এতিয়া ঘেঁহু খেতিত পানী দিয়াৰ সময়৷ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত সবাৰন সিং পথাৰলৈ নগ’লে নহয়৷ সেয়ে তেওঁ ডিচেম্বৰৰ প্ৰথম সপ্তাহত হাৰিয়ানা-দিল্লীৰ সীমান্ত সিংঘুৰ পৰা পাঞ্জাৱৰ নিজৰ গাঁৱলৈ ঘূৰি গ’ল৷
কিন্তু তেওঁ প্ৰতিবাদথলী একেবাৰে এৰি যোৱা নাই৷ এই প্ৰতিবাদথলীত তেওঁ যোৱা নৱেম্বৰৰ ২৬ তাৰিখৰ পৰাই স্থিতপ্ৰজ্ঞৰ দৰে আছিল৷ কেইদিনমানৰ পাছত সবাৰন সিঙে নিজৰ ১২ একৰ খেতিত পানী দি সিংঘুৰ পৰা ২৫০ কিমি আঁতৰৰ খান্ত গাঁৱৰ পৰা পুনৰ প্ৰতিবাদথলীলৈ ঘূৰি আহিল৷ “এইদৰে গাঁৱলৈ অহা-যোৱা কেৱল ময়েই কৰা নাই৷’’ ৭০ বছৰীয়া কৃষকজনে ক’লে৷ তেওঁ আৰু ক’লে “প্ৰতিবাদথলীত থকা বহু কৃষকে নিজৰ গাওঁ আৰু প্ৰতিবাদথলীলৈ নিয়মিত অহা-যোৱা কৰি আছে৷’’
কৃষকসক’লে উলিওৱা এই অহা-যোৱাৰ ব্যৱস্থাটোৱে সিংঘুত কৃষকৰ সংখ্যাও কমিব নিদিযে. লগতে তেওঁলোকৰ শস্যও নষ্ট নোহোৱাটো নিশ্চিত কৰে৷
নৱেম্বৰ-ডিচেম্বৰৰ সময়ছোৱাৰ কথা উল্লেখ কৰি সবাৰনে কয়, “এই সময়খিনিতে আমি ঘেঁহু খেতি আৰম্ভ কৰো৷ যেতিয়া মই সিংঘুত নাছিলো মোৰ গাঁৱৰ দুজনমান বন্ধু আহি মোৰ সলনি ইয়াত আছিল৷’’
বহু প্ৰতিবাদকাৰীয়ে এইদৰে অহা-যোৱা কৰা প্ৰক্ৰিয়াটো চলাই আছে৷ সবাৰন এজন প্ৰাক্তন সেনা জোৱান৷ “আমাৰ কেইবাজনৰো চাৰিচকীয়া বাহন আছে৷ গাঁৱলৈ অহা-যোৱাত সেয়ে আমাৰ সুবিধা হৈছে৷ গাড়ীবোৰ কিন্তু কেতিয়াও খালীকৈ অহা-যোৱা নকৰে৷ যদি চাৰিজন মানুহক গাঁৱলৈ লৈ গৈছে, গাড়ীখন ঘূৰি আহোতে আন চাৰিজনক লৈ আহে’’৷







