“মই সৰুৰে পৰা ছবি আঁকি ভাল পাইছিলোঁ। ‘ক’ শ্ৰেণীত পঢ়ি থাকোতে শিক্ষকে আমাক হয় কমলা, নহয় ৰঙালাউ আঁকিবলৈ কৈছিল। মই এপাকতে আঁকি দিছিলো,’ হাঁহি এটি মাৰি এইদৰে কয় ৰমেশ দত্তই। “ক’বলৈ গ’লে এনেকৈয়ে এইবোৰ আৰম্ভ হৈছিল।”
আজি তেওঁ অসমৰ বৈষ্ণৱ সত্ৰসমূহৰ অন্যতম মাজুলীৰ গড়মূৰ সৰু সত্ৰত হোৱা ভাওনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু মুখা নিৰ্মাতাসকলৰ অন্যতম। ৫২ বছৰীয়া ৰমেশ দত্তক সকলোৱে মৰমতে ৰমেশ দা বুলি সম্বোধন কৰে। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলীত ভাওনা, শিল্প আৰু সংগীতক বহু প্ৰতিভাৰ অধিকাৰী মৃদুভাষী ৰমেশদাই সজীৱ কৰি আহিছে।
স্মৃতি ৰোমন্থন কৰি তেওঁ কয়, “শৈশৱতে মই পুতলা নাচ চাই বৰ ভাল পাইছিলো। মই আগতে আন মানুহে পুতলা সজা চাইছিলো আৰু সেইদৰেই শিল্পকলাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিলো। সেই সময়ত মই দ্বিতীয় শ্ৰেণীত পঢ়ি আছিলো। মোৰ এনে লাগিছিল যেন মই পুতলা সাজিম আৰু স্কুলত সেই পুতলাৰে নাচ দেখুৱাম।”
তেওঁ যি শিল্প সৃষ্টি কৰে সেয়া বৰ্তমান মাজুলীত মঞ্চত প্ৰদৰ্শিত নহ’লেও সেই শিল্পকলাবোৰ নিজৰ ঘৰৰ কাষতে থকা মুকলি ঠাইত ৰাখি থৈছে। আমি যেতিয়া তেওঁৰ ওচৰলৈ যাওঁ তেতিয়া আমি ভিতৰত এখন ওলোটাকৈ থকা বঠা মৰা নাও দেখিছিলো। ৰমেশ দাই নিৰ্মাণ কৰা মুখাবোৰৰ কাষত ব্ৰাছ আৰু ৰঙৰ টেমা থোৱা আছে। মুখাবোৰৰ ভিতৰত আছে ৰাস মহোৎসৱৰ বাবে নিৰ্মাণ কৰা বগলীৰ লৰচৰ কৰিব পৰা ঠোটৰ মুখা। (পঢ়ক: মাজুলীৰ নিপুণ হাতত প্ৰাণ পাই উঠা মুখাবোৰ)






















