চাৰিকুৰি দুই বছৰ বয়সৰ বাপু সুতাৰৰ ১৯৬২ৰ সেই দিনটো ভালকৈ মনত আছে। তেওঁ আৰু এখন কাঠৰ ট্ৰেডল (লঠীয়া) লগোৱা হস্ততাঁত বিক্ৰী কৰিছিল। সাত ফুট ওখ নিজহাতে ৱৰ্কশ্বপত বনোৱা তাঁতশালখন বিক্ৰী কৰি তেওঁ ক’লহাপুৰৰ চাংগাও কাচাবা গাঁৱৰ শিপিনী এজনৰ পৰা ৪১৫ টকা পাইছিল।
সেয়া এক সুখকৰ স্মৃতি হ’লহেঁতেন, যদিহে সেইখনেই তেওঁ বিক্ৰী কৰা শেষৰখন তাঁতশাল নহ’লহেঁতেন। তাৰপাছত অৰ্ডাৰ নহা হ’ল। তেওঁৰ হস্তনিৰ্মিত কাঠৰ লঠীয়া মৰা তাঁতশাল কাকো নলগা হ’ল। “ত্যাভেলি চাগলা ম’দলা (গোটেই কাৰবাৰটোৰ অন্ত পৰিল),” তেওঁ মনত পেলায়।
আজি, ছটা দশকৰ পাছত মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ ৰেণ্ডালত কেইগৰাকীমান মানুহেহে জানে যে বাপু হৈছে হস্তচালিত তাঁতশাল বনোৱা শেষৰকেইজন মানুহৰ এজন। কিন্তু এটা সময়ত তেঁৱেই আছিল খুবেই চাহিদা থকা হস্তশিল্পী। “ৰেণ্ডাল আৰু তাৰ আশে-পাশে থকা হস্ততাঁত নিৰ্মাণ কৰা হস্তশিল্পীসকল ঢুকাল,” গাওঁখনৰ আটাইতকৈ পুৰণি শিপিনী ৮৫ বছৰ বয়সীয়া বসন্ত টাম্বড়েয়ে কয়।
কাঠৰ পৰা হস্ততাঁত বনোৱা পৰম্পৰা ৰেণ্ডালত নাইকিয়া হৈ গৈছে। “এতিয়া সেই শেষৰখন তাঁতশালো নাই,” বাপুয়ে কয়, তেওঁৰ সাধাৰণ ঘৰটোৰ ভিতৰেত থকা বিদ্যুৎচালিত তাঁতশালৰ শব্দত মাজত তেওঁ কথাবোৰ ডাঙৰ ডাঙৰকৈ ক’বলগীয়া হৈছে।
বাপুৰ এটা কোঠাৰ ৱৰ্কশ্বপটো তেওঁ ঘৰটোৰ ভিতৰতে আছে, সেই ৱৰ্কশ্বপটোৱে এটা যুগ পৰিৱৰ্তন দেখিছে। কোঠাটোত থকা মুগা ৰঙৰ সমাহাৰ - ডাঠ, ঘন মুগা, ৰঙচুৱা মুগা, চেডল, চিয়েনা, মেহগনি, ৰাফাচ আৰু আন বহুতো ৰঙে এতিয়া সময়ৰ লগে লগে উজ্বলতা হেৰুৱাই পেলাইছে।

























