“মোৰ মায়ে গাই থকা সময়ত দুই-তিনিটা শব্দ মই মনত ৰাখিছিলো,” হৌছাবাই দীঘে কয়। সেয়া আছিল ১৯৯৫ৰ কথা, তেওঁ হেমা ৰাইৰ্কাৰ আৰু গী পঁইটৱ’ৰ সৈতে কথা পাতি আছিল। ১৯৮০ৰ দশকৰ শেষৰফালে জি.এছ.পি. প্ৰকল্পটো হাতত লোৱা সমাজবিজ্ঞানী আৰু সমাজকৰ্মীসকলে গোট এটা হৈ মুলচি তালুকৰ ভাম্বাৰ্দে গাঁৱত উপস্থিত হৈছিল আৰু জাঁতশালৰ গীত গোৱা মহিলাসকলৰ সৈতে কথা পাতিছিল।

হৌছাবাইয়ে তেতিয়া কয়, “পথাৰৰ কাম শেষ কৰি ঘৰলৈ আহি যেতিয়া দেখো যে আটা নাই, তেতিয়া মই জাঁতশালত বহো আৰু জাঁত ঘূৰাই ঘূৰাই গীত গুণগুণাও। গীত নাগালে আমাৰ দিনটো আধৰুৱা হৈ ৰয়। গীতবোৰ গাই থাকোতে থাকোতে মনৰ গহনত সিবোৰ থাকি গ’ল। সেই গীতৰ সুৰবোৰ মৃত্যু পৰ্য্যন্ত মনত বাজি থাকিব। নমৰালৈকে সেইবোৰ মনত থাকি যাব।” তেওঁৰ গীতে, কথাই গ্ৰামাঞ্চলত খেতি-বাতি কৰা লোক, কৃষিশ্ৰমিক, মাছুৱৈ, কুমাৰ, মালি আদি কাম কৰা হাজাৰ হাজাৰ মহিলাৰ মনৰ হাজাৰটা কথা ব্যক্ত কৰে। দিনটোত দীঘলীয়া সময়ৰ বাবে কাম কৰিবলগীয়া হোৱা এই মহিলাসকলে পূবে ধলফাট নৌ-দিওতেই শোৱাপাটী এৰে। ঘৰৰ কাম-বন অটাই পথাৰলৈ বুলি ওলাই যায়।

সদায় দিনটোৰ প্ৰথম কাম আছিল জাঁতশালত বহি শস্য পিহা। তেওঁলোকে জাঁতত ধৰাৰ মাজতে গান গুণগুণাইছিল। পাকঘৰ বা পিৰালিৰ চুক এটাই আছিল তেওঁলোকৰ জিৰণিৰ ঠাই। হাঁহি-কান্দোন, হা-হুমুনিয়াহ, জীৱন সংগ্ৰাম আৰু সৰু সৰু জয়ৰ আৱেগ ইজনে-সিজনৰ আগত ব্যক্ত কৰাৰ ঠাই আছিল সেই পিৰালি নাইবা পাকঘৰ।

এনেকৈয়ে পিৰালিত বহি তেওঁলোকে জগত সম্পৰ্কে নিজৰ মতামত, গাওঁ আৰু সম্প্ৰদায়ৰ মাজত জুখি চোৱা নিজৰ জীৱনটো, পাৰিবাৰিক সম্পৰ্ক, ধৰ্ম আৰু তীৰ্থভ্ৰমণ, জাত-পাতৰ কথা, পিতৃপ্ৰধান সমাজত থাকি হোৱা অভিজ্ঞতা, বাবাচাহেব আম্বেদকাৰৰ কৰ্ম আদি বিভিন্ন বিষয়ে কথা পাতিছিল। ভিডিঅ’টোত পুণেৰ মুলচি তালুকৰ খড়কৱাড়ি চুবুৰীৰ তাৰাবাই উভেয়ে গীত আৰু জীৱনৰ কথা কৈছে।

ভিডিঅ’টো চাওক: গ্ৰামীণ ভাৰতৰ পাকঘৰ আৰু পিৰালীৰ গীতবোৰ

পাৰিৰ এই তথ্যচিত্ৰত জাঁতশালৰ গীতবোৰ বাণীবদ্ধ কৰা আৰু গীতৰ ভঁৰাল এটা নিৰ্মাণ কৰা সংগীত-শাস্ত্ৰবিদ আৰু প্ৰযুক্তিবিদ বাৰ্নাড বেল, মাৰাঠীলৈ গীতবোৰ প্ৰতিলিপি কৰা গৱেষক জীতেন্দ্ৰ মইদৰ লগতে মাৰাঠীৰ পৰা ইংৰাজীলৈ গীতবোৰ অনুবাদ কৰা আশা অগলেৰো সাক্ষাৎকাৰ লোৱা হৈছে।

২০১৬ত এই জাঁতশালৰ গীতৰ প্ৰকল্প পাৰিলৈ আহে। ২০১৭ৰ ৬ মাৰ্চৰ পৰা আমি এই গীতবোৰ প্ৰকাশ কৰিবলৈ লওঁ। পঢ়ক: জাঁতশালৰ গীত: লোকসাহিত্যৰ এক চহকী ভঁৰাল

সাত বছৰ পিছত পাৰিয়ে এতিয়াও সেই গীত গোৱা মহিলাসকলৰ থকা গাঁৱে গাঁৱে গৈ তেওঁলোকক সাক্ষাৎ কৰি তেওঁলোকৰ কাহিনী আৰু গীত প্ৰকাশ কৰি আহিছে। আপুনি আমাৰ সংগ্ৰহ ইয়াত পঢ়িব পাৰে: জাঁতশালৰ গীত: এতিয়ালৈ প্ৰকাশিত প্ৰতিবেদনসমূহ

জাত্যাবৰ্চা অব্যাৰ ১১০,০০০ জাত্যাবৰ্চা অব্যা অৰ্থাৎ জাঁতশালৰ গীতৰ সংগ্ৰহত অৰিহণা যোগোৱা মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ ক্ৰমে ১,১০৭ আৰু ১১ খন গাঁৱৰ মুঠ ৩,৩০২ গৰাকী গীত গোৱা মহিলাৰ মাত্ৰ কেইগৰাকীমানকহে এই তথ্যচিত্ৰত দেখুৱাব পৰা গৈছে।

এই গীতবোৰ প্ৰতিলিপি কৰাৰ গধুৰ দায়িত্ব শিৰ পাতি লৈছিল জীতেন্দ্ৰ মইদ আৰু আন মুষ্টিমেয় কেইগৰাকীমানে। ক্ৰমে বিশাল ৰূপ ধাৰণ কৰা ডেটাবেচটোত গীতবোৰ মাৰাঠীলৈ প্ৰতিলিপি কৰাৰ দায়িত্ব লৈছিল ৰজনী খলদকৰে। হেমা ৰাইৰ্কাৰে ইয়াৰে কিছুমান গীত অনুবাদ কৰিছিল। আশা অগলেয়ে মইদৰ সৈতে লগ লাগি গীতবোৰ অনুবাদৰ কাম কৰি আছে, প্ৰায় ৩০,০০০ গীত অনুবাদ কৰিবলৈ আছে।

Left: Hausabai Dighe from Bhambarde village of Mulshi taluka .
PHOTO • Sanviti Iyer
Right: Hausabai singing ovis with Kantabai Dighe (centre) and Ashabai Pawar (left) when PARI visited them in December 2023
PHOTO • Sanviti Iyer

বাওঁফালে: মুলচি তালুকৰ ভাম্বাৰ্দে গাঁৱৰ হৌছাবাই দীঘে। সোঁফালে: পাৰিয়ে ২০২৩ৰ ডিচেম্বৰত সাক্ষাৎ কৰাৰ সময়ত হৌছাবাইয়ে কান্তাবাই দীঘে (সোঁমাজত) আৰু আশাবাই পাৱাৰ (বাওঁফালে)ৰ সৈতে একেলগে ওভি গাইছে

The women sang the songs when they sat at the stone mill to crush grain to flour and hence the name – jatyavarchya ovya or grindmill songs
PHOTO • Sanviti Iyer

মহিলাসকলে জাঁতশালত শস্য পিহি থকাৰ সময়ত এই গীতবোৰ গাইছিল কাৰণে গীতবোৰক জাত্যাবৰ্চা অব্যা বা জাঁতশালৰ গীত বুলি কোৱা হয়

এই ছুটিছবিখন গোটেই প্ৰকল্পটোৰ এক চমু আভাস। ছবিখনত ১৯৯০ৰ দশকত সংগীতশাস্ত্ৰ-বিশেষজ্ঞ বাৰ্নাৰ্ড বেল আৰু তেওঁক সংগ দিয়া গৱেষক গোট তথা সমাজকৰ্মীয়ে লোৱা ভিডিঅ’ ফুটেজো আছে।

বেলে ১৯৯৫ৰ পৰা ২০০৩লৈ প্ৰায় ৪,৫০০ গীত ৰেকৰ্ড কৰিছিল, কিন্তু এই বৃহৎ প্ৰকল্পটোৰ প্ৰাৰম্ভিক কাম-কাজ তাৰ বহু আগেয়েই আৰম্ভ হৈছিল। সেয়া আছিল ১৯৮০ৰ দশকৰ কথা। গী বাবা আৰু হেমাতাই - দুয়োজনে এই প্ৰকল্পটোৰ উদ্যোক্তাসকলক বৰ শ্ৰদ্ধা আৰু মৰমেৰে সম্বোধন কৰিছিল। তেওঁলোক পুণেৰ কেইখনমান গাঁৱলৈ গীতৰ সন্ধানত আহিছিল। তেওঁলোকে সেই মহিলাসকলৰ সৈতে কাম আৰম্ভ কৰিলে আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মৌলিক সুবিধা যেনে খোৱাপানী বাবে, কেতবোৰ এলান্ধুকলীয়া প্ৰথা যেনে যৌতুক আৰু ঘৰুৱা হিংসাৰ বিৰুদ্ধে যুঁজাত মহিলাসকলক সহায় কৰিছিল। তেতিয়াহে মহিলাসকলে নিজৰ কাহিনী আৰু মনৰ ভাৱ গীতবোৰৰ যোগেদি ব্যক্ত কৰিছিল। এই গীতবোৰেই আছিল গ্ৰাম্য ভাৰতৰ এই অঞ্চলত মহিলাসকলৰ হৰ্ষ-বিষাদৰ গাথা।

জি.এছ.পি.ৰ গীত আৰু কবিতাবোৰ দেশে-বিদেশে প্ৰচাৰিত হৈছে। ২০২১ত ই দক্ষিণ কোৰিয়াৰ ৱাংজু বিনালেৰ ১৩তম সংস্কৰণৰ অংশ আছিল এই গীতবোৰ। এই গীত বাৰ্লিনৰ গ্ৰপিয়াচ বাউ সংগ্ৰাহলয়ৰ প্ৰদৰ্শনী আৰু ২০২৩ত লণ্ডন বাৰ্বিকানৰ এক অংশ আছিল। ইণ্ডিয়ান এক্সপ্ৰেছ, স্ক্ৰ’ল.ইন, দা হিন্দু, বিজনেছলাইন আৰু আন বহু কাকতে-পত্ৰই এই প্ৰকল্পৰ কথা প্ৰকাশ পাইছে।

নাছিকত এগৰাকী ডক্টৰেট গৱেষকে বাবাচাহেব আম্বেদকাৰৰ কেন্দ্ৰ কৰি ৰচিত জাঁতশালৰ গীতৰ ওপৰত পি.এইছ.ডি.ৰ বাবে গৱেষণা কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় এখনৰ বৈজ্ঞানিক এজনে জি.এছ.পি. ডেটাবেচৰ পৰা জাঁতশালৰ গীত আৰু আন লোকসংগীত, য’ত প্ৰকৃতিৰ বৰ্ণনা যেনে কাঁইটীয়া গছ বৰি (বগৰী), বভুল (বাবুল), খইৰ (খয়াৰ) আদিৰ কথা আছে, তাৰ প্ৰসংগ উল্লেখ কৰিছে। এয়াও উল্লেখ্য যে গোটেই বছৰটো বহু শিক্ষাৰ্থী আৰু গৱেষকে পাৰিৰ সংগ্ৰহৰ সহায় লয়।

বহু মানুহক একেখন মঞ্চলৈ লৈ অহা, বহু গৱেষক, সাধাৰণ জনতা আৰু লোকসংগীত আৰু কবিতাৰ শলাগ লওঁতাসকলৰ বাবে চিন্তা আৰু গৱেষণাৰ বাট মুকলি কৰি দিয়া এই বৃহৎ প্ৰকল্পটো নিশ্চয়কৈ চাব।

এই তথ্যচিত্ৰখনত বাৰ্নাৰ্ড বেলৰ আনফেটাৰ্ড ভইচেচ ৰ আৰ্কাইভেল ভিডিঅ ৰ ফুটেজ আৰু পাৰিত ২০১৭ৰ পৰা এতিয়ালৈ প্ৰকাশিত জি . এছ . পি . ষ্ট ৰিৰ ভিডিঅ ক্লিপ আৰু আলোকচিত্ৰ ব্যৱহাৰ কৰা হৈছে

অনুবাদ: পংকজ দাস

Video Producer : Vishaka George

விஷாகா ஜார்ஜ் பாரியின் மூத்த செய்தியாளர். பெங்களூருவை சேர்ந்தவர். வாழ்வாதாரங்கள் மற்றும் சூழலியல் சார்ந்து அவர் எழுதி வருகிறார். பாரியின் சமூக தளத்துக்கும் தலைமை தாங்குகிறார். கிராமப்புற பிரச்சினைகளை பாடத்திட்டத்திலும் வகுப்பறையிலும் கொண்டு வரக் கல்விக்குழுவுடன் பணியாற்றுகிறார். சுற்றியிருக்கும் சிக்கல்களை மாணவர்கள் ஆவணப்படுத்த உதவுகிறார்.

Other stories by Vishaka George
Video Editor : Urja

உர்ஜா, பாரியின் மூத்த உதவி காணொளி தொகுப்பாளர். ஆவணப்பட இயக்குநரான அவர் கைவினையையும் வாழ்க்கைகளையும் சூழலையும் ஆவணப்படுத்துவதில் ஆர்வம் கொண்டிருக்கிறார். பாரியின் சமூக ஊடகக் குழுவிலும் இயங்குகிறார்.

Other stories by Urja
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das