“আমি আজি দাবী প্ৰত্যাহাৰ নকৰো,” টুকাৰাম ৱালাৱিয়ে কয়। “এইখন চৰকাৰে আমাক আক্ৰমণ কৰিছে। আমি বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থকা ১০ একৰ কৃষিভূমি যদি দিবলৈ কোৱা হয়, তেওঁলোকে আমাক মাত্ৰ ১০ গুণ্টা (এক একৰৰ চাৰিভাগৰ এভাগ) দিব। আমি যদি ৫ একৰৰ কথা কওঁ, তেওঁলোকে আমাক তিনি গুণ্টা দিব। মাটি নহ’লে আমি কেনেকৈ খাম? আমাৰ টকা নাই, কাম নাই আৰু আহাৰ নাই।”
পালঘৰ জিলাৰ ৱাড়া তালুকৰ গড়গাওঁ গাঁৱৰ এক চুবুৰীত তিনি একৰ কৃষিভূমিৰ খেতিয়ক তথা ৱাৰ্লি আদিবাসী সম্প্ৰদায়ৰ ৬১ বছৰীয়া ৱালাৱি পালঘৰৰ বিভিন্ন গাঁৱৰ পৰা অহা ৩,০০০ কৃষক আৰু কৃষি শ্ৰমিকৰ (আনুমানিক হিচাপ) চলিত সপ্তাহৰ প্ৰতিবাদত উপস্থিত আছিল, অধিকাংশ প্ৰতিবাদী কৃষক শ্ৰমিক ৱাৰ্লি সম্প্ৰদায়ৰ লোক।
২৬ নৱেম্বৰত একেলগে, ২৭ ছেপ্টেম্বৰত গৃহীত হোৱা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে ৱাড়াৰ খান্দেশ্বৰী নাকাত পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল। “আইনকেইখনৰ লক্ষ্য দেশৰ কৃষিৰ পৰিৱৰ্তন ঘটোৱা আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা।” চৰকাৰে এইদৰে দাবী কৰিছে। চৰকাৰে নতুন আইনৰ দ্বাৰা কৃষিক্ষেত্ৰক ব্যক্তিগত খণ্ডৰ গোলকীয় বজাৰৰ আগত উন্মোচিত কৰিব বিচাৰিছে। ছেপ্টেম্বৰত এই আইনকেইখন গৃহীত হোৱাৰে পৰা কৃষকে ব্যাপকভাৱে প্ৰতিবাদ জনাবলৈ আৰম্ভ কৰিছে; বিশেষকৈ হাৰিয়ানা, পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলৰ কৃষকে।
শেহতীয়াভাৱে হাৰিয়ানা আৰু দিল্লী সীমান্তত কৃষকসকল খণ্ডযুদ্ধত লিপ্ত হৈ পৰাৰ সময়ত তেওঁলোকৰ প্ৰতি ঐক্যবোধ প্ৰকাশ কৰি বিভিন্ন ৰাজ্যত প্ৰতিবাদ আৰম্ভ হয় আৰু বহুতো স্থানীয় সংগঠনেও ইয়াত সহযোগ কৰে যদিও সংবাদমাধ্যমৰ সঁহাৰি সামান্যভাৱে পাইছে। উদাহৰণ স্বৰূপে মহাৰাষ্টত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ২৫-২৬ নৱেম্বৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত কমেও ৬০,০০০ কৃষকে অংশগ্ৰহণ কৰিছিল, নাচিকৰ পৰা পালঘৰলৈ তথা ৰাইগড়লৈ প্ৰতিবাদ বিয়পি পৰিছিল। আনকি এই জিলাবিলাকৰ ভিতৰত বিভিন্ন তালুকৰ বহুতো কেন্দ্ৰলৈ প্ৰতিবাদ সম্প্ৰসাৰিত হৈছিল।
চলিত সপ্তাহত ৱালাৱিয়ে উদ্বেগ প্ৰকাশ কৰা মাটিৰ মালিকীস্বত্ত্বৰ দাবীত কৃষকৰ সমাৱেশত উত্থাপিত হৈছিল। নিখিল ভাৰত কিষাণ সভা (এআইকেএছ)ৰ দ্বাৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। এই দাবী এতিয়ালৈকে বহুতো বছৰ ধৰি মহাৰাষ্ট্ৰৰ আদিবাসী কৃষকসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত বাৰম্বাৰ উত্থাপন কৰি আহিছে। নিজৰ মাটিখিনি ১৫ বছৰ ধৰি আদালতলৈ অহা-যোৱা কৰিছে। “গাঁৱত (আমাৰ) বনাঞ্চলৰ মাটিত খেতি কৰা সকলে বন বিভাগৰ দ্বাৰা অন্যায়ৰ বলি হৈ আহিছে,” তেওঁ যুঁজিবলগীয়া হৈছে। “জামিনৰ বাবে দিবলৈ আমাৰ টকা নাই। আমাৰ দৰে দুখীয়া মানুহে সেই পৰিমাণৰ ধন ক’ৰ পৰা পাম?”

















