আমি মহাৰাষ্ট্ৰৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যেৰে ভৰা তিল্লাৰী অৰণ্যৰ কাষৰ ৰাস্তাৰে আহি আছিলো। হাবিৰ সীমামুৰীয়া গাওঁবোৰত বসতি কৰা পশুপালক পৰিয়ালৰ বসতিস্থললৈ গৈ তাত থকা মহিলাসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰৰ বিষয়ে কথা পাতিবলগীয়া আছিল। মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ চন্দগড়লৈ যোৱাৰ বাটত আমি পঞ্চাশৰ দেওনা গৰকা মহিলা এগৰাকীক চাৰিটা ছাগলী চৰাই গছ এডাল তলত বৰ আনন্দচিত্তে বহি থকা দেখিলো, তেখেতৰ হাতত আছিল এখন কিতাপ।
মে’ মাহৰ মেঘে ঢকা দুপৰীয়াটোত এনে এক দৃশ্য দেখি আমি গাড়ী ৰখাই দিলো আৰু খোজকাঢ়ি তেখেতৰ ওচৰ পালো। তেখেতৰ নাম ৰেখা ৰমেশ চন্দগড়, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত বহু সম্প্ৰদায়ে আৰাধনা কৰা এগৰাকী দেৱতা, বিঠৌবাৰ ভক্ত। আমি তেখেতৰ লগত কথা পাতো মানে তেখেতে আমাক বিঠৌবাৰ স্তুতিৰে সাধু নামদেৱৰ অভংগ (ভজন) গাই শুনালে। নামদেৱ মহাৰাষ্ট্ৰৰ এগৰাকী সুপ্ৰসিদ্ধ সন্ত কবি আৰু পাঞ্জাৱত তেৰাক বহুত শ্ৰদ্ধা কৰা হয়। ৱাৰকাৰী পন্থাৰ অনুগামী হোৱা কাৰণে তেওঁৰ অভংগবোৰত ভক্তি ধাৰা প্ৰকাশ পায় যিটো পৰম্পৰাত উপাসনাৰ কাৰণে কোনো ৰীতি-নীতি মানি চলাৰ প্ৰয়োজন নাই, ইয়ে ভক্তি পৰম্পৰাৰ সকলো ধৰ্মীয় নীতিৰ বিপৰীতে চলে। উল্লেখ যে ৰেখাতাঈ ভক্তি আন্দোলনৰ এগৰাকী অনুগামী।
ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা ভক্তই প্ৰতিবছৰে আহাৰ আৰু কাতি মাহত দল বান্ধি সন্ত কবি যেনে জ্ঞানেশ্বৰ, তুকাৰাম আৰু নামদেৱৰ ভক্তিগীত গাই পদযাত্ৰা কৰে। এই বাৰ্ষিক যাত্ৰাক বাৰী বুলি কোৱা হয়। ৰেখাতাঈয়ে সোলাপুৰ জিলাস্থিত পান্ধাৰপুৰ মন্দিৰলৈ যোৱা পদযাত্ৰাত সম্পূৰ্ণ ভক্তিভাবেৰে আন ভক্তসকলৰ সৈতে ভাগ লয়।
“মোৰ ল’ৰা-ছোৱালীহঁতে কয়, ‘ছাগলীবোৰ চোৱা-চিতা কৰাৰ কোনো প্ৰয়োজন নাই। আৰামত ঘৰত বহিব লাগে। কিন্তু মই এনেকৈ ইয়াত বহি বিঠৌবাৰ নাম লৈ ভজনবোৰ গাই থাকি ভাল পাওঁ। সময় কেনেকৈ পাৰ হয় গমকে নাপাও। ‘ মন আনন্দানে ভৰুন য়েতা ’ (মন অদ্ভুত আনন্দৰে ভৰি পৰে),” ৰেখাতাঈয়ে কয়। তেওঁ এইবাৰ দেৱালীৰ ঠিক পিছতে কাৰ্তিক বাৰীলৈ যাবলৈ মনতে পাঙি থৈছে।
অনুবাদ: পংকজ দাস