ভৱানী মাহাতোক আমি লগ পাওতে তেওঁৰ বয়স আছিল ১০৪। নিজৰ কোঠাৰ পৰা ওলাই আহোতে তেওঁক সহায় কৰিবলৈ আগবঢ়া হাতকেইখন বৰ বিৰক্তিত তেওঁ আঁতৰাই দিছিল। লাখুটিডালত ভেঁজা দিয়াৰ বাদে তেওঁ আন কাৰোপৰা সহায় বিচৰা নাছিল আৰু কোনোবা আগবাঢ়ি আহিলেও সেয়া পোনচাটে নাকচ কৰিছিল। সেই বয়সতো তেওঁ নিজে উঠা-বহা কৰিব পাৰিছিল, খোজ কাঢ়িব পাৰিছিল। পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ চেপুৱা গাঁৱত তেওঁৰ বিশাল যৌথ পৰিয়ালটো এইজন খেতিয়ক আৰু গৃহিণীৰ ওপৰতে নিৰ্ভৰশীল আছিল। তেওঁ আছিল পৰিয়ালটোৰ জীৱন আৰু জীৱিকা তথা ভবিষ্যত নিৰ্ধাৰণ কৰা ঘাইশিপা।
মুক্তিযুঁজাৰু ভৱানী মাহাতোৱে ২০২৪ৰ ২৯-৩০ আগষ্টৰ নিশাৰ ভাগত শান্তিৰে টোপনিতে এই পৃথিৱীৰ পৰা মেলানি মাগে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৬ বছৰ। তেওঁৰ মৃত্যুৰ লগে লগে দা লাষ্ট হিৰ’জ: ফুট চ’লজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম (পেংগুইনৰ পৰা ২০২২ৰ নৱেম্বৰত প্ৰকাশিত) কিতাপখনত মই লিখা ১৬ জন মুক্তিযুঁজাৰুৰ মাত্ৰ চাৰিজনহে বাচি আছে। পাৰিৰ মুক্তিযুঁজাৰুৰ গেলাৰীত যিসকল অনন্য ব্যক্তিৰ সাক্ষাৎকাৰ প্ৰকাশ কৰা হৈছে, তাৰে ভিতৰত ভৱানী মাহাতো আছিল খুবেই ব্যতিক্ৰমী আৰু বিনয়ী ব্যক্তিত্বৰ অধিকাৰী। আমাৰ ভালেকেইঘণ্টাজোৰা কথোপকথনত স্বাধীনতা আন্দোলনত তেওঁৰ যে কিবা ভূমিকা আছিল, সেই কথা বাৰে বাৰে তেওঁ নস্যাৎ কৰিছিল। “মোৰ তাত বা তেনে কিহবাত কৰিবলগীয়া কি আছিল?” ২০২২ৰ মাৰ্চত প্ৰথমবাৰ লগ পাওতে তেওঁ আমাকহে ওলোটাই প্ৰশ্ন কৰিছিল। পঢ়ক: এটা বিপ্লৱক লালন-পালন কৰা ভৱানী মাহাতো








