বাঁহৰ জাজলা দিয়া সৰু চালিঘৰটোৰ এটা চুকত বাঁহৰ খাট এখনত কাপোৰ দ’মাই থোৱা আছে। সেয়া মোহিনীয়ে চিলাব বা অকণমান জোৰা-টাপলি মাৰিব। “চিলোৱা কামটোত মই ইমান ভাল নহয় যদিও যিখিনি পাৰো কৰি যাওঁ,” ২০২০ৰ নৱেম্বৰত সিংঘুৰ প্ৰতিবাদস্থলীলৈ দিল্লীৰ স্বৰূপ নগৰৰ পৰা অহা ৬১ বছৰ বয়সীয়া এয়া মোহিনী। “প্ৰতিবাদী কৃষকলৈ সেৱা আগবঢ়াবলৈ মই ইয়ালৈ আহিছিলো। তেওঁলোকে আমাক শস্য দিয়ে, তেওঁলোকৰ বাবে মই কৰিবপৰা এইখিনিয়েই, তাকেই কৰিছো,” তেওঁ কয়। মোহিনীয়ে তেতিয়াৰে পৰা এবাৰো ঘৰ উভতা নাই। ২০২১ৰ ৯ ডিচেম্বৰত কৃষক সংঘই তেওঁলোকৰ প্ৰতিবাদী কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰাৰ পিছতো যোৱা নাই।
মোহিনীৰ এই স্বেচ্ছাসেৱাৰ বাতৰিয়ে যেতিয়া পাঞ্জাৱী বাতৰি কাকত অজিত কাকতত ছপা হ’ল, তেতিয়া পাঞ্জাৱৰ এগৰাকী পাঠকে তেওঁক সহায় কৰিবলৈ অনুপ্ৰাণিত হৈ আগবাঢ়ি আহিল। এইবছৰ জুলাই মাহত ২২ বছৰ বয়সীয়া হৰজীত সিঙে মোহিনীক কাপোৰ চিলোৱা কামত সহায় কৰিবলৈ সেই চালিঘৰটোলৈ আহিল।
পাঞ্জাৱৰ লুধিয়ানা জিলাৰ খান্নাত হৰজীতৰ এখন কাপোৰ চিলোৱা দোকান আছে। তেওঁৰ দেউতাক এগৰাকী খেতিয়ক। ঘৰৰ চাৰি একৰ খেতিমাটিত তেওঁ চাউল, গমধান আৰু মাকৈৰ খেতি কৰে। “মই মোৰ দুই দৰ্জীৰ ভৰসাত দোকানখন এৰি মোহিনীজীক সহায় কৰিবলৈ এইবছৰ জুলাই মাহত সিংঘুলৈ আহো। ইয়াত ইমান কামৰ ভিৰ, তেওঁ অকলে চম্ভালিব নোৱাৰে।”
খাট আৰু টেবুলখনৰ উপৰি দুটা চিলাই মেচিন আৰু এখন পেডেষ্টেল ফেন সেই চালিঘৰটোত আছে, ইফাল-সিফাল কৰিবলৈ ঠাই তেনেই কম। মজিয়াত গাখীৰ গৰম কৰিবলৈ এটা লৈ ফুৰিব পৰা গেছৰ কেনিষ্টাৰ ষ্টোভ আছে। ঘৰটোত মোহিনী বা হৰজীতৰ সৈতে কথা পাতিবলৈ এবাৰত এজনহে সোমাব পাৰে। গ্ৰাহকসকল, মানে প্ৰতিবাদস্থলীৰ কৃষক আৰু অনান্যসকলে দুৱাৰডলিতে থিয় দি ৰয়।







