শৈশৱত যেতিয়া ৰজিতাই দেউতাক আৰু তেওঁৰ ককাকে সৰু সৰু ল’ৰাবোৰক পুতলা নাচ শিকাই থকা খিৰিকীৰে দেখিছিল, তেতিয়াই তেওঁৰ মনত কৌতূহল জন্মিছিল যে কিয় তেওঁ সিহঁতৰ মাজত থাকি সেয়া শিকিব নোৱাৰে। বিশেষকৈ পুতলাবোৰে কণমানি ছোৱালীজনীৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কৰ্ণ-কুহৰত বাজিছিল পুতলা নাচৰ বিশেষ ছন্দৰীতিৰে আবৃত্তি কৰা সেই পদবোৰ
“পুতলানাচৰ প্ৰতি মোৰ সেই মোহ ককাই মোৰ চকুত দেখা পালে,” ৩৩ বৰ্ষীয় ৰজিতাই কয়। “তেওঁ মোক পুতলা নাচৰ গীত শিকাম বুলি কথা দিলে।”
চৌৰনুৰস্থিত পৰিয়ালৰ ষ্টুডিঅ’টোত কাঠৰ বেঞ্চি এখনত বহি ৰজিতা পুলাৱাৰে তোলপাৱকুট্টু পুতলা এটাৰ মুখখন গঢ় দিছে। তেওঁৰ সন্মুখত থকা ডেস্কখনত বিভিন্ন ধৰণৰ লোৰ সঁজুলি যেনে ভোঁহৰ শলা, হাতুৰী-বটালি আদি আছে।
আবেলিৰ সময়। ষ্টুডিঅ’ত সাময়িক নীৰৱতাই বিৰাজ কৰিছে। কেৱল পুতলা বনাই থকা চালিখনৰ তলত ৰজিতাৰ কাষতে থকা ফেনখন ঘৰ্ঘৰাই থকা শব্দ শুনা গৈছে। বাহিৰত মুকলি টেৰেচত চামৰাবোৰ পুতলা বনোৱাৰ বাবে কটাৰ আগেয়ে শুকাবলৈ মেলি দিয়া আছে।
“এইবোৰ পুতলা আমি আধুনিক কাহিনীৰ বাবে তৈয়াৰ কৰিছো,” নিজে কাম কৰি থকা পুতলাটোৰ প্ৰসংগত তেওঁ কয়। ভাৰতৰ মালাবৰ উপকূল অঞ্চলৰ এয়া পৰম্পৰাগত শিল্প প্ৰথমে দেৱী ভদ্ৰকালীৰ বাৰ্ষিক উৎসৱৰ সময়ত মন্দিৰ প্ৰাংগণত প্ৰদৰ্শন কৰা হৈছিল।














