হাৰিয়ানা-দিল্লী সীমান্তৰ সিংঘুত কৃষক আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিৰ সময়ত কন্দুৱা গেছৰ খোলাৰ আঘাতত চৰ্দাৰ সন্তোখ সিং গুৰুতৰভাৱে আহত হৈছিল।
কিন্তু ৭০ বছৰীয়া এই বৃদ্ধগৰাকীয়ে এনে আঘাত স্বতেও সিংঘুত নতুন কৃষি আইনৰ বিৰুদ্ধে অলৰ-অচল হৈ থিয় দি আছিল। “আমি শান্তিপূৰ্ণভাৱে সমবেত হৈছিলো, হঠাতে গুলীৰ শব্দ শুনিবলৈ পাইছিলো,” ২৭ নবেম্বৰৰ দিনটো স্মৰণ কৰি তেওঁ কৈছিল, যিদিনা গেছৰ খোলাই তেওঁৰ বাওঁ চকুৰ তলত প্ৰচণ্ড আঘাত হানিছিল।
এই ঘটনাৰ আগদিনা, পাঞ্জাৱৰ টাৰ্ন টাৰান জিলাৰ গাওঁ ঘড়কাৰ পৰা ১৭ জন লোক আহি পুৱা দিল্লী সীমান্ত পাইছিলহি। “যেতিয়া আমি পাইছিলোহি, সেই স্থানত প্ৰায় ৫০,০০০ৰ পৰা ৬০,০০০ লোক সমবেত হৈ আছিল। আমি আন প্ৰতিবাদকাৰীৰ সৈতে বহি এজনৰ ভাষণ শুনি আছিলো,” সন্তোখ সিঙে মনত পেলায়।
পুৱা ১১ মান বজাত পৰিৱেশ হঠাত বিশৃংখল হৈ পৰিছিল, হতাহতি আৰম্ভ হৈছিল। ইয়াৰ কিছুসময়ৰ পাছতেই পানী আৰু কন্দুৱা গেছ বৰষিবলৈ লৈছিল। “মোৰ সন্মুখত থকা ডেকাবোৰে মোৰ গাৰ ওপৰেৰে জপিয়াই নিৰাপদ ঠাইলৈ যাবলৈ ঠেলা-হেঁচা লগাইছিল। মই থিয় হৈ নিজকে চম্ভালি লৈছিলো,” সন্তোখ সিঙে কয়। “মই নিৰাপত্তা বাহিনীক উদ্দেশ্যি চিঞৰি উঠিছিলোঃ “তোমালোকে আমাক কিয় উত্তেজিত কৰিছা? আমি ইয়াত শান্তিপূৰ্ণভাৱে সমবেত হৈছোহি।” ঠিক তেনেতে মোৰ সন্মুখত এটি শিশুৱে এটা কন্দুৱা গেছৰ খোলা উৰি অহা দেখি বহি পৰে, আৰু এইটোৱে মোৰ মুখত আঘাত কৰে। তথাপি মই পিছ হোঁহকা নাছিলো।”
পাঞ্জাৱৰ চোলা ছাহিব তহচিলত থকা নিজ গাঁৱৰ কৃষিভূমিত গোটেই জীৱন ধৰি ধান আৰু ঘেঁহুৰ খেতি কৰি অহা চৰ্দাৰ সন্তোখ সিঙে কয়, “ৰাইজে মোক আগুৰি ধৰি জুম বন্ধাৰ আগলৈকে মই মোৰ আঘাতৰ বিষয়ে গমেই পোৱা নাছিলো। তেওঁলোকে মোক কৈছিল যে মোৰ প্ৰচুৰ ৰক্তপাত হৈছে আৰু সেইবাবে চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন। মই এনে কৰিবলৈ অস্বীকাৰ কৰিলো আৰু পলায়ন কৰা প্ৰতিবাদকাৰীক উভতি আহিবলৈ আহ্বান জনালো। মই ক’লো, নপলাবা। আগুৱাই আহা। আমি পলাবৰ বাবে ইমান দূৰৰ পৰা ইয়ালৈ অহা নাই। চৰকাৰী বাহিনীয়ে আমাক কিয় এনেদেৰে নিৰ্বিচাৰভাৱে আক্ৰমণ কৰিলে সেই বিষয়ে মই তেওঁলোকক সুধিব বিচাৰিছিলো। তেওঁলোকক কৈছিলো, সাহস আছে যদি সন্মুখলৈ আহা আৰু মোৰ সৈতে যুঁজ কৰা। তেওঁলোকৰ গুলীক আমি মুঠেই ভয় নকৰো।”
গেছৰ খোলাই তেওঁক আঘাত কৰাৰ পাছত, সিঙৰ বাওঁ চকুত আঠটা চিলাই পৰিছিল আৰু তেজৰ চেঁকুৰা বান্ধিছিল। “মোৰ গাঁৱৰ পৰা অহা ডেকাসকলে প্ৰতিবাদস্থলীৰ কাষতে থকা এখন চিকিৎসালয়লৈ মোক লৈ গৈছিল। সেই চিকিৎসালয়খনে আমাক সোমাবলৈ দিয়া নাছিল আৰু আমাৰ সন্মুখতে তেওঁলোকৰ দুৱাৰ বন্ধ কৰি দিছিল। সেই সময়ত এক ভীষণ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হৈছিল। সৌভাগ্যক্ৰমে, সেই স্থানত পাঞ্জাৱৰ পৰা অহা এখন এম্বুলেঞ্চ ৰৈ আছিল। তেওঁলোক আমাৰ ওচৰলৈ আগুৱাই আহে আৰু ক্ষতস্থান চিলাই কৰি দিয়াৰ লগতে ঔষধ দি আমাক সহায় কৰে। তেওঁলোকে কন্দুৱা গেছৰ খোলাত আঘাতপ্ৰাপ্ত আনসকলকো চিকিৎসা কৰে।”



