জলবায়ুগত পৰিস্থিতি য’ত কঠিন, তাত বিচিত্ৰতাও বেছি, ড. ৰেংগালক্ষ্মীয়ে কয়। “উপকূলবৰ্তী তামিলনাডুৰ কথাই ভাবকচোন, বিশেষকৈ কুৰালোৰ জিলাৰ ৰামনাথপুৰম জিলাৰ ভিতৰত, য’ত লুণীয়া মাটি আৰু মাটিৰ গঢ়ে ভালেমান অনন্য প্ৰজাতিৰ ধানৰ সৃষ্টি কৰিছে। সেই ধান চপোৱাৰ সময়ো বিভিন্ন। যেনে ধৰক নাগপট্টিনম আৰু বেদাৰণ্যম এলেকাৰ মাজত পৰা অঞ্চলটোত কুৰিভেদিচান সহ ২০ টা প্ৰজাতিৰ ধানখেতি হয়।”
“নাগাপট্টিনম আৰু পুমপুহাৰৰ মাজত এখন ঠাই আছে য’ত কালুৰুন্দইকে ধৰি বিভিন্ন প্ৰজাতিৰ ধানে স্থানীয় জলবায়ুৰ সৈতে ভালদৰেই মিলি থাকে আৰু অতীতত এই প্ৰজাতিবোৰৰ খেতি কৰা হৈছিল ক্ষুদ্ৰ কৃষি-জৈৱতন্ত্ৰ নিয়ন্ত্ৰণৰ হেতু। এই বীজবোৰ উত্তৰাধিকাৰ বুলি ধৰা হয়। পৰৱৰ্তী ঋতুৰ বাবে সংৰক্ষণ কৰি ৰখা হয়। কিন্তু এতিয়া বাহিৰৰ পৰা বীজ আমদানি হোৱাৰ ফলত সেই বীজবোৰ সংৰক্ষণৰ অভ্যাসটো কৃষকৰ নাইকিয়া হৈ গ’ল।” জলবায়ু পৰিৱৰ্তনৰ ওপৰত ভালেখিনি গুৰুত্ব দিয়া হয় যদিও তেনে এক সময়তে আমি “বীজগত বৈচিত্ৰৰ জ্ঞান আজি লুপ্ত,” ড. ৰেংগালক্ষ্মীয়ে বুজাই কয়।
লেনিনে কয়, সৰু সৰু খেতিপথাৰ, য’ত একাধিক খেতি হয়, সেয়াই জৈৱবৈচিত্ৰ বজাই ৰাখে। “এয়া যান্ত্ৰিক পদ্ধতি আৰু বৃহৎ বজাৰ ব্যৱস্থাই তেওঁলোকৰ ভিত্তি দুৰ্বল কৰি তুলিছে। এতিয়াও বৰ্ষানিৰ্ভৰ অঞ্চলত যে সকলো খেতি কৰা সম্ভৱ, সেয়া আজি জলবায়ু পৰিৱৰ্তনে বিপন্ন কৰি পেলাইছে। ৰাগি, তিল, মগুমাহ, বিভিন্ন বিন, যৱধান, জোৱাৰ… আদি অসাধাৰণ শস্যৰ খেতি কৰিব পাৰি। কিন্তু যেতিয়া খেতিয়কে ঔদ্যোগিক কৃষিজাত প্ৰক্ৰিয়াৰ পিছ লৈছে, আৰু যান্ত্ৰিক পদ্ধতিৰ কৃষিকৰ্মই কৃষিৰ সামাজিক পটভূমিৰ ঠাই দখল কৰিছে, তাতেই জ্ঞান খহনীয়াৰ গৰাহত পৰিছে,” লেনিনে কয়।
দক্ষতা হেৰাই যোৱাটোৱেই আটাইতকৈ ডাঙৰ ক্ষতি। ইয়াত ব্যৱহাৰিক জ্ঞান অদৰকাৰী বুলি কোৱা হোৱা নাই। বৰঞ্চ জ্ঞান আৰু দক্ষতা আজি পিছপৰা বুলি ধৰা হয়। “আৰু যাৰ জ্ঞান আছে, সি ভুলক্ৰমেও এই পথত নাহে। এই ধ্বংসাত্মক বিশ্বাসে অনেক খেতিয়কক লোকচক্ষুৰ পৰা আঁতৰাই নিছে,” লেনিনে কয়।
লেনিনে মনৰ অন্তঃকৰণেৰে বিশ্বাস কৰে যে সমাধান আছে। “আমি এই অঞ্চলৰ আচল থলুৱা প্ৰজাতিবোৰ চিনাক্ত কৰিব লাগিব আৰু সেয়া সংৰক্ষণ আৰু খেতি কৰি পুনৰাই আমাৰ কাঁহীখনলৈ আনিব লাগিব। কিন্তু বজাৰ নামৰ ৰাক্ষসটোৰ সৈতে যুঁজিবলৈ তিৰুবনমালাইত অতিকমেও এশজন উদ্যোগী লাগিব,” লেনিনে কয়।
“যোৱা পাঁচটা বছৰত মই এটা সমবায় খুলি ৰাজহুৱা ভিত্তিত খেতি কৰিম বুলি আশা কৰিছো। জানে, যোৱা বছৰত বৰষুণ হোৱা দিন বেছি আছিল আৰু চল্লিশ দিনো ৰ’দ ভালকৈ পৰা নাছিল। ধানবোৰ কেনেকৈ শুকুৱাব? আমাক এটা ড্ৰায়াৰ ফেচিলিটিৰ প্ৰয়োজন। ৰাইজে নখ জোকাৰিলে নৈ ববই।”
দিন যে সলনি হ’ব, তাক লৈ লেনিন নিশ্চিত। তেওঁৰ ব্যক্তিগত জীৱনটো ইতিমধ্যেই সলনি হোৱাৰ উপক্ৰম ঘটিছে। জুনত তেওঁৰ বিয়া। “সেয়া ৰাজনৈতিক পৰ্য্যায়তে হওঁক, নীতিগত স্তৰতেই হওঁক, পৰিৱৰ্তন ধীৰে ধীৰে আহে। শীঘ্ৰ পৰিৱৰ্তন হিতে বিপৰীত হ’ব পাৰে।”
সেইটো কাৰণতে মনে ধৰে যে লেনিন আৰু তেওঁৰ সংগীসকলৰ নীৰৱ আৰু ধীৰগতিৰ বিপ্লৱ এদিন সফল হ’ব…
এই গৱেষণামূলক অধ্যয়ন আজীম প্ৰেমজী ফাউণ্ডেছনৰ ৰিচাৰ্ছ ফাণ্ডিং প্ৰগ্ৰাম, ২০২০ৰ পৃষ্ঠপোষকতাত কৰা হৈছে।
প্ৰচ্ছদ আলোকচিত্ৰ: ধানৰ প্ৰজাতিসমূহ - কুল্লংকৰ, কাৰুদান চাম্বা আৰু কাৰুণচিৰাকা চাম্বা প্ৰজাতিৰ ধান।আলোকচিত্ৰশিল্পী: এম. পালানি কুমাৰ
অনুবাদ: পংকজ দাস