২০২৩ৰ ৭ ডিচেম্বৰত পেলেষ্টাইনৰ আমাৰ সহকৰ্মী অনুবাদক, কবি, লিখক, একাডেমিক, স্তম্ভলিখক আৰু সমাজকৰ্মী ৰিফাট আলআৰীৰ গাজাত চলি থকা ধাৰাবাহিক গণহত্যাৰ সময়ত এক লক্ষ্য-নিৰ্ধাৰিত বোমাবৰ্ষণত মৃত্যু ঘটে। তেওঁৰ কণ্ঠ যিদিনা নীৰৱ কৰি পেলোৱা হ’ল, সিদিনাই তেওঁ লিখা কবিতাই গোটেই বিশ্বত দহ-বাৰটাৰো অধিক ভাষাত ভাষান্তৰেৰে প্ৰতিধ্বনিত হৈ ৰৈছে।
এনে এখন পৃথিৱীত, এনে এক কালসন্ধ্যাত আমি পাৰিৰ ভাষাৰ জগতখনত আমাৰ কাম আৰু ভূমিকা সম্পৰ্কে এবাৰ পৰ্য্যালোচনাৰ কৰিবলৈ ওলাইছো। আৰু আমি ৰিফাটৰ কথাৰে প্ৰাৰম্ভৰ আগ্ৰহ কৰিছো:
আমাৰ সংগ্ৰামক কণ্ঠ দিয়াৰ আৰু যুঁজি যোৱাৰ একমাত্ৰ সম্বল হৈছে এই ভাষাটো। আমি নিজকে শিক্ষিত কৰা আৰু আনক শিক্ষিত কৰাৰ উদ্দেশ্যে শব্দবোৰেই হৈছে আটাইতকৈ মহামূল্যবান ভাণ্ডাৰ। আৰু এই শব্দবোৰ যিমান পাৰি সিমান ভাষাত প্ৰচাৰিত হ’ব লাগে। এনে এটা ভাষাত মই বিশ্বাসী যিয়ে যিমান সম্ভৱ সিমান মানুহৰ হৃদয় আৰু মনত ৰেখাপাত কৰিব পাৰে…সমাজৰ বাবে অনুবাদ হৈছে সৰ্বশ্ৰেষ্ঠ আশীৰ্বাদ। অনুবাদে সকলো অন্তৰায় দূৰ কৰি মানুহৰ মাজত সাকো নিৰ্মাণ কৰে আৰু ইখন সমাজে সিখনক বুজাত সহায় কৰে। কিন্তু “বেয়া” অনুবাদে ভুল বুজাবুজিৰো সৃষ্টি কৰিব পাৰে।
মানুহক একত্ৰিত কৰা, নতুন বোধ সৃষ্টিত অনুবাদৰ সক্ষমতাৰ ওপৰত থকা বিশ্বাসেৰেই পাৰিভাষাৰ কামবোৰ কেন্দ্ৰীত।
আৰু ২০২৩ বৰ্ষটো আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আছিল।
আমি নতুন দুটা ভাষা যোগ দিছো - চত্তীশগড়ী আৰু ভোজপুৰি। এতিয়া পাৰিয়ে ১৪ টা ভাৰতীয় ভাষাত প্ৰতিবেদন প্ৰকাশ কৰে।
এই বছৰটো আমাৰ বাবে আৰু এটা কাৰণত বিশেষ, কিয়নো আমি আমাৰ এই টিমটোক এটা নাম দিব পাৰিছো - পাৰিভাষা। ইংৰাজীৰ পৰা অনুবাদৰ উপৰিও যে আমি পাৰিক প্ৰকৃতাৰ্থত গ্ৰাম্য সাংবাদিকতাৰ এটা বহুভাষিক ৱেবছাইট হিচাপে প্ৰতিনিধিত্ব কৰোঁ, সেয়া এই নতুন নাম আৰু ভূমিকা নিৰ্ধাৰণে স্পষ্ট কৰি তুলিছে।
আমাৰ দেশৰ সৰ্বসাধাৰণৰ দৈনন্দিন জীৱনৰ মাত-কথা আৰু ভাষা অন্বেষণৰ আমাৰ এই যাত্ৰা অব্যাহত ৰাখিছো। অনুবাদ আৰু ভাষাৰ কাম কৰাৰ সময়ত ষ্ট’ৰি আৰু কথোপকথনৰ যোগেদি আমি পাৰিত নতুন এক ব্যাপ্তি লাভ কৰিছো।




