“প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰিলে বা নষ্ট কৰিলে তেওঁলোকক অপৰাধী বুলি কোৱা হয়। সেই কাম যদি চৰকাৰে কৰে কি বুলি কোৱা হ’ব? আমাক যি আখ্যা দিয়ে, চৰকাৰো জানো সেয়ে নহয়?” পাঞ্জাৱৰ মোগা জিলাৰ মেহনা গাঁৱৰ কৃষক ৭০ বছৰীয়া হৰিন্দৰ সিং লাখাই কয়।
পাঞ্জাৱৰ পৰা পদযাত্ৰা কৰি অহা প্ৰতিবাদী কৃষকক দিল্লী প্ৰৱেশত বাধা দিবলৈ কৰ্তৃপক্ষই ৰাজপথত ১০ ফুট গভীৰ খাৱৈ খন্দাৰ প্ৰসংগ লাখাই উল্লেখ কৰে। কেইবাদিন ধৰি ১০০,০০০ অধিক পাঞ্জাৱৰ কৃষকৰ লগতে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা অহা কৃষকে তেওঁলোকৰ দেশৰ ৰাজধানী চহৰখনত প্ৰৱেশ কৰাৰ অধিকাৰৰ বাবে আৰক্ষী আৰু আন বাহিনীৰ লগত খণ্ডযুদ্ধত লিপ্ত হ’বলৈ বাধ্য হৈছে।
তিনিদিন ধৰি চলি থকা মুখামুখী সংঘাতত দিল্লী আৰক্ষীৰ যুদ্ধংদেহী মনোভাৱৰ শাম কাটিছে যদিও হাৰিয়ানা চৰকাৰে প্ৰতিবাদী কৃষকসকলক ৰাজ্যিক সীমান্ত অতিক্ৰম কৰাত বাধা প্ৰদান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ প্ৰতিবাদত বাধা দিয়া সহজ বুলি ভবাৰ ভিত্তিতে ৰাজধানী দিল্লীৰ প্ৰতিবাদী কৃষকৰ প্ৰৱেশৰ অনুমতি ৰাজহুৱাভাৱে ঘোষণা কৰা হ’ল। অনুমতি ঘোষণা কৰা স্বত্ত্বেও ৰাজপথত খাৱৈ, কাঁইটীয়া তাঁৰৰ বেৰা, প্ৰতিবন্ধকতা সকলো চলি থাকিল। চৰকাৰী ধ্বংসলীলাৰ লগতে কন্দুৱা গেছ আৰু পানী হিলৈৰ ব্যৱহাৰ অব্যাহত থাকিল।
চলিত বৰ্ষৰ ছেপ্টেম্বৰত চৰকাৰে গ্ৰহণ কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ কৃষকসকল ঐক্যবদ্ধ হৈ ওলাই আহিছে। কৃষকসকলে কয় যে কৃষি পণ্য বজাৰ কমিটি (এপিএমচি)ৰ লগত সম্পৰ্ক থকা আইনখনে তেওঁলোকৰ বাবে কাম কৰি অহা মাণ্ডি ব্যৱস্থাটো ধ্বংস কৰিব। ন্যূনতম সমৰ্থন মূল্য (এমএচপি) প্ৰক্ৰিয়া ধ্বংস কৰিব আৰু বৃহৎ কৃষি পণ্য ব্যৱসায়ী তথা নিগম-নিকায়সমূহে কৃষি পণ্যৰ মূল্য নিয়ন্ত্ৰণ কৰিব। এইখন আইন আৰু আন দুখন আইনে ন্যূনতম সমৰ্থন মূল্য বাধ্যতামূলক কৰাত ব্যৰ্থ হ’ব আৰু স্বামীনাথন (কৃষকৰ ৰাষ্ট্ৰীয় আয়োগ) প্ৰতিবেদনৰ কথা এবাৰো উল্লেখ উল্লেখ নকৰিলে। কৃষকসকলে আঙুলিয়াই দিয়ে যে আইনকেইখনৰ দ্বিতীয়খন আইন অৰ্থাৎ শস্যৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চয়তা আৰু কৃষি সেৱা আইন,২০২০য়ে চুক্তিসমূহ নিয়ন্ত্ৰণ কৰিব, ব্যক্তিগত ব্যৱসায়ী আৰু বৃহত নিগমসমূহে অত্যাধিক সুবিধা লাভ কৰিব। আৰু সংশোধিত অত্যাৱশ্যকীয় পণ্য আইনেও নিগমসূহক সমৃদ্ধ কৰিব, কৃষকৰ দৰদাম কৰাৰ ক্ষমতা অৱদমিত কৰি খাদ্যবস্তু জমা কৰি ৰখা বা বেআইনী মজুতকৰণক উদগনি যোগাব।
তিনিওখন আইন প্ৰত্যাহাৰৰ দাবী প্ৰতিবাদকাৰীৰ দাবীসমূহত সামৰি লোৱা হৈছে।








