নিজৰ শ্ৰেণীকোঠাত ঔচিত মাহাত্ৰেয়ে হৈ পৰিছিল একমাত্ৰ শিক্ষাৰ্থী। কিন্তু গোটেই বিদ্যালয়খনৰ ভিতৰতে অন্তিমজন আৰু একমাত্ৰ শিক্ষাৰ্থী হৈ পৰাটো তেওঁৰ নতুন অভিজ্ঞতা।
মহামাৰীৰ ফলত ১৮ মাহ বিদ্যালয়খন বন্ধ থকাৰ পিছত যোৱা ১৪ অক্টোবৰত প্ৰায় ১১ বজাত বাৰ বছৰীয়া ঔচিতে প্ৰৱেশ কৰি আচৰিত হৈ পৰিল। বিদ্যালয়খনৰ তিনিওটা কোঠা জনশূন্য। শিক্ষকজন তেওঁৰ বাবে ৰৈ আছে, কাষত এখন চকীৰ ওপৰত মহাত্মা গান্ধীৰ এখন আলোকচিত্ৰ থৈ দিয়া আছে।
২০১৫ত যেতিয়া ঔচিতে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল ছয় বছৰ। তেতিয়াও তেওঁৰ কোনো সহপাঠী নাছিল। তেওঁ কয়, “মই অকলে আছিলো।” সেই বিদ্যালয়ত নামভৰ্তি কৰা ঔচিত আছিল অন্তিমজন শিক্ষাৰ্থী। তেতিয়াও বিদ্যালয়খনত ২৫ জন শিক্ষাৰ্থী আছিল। ১১০০ মানুহৰ বাসভূমি ঘাড়াপুৰি গাঁৱৰ তিনিটা চুবুৰী যথাক্ৰমে মোৰাবান্দাৰ, ৰাজবন্দৰ আৰু শ্বেতবন্দৰৰ পৰা তেওঁলোক আহিছিল। মহাৰাষ্ট্ৰৰ ৰায়গড়ত থকা এলিফেণ্টা গুহাৰ বাবে বিখ্যাত ঘাড়াপুৰি এক জনপ্ৰিয় পৰ্য্যটন ক্ষেত্ৰ। ভাৰতৰ প্ৰৱেশপথ দক্ষিণ মুম্বাইৰ পৰা নাৱেৰে এঘণ্টাৰ বাট।
প্ৰায় এক দশকৰ আগতে ঔচিতৰ জিলা পৰিষদৰ বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ৫৫ৰ পৰা ৬০ জন শিক্ষাৰ্থী আছিল। প্ৰতিবছৰে শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিলে। ২০১৯ত মাত্ৰ ১৩ জন শিক্ষাৰ্থী থাকিল। ২০২০ৰ মাৰ্চত শিক্ষাৰ্থীৰ সংখ্যা হৈ পৰিল ৭ জন আৰু ২০২০-২১ শৈক্ষিক বৰ্ষত যেতিয়া তিনিগৰাকী শিক্ষাৰ্থীয়ে সপ্তমমানৰ পঢ়া সম্পূৰ্ণ কৰিলে আৰু দুজনে বিদ্যালয় এৰি গুছি গ’ল, বাকী থাকিল মাত্ৰ দুজন – ষষ্ঠ শ্ৰেণীৰ ঔচিত আৰু সপ্তম শ্ৰেণীৰ গৌৰী মাহাত্ৰে। “ইয়াত পঢ়া-শুনা ভালদৰে নহয়, সেইকাৰণে সকলো আন বিদ্যালয়লৈ যাবলৈ ধৰিছে,” গৌৰীয়ে কয়।


















