ৰুখাবাই পাড়ৱিয়ে কাপোৰখনৰ মাজেৰে আঙুলি নোবোলোৱাকৈ থাকিব নোৱাৰে। আমাৰ কথাৰ মাজত মই বুজি উঠিলোঁ যে তেনেকৈ তেওঁ আন এটা সময় আৰু জীৱনৰ মাজলৈ উভতি যায়।
“এইখন মোৰ বিয়াৰ শাড়ী,” তেওঁ ভীল ভাষাতে ক’লে, যিটো আক্ৰানি তালুকৰ পাহাৰীয়া জনজাতি অধ্যূষিত অঞ্চলত কথিত ভাষা। চাৰপাই (খাট) এখনত বহি ৯০ বছৰ বয়সীয়া মহিলাগৰাকীয়ে কোলাৰ পাতল গুলপীয়া আৰু সোণালী পাৰীৰ শাড়ীখন চুই চুই ক’লে।
“মোৰ মা-দেউতাই তেওঁলোকৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধনেৰে এইখন কিনি দিছিল। এই শাড়ীখন মোৰ বাবে তেওঁলোকৰে স্মৃতি,” এটা শিশু সুলভ হাঁহিৰে তেওঁ ক’লে।
মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাৰ আক্ৰানি তালুকৰ এখন গাওঁ মুজৰাত ৰুখাবাইৰ জন্ম হৈছিল; এই অঞ্চলটোৱেই তেওঁৰ বাসস্থান।
“মোৰ বিয়াত মা-দেউতাহঁতে ৬০০ টকা খৰচ কৰিছিল। সেই সময়ত সেয়া বহুত টকা আছিল। এই বিয়াৰ জোৰাৰে স’তে তেওঁলোকে পাঁচ টকাৰ কাপোৰ কিনিছিল, তেওঁ ক’লে। গহণা-গাঁথৰি বাৰু মৰমৰ মাকে ঘৰতে সাজিছিল।
“সোণাৰি বা কাৰিকৰ নাছিল। মোৰ মায়ে ৰূপৰ সিকিৰে ডিঙিৰ হাড়ডাল গাঁঠি দিছিল। সঁচা ৰূপ সিকি আছিল। তেওঁ শিকাবোৰ ফুটা কৰি গ’ধৰি (হাতেৰে তৈয়াৰী বিচনা চাদৰ)ৰে তৈয়াৰী ডাঠ সূতাৰে সী দিছিল,” সেই পৰিশ্ৰমৰ স্মৃতি মনত পেলাই হাঁহি এটা মাৰি ক’লে। তাৰ পিচত তেওঁ পুনৰাই দোহাৰিলে, “ৰূপৰ টকা দেই, আজিকালিৰ কাগজৰ টকা নহয়।”
তেওঁ ক’লে, বিয়াখন বৰ ডাঙৰকৈ পাতিছিল, আৰু তাৰ পিচতেই কুমলীয়া কইনাজনী ম’জৰাৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰৈৰ সুৰবাণী গাৱঁলৈ গুছি গৈছিল। তেতিয়াই জীৱনে বেলেগ পাক ল’লে। তেওঁৰ দিনবোৰ আৰু সহজ সৰল আৰু ৰং-ৰহইছৰ হৈ নাথাকিল।
ঘৰখন যদিওবা মোৰ বাবে অচিনাকী আছিল, মই নিজকে বুজাইছিলোঁ যে মই এতিয়া ইয়াতে থাকিব লাগিব। জীৱনৰ বাকী সময়খিনিৰ বাবে,” তেওঁ ক’লে। “মই যিহেতু পুষ্পিতা হৈছিলোঁ, গতিকে মোক ডাঙৰ বুলি ধৰা হৈছিল,” নব্বৈ উৰ্দ্ধৰ মহিলা গৰাকীয়ে কৈ গ’ল।
“মই কিন্তু বিয়া কি, পতি কি, সেই বিষয়ে একো নাজানিছিলোঁ।”
তেওঁ তেতিয়াও এটি শিশুৱেই আছিল ; সমনীয়াৰ লগত খেলি ফুৰাৰ বয়সত যিদৰে আন শিশুবোৰে কৰে। তেওঁৰ আগতীয়া বিবাহে তেওঁক বয়সৰ জোখতকৈ বহু বেছি শ্ৰম কৰিবলৈ আৰু সহ্য কৰিবলৈ বাধ্য কৰিলে।
“মই গোটেই নিশা ঘেহুঁ আৰু মাহ পিচিব লাগিছিল। মোৰ শহুৰ -শাহু, ননদ, স্বামী আৰু মোৰ নিজৰ –পাঁচজন মানুহৰ বাবে সেয়া কৰিব লাগিছিল।”
সেই কাম কৰি কৰি তেওঁ অৱশ হৈ পৰিছিল, লগতে এটা পিঠিৰ বিষ অনবৰত লাগি থকা হৈছিল। মিক্সাৰ আৰু মিলবোৰৰ বাবে আজিকালি কথাবোৰ ইমান সহজ হৈ পৰিল।”
সেই সময়ত তেওঁ মনৰ ভিতৰত অনুভৱ কৰা বেদনাৰ কথা কাৰোবাক কোৱাটো তেওঁৰ বাবে কঠিন আছিল। তেওঁ ক’লে, কোনেও নুশুনিলেহেঁতেন। ইচ্ছুক আৰু সহমৰ্মী শুনোতাৰ অভাৱ স্বত্তেও ৰুখাবায়ে এক অস্বাভাৱিক সহচৰ বিচাৰি পালে- এক জড় পদাৰ্থ। তেওঁ পুৰণি টিনৰ বাকচ এটাত থকা মাটিৰ বাচন-বৰ্তন কিছুমান উলিয়ালে। “ভাল - বেয়া সকলোবোৰ কথা ভাবি ভাবি মই এইবোৰৰ লগত মোৰ কিমান সময় যে পাৰ কৰিছোঁ, সেই চৌকাৰ কাষত। বাচনবোৰ মোৰ ধৈৰ্য্যশীল শ্ৰোতা।”
ই কোনো আচহুৱা কথা নহয়। গ্ৰাম্য মহাৰাষ্ট্ৰৰ বহু ঠাইত মাইকী মানুহে এটা ৰন্ধনত ব্যৱহৃত সামগ্ৰীত বন্ধু এজন বিচাৰি পাইছিল, সেয়া আছিল জাঁতশাল। প্ৰতিদিনেই যেতিয়া তেওঁলোকে আটা পিচে, বিভিন্ন বয়সৰ মাইকী মানুহবোৰে তেওঁললোকৰ স্বামী, ভাই-ককাই আৰু পুতেকহঁতৰ কাণত নপৰা দূৰৈত এই ৰান্ধনী শালৰ জাঁতশালত দুখ-আনন্দ আৰু হৃদয় বিদাৰক গীত গায়। আপোনালোকে জাঁতশালৰ গীতৰ বিষয়ে বহলাই পাৰিৰ ধাৰাবাহিক প্ৰতিবেদনত পঢ়িব পাৰিব।
ট্ৰাংকটো খেপিয়াই থাকোঁতে ৰুখাবাইৰ আগ্ৰহ যেন ধৰি ৰাখিব নোৱাৰাৰ দৰে। “এইটো ডাৱি [শুকোৱা পানীলাওৰ খোলাৰ পৰা তৈয়াৰ কৰা নাল থকা কোৰোকা এটা।] আমি আগতে এনেকৈ পানী খাইছিলোঁ,” তেওঁ কেনেকৈ খায়, সেয়া দেখুৱাই কৈ গ’ল। মোক খাই দেখুৱাই দিয়া সৰল কামটোৱেই তেওঁৰ বাবে হাঁহিৰ খোৰাক তুলিবলৈ যথেষ্ট আছিল।
বিয়াৰ
এবছৰৰ ভিতৰতে ৰুখাবাই মাক হৈছিল। তেতিয়ালৈ তেওঁ ঘৰ আৰু খেতিৰ কাম কেনেকৈ দুয়োটা
কৰিব লাগিব বুজিবলৈ লৈছিল।
কেছুৱাটো যেতিয়া জন্ম হ’ল, ঘৰখন যেন অসন্তুষ্টিৰে ভৰি পৰিল। “ঘৰৰ সকলোৱে ল’ৰা এটা বিচাৰিছিল, কিন্তু ছোৱালী এজনীহে জন্ম হ’ল। মোৰ একো অসুবিধা হোৱা নাছিল, কাৰণ মই কেৱল শিশুটোৰ যত্ন ল’ব লাগে,” তেওঁ কৈ গ’ল।
তাৰ পিচত ৰুখাবাইৰ পাঁচজনী ছোৱালী জন্ম হৈছিল। “ল’ৰা এটা বিচাৰি ইমান জেদ হৈছিল। অৱশেষত মই তেওঁলোকক দুটা ল’ৰা দিলোঁ। তাৰ পিচতহে মই মুক্তি পালোঁ,” মনত পেলাই চকুপানী মোহাৰি তেওঁ ক’লে।
আঠোটাকৈ ল’ৰা-ছোৱালী জন্ম দিয়াৰ পিচত, তেওঁৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিছিল। “পৰিয়াল বাঢ়িছিল কিন্তু আমাৰ দুই গুন্ধা [মোটামোটি ২০০০ বৰ্গফুট] পথাৰৰ উৎপাদন বঢ়া নাছিল। খাবলৈ জোৰা নাছিল। তদুপৰি মাইকী মানুহ আৰু ছোৱালীবোৰক ভাগটোৰ তেনেই নগণ্যহে দিয়া হৈছিল। মোৰ অহৰহ পিঠিৰ বিষটোৱেও লগ এৰা নাছিল। দিনে ৫০ পইচাৰ হাজিৰাত বিষটো লৈয়ে মই মোৰ স্বামী মত্যা পাড়ৱিৰ সৈতে ৰাস্তা বনোৱাৰ কাম কৰিবলৈ গৈছিলোঁ।” বাচি থাকিবলৈ অধিক উপাৰ্জন কৰাটো অত্যন্ত জৰুৰী আছিল।
এতিয়া, ৰুখাবায়ে তেওঁৰ সন্মুখত পৰিয়ালৰ তৃতীয় প্ৰজন্ম বাঢ়ি অহা দেখিবলৈ পাইছে। পৰিবৰ্তনে আনি দিয়া ভালখিনিৰ স্বীকাৰ কৰি তেওঁ ক’লে, “এইখন নতুন পৃথিৱী।”
আমাৰ কথা–বতৰা শেষ হৈ অহাৰ পৰত বৰ্তমান সময়ৰ এক অদ্ভুত আচাৰৰ বিষয়ে তেওঁ ক’লেঃ “আগতে আমি মাহেকীয়াৰ সময়ত সকলো ঠাইলৈকে গৈছিলোঁ। আজিকালি মাইকী মানুহক ৰান্ধনীঘৰত সোমাবলৈ দিয়া নহয়,” স্পষ্ট আৰু আপত্তিজনক সুৰতে তেওঁ কথাখিনি ক’লে। “ভগৱানৰ ফটো ঘৰৰ ভিতৰলৈ সোমাল, কিন্তু মাইকী মানুহ ইয়াৰ পৰা ওলাল।”
অনুবাদ: ৰুবী বৰুৱা দাস