তেজলিবাই ধেড়িয়াই লাহে লাহে খেতিত পৰম্পৰাগত বীজ ব্যৱহাৰ কৰিবলৈ লৈছে।
প্ৰায় ১৫ বছৰ আগতে মধ্যপ্ৰদেশৰ আলিৰাইপুৰ আৰু দেৱচ জিলাত খেতি কৰা ভিল আদিবাসী সম্প্ৰদায়ৰ মহিলা তেজলিবাইহঁতে ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি উৎপাদিক বৰ্ণসংকৰ বীজৰ পৰিৱৰ্তে পৰম্পৰাগত থলুৱা বীজেৰে জৈৱিক খেতি কৰিবলৈ লৈছে। তেজলিবাইয়ে এই প্ৰসংগত কয়, “আমাৰ পৰম্পৰাগত খেতিত খাটনি বহুত, সেই অনুপাতে বজাৰত দামো পোৱা নগৈছিল।” ৭১ বৰ্ষীয় তেজলিবাইয়ে লগতে কয়, “যিখিনি সময় পাইছিলো, সেইখিনিৰ সদব্যৱহাৰ কৰি আমি গুজৰাটলৈ প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰিবলৈ ওলাই গৈছিলো।”
কিন্তু এইকেইখন জিলাৰ ২০ খন গাঁৱত এতিয়া প্ৰায় ৫০০ গৰাকী মহিলাই তেওঁলোকৰ আই-পিতাইয়ে কৰা খেতিৰ বীজ সংৰক্ষিত কৰিছে আৰু কংচৰি নু বাদাওনো (কেএনভি) দেৱীৰ কৃপাৰে জৈৱিক খেতি কৰিবলৈ লৈছে। কেএনভি মানে ভিল (স্থানীয় ভাষাত ভিলালি বোলা হয়) ভাষাত “দেৱীৰ সন্মানাৰ্থে”। ভিল আদিবাসী মহিলাৰ এই বৃহৎ সংগঠন কেএনভি মহিলাৰ অধিকাৰ আৰু তেওঁলোকৰ স্বাস্থ্য সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ১৯৯৭ত গঠিত হৈছিল। স্বাস্থ্য সমস্যাৰ ওপৰত এটা দশকৰো অধিক কাল কাম কৰাৰ পিছত কেএনভি গঠন কৰা আদিবাসী মহিলাসকলে এটা সময়ত উপলব্ধি কৰিলে যে পৰম্পৰাগত শস্যৰ খেতিলৈ তেওঁলোক ঘূৰি আহিলে তেওঁলোকৰ খাদ্যসংক্ৰান্ত সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় হ’ব।
কেএনভিত নিৰ্দিষ্ট কেতবোৰ বীজ সমগ্ৰ দেশতে পৰম্পৰাগত বীজ উভতাই অনাৰ উদ্দেশ্যৰে বিক্ৰী আৰু বিতৰণৰ বাবে পৃথকে ৰখা হয়। আন এটা অংশ খোৱাৰ বাবে ৰখা হয়, কাৱাড়া গাঁৱৰ বাসিন্দা ৰিংকু আলাৱাই কয়। “শস্য চপোৱাৰ পিছত আমি আটাইতকৈ ভাল বীজখিনি বাচি উলিয়াব লাগে,” ৩৯ বৰ্ষীয় ৰিংকুৱে কয়।
ককৰানা গাঁৱৰ খেতিয়ক আৰু কেএনভিৰ সদস্য ৰাইতিবাই সোলাংকি এই কথাত একমত: “বীজৰ গুণগত মান বঢ়োৱা আৰু উৎপাদন বৃদ্ধি কৰাৰ উত্তম উপায় হৈছে বীজ বাচনি কৰা।”
দুকুৰি বয়সৰ ৰাইতিবাইয়ে কয়, “মিলেট আৰু আন খাদ্যশস্য আমাৰ ভিল জনগোষ্ঠীৰ ঘাই খাদ্য আছিল। মিলেটত পানী বেছি নালাগে, আৰু খাদ্যশস্যৰ ভিতৰত আটাইতকৈ পুষ্টিকৰ। ধান আৰু ঘেঁহুৰ খেতিতকৈ এই খেতি কৰা সহজ।” এইবুলি কৈ তেওঁ বিভিন্ন ধৰণৰ মিলেটৰ নাম কৈ যায় - বত্তি (বাৰ্নয়াৰ্ড মিলেট), ভাদি, ৰালা (ফক্সটেইল মিলেট), ৰাগি, বাজৰা (পাৰ্ল মিলেট), কদো’, কুটকি, চাংগ্ৰী আদি। “এইবোৰ বীন, মাহ আৰু সৰিয়হ আৰু বিভিন্ন তৈলবীজৰ সৈতে শস্যাৱৰ্তনেৰে কৰা হয়, ই লগতে মাটিৰ উৰ্বৰতাও অটুট ৰাখে,” তেওঁ কয়।
































