“এইখনেই স্কুল,” মহাৰাষ্টৰ গুন্দেগাওঁ গাঁৱৰ এটা মুৰে মুকলি পথাৰৰ মাজত দুটা কোঠাৰ এটা ঘৰলৈ আঙুলিয়াই অতুল ভোসলে কয়। আপুনি গাওঁখনৰ মাজেৰে বোকাময় ৰাস্তাটোৰে যাওতে এইখন স্কুল চকুত পৰিবই, তাৰপৰা এক কিলোমিটাৰ দূৰত আছে পাৰ্ধি লোকৰ সৰু চুবুৰীটো।
শেতা পৰা হালধীয়া ৰং কৰা কংক্ৰীটৰ বেৰ, নীলা ৰঙৰ খিৰিকী, ৰংচঙীয়া কাৰ্টুন আৰু বেৰত আঁকি থোৱা ভাৰতীয় মুক্তিযুঁজাৰুৰ ছবিয়ে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰাটো তেনেই স্বাভাৱিক। ২০ টা পাৰ্ধি পৰিয়াল থকা অস্থায়ী ঘৰ, ঘৰ মানে আচলতে অস্থায়ী জুপুৰী আৰু কেঁচা বেৰ, ওপৰত তিৰ্পাল তৰা আশ্ৰয়স্থল - তাৰ তুলনাত এই স্কুলখন জাকত জিলিকি থকা বুলিয়েই ক’ব লাগিব।
“অতা আমচ্যাকড়ে বিকাশ মাঞ্জে নি চালাচ আহে। বিকাচাচি নিচানি (উন্নয়নৰ নামত এই স্কুলখনেই আমাৰ আছে),” আহমেদনগৰৰ নগৰ তালুকৰ পৌতকাবস্তি বুলি জনাজাত নিজৰ চুবুৰীটোৰ বাসিন্দা ৪৬ বৰ্ষীয় অতুল ভোসলে কয়।
“দুছৰা কাই নাই। বস্তিত য়াইলা ৰাস্তা নাই, পানী নাই, লাইট নাই কে, পক্কী ঘৰ নাইত (বাকী একোৱেই নাই। ৰাস্তা নাই। পানী নাই। লাইট নাই। পকী ঘৰ নাই।) স্কুলখন ওচৰতে, সেয়ে আমাৰ ল’ৰা-ছোৱালীহঁতে এতিয়া অন্ততঃ পঢ়িব পাৰে, লিখিব পাৰে,” তেওঁ কয়। অতুলে এই সৰু পঢ়াশালিখনক লৈ গৌৰৱবোধ কৰে। ইয়াতেই তেওঁৰ ল’ৰা-ছোৱালীহাল - চাহিল আৰু শৱনমৰ লগতে আন ষোল্লগৰাকী শিক্ষাৰ্থীয়ে পঢ়ে - সাতগৰাকী ছাত্ৰী আৰু নগৰাকী ছাত্ৰ।
এই স্কুলখনকেই চৰকাৰে বন্ধ কৰি আন কোনো স্কুলৰ সৈতে একত্ৰিত কৰিব বিচাৰিছে। এই কথাত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এই চুবুৰীটোৰ লোকসকল হতভম্ব হৈছে। যাযাবৰ শ্ৰেণীৰ বিমুক্ত জনজাতি পাৰ্ধিসকল মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ।
ডেৰটা শতিকা এই জনজাতিটোৱে অতিশয় বৈষম্য আৰু বঞ্চনাৰ চিকাৰ হৈ আহিছে। ১৮৭১ত ব্ৰিটিছে প্ৰায় ২০০টা জনজাতি, যাৰ অধিকাংশই ব্ৰিটিছ আধিপত্য মানি ল’ব বিচৰা নাছিল, তেওঁলোকক দমন কৰাৰ উদ্দেশ্যে অপৰাধী জনজাতি আইন (ক্ৰিমিনেল ট্ৰাইবচ্ এক্ট চমুকৈ চিটিএ) বুলি এখন আইন বলবৎ কৰে। পাৰ্ধিসকলৰো তাত নাম আছিল। এই আইনখনৰ মূল উদ্দেশ্য আছিল জন্মগতভাবে এইসকল লোকক অপৰাধী বুলি চিহ্নিত কৰা। স্বাধীন ভাৰতত ১৯৫২ত চিটিএ বৰ্খাস্ত কৰা হয় আৰু ভুক্তভোগী জনজাতিসকলক ডিন’টিফাই কৰা হয়। কিন্তু সেই কালিমা কেতিয়াও আঁতৰি নগ’ল। পাৰ্ধিসকলে স্থায়ী নিয়োগ পোৱাটো প্ৰায় অসম্ভৱ কথা। তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে আন স্কুললৈ যায় যদিও তেওঁলোকক প্ৰায়ে হাৰাশাস্তি আৰু মাৰ-পিট কৰা হয়।
















