ালত মোহনলালৰ জন্ম হৈছিল। ৮ বছৰ বয়সৰ পৰা তেওঁ দেউতাক স্বৰ্গীয় ভাৱৰাম লোহাৰক হাতুৰী আৰু আন আন সজুঁলি তুলি দি সহায় কৰিছিল। তেওঁ ক’লে, “মই কেতিয়াও পঢ়াশালিলৈ যোৱা নাই, কেৱল মাথোঁ এই সঁজুলিৰ টুকুৰাবোৰৰ স’তে খেলিছোঁ।”

মাৰৱাৰী আৰু হিন্দী ভাষী পৰিয়ালটো ৰাজস্থানৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাভুক্ত গাডুলিয়া লোহাৰ সমাজৰ অন্তৰ্ভুক্ত। অধিক কাম বিচাৰি পাঁচ দশকৰ আগেয়ে ১৯৮০ ৰ প্ৰথমাৰ্ধত মোহনলাল যেতিয়া জয়ছেলমীৰলৈ আহিছিল তেতিয়া তেওঁ কিশোৰ আছিল। তেতিয়াৰ পৰাই তেওঁ বিভিন্ন ধাতৱ পদাৰ্থ যেনেঃ এলুমিনিয়াম, ৰূপ, ষ্টীল আৰু আনকি পিতলৰ পৰাও মৰ্চাং সাজি আহিছে।

“লোহা [লো]ৰ টুকুৰা এটা কেৱল স্পৰ্শ কৰিয়েই তাৰ পৰা ভাল শব্দ ওলাব নে নাই মই কৈ দিব পাৰোঁ,” ২০,০০০ ঘণ্টাতকৈয়ো অধিক সময় ৰঙা-উত্তপ্ত লোহা হাতুৰীৰে পিটি পিটি জয়ছালমীৰৰ বালিৰ টিলাবোৰৰ মাজে মাজে শুনিবলৈ পোৱা তালবাদ্য মৰ্চাং সাজি অতিবাহিত কৰা মোহনলালে ক’লে।

“মৰ্চাং সজাটো কঠিন কাম,” আজিলৈকে কিমান কেইটা মৰ্চাং সাজিলে তাৰ হিচাব মনত পেলাব নোৱাৰা ৬৫ বছৰ বয়সীয়া লোকজনে ক’লে, “গিন্টি চে বাহৰ হেই ৱহ [তাৰ কোনো হিচাব নাই]।”

মৰ্চাং এটা (মৰ্চিং বুলিও কোৱা হয়) প্ৰায় ১০ ইঞ্চিমান দীঘল য’ত হৰ্চশ্বু আকাৰৰ এটা ধাতুৰ ৰিং আৰু দুটা সমান্তৰাল কাঠি থাকে। সেই দুডালৰ মাজত এখন ধাতৱ জিভা থাকে যিডাল ট্ৰিগাৰ (ঘোড়া) বুলি জনা যায় আৰু এটা মূৰত তাক লগাই থোৱা হয়। বাদ্য শিল্পীয়ে সন্মূখৰ দাঁতেৰে তাক ধৰি লয় আৰু তাৰ মাজেৰে শ্বাস টানে আৰু নিশ্বাস এৰে। এটা হাতেৰে বাদ্য শিল্পীজনে মৰ্চাঙৰ জিভাখন লৰাই সাংগিতীক মূৰ্চনাৰ সৃষ্টি কৰে; আনটো হাতে লোৰ চকৰিটো ধৰি ৰখাত সহায় কৰে।

Mohanlal Lohar is a skillful instrument maker as well as a renowned morchang player who has spent over five decades mastering the craft. Morchang is a percussion instrument heard across Jaisalmer’s sand dunes
PHOTO • Sanket Jain
Mohanlal Lohar is a skillful instrument maker as well as a renowned morchang player who has spent over five decades mastering the craft. Morchang is a percussion instrument heard across Jaisalmer’s sand dunes
PHOTO • Sanket Jain

মোহনলাল লোহাৰ এজন পাৰ্গত বাদ্যযন্ত্ৰ সজা শিল্পী আৰু লগতে এজন প্ৰখ্যাত মৰ্চাং বাদক, যিয়ে এই বিধ কলাত সিদ্ধহস্ত হ’বৰ বাবে পাঁচোটাতকৈয়ো অধিক দশক সাধনা কৰিছে। জয়ছালমীৰৰ বালিৰ টিলাবোৰৰ মাজে মাজে শুনিবলৈ পোৱা মৰ্চাং হ’ল এবিধ তাল-বাদ্য

এই বাদ্য যন্ত্ৰটো কমেও ১৫০০ বছৰ পুৰনি আৰু “পোহনীয়া জন্তুবোৰ ঘাঁহ খাবলৈ চৰাই থাকোঁতে ৰখীয়াহঁতে মৰ্চাং বজাইছিল,” মোহনলালে ক’লে। এই সংগীত আৰু বাদ্যযন্ত্ৰ ৰখীয়াহঁতৰ লগে লগে ভ্ৰমি ফুৰিছিল। তেওঁলোকে সেইটো বজাই বজাই দূৰ-দূৰণিলৈ ঘূৰি ফুৰোঁতে বিয়পি পৰিছিল তাৰ গৰিমা। সেয়ে ই সমগ্ৰ ৰাজস্থানতে, বিশেষকৈ জয়ছালমীৰ আৰু যোধপুৰ জিলাত জনপ্ৰিয় হৈ পৰে।

এতিয়া ষাঠি বছৰ বয়সত এটা মৰ্চাং সাজিবলৈ মোহনলালক আঠ ঘণ্টামান লাগে, যিটো আগতে তেওঁ এদিনত সহজেই দুটাকৈ সাজিব পাৰিছিল। “মই এদিনত মাত্ৰ এটা মৰ্চাঙেই সাজোঁ কাৰণ তাৰ মানদণ্ডত কোনো আপোচ কৰিব নিবিচাৰোঁ,” তেওঁ আৰু লগতে ক’লে, “মোৰ মৰ্চাং এতিয়া পৃথিৱী বিখ্যাত।” তেওঁ প্ৰচলিত ফেশ্বনৰ ক্ষুদ্ৰাকৃতিৰ মৰ্চাং লকেট সজাতো পাৰ্গতালি আৰ্জিছিল, যিটো পৰ্যটকসকলৰ বৰ প্ৰিয়।

সঠিক লোহা(লো)চিনাক্ত কৰি লোৱাটো জৰুৰী কাৰণ, “সকলো লোহাৰেৰে ভাল মৰ্চাং নহয়,” তেওঁ কয়। আটাইতকৈ ভাল লো বিচাৰি লোৱাৰ দক্ষতা আয়ত্ব কৰোঁতে তেওঁৰ এক দশকতকৈ বেছি সময় লাগিছিল। তেওঁ জয়ছালমীৰৰ পৰা লো কিনে-প্ৰতি কিলোগ্ৰামত ১০০ টকা; এডাল মৰ্চাঙৰ ওজন ১৫০ গ্ৰামতকৈ বেছি নহয়, আৰু সংগীত শিল্পীসকলে কম ওজনৰ ভাল পায়।

মোহনলালৰ পৰিয়ালে মাৰৱাৰী ভাষাত ধামান বোলা পৰম্পৰাগত কমাৰশাল এখন ব্যৱহাৰ কৰে। “আপুনি গোটেই জয়ছালমীৰ মহানগৰতে এনেকুৱা কমাৰশালী বিচাৰি নেপাব, এইখন কমেও এশ বছৰ পুৰণি আৰু এতিয়াও সম্পূৰ্ণ কাৰ্য্যক্ষম,” তেওঁ ক’লে।

Mohanlal’s family uses a traditional blacksmith forge called dhaman (left) to shape metals . The dhaman is 'at least 100 years old and works perfectly,' he says. With rising temperature, the forge produces a lot of smoke (right), which causes breathing and coughing problems, says Mohanlal
PHOTO • Sanket Jain
Mohanlal’s family uses a traditional blacksmith forge called dhaman (left) to shape metals . The dhaman is 'at least 100 years old and works perfectly,' he says. With rising temperature, the forge produces a lot of smoke (right), which causes breathing and coughing problems, says Mohanlal
PHOTO • Sanket Jain

মোহনলালৰ পৰিয়ালে ধাতুৰ আকাৰ দিবলৈ ধামান (বাওঁফালে)বোলা পৰম্পৰাগত কমাৰশাল এখন ব্যৱহাৰ কৰে। এই ধামানখন ‘কমেও এশ বছৰ পুৰনি আৰু এতিয়াও বিশুদ্ধভাৱে কাৰ্য্যক্ষম,’ তেওঁ ক’লে। উষ্ণতা বঢ়াৰ লগে লগে কমাৰশালখনে বহু ধোঁৱা(সোঁ ফালে) উৎপন্ন কৰে, যিয়ে শ্বাস-প্ৰশ্বাস আৰু কাঁহৰ সমস্যা সৃষ্টি কৰে, মোহনলালে কয়

Heating the iron in a forge is challenging as it can cause severe burns, says Mohanlal. Kaluji (right), Mohanlal’s son-in-law, helping him hammer the red-hot iron
PHOTO • Sanket Jain
Heating the iron in a forge is challenging as it can cause severe burns, says Mohanlal. Kaluji (right), Mohanlal’s son-in-law, helping him hammer the red-hot iron
PHOTO • Sanket Jain

কমাৰশালত লো গৰম কৰাটো বিপদজনক কাৰণ ই ভীষণভাৱে দগ্ধ কৰিব পাৰে, মোহনলালে কয়। মোহনলালৰ জোৱাঁয়েক কালুজী (সোঁ ফালে)য়ে ৰঙা উত্তপ্ত লোত হাতুৰিওৱাত সহায় কৰিছে

বতাহ সুমুৱাবলৈ তেওঁ ছাগলীৰ ছালেৰে তৈয়াৰী দুটা পৰিবেষ্টন ব্যৱহাৰ কৰে। যিডাল কাঠৰ মাজেদি বতাহ সোমায়, সেইডাল ৰ’হিদা গছে(টেক’মেলা আণ্ডুলাতা) ৰে তৈয়াৰী। লো খিনি গৰম হৈ থকাৰ লগে লগে একেৰাহে কমেও তিনিঘণ্টা ধৰি বতাহ পাম্প কৰি সুমুৱাই থাকিব লাগিব। ই এক কষ্টসাধ্য কাম। শাৰিৰীকভাৱে বতাহ পাম্প কৰি থাকোঁতে বাহু আৰু পিঠিত বৰকৈ বিষ হয়; অপৰ্যাপ্ত বায়ু চলাচলে শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি কৰাৰ লগতে অতিপাত ঘাম ওলায়।

মোহনলালৰ পৰিবাৰ জিগিদেৱীয়ে প্ৰায়ে তেওঁক পাম্পিঙত সহায় কৰিছিল কিন্তু এতিয়া বয়স বঢ়াৰ বাবে কৰিব নোৱাৰা হ’ল। “গোটেই মৰ্চাং সজা প্ৰক্ৰিয়াটোত মাইকী মানুহ এগৰাকীয়ে কৰিব পৰা মাত্ৰ এইটোৱেই কাম। বাকী সকলো খিনি পৰম্পৰাগতভাৱে পুৰুষেই কৰি আহিছে,” ষাঠি বছৰ বয়সীয়া জিগিদেৱীয়ে ক’লে। ষষ্ঠ প্ৰজন্মৰ লোহাৰ-তেওঁলোকৰ দুই পুত্ৰ-ৰণমল আৰু হৰিশংকৰেও মৰ্চাং সাজে।

পাম্পিং আৰম্ভ হোৱাৰ লগে লগে মোহনলালে ৰঙা গৰম লো ছান্দাছি (কমাৰৰ ছেপেনা)ৰে ধৰিলৈ ওখত থোৱা এক লোৰ পৃষ্ঠ-ওৰানত থয়। তেওঁ লোৰ টুকুৰাটো সযতনে বাওঁ হাতেৰে ধৰি তৎক্ষণাত হাতুৰী ডাল সোঁহাতত লয়। লোৰ টুকুৰাটো পিটিবৰ বাবে আন এজন লোহাৰে পাঁচ কিলোগ্ৰাম ওজনৰ হাতুৰীটো লয়, আৰু তেওঁৰ লগতে মোহনলালেও হাতুৰীৰে কোবায়।

ইজনৰ পিচত সিজনকৈ প্ৰতিজন লোহাৰে হাতুৰীওৱাৰ ছন্দ, “ঢোলকীৰ শব্দই সৃষ্টি কৰা সুৰৰ দৰে, যিয়ে মোক মৰ্চাং সজা কামটোৰ প্ৰেমত পেলালে,” মোহনলালে ক’লে।

Some of the tools Mohanlal uses to make a morchang: ( from left to right) ghan, hathoda, sandasi, chini, loriya, and khurpi . 'It is tough to make a morchang ,' says the 65-year-old and adds that he can’t recall how many morchangs he’s made to date: ' g inti se bahar hain woh [there is no count to it]'
PHOTO • Sanket Jain
Some of the tools Mohanlal uses to make a morchang: ( from left to right) ghan, hathoda, sandasi, chini, loriya, and khurpi . 'It is tough to make a morchang ,' says the 65-year-old and adds that he can’t recall how many morchangs he’s made to date: ' g inti se bahar hain woh [there is no count to it]'
PHOTO • Sanket Jain

মোহনলালে মৰ্চাং সাজিবলৈ ব্যৱহাৰ কৰা কিছুমান সঁজুলিঃ (বাওঁফালৰ পৰা সোঁফাললৈ) ঘান, হাঠ’ড়া, ছান্দাছি, চিনি, ল’ৰিয়া আৰু খুৰ্পি। 'মৰ্চাং সজাটো কষ্টসাধ্য,' ৬০ বছৰ বয়সীয়া মানুহজনে ক’লে। তেওঁ লগতে ক’লে যে আজিলৈকে কিমান মৰ্চাং সাজিলে তেওঁ মনত পেলাব নোৱাৰে: 'গিন্টি চে বাহৰ হেই ৱহ [তাৰ কোনো হিচাব নাই]'

Left: Ranmal, Mohanlal's elder son and a sixth generation lohar, playing the instrument . 'Many people have started using machines for hammering, but we do it using our bare hands even today,' he says.
PHOTO • Sanket Jain
Right: Besides morchangs , Mohanlal has taught himself to craft alghoza, shehnai, murli, sarangi, harmonium and flute
PHOTO • Sanket Jain

বাওঁফালেঃ ষষ্ঠ প্ৰজন্মৰ লোহাৰ আৰু মোহনলালৰ বৰ পুত্ৰ ৰনমলে বাজনাটো বজাইছে। ‘বহু লোকে হাতুৰীয়াবৰ বাবে মেছিন ব্যৱহাৰ কৰিবলৈ লৈছে,কিন্তু আমি আজিও আমাৰ খালী হাতেৰেই কৰোঁ,’ তেওঁ ক’লে। সোঁ ফালেঃ মৰ্চাঙৰ উপৰি মোহনলালে নিজে আলঘ’জা, শ্বাহনাই, মুৰলী, সাৰংগী, হাৰমনিয়াম আৰু বাঁহী সাজিবলৈকো শিকিছিল

এই ‘সংগীত’ প্ৰায় তিনি ঘণ্টা ধৰি চলে আৰু তাৰ ফলত তাৰ হাতকেইখন ফুলে। তিনিঘণ্টাত কাৰিকৰজনে ১০,০০০ বাৰতকৈয়ো অধিক হাতুৰীডাল উঠাব লাগে, আৰু অকনমান পিচলখালেই তেওঁৰ আঙুলিত আঘাত পাব পাৰে। “ই আগতে মোৰ নখ ভাঙি থৈছে। এনেকুৱা কামত আঘাত পোৱা সাধাৰণ কথা,” বিষৰ কথা হাঁহি উৰুৱাই মোহনলালে ক’লে। তদুপৰি আঘাত, ছাল পোৰা এই বোৰো সাধাৰণ কথা। “বহুলোকে হাতুৰীয়াবৰ বাবে মেচিন ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। কিন্তু আমি আজিও আমাৰ খালি হাতেই ব্যৱহাৰ কৰোঁ,” মোহনলালৰ বৰ পুত্ৰ ৰনমলে উনুকিয়ালে।

হাতুৰীওৱাৰ পিচত মৰ্চাং এটা সজাৰ আটাইতকৈ টান কামটো আহে – গৰম লো যতন সহকাৰে আকাৰ দিয়াটো। এই প্ৰণালীটোত আৰু দুঘণ্টা লাগে যিখিনি সময়ত তেওঁ জটিল আৰ্হিবোৰ খোদাই কৰে। তাৰ পিচত বাদ্যটোৰ পিঠিবোৰ মসৃণ কৰিবলৈ দুঘণ্টা ফাইলিং কৰাৰ আগেয়ে এক বা দুই ঘণ্টা ঠাণ্ডা হ’বলৈ দিয়া হয়। ৰনমলে ক’লে, “ফাইলিং কৰোঁতে যাদুৰ সৃষ্টি হয়, কাৰণ সি মৰ্চাংটো আৰ্ছিৰ দৰে মিহি কৰি পেলায়।

মোহনলালৰ পৰিয়ালে প্ৰতি মাহে কমেও ১০টা মৰ্চাং সজাৰ অৰ্ডাৰ পায়, প্ৰতিটো ১২০০ৰ পৰা ১৫০০ টকাত বিক্ৰি হয়। শীত কালত পৰ্যটক আহিলে সেই সংখ্যা প্ৰায়ে দুগুণ হয়। ৰণমলে জনালে যে, “বহুতো পৰ্যটকে ই-মেইল যোগেও অৰ্ডাৰ কৰে।” ফ্ৰান্স, জাৰ্মানী, জাপান, যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, ইটালী আৰু ভালেমান আন আন দেশৰ পৰা অৰ্ডাৰ আহে। মোহনলাল আৰু তেওঁৰ পুত্ৰ কেইজনেও ৰাজস্থানৰ ভিন ভিন ঠাই ভ্ৰমণ কৰি বিভিন্ন সাংস্কৃতিক উৎসৱত ভাগলৈ বাজনাটো বজায় আৰু বিক্ৰি কৰে।

মোহনলালে ক’লে, ‘এজন মানুহে গোটেই দিনটো কাম কৰাৰ পিচত যদিহে এজন গ্ৰাহক পায় তেতিয়া ৩০০ৰ পৰা ৪০০টকা উপাৰ্জন কৰিব পাৰে।ই বহনক্ষম নহয়’

ভিডিঅ’টো চাওকঃ জয়ছালমীৰৰ মৰ্চাং বাদক

মোহনলালে যদিও তেওঁৰ দুই পুত্ৰই এই কলাটো আহৰণ কৰাত সন্তোষ পাইছে, হাতেৰে মৰ্চাং সাজিব পৰা কাৰিকৰৰ সংখ্যা জয়ছালমীৰত দ্ৰুত গতিত হ্ৰাস পাই আহিছে। “মানুহে এই [উৎকৃষ্ট] মানৰ মৰ্চাং এটা কিনিবলৈ আনকি ১০০০ টকাও দিবলৈ নিবিচাৰে,” তেওঁ ক’লে। মৰ্চাং সাজিবলৈ বহু ধৈৰ্য্য আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়, যিটো বহুতেই কৰিব নোখোজে। “এজন মানুহে গোটেই দিনটো কাম কৰাৰ পিচত যদিহে এজন গ্ৰাহক পায় তেতিয়া ৩০০ৰ পৰা ৪০০টকা উপাৰ্জন কৰিব পাৰে। এনেকৈ চলিব নোৱাৰি,” তেওঁ ক’লে।

বহুতো লোহাৰে আপত্তি কৰে যে ধোঁৱাই তেওঁলোকৰ দৃষ্টি শক্তি হ্ৰাস কৰে। “কমাৰশালত বহুতো ধোঁৱা উৎপন্ন হয়, যিবোৰ প্ৰায়ে চকু আৰু নাকত সোমায়, ফলত কাঁহ হয়,” ৰণমলে ক’লে। সাংঘাতিক গৰমৰ দিনতো আমি কমাৰশালৰ কাষত বহিব লাগে যাৰ বাবে উশাহ-নিশাহ ল’ব নোৱাৰৰ দৰে অনুভৱ হয়।” এইদৰে পুতেকে কোৱা শুনি মোহনলালে কথাটো কাষৰীয়া কৰি ক’লে, “তই যদি আঘাতৰ পিনেহে চকু দিয়, শিকিবি কেনেকৈ?”

মৰ্চাঙৰ উপৰি মোহনলালে নিজে নিজেই আলঘ’জা (ডাবল ফ্লুট বুলিও জনাজাত যুৰীয়া কাঠৰ সুষিৰ বাদ্যযন্ত্ৰ), ছেহনাই, মুৰলী, সাৰংগী, হাৰমনিয়াম আৰু বাঁহী তৈয়াৰ কৰিবলৈকো শিকিলে। “মই সাংগীতিক বাদ্যযন্ত্ৰ বজাই ভাল পাওঁ আৰু সেই কাৰণেই মই সেইবোৰ তৈয়াৰ কৰিবলৈকো শিকি থাকোঁ।” সেইবোৰৰ বেছিভাগেই তেওঁ ধাতুৰ এটা পেৰাত সুমুৱাই থৈছে। “য়েহ মেৰা খাজানা হেই [এয়া মোৰ ঐশ্বৰ্যসম্ভাৰ],” তেওঁ হাঁহি হাঁহি ক’লে।

এই লেখাটো মৃণালিনী দেৱী ফাউণ্ডেশ্বনৰ সাহায্যৰে সংকেট জৈনে গ্ৰাম্য শিল্পী বিষয়ত যুগুত কৰা ধাৰাবাহিকৰ এটি অংশ।

অনুবাদ: ৰুবী বৰুৱা দাস

Sanket Jain

Sanket Jain is a journalist based in Kolhapur, Maharashtra. He is a 2022 PARI Senior Fellow and a 2019 PARI Fellow.

Other stories by Sanket Jain
Editor : Siddhita Sonavane

Siddhita Sonavane is Content Editor at the People's Archive of Rural India. She completed her master's degree from SNDT Women's University, Mumbai, in 2022 and is a visiting faculty at their Department of English.

Other stories by Siddhita Sonavane
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das