পুৰিসাই গাঁৱৰ চুকে-কোণে এতিয়া আখৰাত ব্যস্ত শিল্পী আৰু বাদ্যযন্ত্ৰৰ মাতে ৰজনজনাই আছে। ২৪ অক্টোবৰৰ নিশা এইখন গাওঁ গোটেই ৰাতি সাৰে থাকে। উল্লাসিত গাওঁবাসী আৰু দৰ্শকৰে গাঁৱৰ বাটৰ কেঁকুৰি আৰু চাৰিআলি ভৰি পৰে। সংগীতেৰে আকাশ-বতাহ ভৰি পৰে আৰু সাধাৰণ ঘৰবোৰ হৈ পৰে গ্ৰীণৰুম। কুপুসামি আৰু চন্দ্ৰাই চলোৱা চাহৰ দোকানখন গোটেই ৰাতি খোলা থাকে। দেশৰ বিভিন্ন স্থানৰ পৰা শিল্পী আহি গাওঁখনত গোট খায়। ঝাৰখণ্ডৰ লোকশিল্পী, স্থানীয় তিৰুকুট্টু শিল্পী, তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাৰাই শিল্পী, কেৰালাৰ পুডুচেৰীৰ শিল্পী আৰু চেন্নাইৰ আধুনিক নাট্যশিল্পীৰে গাওঁখন ভৰি পৰিছে। ২০২৪ৰ এয়া ৬ অক্টোবৰ আৰু প্ৰসিদ্ধ কলইমামণি কন্নপ্পা তম্বিৰান স্মৃতি ৰংগমঞ্চ মহোৎসৱ (জনপ্ৰিয় নাম পুৰিসাই উৎসৱ)ৰ আয়োজন চলিছে।
আগতে এই মহোৎসৱ তিনিদিনীয়া আছিল। কিন্তু ক’ৰনা মহামাৰীৰ পিছত এই উৎসৱৰ আয়োজন দুবছৰৰ মুৰে মুৰে কৰা হ’ল। এতিয়া এই উৎসৱ খুব বেছি ডেৰ দিন চলে। এই মহোৎসৱৰ আৰম্ভণি হৈছিল ১৯৮৯ত যেতিয়া ইয়াক কৌড়ই বীড়া (গ্ৰীষ্মোৎসৱ) বোলা হৈছিল। আধুনিক নাট্যকাৰ এন মুট্টুসামীয়ে পুৰিসাইৰ কন্নপ্পা তম্বিৰন আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ কাসীৰ সৈতে লগ লাগি এই উৎসৱ আৰম্ভ কৰিছিল৷ মুট্টুসামী এই লোকশিল্পৰ খাটি ৰূপ দেখি অনুপ্ৰাণিত হৈছিল আৰু তিৰুকুট্টুক আধুনিক কাহিনী কথনৰ কৌশলৰ সৈতে খাপ খুৱাবলৈ তম্বিৰনৰ সৈতে কাম কৰিছিল।
এইখন গাওঁ তিৰুকুট্টু শিল্পীৰ প্ৰাণকেন্দ্ৰ বুলি জনাজাত। “এই গাঁৱৰ সকলোৱেই শিল্পী। তেওঁ লাগিলে কৃষকেই হওঁক বা দিন মজদুৰেই হওঁক,” উৎসৱৰ এগৰাকী আয়োজক তথা তিৰুকুট্টু শিল্পী পুৰিসাই নিবাসী পালানি মুৰুগনে কয়। চহৰৰ আধুনিক ৰংগমঞ্চ আৰু আধুনিক নৃত্যত কেবাদশক কটোৱাৰ পিছত তেওঁ তিৰুকুট্টু শিল্পলৈ ঘুৰি আহিছে। “বছৰ বছৰ ধৰি সংলাপৰ ভিত্তিত নাটক কৰি অহাৰ পিছত বিনা অভ্যাসে তিৰুকুট্টু শিল্প পৰিৱেশন বৰ প্ৰত্যাহ্বানপূৰ্ণ আছিল, কিন্তু এনে লাগিছে যেন ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিলো।”
































