“মৃদু খং দৰ্শাবলৈ চকুকেইটা ইষৎ ডাঙৰকৈ মেলা থাকিব…তীব্ৰ খং দৰ্শাবলৈ চকু বৰ বহলকৈ খোলা থাকিব, ভ্ৰুকুটিও দাং খাই থাকিব। আনন্দৰ ক্ষণৰ মিচিকীয়া হাঁহিৰ বাবে গালত সৰু খোল পৰিব।”
এইবোৰ সুক্ষ্ম দিশসমূহত গুৰুত্ব আৰোপ কৰাৰ বাবেই দিলীপ পাটনায়ক ঝাৰখণ্ডৰ চৰাইকেড়া ছাউ নৃত্যৰ এজন সুনিপুণ মুখাশিল্পী। “মুখাখনে চৰিত্ৰটোৰ প্ৰতিফলন ঘটাব লাগিব,” তেওঁ কয়। “চৰাইকেড়া মুখাবোৰ আন ছাউ শৈলীতকৈ পৃথক, কিয়নো ই নৱৰস অৰ্থাৎ নবিধ আৱেগক মূৰ্ত ৰূপ দিয়ে, আন ছাউ শৈলীত এয়া নাই।”
প্ৰস্তুতিৰ বিভিন্ন পৰ্য্যায়ত থকা মুখাবোৰ তেওঁৰ কৰ্মশালাখনত সজাই থোৱা আছে। প্ৰত্যেকখন মুখাই অনন্য - কোনোবাখনৰ চকুকেইটা বহলকৈ মেলা আছে, পেঞ্চিলেৰে ভ্ৰুকুটি অঁকা আছে, মুখৰ উজ্জ্বল বৰণ। আটাইবোৰ মুখাই একো একোটা আৱেগৰ বহিৰ্প্ৰকাশ।
এইবিধ শিল্পত নৃত্য আৰু সামৰিক কলা মিশ্ৰিত হৈ থাকে। মুখা পিন্ধা নৃত্যশিল্পীসকলে ৰামায়ণ আৰু মহাভাৰতৰ লগতে স্থানীয় লোকশিল্পৰ কাহিনী ৰূপায়ণ কৰে। দিলীপে আটাইবোৰ মুখাই প্ৰস্তুত কৰে, কিন্তু তেওঁ প্ৰিয় মুখা হৈচে কৃষ্ণৰ মুখা, কিয়নো, “খং-ৰাগ দেখুৱাবলৈ আপুনি চকু ডাঙৰ কৰি, ভ্ৰুকুটি দঙাকৈ মুখা বনাই দেখুৱাব পাৰে, কিন্তু দুষ্টালিভৰা মুখা এখন বনোৱাটো ইমান সহজ কাম নহয়।”
দিলীপ নিজে এগৰাকী নৃত্যশিল্পী, সেইগুণে তেওঁক মুখা বনোৱাত সহায় কৰিছে। শিশু অৱস্থাত তেওঁ ছাউ নৃত্যশিল্পীৰ দল এটাৰ অংশ আছিল। ছাউ উৎসৱৰ সময়ত স্থানীয় শিৱ মন্দিৰত হোৱা নৃত্য-গীতৰ অনুষ্ঠান চাই তেওঁ শিকিছিল। কৃষ্ণৰ নৃত্য তেওঁৰ আটাইতকৈ প্ৰিয় আছিল। তেওঁ এতিয়া ঢোল বজায় আৰু চৰাইকেড়া ছাউ গোট এটাৰ তেওঁ সদস্য।










