অক্টোবৰৰ আৰম্ভণিৰ ঘটনা। কোনোবা এটা নিশা তেওঁলোকৰ জুপুৰীত কাৰেণ্ট গুচি যোৱা সময়কণতে শোভা চৱনৰ পৰিয়ালটোৱে অমংগলীয়া কিবা এটাৰ আগজাননী পাইছিল। কিন্তু তেওঁলোকে কি হৈছে বুজ লোৱাৰ আগতেই এদল মানুহ আহি আঠজনীয়া পৰিয়ালটোক ৰড আৰু লাঠিৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। এঘণ্টামানৰ ভিতৰতে পৰিয়ালটোৰ সদস্য আঠৰ পৰা সাতজন হৈছিল। শোভাৰ দুবছৰীয়া নাতি ল’ৰাটো সেই আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল। পিছদিনালৈ তেওঁলোকৰ আৰু এজন সদস্য কমি গৈ ছয়জন হৈছিল, যেতিয়া শোভাৰ আহত স্বামীৰ চিকিৎসালয়ত মৃত্যু হয়।
মাজনিশাৰ ঠিক আগতে দুৰ্বৃত্তসকল তেওঁলোকৰ জুপুৰীত প্ৰৱেশ কৰি, পৰিয়ালৰ সকলো সদস্যকে লথিয়াই, ঘুচিয়াই প্ৰহাৰ কৰিছিল। সেই সময়ত ৬৫ বছৰীয়া শোভা, তেওঁৰ ৭০ বছৰীয়া স্বামী মাৰুতিকে ধৰি তেওঁলোকৰ পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, এগৰাকী ভতিজী আৰু শোভাৰ ভনীয়েক জুপুৰীটোত আছিল। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ তেওঁলোকৰ গাঁৱৰ কাষতে থকা পৰিয়ালটোৰ জুপুৰী আৰু ভেড়াৰ গঁৰালবোৰ জ্বলাই দিছিল। শোভাই আৰক্ষীক দাখিল কৰা এফআইআৰখনত সেই নিশাৰ ঘটনাটোৰ বিষয়ে বিৱৰি কৈছিল।
শোভাৰ ৩০ বছৰীয়া বিবাহিতা কন্যা অনিতাই কয়, "সেইনিশা আমাৰ তিনিগৰাকীক সিহঁতে ধৰ্ষণ কৰিছিল। তাই কয় যে দুৰ্বৃত্তই তাইক, তাইৰ ২৩ বছৰীয়া ভনীয়েক আৰু ১৭ বছৰীয়া ভতিজীক ধৰ্ষণ কৰিছিল।
দুৰ্বৃত্তৰ দলটোৱে অনিতাৰ মাকৰ জুপুৰীৰ পৰা এক কিলোমিটাৰ দূৰত্বত থকা অনিতাৰ জুপুৰীলৈ গৈছিল আৰু নিশাৰ ভাগত তেওঁৰ পৰিয়ালকো সন্ত্ৰাসিত কৰিছিল। অনিতাই কয়, "তেওঁলোকে নিশা প্ৰায় ২ বজাত আমাৰ জুপুৰীত উপস্থিত হৈছিল।" "তেওঁলোকে আমাক গাঁৱৰ পৰা বাহিৰলৈ লৈ যাব বিচাৰিছিল। আমাৰ মটৰ চাইকেলখনত জুই লগাই দিছিল আৰু আমাৰ পশুধন সৱ চুৰ কৰি লৈ গৈছিল।" সিহঁতে তেওঁৰ জুপুৰীটোও জ্বলাই দিছিল।
দুৰ্বৃত্তৰ দলটোৱে চৱন পৰিয়ালক আক্ৰমণ কৰাৰ সময়ত, সিহঁতে তেওঁলোকক এইদৰে কোৱা শোভাৰ মনত আছে "তহঁত সৱ চোৰ। আমি তহঁত পাৰ্ধিবোৰ এইখন গাঁৱত থকাটো নিবিচাৰো। এজাহাৰ দাখিল কৰাৰ সময়ত শোভাই এই কথাও উল্লেখ কৰিছিল।
চৱনসকল হৈছে পাৰ্ধি সম্প্ৰদায়ৰ। তেওঁলোকক মহাৰাষ্ট্ৰত অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে। পাৰ্ধিসকল এসময়ত চিকাৰী আছিল। কিন্তু ঔপনিৱেশিক শাসনৰ সময়ত সম্প্ৰদায়টোক ১৮৭১ চনৰ অপৰাধী জনজাতি আইন (চিটিএ)ৰ অধীনত 'অপৰাধী জনজাতি' হিচাপে চিহ্নিত কৰা হয়। তেওঁলোকক 'জন্মগতভাৱে অপৰাধী' বুলি কোৱা হৈছিল আৰু তেওঁলোকৰ চলা-ফিৰা সীমিত কৰা হৈছিল। যেতিয়া ভাৰত চৰকাৰে চিটিএ বাতিল কৰিছিল, পাৰ্ধিসহ ১৯৮ টা 'অপৰাধী জনজাতি'ক 'অধিসূচনামুক্ত' কৰা হৈছিল। কিন্তু ১৯৫২ৰ চিটিএ - অভ্যাসগত অপৰাধী আইন সলনি হ’ল যদিও সেই সম্প্ৰদায়বোৰে পোৱা 'অপৰাধী'ৰ কালিমা সেই পদক্ষেপে আঁতৰাব নোৱাৰিলে।







