গোটেই ৰাতি তেওঁ সাৰে থাকিল। তেতিয়া তেওঁ বয়স ১৫ বছৰ হৈছে মাত্ৰ, তামিলনাডুৰ আনুমণ্ডই গাঁৱৰ অনু মাৰিয়ম্মন কইল ষ্ট্ৰীটত তেওঁ যি দেখিছিল, সন্মোহিত নহৈ নোৱাৰিছিল। “সকলোৱেই আছিল বৰ জাকজমকীয় সাজ-পোছাকত, শিৰত জিলিকিছিল মুকুট, তিৰবিৰাই আছিল অলংকাৰ, উজ্বল ৰং, চকমকীয়া মেকআপ। তেওঁলোকে নাচিছিল-বাগিছিল, অভিনয় কৰিছিল। সকলোৱে তেওঁলোকলৈ বিস্ময়ৰ দৃষ্টিৰে চাই ৰৈছিল।”
“দৰ্শকৰ মাজত থকা থাথা আৰু পাথি (ককাদেউতা আৰু আইতা)সকলে হাতযোৰ কৰি থিয় হৈছিল, যেন সন্মুখত কোনোবা ভগৱান থিয় দি আছে। বৰ হাঁহি উঠিছিল দেখি,” এতিয়া ৭০ বছৰ বৰ্ষীয় বীৰৰাঘৱনে তেওঁৰ শৈশৱৰ দিনবোৰ মনত পেলাই কয়।
বাটৰ নাট তিৰুকুট্টু যিদিনা তেওঁ দেখিছিল, সিদিনাই এই প্ৰবীণ শিল্পীজনৰ মনত সেই দৃশ্য চিৰদিনৰ বাবে খোদিত হৈ ৰৈছিল। “মই খাব-শুব পৰা নাছিলো। মোৰ মনৰ মাজত এটা কথাই চলি আছিল - মই তেওঁলোকৰ মাজৰ এজন হ’ব বিচাৰিছিলো। তেওঁলোকে যি কৰি আছিল, মই সেয়া কৰিব বিচাৰিছিলো,” তেওঁ কয়। তেতিয়া তেওঁ ৬ম মানত পঢ়ি আছিল, কিন্তু তেওঁৰ ভৱিষ্যত নিৰ্ণীত হৈ গৈছিল। নৃত্য-গীত, কাহিনী কথন আদিৰ কোনো আনুষ্ঠানিক শিক্ষা অবিহনে তেওঁ স্কুল এৰি এটা তিৰুকুট্টু গোটত সোমাইছিল।
তেওঁৰ পিতৃ-মাতৃ আছিল ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী বানিয়াৰ সম্প্ৰদায়ৰ কৃষিশ্ৰমিক। তেওঁলোকে আপত্তি নকৰিলে। “আমাৰ উপাৰ্জন বেছি নাছিল, কিন্তু শিকাৰ প্ৰতি মোৰ আগ্ৰহ আছিল,” তেওঁ মনত পেলায়। “তেওঁলোকে মোক প্ৰথমে সৰু-সুৰা কাম দিছিল।” লাহে লাহে বীৰৰাঘৱনে মহাভাৰতৰ দুৰ্যোধনৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ সুযোগ পালে আৰু দিনে-ৰাতিয়ে তেওঁৰ বচন মাতি আখৰা কৰিবলৈ ল’লে। “মই নাৰ্ভাছ হোৱা নাছিলো, মই শিহৰিত হৈ আছিলো,” ইমান বছৰ পাৰ হৈ গ’ল, তেওঁৰ মুখৰ পৰা সেইখিনি সময়ৰ চমক এতিয়াও যোৱা নাই।
বীৰৰাঘৱনে কেৱল সেই শিল্পবিধেই বুজিবলৈ চেষ্টা কৰিছিল, এনে নহয়। তেওঁ কি মহাকাব্যৰ ভিত্তিত সেই নাট পৰিৱেশন কৰা হৈছিল, সেয়াও বুজিবলৈ যত্ন কৰিছিল। তেওঁ পৌৰাণিক তামিল মহাকাব্য যেনে নুল আগাৰাদি, পেৰিয়া পুৰাণম আৰু ভাৰতম আদি পঢ়ি নিজৰ জ্ঞান বঢ়াবলৈ যত্ন কৰিছিল।
নব্বৈৰ দশকলৈ তেওঁ এটা প্ৰদৰ্শনীৰ বাবে কেৱল ৫ৰ পৰা ১০ টকা পাইছিল। “গোটেই বছৰটোতে আমি কাম কৰিছিলো, ২৫০ দিন এইটো কামকে কৰিছিলো,” তেওঁ মিচিকীয়াই হাঁহি কয়। নাট পৰিৱেশনৰ খৰছ বহন কৰিছিল গাওঁ পঞ্চায়ত আৰু গঞা ৰাইজৰ দান-বৰঙণিৰে। “দৰ্শকেও আমাক মৰমতে নাট পৰিৱেশনৰ সময়ত পইচা যাঁচিছিল, ইশ্বৰৰ নামত আমাক অৱদান দিছিল,” তেওঁ লগতে কয়। মানুহে বেছি পইচা উপাৰ্জন কৰা নাছিল, কিন্তু তেওঁলোকৰ এই শিল্পবিধৰ প্ৰতি থকা ৰাপে তেওঁলোকক আগবাঢ়ি যোৱাত ইন্ধন যোগাইছিল।




























