“ভাৰত ত্যাগ আন্দোলনৰ সময়ত আপোনাৰ স্বামীৰ ১৩ মাহৰ কাৰাবাসৰ কালচোৱা আপোনাৰ বাবে নিশ্চয়কৈ খুব কঠিন সময় আছিল?” পুৰুলিয়াত মই ভৱানী মাহাতোক প্ৰশ্ন কৰিলো। “ইমান ডাঙৰ পৰিয়াল এটা চলোৱাটো আৰু …”

“তেওঁ আহি পোৱাৰ পিছতহে অৱস্থা বেয়া হ’ল,” তেওঁ শান্ত সুৰত কিন্তু দৃঢ়তাৰে কয়। “তেওঁ তেওঁৰ বন্ধুবৰ্গক লৈ আহিব, তেওঁলোকৰ কাৰণে ৰান্ধিব লাগিব, আৰু সেইখিনি তেওঁলোকে লৈ যাব। কেতিয়াবা ৫ জন, কেতিয়াবা ১০-২০ জন আৰু কেতিয়াবা আৰু বেছি মানুহ আনে। মই এটা মুহূৰ্তও জিৰাবলৈ নাপাওঁ।” .

“কিন্তু ভাৰত ত্যাগ আন্দোলনৰ সৈতে আপোনাৰ সম্পৰ্ক…”

“সেই আন্দোলনৰ লগত মোৰ সম্পৰ্কনো কি, তেনে কিনো কাম কৰিছো?” তেওঁ ওলোটাই প্ৰশ্ন কৰে। “মই সেই আন্দোলনত একো কৰা নাই, মোৰ স্বামী বৈদ্যনাথ মাহাতোৱেহে কৰিছিল। মই ডাঙৰ এটা পৰিয়াল চোৱাতহে ব্যস্ত আছিলো, কিমান যে ৰান্ধিবলগীয়া হৈছিল। প্ৰতিদিনে ৰন্ধা কাম বাঢ়িছিলহে!” ভৱানীয়ে কয়। “তাতে আকো মই খেতিৰ কামো চাইছিলো।”

আমি ভগ্ন মনোৰথ হ’লো। আমাৰ মুখত হতাশাৰ চিন ফুি উঠাটোও স্বাভাৱিক আছিল। জীৱিত মুক্তিযুঁজাৰুগৰাকীক বিচাৰি পশ্চিম বংগৰ এই আওহতীয়া ঠাইটুকুৰালৈ আমি বহুদূৰ বাট অতিক্ৰম কৰি আহিছিলো। এক নং মনবাজাৰ ব্লকৰ চেপুৱা গাঁৱত তেনে এজন মুক্তিযুঁজাৰু আমি বিচাৰি পোৱা বুলিয়েই ধৰিছিলো। কিন্তু তেওঁ দেখোন দেশলৈ স্বাধীনতা অনা ঐতিহাসিক সংগ্ৰামখনৰ লগত জৰিত নহয় বুলিয়েই কয়।

ভৱানী মাহাতোৰ বয়স ১০১ৰ পৰা ১০৪ বছৰ বয়সৰ মাজত হ’ব, কিন্তু তেওঁ কথা-বতৰাত এক সাংঘাতিক স্পষ্টতা আৰু সিদ্ধান্তবাদী সুৰ। গ্ৰামাঞ্চলৰ দৰিদ্ৰজনৰ বয়স হিচাপ কৰি উলিওৱাটো টান কাম হৈ পৰে। তাতে তেওঁৰ জন্ম এটা দশক পূৰ্বে, সেইখিনি সময়ত বয়সৰ হিচাপ ৰখাৰ নিয়মেই নাছিল। কিন্তু আমি তেওঁৰ ডাঙৰ পৰিয়ালটোৰ ডাঙৰজন পুত্ৰৰ ৭০ বছৰ বয়স হোৱালৈ চাই আৰু তেওঁৰ প্ৰয়াত স্বামীৰ ৰেকৰ্ডবোৰ চাই তেওঁৰ বয়স অনুমান কৰিলো। তাৰোপৰি সেই অনুমানৰ কাৰণে পুৰুলিয়াত কেইখনমান গাঁৱত থকা তেওঁতকৈ বয়সত সৰু সমকালীন লোকৰ কথাও বিবেচনালৈ আনিলো।

বিসংগতিপূৰ্ণ আধাৰ কাৰ্ডৰ ব্যৱস্থাটোৱে যেনে-তেনে জাপি দিয়া বয়সতকৈ এই ব্যৱস্থাটো বহুগুণে ভাল বুলি ভাবো। কাৰ্ডত ভৱানীৰ জন্ম চনটো ১৯২৫ বুলি লিখা আছে। তাৰমানে তেওঁৰ বয়স সেই হিচাপত ৯৭ হ’ব।

তেওঁৰ পৰিয়ালে কোৱামতে তেওঁৰ বয়স ১০৪ বছৰ।

Bhabani’s age is somewhere between 101 and 104. Here she is with her son Shyam Sundar Mahato who is in his 70s
PHOTO • P. Sainath

ভৱানী মাহাতোৰ বয়স ১০১ৰ পৰা ১০৪ বছৰমান হ’ব। ইয়াতে তেওঁক তেওঁৰ ৭০ বছৰীয়া পুত্ৰ শ্যাম সুন্দৰ মাহাতোৰ সৈতে দেখা গৈছে

“আমাৰ এটা ডাঙৰ যৌথ পৰিয়াল আছিল,” তেওঁ কয়। “সকলো দায়িত্ব মোৰ আছিল। মই ঘৰুৱা সকলোখিনি কাম-বন কৰিছিলো। সকলোখিনি। মই পৰিয়ালটো চলাইছিলো। সেই সকলোবোৰ ঘটনা ঘটাৰ সময়ত, মানে ১৯৪২-৪৩ত সকলোৰে যত্ন লৈছিলো।” ভৱানীয়ে নামধৰি ‘ঘটনাবোৰ’ কোৱা নাই। কিন্তু তেওঁ তাৰে মাজৰ ভাৰত ত্যাগ আন্দোলনৰ কথা কৈছে। তাৰোপৰি সেই সময়ৰ অতিকৈ পিছপৰা অঞ্চলৰ ১২ খন আৰক্ষী থানাত ১৯৪২ৰ ৩০ ছেপ্টেম্বৰত ত্ৰিৰংগা উত্তোলন কৰাৰ বিখ্যাত ঘটনাৰ কথাও তেওঁ কয়।

এয়া এনে এখন জিলা, য’ত আজিৰ তাৰিখতো এক তৃতীয়াংশ পৰিয়ালে এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত থাকে। পশ্চিমবংগত তাৰেপৰাই চৰম দাৰিদ্ৰ্যৰ প্ৰতিবেদন ওলোৱা দেখা যায়। ভৱানীৰ পৰিয়ালটোৰ অৱশ্যে কেই একৰমান মাটি আছিল, এতিয়াও আছে। সেইখিনিৰে তেওঁলোকক আন বহুততকৈ আৰ্থিক দিশত ভাল বুলিব পাৰি।

তেওঁৰ স্বামী বৈদ্যনাথ মাহাতো আছিল এজন স্থানীয় নেতা। তেওঁ বৃটিছ বিৰোধী কাৰ্য্যকলাপত জৰিত আছিল। তেনে এটা ভিতৰুৱা অঞ্চললৈ খবৰ-বাতৰি আহোতে বহু সময় লাগিছিল, এই কথা আমাক এতিয়াও জীয়াই থকা পুৰুলিয়াৰ স্বাধীনতা সংগ্ৰামী থেলু মাহাতো আৰু ‘লখি’ মাহাতোৱে আমাক পিৰা গাঁৱত কয়। “ভাৰত ত্যাগ আন্দোলনৰ আহ্বানৰ খবৰ আমি এমাহমান পিছতহে গম পাইছিলো,” থেলু মাহাতোৱে কয়।

সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে ১৯৪২ৰ ৩০ ছেপ্টেম্বৰৰ পৰা কাম আৰম্ভ কৰিলে। মহাত্মা গান্ধীয়ে মুম্বাইৰ গোৱালিয়া টেংক মৈদানত ১৯৪২ৰ ৮ আগষ্টত ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰাৰ সম্পূৰ্ণ ৫৩ দিন পাছত আন্দোলন দমনৰ সময়ছোৱাত বৈদ্যনাথক গ্ৰেপ্তাৰ কৰা হয়। স্বাধীনতাৰ পাছত তেওঁ এজন স্কুলশিক্ষক হোৱাৰ কথা আছিল। তেতিয়া ৰাজনৈতিক দিশত শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেই ভূমিকা স্বাধীন ভাৰতত বহুকেইদশকলৈ চলিছিল।

*****

Bhabani ran the family’s farm for decades right from preparing the soil for sowing, to supervising the labour and the harvesting. She even transported the produce back home herself
PHOTO • P. Sainath

খেতিৰ বাবে পথাৰখন সাজু কৰাৰ পৰা আৰম্ভ কৰি বীজ সিঁচা, শ্ৰমিকৰ তদাৰক কৰাৰ পৰা খেতি চপোৱালৈ খেতিৰ সকলো কাম তেওঁ কৰে। আনকি শস্য ঘৰলৈ অনা কামো তেওঁ কৰিছিল

পুলিচ থানা দখল কৰি তাত ত্ৰিৰংগা উৰোৱাৰ বিভিন্ন কামত তেওঁলোক জৰিত আছিল। বৃটিছৰ শোষণমূলক শাসনৰ ফলত জনসাধাৰণ অতিষ্ঠ হৈ পৰিছিল। তেওঁলোক আছিল বিভিন্ন ক্ষেত্ৰৰ পৰা অহা। তাতে কিছুমান আছিল বামপন্থী বিপ্লৱী আৰু গান্ধীবাদী। থেলু আৰু ‘লখি’ মাহাতোৰ দৰে আন বহুতো লোকে অনুসৰণ কৰিছিল বামপন্থা, কিন্তু মনেৰে আছিল গান্ধীবাদী।

ৰাজনীতি আৰু আৱেগিক দিশৰ পৰা তেওঁলোক আছিল বামপন্থা। নৈতিকতা আৰু জীৱনশৈলী পৰিচালিত হৈছিল গান্ধীবাদী আদৰ্শৰে। পৰিস্থিতি অনুযায়ী তেওঁলোকে ইটো নাইবা সিটো বাট অৱলম্বন কৰিছিল। অহিংসাত তেওঁলোক বিশ্বাসী আছিল, কিন্তু সময় সাপেক্ষে বৃটিছৰ বিৰুদ্ধে তেওঁলোকে অস্ত্ৰও হাতত তুলি লৈছিল। তেওঁলোকে কয়ঃ “চাওক, তেওঁলোকে আমাৰ ওপৰত গুলিবৰ্ষণ কৰিলে। চকুৰ সন্মুখতে নিজৰ বন্ধু, পৰিয়ালৰ লোক বা কমৰেডক পুলিচে গুলিয়াই মৰা দেখিলে নিশ্চয়কৈ মানুহে প্ৰত্যাক্ৰমণ কৰিব।” থেলু আৰু ‘লখি’ দুয়োগৰাকীয়ে কুৰ্মী সম্প্ৰদায়ৰ।

ভৱানীৰ পৰিয়ালৰ লোকসকলো কুৰ্মী। এয়া পশ্চিমবংগৰ জনগলামহল অঞ্চলৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায়।

১৯১৩ত বৃটিছ প্ৰশাসনে তেওঁলোকক অনুসূচিত জনজাতি হিচাপে তালিকাভূক্ত কৰে। অৱশ্যে ১৯৩১ৰ লোকপিয়লত সেই তালিকাৰ পৰা তেওঁলোকৰ নাম কটা হয়। ১৯৫০ত তেওঁলোকক অনান্য পিছপৰা শ্ৰেণীৰ লোক হিচাপে তালিকাভূক্ত কৰা হয়। এইখন ৰাজ্যত তেওঁলোকৰ জনজাতীয় স্বীকৃতি দাবী দীৰ্ঘদিনীয়া।

কুৰ্মীসকলো সেই অঞ্চলত স্বাধীনতা সংগ্ৰামৰ সময়ত সন্মুখশাৰীত আছিল। ১৯৪২ৰ ছেপ্টেম্বৰৰ শেষ দুটা দিনত ১২ খন পুলিচ থানালৈ উলিওৱা সমদলত তেওঁলোকৰ বহুতেই ভাগ লৈছিল।

Baidyanath Mahato was jailed 13 months for his role in the Quit India stir
PHOTO • Courtesy: the Mahato family

ভাৰত ত্যাগ আন্দোলনত ভৱানীৰ স্বামী বৈদ্যনাথ মাহাতোৱে ১৩ মাহ কাৰাবাস খাটিছিল

“বৈদ্যনাথে পৰৱৰ্তী ১৩ মাহ কাৰাবাস খাটিছিল,” ৭০ৰ দেওনা গৰকা তেওঁৰ পুত্ৰ শ্যাম সুন্দৰ মাহাতোৱে কয়। “তেওঁ ভগলপুৰ শিবিৰৰ জেললৈ পঠিওৱা হৈছিল।” তেওঁৰ কাৰাবাসৰ দিনকেইটা ভৱানীয়ে কষ্টত কটাবলগীয়া হৈছিল নেকি বুলি সোধোতে তেওঁ কৈছিল। কিন্তু তেওঁ কাৰাবাস খাটি ঘূৰি অহাৰ পিছৰ দিনকেইটাহে ভৱানীৰ বাবে বেছি কষ্টৰ আছিল বুলি আমি উত্তৰ পালো।

“তেওঁ ঘূৰি অহা মানে ঘৰলৈ অহা মানুহৰ সংখ্যা বঢ়া। বেছি মানুহক আপ্যায়ন কৰিবলগীয়া হোৱা। বেছি মানুহক চোৱাচিতা কৰিবলগীয়া হোৱা। তেওঁ আহিবৰ দিনা মই কান্দিছিলো তেওঁৰ এই কাৰবাৰবোৰৰ কাৰণে মোৰ আৰু পৰিয়ালটোৰ কিমানযে কষ্ট হৈছে সেয়া কৈছিলো। তেওঁ ঘূৰি অহাৰ লগে লগে মোৰো কাম বাঢ়িল।”

আমি আকৌ ভৱানীৰ কথালৈ আহিলো। তেওঁৰ চিন্তাধাৰাটো গান্ধীৰ প্ৰভাৱ পৰিছিল নেকি? সত্যাগ্ৰহ আৰু অহিংসাৰ বিষয়ে তেওঁৰ অনুভৱ কেনে আছিল?

শান্ত হৈ থাকিলেও ভৱানী মুখখন বাংময় আৰু কথা-বতৰাতো স্পষ্ট। আমালৈ চাই তেওঁ শান্তভাৱে এনেকৈ কথাবোৰ কৈছে যেন তেওঁ ভোতা বুদ্ধিৰ সন্তানহঁতক বুজাবলৈ চেষ্টা কৰিছে।

“গান্ধী… তোমালোকে কি বুজাইছা?” তেওঁ প্ৰশ্ন কৰে। “কি কব খুজিছা? মই বহি লৈ এই কথাবোৰ ভাবিবলৈ আহৰি পাইছিলো বুলি ভাবিছা নেকি? প্ৰতিদিনে মই সোধ-পোচ কৰিবলগীয়া মানুহৰ সংখ্যা বাঢ়ি গৈ আছিল,” তেওঁ হাত দুখন জোকাৰি কথাখিনিত জোৰ দিবলৈ চেষ্টা কৰিলে।

“বিয়াৰ সময়ত মোৰ বয়স আছিল ন বছৰ। এই ডাঙৰ কথাবোৰ ভাবিবলৈ মোৰ সময় ক’ত আছিল? তাৰপিছত মই অকলেই কেবাদশক এটা ডাঙৰ পৰিয়াল অকলে চম্ভালিছো। তাতে আকৌ মই খেতিও চম্ভালিছিলো। পথাৰখন সাজু কৰাৰ পৰা আৰম্ভ বীজ সিচা, মুনিচ (শ্ৰমিক) চোৱাচিতা কৰা, বন নিৰোৱা, খেতি চপোৱা…” তাৰপাছত আকৌ খেতিত লাগি থকা মানুহখিনিক খাদ্যও দিব লাগিছিল।

তাৰোপৰি তেওঁ চপোৱা শস্যখিনি হাবিখনৰ একেবাৰে দাঁতিত লাগি থকা তেওঁলোকৰ ঘৰলৈ নিয়াৰ ব্যৱস্থাও কৰিব লাগিছিল।

তাকো তেনেকুৱা এটা দিনত যেতিয়া কোনো যন্ত্ৰ-পাতি নাছিল। বৈদ্যুতিক আহিলা-পাতিৰ কথা কোনোৱে শুনাই নাছিল। তেওঁ সেই পুৰণি সঁজুলি-পাতিৰেই কাম চলাইছিল। তাকো সেইবোৰ আছিল ডাঙৰ ডাঙৰ, পুৰুষৰ হাতৰ বাবে বনোৱা। এয়া এছিল খৰাং প্ৰৱণ, বৈষম্য আৰু দুৰ্ভিক্ষই জুৰুলা কৰা এটা অঞ্চলত।

বৈদ্যনাথৰ লগত তেওঁৰ বিয়াৰ পিছত তেওঁ আকৌ এবাৰ বিয়া পাতিলে। এইবাৰ ভৱানীৰ নিজা ভনী উৰ্মীলাক, তেওঁ আছিল ভৱানীতকৈ প্ৰায় ২০ বছৰে ডাঙৰ। পৰিয়ালৰ এটা ডাঙৰ সংকটৰ সময়ত সেইখন বিয়া হৈছিল বুলি সম্পৰ্কীয়ই কয়। দুই ভনীয়েকৰ প্ৰত্যেকৰে তিনিটাকৈ সন্তান আছিল।

PHOTO • P. Sainath
PHOTO • P. Sainath

পুৰুলিয়া জিলাৰ ভৱানী গাঁৱৰ নিজ ঘৰত ভৱানী

লাহে লাহে পৰিৱেশ ঠিক হ’ল। ভৱানী মাহাতোৱে খেতি-বাতি কৰি শস্য চপাই সেয়া পৰিয়াল আৰু আলহীৰ কাৰণে ৰান্ধিছিল। তেওঁ ১৯২০ৰ পৰা ১৯৩০লৈ এয়া কৰিছিল। ১৯৪০তো একেই পৰিস্থিতি আছিল।

কিমান একৰ মাটিত তেওঁ খেতি কৰিছিল সেয়া স্পষ্টকৈ তেওঁৰ মনত নাই। পৰিয়ালটোৱে খেতি কৰিছিল, সেইখিনি তেওঁলোকৰ নামত নাছিল। জমিনদাৰ হিচাপে তেওঁলোকে কামবোৰ কৰিছিল। তেওঁলোকৰ ২০ জনীয়া যৌথ পৰিয়ালটোৱে জনড়াত থকা ভৱানীৰ ফালৰ আৰু চেপুৱাত থকা স্বামীৰ ফালৰ মাটিত খেতি কৰিছিল। দুয়োখন গাঁৱত থকা মাটি মিলি ৩০ একৰ আছিল।

শোৱাপাটী এৰাৰ পৰা প্ৰতিটো ঘণ্টা তেওঁৰ ওপৰত কামৰ বোজা বাঢ়ি গৈ আছিল। কামবোৰ বাঢ়ি গৈ আছিল।

তাৰমানে তেওঁ পুৱা ৪ বজাতে উঠিছিল? “তাতকৈ বহু আগতে,” তেওঁ ভেকাহি মাৰি কয়, “তাতকৈ বহু আগত।” তেওঁ চাগে নিশা ২ মান বজাতে উঠিছিল। “এবাৰ উঠাৰ পিছত মই ৰাতি ১০ নবজালৈ শুব পোৱা নাছিলো। সাধাৰণতে তাতকৈও বেছি পলম হৈছিল।”

গ্ৰহণী ৰোগত পৰি তেওঁৰ প্ৰথমটো সন্তান ঢুকাল। “আমি কবিৰাজ এগৰাকীৰ ওচৰ চাপিলো। কিন্তু কামত নাহিল। তাইৰ এবছৰ হৈছিলহে, ঢুকাই থাকিল।”

মই তেওঁক গান্ধী আৰু আন্দোলনৰ বিষয়ে সুধিলো। “মাতৃ হোৱাৰ পিছত মই যতৰ ফুৰাবলৈ সময় নোপোৱা হ’লো আৰু আন বহু কামৰ বাবে সময় নোপোৱা হ’লো।” তেওঁ আকৌ মোক মনত পেলাই দিলে, “বিয়াৰ সময়ত মোৰ বয়স ৯ বছৰ আছিল।”

সেইখিনি সময়ত তেওঁ নানা কষ্টৰ মাজেৰে পাৰ হৈছে, তাৰে মাজতে সেই সময়ৰ তিনিটা উল্লেখযোগ্য ঘটনাপ্ৰৱাহৰ কথা তেওঁ নিশ্চয়কৈ ক’ব পাৰিব চাগে।

“মই প্ৰতিবাৰেই ভাৰাক্ৰান্ত হৈ পৰিছিলো। মোৰ জীৱনটো কেনেকুৱা আছিল বুজি চাওকচোন। আপুনি কি ভাৱে, মই এনেয়ে বহি ভাবি থাকিবৰ সময় আছিল নে? এই ইমান ডাঙৰ ঘৰখন চলোৱাৰ কামৰ পৰা মই মুৰ দাঙিব পৰা নাছইলো। বৈদ্যনাথ আৰু আনবোৰ সংগ্ৰামত লিপ্ত আছিল। মই সকলোকে খুৱাইছিলো।”

কামৰ ইমান হেঁচাৰ মাজত তেওঁৰ কি অৱস্থা হৈছিল? “মই মোৰ মাৰ কাষত বহি কান্দিছিলো। বৈদ্যনাথে যিমানেই বেছি মানুহ আনিছিল, মই বিৰক্ত হোৱা নাছিলো। মোৰ মাত্ৰ কান্দি দিম যেন লাগিছিল।”

আমি যাতে ভালকৈ কথাখিনিৰ মৰ্ম উপলব্ধি কৰোঁ, তেওঁ পুনৰাই একেখিনি কথাকে ক’লে - “মই বিৰক্ত হোৱা নাছিলো, কিন্তু মোৰ মাত্ৰ কান্দি দিম যেন লাগিছিল।”

*****

১৯৪০ৰ দশকত বংগ দূৰ্ভিক্ষৰ সময়ত তেওঁৰ কাম ভালেখিনি বাঢ়িছিল। নিশ্চয়কৈ তেওঁ কি কষ্টৰ মাজেৰে পাৰ হৈছিল, সেই কথা কল্পনাতীত

ভিডিঅ’টো চাওকঃ ভৱানী মাহাতো - পুৰুলিয়াৰ অনাগ্ৰহী মুক্তিযুঁজাৰু

আমি কথা শেষ কৰি উঠিবলৈ লৈছিলোহে, তেনেতে তেওঁৰ নাতি পাৰ্থ সাৰথি মাহাতো, তেঁৱো বৈদ্যনাথৰ দৰে এগৰাকী শিক্ষক, মাত লগাই আমাক আৰু অকণমান সময় বহিবলৈ ক’লে। ‘পাৰ্থ দা’ৰো কেইটামান কথা ক’বলগীয়া আছিল।

তাৰপিছতহে কথাবোৰ আমি বুজিবলৈ পালো।

তেওঁ নিজৰ ইমান ডাঙৰ পৰিয়ালোৰ বাদে খাদ্য ৰান্ধিবলগীয়া হৈছিল? সেই পাঁচ-দহ-বিশজনীয়া সেইবোৰ কোন মানুহ আছিল যাৰবাবে বৈদ্যনাথে তেওঁ খাদ্য ৰান্ধি দিবলৈ দিছিল?

“তেওঁ ৰন্ধা সেই খাদ্যবোৰ বিপ্লৱীসকলৰ বাবে আছিল,” পাৰ্থদাই কয়। “সেইসকল লোক আছিল বৃটিছ বিৰোধী কামত লিপ্ত। প্ৰায়ভাগ সময়ত তেওঁলোক জংঘলতে থাকিছিল।”

আমি তাত কিছুসময় তভক মাৰি ৰ’লো। ৯ বছৰ বয়সৰ পৰা এটা ক্ষণো নিজৰ বাবে নোপোৱা এইগৰাকী মানুহৰ বলিদানৰ কথা ভাবি আমি অতিকৈ আৱেগিক হৈ পৰিলো।

১৯৩০ আৰু ৪০ৰ দশকত তেওঁ কৰাখিনি যদি স্বাধীনতা সংগ্ৰামৰ অংশ নাছিল, তেন্তে সেয়া কি আছিল?

আমি বুজি নোপোৱা বুলি ভাবি তেওঁ আৰু তেওঁৰ ল’ৰাই আমালৈ আচৰিত হৈ আমালৈ চাই ৰ’ল। পিছত আমি জানো বুলি ভাবি থ’লে।

কাৰ বাবে, কি উদ্দেশ্যত ভৱানীয়ে খাদ্য ৰান্ধিছিল তেওঁ জানিছিলনে?

আচলতে জানিছিল। মাত্ৰ তেওঁ সেইসকলক নামে-মানুহে নাজানিছিল। বৈদ্যনাথ আৰু তেওঁৰ বিপ্লৱী সতীৰ্থসকলে গাঁৱৰ মানুহে বনোৱা খাদ্যখিনি স্থানান্তৰ কৰাৰ নিজাকৈ ব্যৱস্থা কৰিছিল, যাতে কোনেও গম নাপায।

সেই সময়ৰ পুৰুলিয়াৰ পৰিৱেশটো অনুধাৱন কৰি পাৰ্থদাই আমাক বুজাই এনেদৰে কয়ঃ “হাবিত লুকাই থকা বিপ্লৱীৰ বাবে কোনো এক নিৰ্দিষ্ট দিনত গাঁৱৰ এঘৰ আৰ্থিকভাৱে টনকিয়াল পৰিয়ালক খাদ্য ৰন্ধাৰ দায়িত্ব দিয়া হৈছিল। খাদ্য বনাই হোৱাৰ পিছত মহিলাগৰাকীক সেইখিনি পাকঘৰতে এৰিবলৈ কোৱা হৈছিল।”

“ৰান্ধি থোৱা খাদ্যখিনি কোনে নিছিল, কালৈ তেওঁলোকে ৰান্ধিছিল, সেইবোৰ কথা তেওঁলোকে নাজানিছিল। আত্মগোপনকাৰীসকলে কেতিয়াও গাঁৱৰ মানুহৰ হতুৱাই খাদ্য নিয়া নাছিল। গাঁৱত বৃটিছৰ চোৰাংচোৱা আৰু খবৰ দিওঁতা আছিল। তাৰোপৰি গাঁৱৰ জমিনদাৰসকলো বৃটিছৰ সহযোগীয়েই আছিল। স্থানীয় লোকে খাদ্য নিয়া দেখিলে চোৰাংচোৱাই চিনাক্ত কৰিব পাৰিব। এনেকৈ আত্মগোপনকাৰী পুৰুষ-মহিলাৰ গোটেই দলটোৱেই বিপদত পৰিব। তেওঁলোকে ৰাতিৰ আন্ধাৰতহে খাদ্য নিছিল। খাদ্য সংগ্ৰহ কৰিবলৈ ৰাতিয়েই মানুহ আহিছিল। কোনে খাদ্য নিছিল, সেয়া কোনো মহিলাই দেখা নাছিল।”

“এনেকৈ দুয়োপক্ষই চিনাক্ত নোহোৱাকৈ থাকিছিল। কিন্তু কি হৈ আছিল, সেই কথা মহিলাসকলে জানিছিল। প্ৰায়ভাগ মহিলাই ৰাতিপুৱা পুখুৰী, নৈ-নিজৰাৰ পাৰত গোট খাইছিল। সেই অভিজ্ঞতা তেওঁলোকে ইটোৱে-সিটোৰ সৈতে ভাগ-বতৰা কৰিছিল। সেই কাম কিয় কৰিছে, সেই কথা তেওঁলোকে জানিছিল, কিন্তু কাৰবাবে কৰিছিল নিৰ্দিষ্টকৈ নাজানিছিল।”

*****

PHOTO • P. Sainath

বৰ্তমানৰ পৰিয়ালটোৰ ১৩ জনীয়া সদস্যৰ সৈতে ভৱানী, তলৰ সোঁফালে তেওঁৰ নাতিল’ৰা পাৰ্থ সাৰথি মাহাতো। ফটোখন লোৱাৰ সময়ত পৰিয়ালৰ ভালেকেইজন সদস্য উপস্থিত নাছিল

মহিলা মানে কম বয়সীয়া ছোৱালী, প্ৰায়বোৰেই কৈশোৰ অৱস্থাতেই আছিল। এনে কামৰ ভয়াৱহ পৰিণতিৰ কথা তেওঁলোকে জানিছিল। পুলিচ যদি ভৱানীৰ ঘৰত আহি ওলায়, কি হ’ব? তেওঁৰ আৰু তেওঁৰ ওপৰত নিৰ্ভৰ কৰি চলা পৰিয়ালটোৰ কি অৱস্থা হ’ব? অৱশ্যে আত্মগোপনকাৰীৰ কৌশলবোৰে কাম দিছিল।

তথাপিত স্বদেশী আন্দোলন, যতৰ আৰু বৃটিছ বিৰোধী আন উপায় অৱলম্বন কৰাসকল সদায় শাসকীয় পক্ষৰ নিৰীক্ষণত আছিল। বিপদ নথকা নাছিল।

তেন্তে হাবিত লুকাই থকাসকলৰ বাবে ভৱানীয়ে কি ৰান্ধিছিল? আমাৰ বৈঠকৰ পিছত কথাখিনি বুজাই দিবলৈ পাৰ্থদা আছিল। গোমধান, কদৌ, মাড়ৱা (ৰাগি) আৰু আন যিয়ে পাচলি পায় সেয়া বনাইছিল। তাৰমানে তেওঁলোকে ঘৰত যি খাইছিল, সেয়াই তাতো খাবলৈ পাইছিল, তাৰবাবে তেওঁলোকে ভৱানীহঁতক ধন্যবাদেই দিব লাগে।

কেতিয়াবা তেওঁলোকে সিজোৱা চাউল বা চিৰা (বাংলাত চিংড়ে) খাবলৈ পাইছিল। কেতিয়াবা মহিলাসকলে তেওঁলোকলৈ বুলি ফল-মূলো পঠিয়াইছিল। তাৰোপৰি তেওঁলোকে বনৰীয়া ফল আৰু বগৰীও খাইছিল। তেওঁলোকৰ মনত পৰা এবিধ খাদ্য হৈছে ক্যান্দ (বা তিৰিল)। আন জনজাতীয় ভাষাত তাৰ অৰ্থ হৈছে হাবিৰ ফল।

পাৰ্থদাই কয় যে তেওঁ আজোককাই হঠাতে আহি উপস্থিত হয় আৰু ভৱানীক কিবাকিবি তৈয়াৰ কৰিবলৈ কয়। হাবিৰ বন্ধুৰ বাবে হ’লে তেওঁ ভালেসংখ্যক মানুহৰ কাৰণে খাদ্য় বনাবলগীয়া হৈছিল।

কেৱল বৃটিছেই যে সমস্যাৰ কাৰণ আছিল তেনে নহয়। ১৯৪০ৰ দশকত বংগ দূৰ্ভিক্ষৰ সময়ত তেওঁৰ কাম ভালেখিনি বাঢ়িছিল। নিশ্চয়কৈ তেওঁ কি কষ্টৰ মাজেৰে পাৰ হৈছিল, সেই কথা কল্পনাতীত।

তেওঁৰ অভিযান স্বাধীনতাৰ পিছতো অব্যাহত থাকিল। ১৯৫০ৰ দশকত তেওঁলোকৰ পৰিয়ালটো থকা গোটেই চুবুৰীটো অগ্নিকাণ্ডত জাহ গৈছিল। মানুহৰ ভঁড়ালবোৰ জ্বলি গৈছিল। জনড়া গাঁৱত থকা তেওঁৰ পিতৃগৃহৰ পথাৰৰ পৰা চাউল আদি তেওঁ যোগাৰ কৰিছিল। সেইখিনিৰেই তেওঁলোকৰ গোটেই চুবুৰীটো খেতি নচপোৱালৈকে ভালেকেইসপ্তাহ চলিছিল।

১৯৬৪ত জমছেদপুৰত এক গুৰুতৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হ’ল। পুৰুলিয়াৰো কেইখনমান গাওঁ তাৰ পৰা ক্ষতিগ্ৰস্ত হ’ল। সেইখিনি সময়ত ভৱানীয়ে তেওঁলোকৰ গাঁৱৰ ভালেমান মুছলমান পৰিয়ালক তেওঁলোকৰ ঘৰতে ৰাখিছিল।

দুটা দশকৰ মুৰত ইতিমধ্যে বয়সে ভাতি দিয়া ভৱানীয়ে খাদ্যশস্য খাবলৈ অহা বনৰীয়া মেকুৰি এটাক মাৰিছিল। এটুকুৰা কাঠেৰেই তেওঁ মেকুৰীটো মাৰিছিল। পিছত গম পোৱা গ’ল যে হাবিৰ পৰা ওলাই অহা সেইটো এটা খাটাচ (স্মল ইণ্ডিয়ান চিভেট) আছিল।

*****

PHOTO • Courtesy: the Mahato family

১৯৮০ৰ দশকত ভৱানী মাহাতো (সোঁমাজত), স্বামীৰ বৈদ্যনাথ আৰু ভগ্নী উৰ্মিলাৰ সৈতে। পৰিয়ালটোৰ তাৰে আগৰ সময়ৰ ফচো নাই

আমি ভৱানী মাহাতোক এক নতুন সন্মানৰ দৃষ্টিৰে চালো। মুক্তিযুঁজাৰু গণপতি যাদৱৰ ওপৰত কৰা এক প্ৰতিবেদন মোৰ মনত আছে। তেওঁ আছিল চাতাৰাৰ আত্মগোপনকাৰী পত্ৰবাহক। হাবিত লকাই থকা বিপ্লৱীৰ চিঠি আৰু খাদ্য তেওঁ কঢ়িয়াইছিল। আমি লগ পোৱাৰ সময়ত, ৯৮ বছৰ বয়সতো তেওঁ ২০ কিলোমিটাৰ বাট চাইকেল চলাব পাৰিছিল। সেই মানুহগৰাকীক লৈ ষ্ট’ৰি এটা কৰিবলৈ পাই মোৰ ভাল লাগিছিল। কিন্তু তেওঁক আমাৰ সোধা নহ’লঃ তেওঁ ইমান বিপদ মুৰপাতি লৈ যে হাবিৰ মাজলৈ খাদ্য কঢ়িয়াই নিছিল, সেইখিনি খাদ্য যে তেওঁৰ পত্নীয়ে বনাই দিছিল, সেই লৈ তেওঁ কি ক’ব?

মই দেখা কৰা সময়ত তেওঁ সম্পৰ্কীয়ৰ সৈতে বাহিৰত আছিল।

গণপতি ঢুকাল, কিন্তু ভৱানীক লগ পাই মই এটা কথা বুজি পালো যে মই এতিয়া আকৌ বাৎসালা গণপতি যাদৱৰ ওচৰলৈ ঘুৰি যাব লাগিব আৰু তেওঁৰ ভাগৰ কাহিনী শুনিব লাগিব।

ওড়িশাৰ সেই মুক্তিযুঁজাৰুগৰাকী, যিয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ইণ্ডিয়া নেছনেল আৰ্মীত যোগ দিছিল আৰু বুৰ্মা (এতিয়াৰ ম্যানমাৰ) আৰু ছিংগাপুৰ দুয়োখন ঠাইৰে শিবিৰত আছিল, ভৱানীক দেখি মোৰ তেওঁৰ কথা মনত পৰিল।

“মই কেতিয়াও জেল খটা নাই, কিয়নো মই ৰাইফল চালনাৰ প্ৰশিক্ষণ লৈছিলো যদিও কালৈ গুলিবৰ্ষণ কৰা নাছিলো, সেই কাৰণতে মই কি মুক্তিযুঁজাৰু নহয় নেকি? বৃটিছে বোমা পেলোৱাৰ চেষ্টা কৰা হাবিৰ মাজৰ আই.এন.এ.ৰ শিবিৰবোৰত মই আছিলো। তাৰ অৰ্থ এয়া নেকি যে স্বাধীনতা সংগ্ৰামত মোৰ কোনো অৰিহণা নাই? ১৩ বছৰ বয়সত মই বাহিৰলৈ গৈ যুদ্ধত ভাগ লোৱাসকলৰ বাবে শিবিৰত খাদ্য ৰান্ধিছিলো। মই কি সেই সংগ্ৰামৰ অংশ নাছিলো?”

লক্ষ্মী পাণ্ডা, চালিহান, হৌছাবাঈ পাটিল আৰু বাৎসালা যাদৱৰ দৰে ভৱানীয়ে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান আৰু স্বীকৃতি পোৱা নাই। ভাৰতৰ স্বাধীনতা যুঁজত তেওঁলোকে যুঁজিছিল আৰু আনসকলৰ দৰে সন্মানজনক কাম কৰিছিল। কিন্তু তেওঁলোক আছিল মহিলা। সমাজবোৰ আছিল মহিলাৰ বিৰুদ্ধে পক্ষপাতমূলক আৰু গতানুগতিক কথাৰে ভৰা, তেওঁলোকৰ ভূমিকাক কাচিৎহে মানুহে সন্মান যাঁচিছিল।

অৱশ্যে এইবোৰ কথা লৈ ভৱানী মাহাতোৱে কেতিয়াও চিন্তা কৰি থকা নাই। বোধকৰো তেওঁ নিজে সেই নিয়মবোৰকে মানি লৈছে। হয়তো তেনে কৰিলে তেওঁৰ নিজৰ সুকীয়া অৰিহণাক মূল্যহীন কৰি পেলোৱা হ’ব বুলি তেওঁ ভাবিছে।

আমি আমি যাবলৈ ওলোৱা সময়ত তেওঁ কয়ঃ “চোৱা, মই কি লালন-পালন কৰিছো। ইমান ডাঙৰ এটা পৰিয়াল, এই আটাইবোৰ প্ৰজন্ম, আমাৰ খেতি সকলো। কিন্তু এই নতুনবোৰক চাওক…” তেওঁৰ ভালেকেইগৰাকী নাতিনীয়ে কৰ্মতৎপৰতাৰে কাম কৰি গৈছে। তেওঁলোকে যিমানখিনি পাৰে কৰিছেই। কিন্তু এই সকলোবোৰ কাম তেওঁ অকলে কৰিছিল।

তেওঁ আচলতে কাকো দোষ দিয়া নাই। কিন্তু তেওঁৰ দুখ লাগে যে এনেকৈ ‘সকলো’ চম্ভালিবপৰা মানুহ খুব কম।


এই ষ্ট’ৰিটোত গুৰুত্বপূৰ্ণ ইনপুটেৰে সহায় কৰাৰ লগতে ভৱানী মাহাতোৱে কৈ থাকোতে ক’তো যতি নলগাকৈ সমানে সমানে অনুবাদ কৰি বুজাই দিয়াৰ বাবে স্মিতা খাটৰলৈ ধন্যবাদ। আমি লোৱা সাক্ষাৎকাৰ আৰু আলোচনাৰ বাবে আগতীয়াকৈ গৈ সুবিধা কৰি দিয়াৰ লগতে অমূল্য ইনপুটৰ বাবে জছুৱা বোধিনেত্ৰলৈও ধন্যবাদ যাঁচিছো। স্মিতা আৰু জছুৱা অবিহনে এই ষ্ট’ৰিটো সম্ভৱ নহ’লহেঁতেন।

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das