কোমলে ৰেল ধৰিব লাগিব। গন্তব্যস্থল অসমৰ ৰঙিয়া জংছন।
সেই গন্তব্যস্থললৈ তাই কেতিয়াও ঘূৰি যোৱাৰ কথা নাছিল, আনকি মানসিকভাবে বাধাগ্ৰস্ত মাককো দেখা কৰাৰ তাইৰ ইচ্ছা নাছিল।
ঘৰ, যিখন তাইৰ ঘৰ বুলি কোৱা হৈছে, য’ত তাই যৌন আতিশয্যৰ সন্মুখীন হৈ আহিছিল, সেইখন ঘৰত থকাতকৈ তাই দিল্লীৰ জিবি ৰোডৰ পতিতালয়তেই জীৱনটো আপেক্ষিকভাবে ভাল বুলি ভাবি লৈছিল। সেইখন ঘৰত তাইৰ ১৭ বৰ্ষীয় সম্পৰ্কীয় ভাই এটা আছিল যিয়ে তাইক তাইৰ ১০ বছৰ বয়সৰ পৰা কেবাবাৰো ধৰ্ষণ কৰা বুলি তাই কয়। “তাৰ যে মুখখনো মোৰ চাব মন নাই। মই তাক ঘৃণা কৰোঁ,” কোমলে কয়। সি প্ৰায়ে তাইক মাৰধৰ কৰিছিল আৰু তাক বাধা দিলে তাইক মাৰি পেলোৱাৰ ভাবুকি দিছিল। এবাৰ সি তাইক চোকা কিহবাৰে কপালতে আঘাত কৰিছিল, তাৰ চিন তাইৰ কপালত থাকি গ’ল।
“সেইকাৰণে মোৰ ঘৰ যাব মন নাই। মই কিমানবাৰ কৈছো সিহঁতক,” কোমলে কয়। তৎসত্ত্বেও পুলিচে তাই নিৰাপদে ঘৰ পোৱাটো নিশ্চিত কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা-পাতি নোলোৱাকৈ, তাইৰ হাতত চিমকাৰ্ড এখনো নিদিয়াকৈ, আৰু তাই ঘৰ গৈ পোৱাৰ পিছত যাতে আগলৈ পুনৰাই হিংসাৰ সন্মুখীন নহয়, তেনে কোনো ব্যৱস্থাৰ চিন্তা নকৰাকৈ অসমলৈ পঠিয়াব লৈছে, ৩৫ ঘণ্টীয়া ৰেলযাত্ৰা, তাকো অকলেই।
আচলতে কোমলক প্ৰয়োজন আছিল সৰবৰাহ হোৱা কিশোৰী আৰু যুৱতীক সাধাৰণতে প্ৰয়োজন হোৱা নিৰ্দিষ্ট কিছুমান সেৱা-সুবিধাৰ।





