‘‘দিল্লীৰ পৰা ঘূৰি অহা প্ৰায় দুবছৰেই হ’ল৷ চৰকাৰে আমাৰ সকলো দাবী মানি ল’ব বুলি আশ্বাস দিছে যদিও কোনো এজন কৃষকেই আলোচনাৰ মেজলৈ আমন্ত্ৰণ কৰা নাই’’, পাঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ বাসিন্দা ৬০ বৰ্ষীয় চৰণজিৎ কৌৰে এইদৰে কয়৷ তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোকে দুই একৰ ভূমিত ঘেঁহু, ধান আৰু শাক-পাচলিৰ উৎপাদন কৰে৷ ‘‘আমাৰ কৃষকসকলৰ অধিকাৰৰ হকে আমি যুঁজি আহিছো’’, তেওঁ এনেদৰে কয়৷
পাতিয়ালা জিলাৰ শম্ভু সীমান্তত আন মহিলা কৃষকসকলৰ সৈতে বান্ধৱী গুৰমিৎ কৌৰৰ কাষতে বহি আছে চৰণজিৎ কৌৰ৷ পশ্চিমৰ বেলিৰ পাতল ৰ’দ তেওঁলোকৰ গাত পৰিছে। ‘‘তেওঁলোকে (চৰকাৰে) আমাক দিল্লীত আনকি প্ৰৱেশ কৰিবও নিদিলে,’’ দিল্লীত কৃষকসকলক বাধা দিবলৈ হাৰিয়ানা-পাঞ্জাৱ আৰু দিল্লী-হাৰিয়ানা সীমান্তত স্থাপন কৰা কেইবা তৰপীয়া বেৰিকেডৰ কথা উল্লেখ কৰি গুৰমিতে এইদৰে কয়৷ পঢ়কঃ ‘মই শম্ভু সীমান্তত নিজকে কাৰাবন্দীৰ দৰে অনুভৱ কৰিছিলো’
প্ৰতিবাদস্থলীত গোট খোৱা কৃষকসকলে কয় যে চৰকাৰে বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ হৈছে - স্বামীনাথন আয়োগ অনুসৰি ন্যূনতম সমৰ্থন মূল্যৰ গেৰাণ্টি (এমএছপি), কৃষক আৰু কৃষি শ্ৰমিকসকলৰ সম্পূৰ্ণ ঋণ মাফ, লখিমপুৰ-খেৰি গণহত্যাৰ বলি হোৱা কৃষকসকলৰ প্ৰতি ন্যায়দান, সেই সংঘৰ্ষৰ অপৰাধীক গ্ৰেপ্তাৰ, কৃষক আৰু শ্ৰমিকসকলৰ বাবে পেঞ্চন আৰু ২০২০-২০২১ প্ৰতিবাদৰ সময়ত শ্বহীদ হোৱা কৃষকসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ৷
কেইসপ্তাহমান পূৰ্বে অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীত যেতিয়া কৃষকসকলে দেশৰ ৰাজধানীলৈ বুলি লক্ষ্য কৰি শান্তিপূৰ্ণ সমদলত অংশগ্ৰহণ কৰিছিল, তেতিয়া তেওঁলোকক হাৰিয়ানাৰ আৰক্ষীয়ে কন্দুৱা গেছ, পানীহিলৈ, ৰবৰৰ বুলেট আদিৰে আদৰণি জনাইছিল৷
প্ৰতিবাদস্থলীত অন্যান্য প্ৰতিবাদকাৰীসকলৰ সৈতে সুৰিন্দৰ কৌৰৰ পুত্ৰও বহি আছে৷ ‘‘ সদে তে মোবাইল , টেলিভিচন বন্দ হি নহী হোন্দে৷ আছি দেখে হেই না সাৰা দিন গোল বাজদে , তাদো মন বিচ্চ হাল জেয়া পেন্দা হেই কি সদে বচ্ছে তে বাজে না৷ [আমাৰ মোবাইল আৰু টিভি অহৰহ চলি আছে৷ আমাৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ মুহূৰ্তত আমাৰ সন্তানসকলৰ সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ পৰিছো]’’, তেওঁ এইদৰে কয়৷
২০২৪ৰ ২৪ ফেব্ৰুৱাৰীত খোজে মাজৰা গাঁৱৰ সুৰিন্দৰ কৌৰে পুৱাই আহি ইয়াত উপস্থিত হৈছেহি৷ তেওঁ ইয়াত খানাউৰিত হাৰিয়ানা-পাঞ্জাৱ সীমান্তত আন এক কৃষক-আৰক্ষী সংঘৰ্ষত নিহত হোৱা ২২ বছৰীয়া শুভকৰণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ মমবাতিৰ সমদল অংশগ্ৰহণ কৰিবলৈ আহিছে৷
‘‘আমি আমাৰ অধিকাৰৰ হকে যুঁজ দিছো , আমাৰ অধিকাৰ সাব্যস্ত নকৰালৈ আমি উভতি নাযাওঁ’’, তেওঁ এইদৰে কয়৷ ৬০ বৰ্ষীয়া মহিলা কৃষকগৰাকীক সংগদান কৰিছে তেওঁৰ বোৱাৰী আৰু নাতিয়েকসকলে৷
সুৰিন্দৰ কৌৰৰ ছয়জনীয়া লোকৰ পৰিয়ালটোৱে ফটেহগড় জিলাৰ সেই দুই একৰ কৃষিভূমিৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে৷ তেওঁ কয় যে কেৱল পাঁচবিধ শস্যৰ এমএছপি পৰ্যাপ্ত নহয়৷ ‘‘ মিট্টি জে ভাৱ লেইণ্ডে হে সদি ফচল [তেওঁলোকে অতিশয় কম মূল্যত আমাৰ পৰা শস্য ক্ৰয় কৰে],’’ তেওঁ খেতিপথাৰৰ সৰিয়হকে ধৰি আন শস্যৰ কথা উল্লেখ কৰি এইদৰে কয়৷
‘‘আমাৰ শান্তিপূৰ্ণ প্ৰতিবাদক আৰক্ষীয়ে কিয় কঠোৰভাৱে দমন কৰিছে?’’ দেৱীন্দৰ কৌৰে প্ৰতিবাদস্থলীত আৰম্ভণিৰ পৰা সহযোগ কৰা তেওঁৰ পুত্ৰৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি এইদৰে কয়৷ পাঞ্জাৱৰ সাহিবজাদা অজিৎ সিং নগৰ জিলাৰ লানদ্ৰান গাঁৱৰ বাসিন্দা দেৱীন্দৰ কৌৰেও তেওঁৰ পৰিয়ালৰ সদস্য- বোৱাৰী আৰু ২, ৭ আৰু ১১ বছৰীয়া নাতিয়েকসকলৰ সৈতে ইয়ালৈ আহিছে৷
‘‘চৰকাৰে কেৱল ধান আৰু ঘেঁহুৰ বাবে এমএছপি দিয়ে৷ তেওঁলোকে আকৌ আমাক আন খেতিও কৰিবলৈ কয়৷ এনে পৰিস্থিতিত আমি কিদৰে আন খেতি কৰো?’’, দেৱীন্দৰে প্ৰশ্ন কৰে৷ ‘‘আমি খেতি কৰা মাকৈ প্ৰতি কুইণ্টলত ৮০০ৰ পৰা ৯০০ টকাত তেওঁলোকে ক্ৰয় কৰে৷ আনহাতে ভাৰতীয় খাদ্য নিগমে ২০২২-২০২৩ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল মাকৈত ১,৯৬২ টকা এমএছপি ধাৰ্য কৰিছিল৷’’
বেৰিকেডৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰৈত ট্ৰলী এখনত নিৰ্মিত অস্থায়ী মঞ্চত থিয় হৈ কৃষক নেতাসকলে ভাষণ দিছে আৰু আগন্তুক অনুষ্ঠানবোৰৰ কাৰ্যসূচীৰ বিষয়ে প্ৰতিবাদকাৰী কৃষকসকলক অৱগত কৰি গৈছে। সমবেত কৃষকসকল ৰাজপথত অ’ত ত’ত সিচৰতি হৈ থকা কাৰ্পেটবোৰত বহি শুনিছে; সহস্ৰাধিক ট্ৰেক্টৰৰ চাৰি কিলোমিটাৰ দীঘল শাৰী পাঞ্জাৱৰ দিশলৈ বিস্তৃত হৈ আছে।
পাঞ্জাৱৰ ৰাজাপুৰাৰ ৪৪ বৰ্ষীয় কৃষক পৰমপ্ৰীত কৌৰে ২৪ ফেব্ৰুৱাৰীৰ পৰা শম্ভুত বাহৰ পাতি আছে৷ অমৃতসৰ আৰু পাঠানকোটৰ গাঁওসমূহৰ পৰা অহা প্ৰতিখন ট্ৰেক্টৰত কমেও চাৰি-পাঁচগৰাকীকৈ মহিলা কৃষক উঠি আহিছে৷ তেওঁলোকে এটা দিন কটোৱাৰ পিছত পিছদিনা আন এদল মহিলাৰ কৃষক আহি উপস্থিত হয়৷ প্ৰতিবাদস্থলীত নিত্যকৰ্মৰ স্থানৰ অভাৱৰ বাবে তেওঁলোকে গোটেই নিশাটো কটাব নোৱাৰে বুলি জানিবলৈ দিয়ে৷ ‘‘প্ৰতিটো পৰিয়ালৰ যিকোনো এজন সদস্যই প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত উপস্থিত থকা উচিত’’, পৰমপ্ৰীতে কয়৷ তেওঁৰ ২১ বছৰীয়া পুত্ৰ অসুস্থ হৈ থকা হেতুকে তেওঁ অঙহী-বঙহীসকলৰ সৈতে প্ৰতিবাদস্থলীলৈ আহিছে৷ পৰিয়ালটোৰ ২০ একৰ কৃষিভূমি আছে আৰু তাত তেওঁলোকে ধান-ঘেঁহুৰ উৎপাদন কৰে৷ কিন্তু ২০২১ত তেওঁৰ স্বামী ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰে পৰা খেতিপথাৰত শস্য উৎপাদনৰ কাম বন্ধ হৈ পৰিছে৷
‘‘আজিকালি আধিয়া হিচাপতো কোনেও খেতি কৰিবলৈ আগ্ৰহ নকৰে৷ কাৰণ কাষৰ ফেক্টৰীৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থই ভূজল প্ৰদূষিত কৰি পেলাইছে’’, তেওঁ লগতে কয়৷
অমনদ্বীপ কৌৰ আৰু তেওঁৰ পৰিয়ালৰ পাতিয়ালা জিলাৰ ভাটেহৰি গাঁৱত ২১ একৰ কৃষিভূমি আছে৷ তেওঁলোকে ঘাইকৈ ধান আৰু ঘেঁহুৰ খেতি কৰে৷ ‘‘পথাৰত থকাৰ সময়ত শস্যৰ মূল্য মুঠেই নামমাত্ৰ হোৱাৰ বিপৰীতে বজাৰত ই দুগুণ মূল্যত বিক্ৰী হয়৷’’
প্ৰতিবাদৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, ‘‘প্ৰতিবাদকাৰীসকল নিৰস্ত্ৰ হোৱা স্বত্বেও চৰকাৰে নিজৰ নাগৰিকৰ বিৰুদ্ধে অস্ত্ৰ প্ৰয়োগ কৰিছে৷ ভাৰতত বাস কৰাৰ কোনো কাৰণেই আমি বিচাৰি নোপোৱা হৈছো৷ সেয়ে যুৱচামে দেশ এৰি যাবলৈ ধৰিছে৷ ইয়াত কৰ্মসংস্থাপনো নোহোৱা হৈছে৷ কিন্তু যেতিয়াই আমি অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁ, আমি এনে ব্যৱহাৰ সন্মুখীন হ’বলগীয়া হয়৷’’
অনুবাদক: মনোৰঞ্জন মজুমদাৰ