শেষত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে সৰহকৈ ধনৰ আশা কৰে। সেই ধনেৰে তেওঁলোকে ধাৰ পৰিশোধ কৰিব, সন্তানক স্কুলত পঠিয়াব আৰু ভোকৰ চাউলকঠাৰ ভাগ মিলাব। আজীৱিকাই চলোৱা শ্ৰমিক হেল্পলাইন নম্বৰত প্ৰাপ্য মজুৰি নিদিয়াৰ আইনী সমিধান বিচাৰি মাহে প্ৰায় ৫,০০০ লৈকে শ্ৰমিকৰ কল আহে।
“দিনহাজিৰা কৰা মানুহৰ লগত ঠিকাদাৰে কেতিয়াও লিখিত চুক্তি নকৰে, মুখে মুখেই হাজিৰাৰ দৰ ঠিক কৰে। শ্ৰমিকসকলক এজনৰ পৰা আনজন ঠিকাদাৰলৈ হস্তান্তৰ কৰা হয়,” বাঁচৱাৰাৰ পৰা বাহিৰলৈ যোৱা শ্ৰমিকৰ আদায় নিদিয়া দিনহাজিৰাৰ পৰিমাণে কোটি টকাৰ ঘাই চুইছে বুলি উল্লেখ কৰি কমলেশে কয়।
“তেওঁলোকৰ মূল ঠিকাদাৰ কোন, কাৰ কাৰণে তেওঁলোকে কাম কৰি আছে, সেয়া তেওঁলোকে কেতিয়াও গম নাপায়। সেয়ে প্ৰাপ্য মজুৰি নোপোৱা তথা মেৰপেচ লগা প্ৰক্ৰিয়া তেওঁলোকৰ বাবে খং-হতাশাভৰা কাৰবাৰ এটা হৈ পৰে,” তেওঁ কয়। নিজৰ কামৰ প্ৰকৃতিৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সৈতে হোৱা শোষণৰ পৰ্য্যবেক্ষণমূলক অৱলোকন কৰিবলৈ সুবিধা পোৱা কমলেশে কয়।
২০২৪ৰ ২০ জুনত ভিল আদিবাসী সম্প্ৰদায়ৰ ৪৫ বৰ্ষীয় ৰাজেশ দামোৰ আৰু আন দুজন শ্ৰমিকে বাঁচৱাৰাত থকা তেওঁৰ কাৰ্য্যালয়লৈ সহায় বিচাৰি আহে। সেই সময়ত ৰাজ্যখনত পাৰাস্তম্ভ মূধচত উঠিছিল। কিন্তু সেই শ্ৰমিককেইজন সিটো কাৰণত উচপিচাই থকা নাছিল। তেওঁলোকক কামত লগোৱা ঠিকাদাৰৰ পৰা ২,২৬,০০ হাজাৰ টকা পাবলগীয়া থকাত তেওঁলোকে কুশলগড় টেহচিলৰ আৰক্ষী থানাত উপস্থিত হৈছিল। অভিযোগ দাখিল কৰিবলৈ লওতে আৰক্ষীয়ে তেওঁলোকক অঞ্চলটোৰ প্ৰব্ৰজিত শ্ৰমিকৰ সমল কেন্দ্ৰ আজীৱিকাৰ শ্ৰমিক সহায়তা এবম সন্দৰ্ভ কেন্দ্ৰলৈ পঠিয়াই দিয়ে।
এপ্ৰিলত সুখৱাৰা পঞ্চায়তৰ ৰাজেশ আৰু ৫৫ গৰাকী শ্ৰমিকে ৬০০ কিলোমিটাৰ দূৰৰ গুজৰাটৰ মৰ্বিলৈ যায়। টাইল ফেক্টৰী এটাৰ নিৰ্মাণ ছাইটত তেওঁলোকক দিনহাজিৰা আৰু মিস্ত্ৰীৰ কামৰ বাবে নিয়া হৈছিল। দক্ষতা থকা শ্ৰমিকক দিনে ৭০০ টকা আৰু আন শ্ৰমিকসকলক গাইপতি দিনে ৪০০ টকা মজুৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।
এমাহ কাম কৰা পিছত “ঠিকাদাৰক আমি আমাৰ পাবলগীয়াখিনি বিচাৰিলো, কিন্তু তেওঁ ইটোৰ পিছত সিটো তাৰিখ দি থাকিল,” ৰাজেশে ফোনত পাৰিক কয়। ভিলি, ৱাংড়ি, মেৱাৰি, হিন্দী আৰু গুজৰাটী – পাঁচটা ভাষা ক’ব পৰাই ৰাজেশৰ সুবিধা হ’ল, মীমাংসাৰ সময়ত তেওঁ আগত থাকি কথা ক’লে। তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়াৰ দায়িত্বত থকা ঠিকাদাৰজন মধ্যপ্ৰদেশৰ ঝাবুৱাৰ আছিল, তেওঁ হিন্দীত কথা পাতিছিল। শ্ৰমিকে শেষত যিজন ঠিকাদাৰৰ লগত মজুৰি বিষয়ত কথা পাতি লাগে, বা তেনে সংক্ৰান্তত সমস্যা নিষ্পত্তি কৰিব লাগে, সেই ক্ষেত্ৰত ভাষা প্ৰায়ে অন্তৰায় হৈ পৰে। তাৰ লগত আকৌ ইটোৰ পিছত সিটো উপ-ঠিকাদাৰৰ শাৰী আছেই। মজুৰি দাবী কৰা শ্ৰমিকৰ ওপৰত ঠিকাদাৰে কোনো কোনো সময়ত হাতো তোলে।
৫৬ গৰাকী শ্ৰমিকে তেওঁলোকৰ বুজন পৰিমাণৰ প্ৰাপ্য মজুৰি বিচাৰি সপ্তাহৰ পিছত সপ্তাহ অপেক্ষা কৰিলে। তেওঁলোকৰ ঘৰৰ পৰা অনা খাদ্য শেষ হৈছিল আৰু বজাৰৰ পৰা কিনি আনি খাওতে উপাৰ্জনৰ পইচা খৰছ হ’বলৈ ধৰিছিল।