ৰামচন্দ্ৰ পুলৱৰে কাম কৰি থকা ঠাইখনত সিঁচৰতি হৈ থকা বিভিন্ন পুতলাবোৰলৈ চাই তেওঁ কয়, “এইবোৰ নিৰ্জীৱ কিবা চামৰাৰ বস্তু নহয়। এইবোৰৰ গাত ইশ্বৰ আছে, সৰগীয় দেৱ-দেৱীৰ এয়া সাকাৰ ৰূপ।” খুব সুক্ষ্মভাৱে কাম কৰা তেওঁৰ পুতলাবোৰ তোলপাৱকুট্টু পুতলানাচত ব্যৱহৃত হয়। এয়া কেৰালাৰ মালাবৰৰ দক্ষিণ উপকূলৰ এক জনপ্ৰিয় কৃষ্টি।
পৰম্পৰাগতভাৱে এই পুতলাবোৰ বিশেষ কিছুমান সম্প্ৰদায় যেনে চাক্কিলিয়ানসকলে সাজি উলিয়াইছিল। শিল্পবিধৰ জনপ্ৰিয়তা কমি অহাত তেওঁলোকৰো আগ্ৰহ কমিল আৰু আন কামত ধৰিলে। সেয়ে কৃষ্ণনকুট্টি পুলাৱৰে শিল্পবিধ জীয়াই ৰখাৰ স্বাৰ্থত আনক শিকোৱাৰ দায়িত্ব ল’লে। তেওঁৰ পুত্ৰ ৰামচন্দ্ৰই আকৌ আৰু এখোজ আগুৱাই গৈ তেওঁৰ পৰিয়ালৰ লগতে চুবুৰীটোৰ মহিলাকসকলক এই শিল্পবিধৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। মন্দিৰৰ চৌহদত সাধাৰণতে পুৰুষে কৰা এই কামটোত এতিয়া ৰাজলক্ষ্মী, ৰজিতা আৰু অস্বস্থিহঁতে হাত দিব পাৰিছে।
এই পুতলাবোৰক কেৱল সেয়া নিৰ্মাণ কৰা শিল্পীসকলেই পৱিত্ৰ বুলি গণ্য কৰা নহয়, পুতলানাচ চাবলৈ অহা ভক্তসকলেও পুতলাবোৰক পৱিত্ৰ বুলি বিবেচনা কৰে। শিল্পসকলে পুতলাবোৰত ৰং কৰাৰ পৰা আৰম্ভ কৰি বিশেষ কিছুমান হাতুৰী-বতালিৰে তাক আকাৰ দিয়ে। “নিপুণ কমাৰ পাবলৈ নোহোৱা হোৱাত আজিকালি এই বিশেষ সঁজুলিবোৰো বনোৱা মানুহ পাবলৈ নাইকিয়া হ’ল,” ৰামচন্দ্ৰৰ পুত্ৰ ৰাজীৱ পুলাৱৰে কয়।


