“ আবৰি জৌ আয়েগা না ভোট লেনে , তা কহেংগে কি পহলে পেঞ্চন দো (এইবাৰ ভোট বিচাৰি আহিলে ক’ম, প্ৰথমে পেঞ্চন দিয়া),” লিতাতী মুৰ্মুৱে কয়।
ঝাৰখণ্ডৰ ডুমকা জিলাৰ কুসুমদিহ গাঁৱৰ এটা চুবুৰীত নিজৰ কেঁচা ঘৰটোৰ সন্মুখত দাত্তিত বহি থকা লিতাতীয়ে পাৰিক কয়।
“এইবাৰ আমি ঘৰ আৰু পেঞ্চনৰ দাবী জনাম,” তেওঁৰ কাষতে বহি থকা শৰ্মিলা হেমব্ৰমে মিচিকিয়াই হাঁহি মাৰি কয়।
“পাঁচ বছৰত এবাৰেই সিহঁত আহে,” ৰাজনৈতিক নেতাক লৈ ব্যংগ কৰি তেওঁ কয়। ৰাজনৈতিক নেতাসকল গাঁৱলৈ আহিলে গাঁৱৰ মানুহক সিহঁতে পইচা দিয়ে। “সিহঁতে (ৰাজনৈতিক নেতাবোৰে) আমাক ১,০০০ টকা দিয়ে, পুৰুষক ৫০০ আৰু মহিলাক ৫০০ টকা,” শৰ্মিলাই কয়।
পইচা মানে তেওঁলোকক আঁচনি আদিৰ কথা কৈ আভুৱা ভাঁৰি থোৱাৰ এক উপায়। লিতাতীৰ স্বামী ২০২২ত হঠাতে ঢুকাই থাকিল আৰু এমাহ নৰিয়াপাটিত পৰি থকা শৰ্মিলাৰ গিৰীয়েকো ২০২৩ত ঢুকাইছে। এতিয়া জীৱিকাৰ বাবে কাম বিচাৰি গ’লে দুয়ো দুয়োৰে সঁহাৰি হৈ চলি আছে।
গিৰীয়েক ঢুকাওতে লিতাতী আৰু শৰ্মিলা দুয়োৱে সৰ্বজন পেঞ্চন যোজনা আঁচনিৰ অধীনত বিধবা পেঞ্চন আঁচনিৰ সুবিধা লাভৰ চেষ্টা কৰিছিল। এই আঁচনিৰ অধীনত ১৮ বছৰৰ ওপৰৰ বিধবা মহিলাই ১,০০০ টকা লাভ কৰে। হতাশ হৈ পৰা লিতাতীয়ে কয়, “আমি ভালেকইখন প্ৰপত্ৰ পূৰণ কৰিছো আৰু গাওঁবুঢ়াৰো ওচৰ চাপিছো, কিন্তু একো কামত নাহিল।”
কেৱল পেঞ্চনেই নহয়, কেন্দ্ৰীয় আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰো তেওঁলোকৰ দৰে বহু চাঁওতাল, পাহাৰীয়া আৰু মাহলি (২০১১ৰ লোকপিয়ল অনুযায়ী) পৰিয়ালে (৪৩ শতাংশ) পোৱা নাই। “এই গাওঁখনেই ঘূৰি এবাৰ চাওকচোন, আপুনি ক’তো এটা কলনি ( আঁচনিখনৰ অধীনত পোৱা ঘৰ) নেদেখিব,” শৰ্মিলাই নিজৰ কথাত যুক্তি দৰ্শাই কয়।
কুসুমদিহৰ পৰা সাত কিলোমিটাৰ দূৰৰ হিজলা গাঁৱত নিৰুণি মাৰান্দি আৰু তেওঁৰ স্বামী ৰুবিলা হাঁসদাই ক’ভিড লকডাউনৰ আগতে উজ্বলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ পাইছে ঠিকেই, কিন্তু “৪০০ টকীয়া গেছ চিলণ্ডাৰটো এতিয়া ১,২০০ টকা হ’ল। কেনেকৈ কিনিম?” নিৰুণি মাৰান্দিয়ে কয়।
আন আন চৰকাৰী আঁচনি যেনে নল জল যোজনা আৰু আয়ুষ্মান ভাৰত যোজনা, লগতে মনৰেগাৰ জৰিয়তে নিশ্চিত আয়ৰ সুবিধাও তেওঁলোকে পোৱা নাই, যদিওবা তেওঁলোকৰ গাওঁখন জিলা সদৰ ডুমকা চহৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত অৱস্থিত। গাওঁখনৰ বহু হেণ্ডপাম্পত পানী নাই। হিজলাৰ এজন বাসিন্দাই এই প্ৰতিবেদকক কয় যে তেওঁৰ পৰিয়ালে এক কিলোমিটাৰ দূৰৰ নদী এখনৰ পৰা খোজকাঢ়ি গৈ পানী আনে।
কৰ্মসংস্থানৰ সুবিধাও নাইকিয়া হৈ গৈ আছে। “(নৰেন্দ্ৰ) মোদী যোৱা ১০ বছৰ ধৰি শাসনত আছে। তেওঁ যুৱচামক (প্ৰধানমন্ত্ৰী হিচাপে) কিমান নিয়োগ দিছে? বহু চৰকাৰী পদ খালি হৈ আছে,” দিনহাজিৰা কৰা ৰুবিলাই কয়। তেওঁলোকৰ দুই একৰ খেতিমাটিত ধান, গমধান আৰু মাকৈৰ খেতি কৰে যদিও অতিপাত খৰাং পৰাৰ বাবে তেওঁলোকে যোৱা তিনিবছৰ ধৰি খেতি কৰিব পৰা নাই। “আমি আগতে কিলোত ১০-১৫ টকাত চাউল কিনিছিলো, এতিয়া সেয়া ৪০ টকা হ’ল,” ৰুবিলাই কয়।
ৰুবিলাই ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম)ৰ হৈ বহুবছৰ ধৰি প’লিং এজেণ্টৰ কাম কৰিছে। ইলেকট্ৰনিক ভোটিং মেচিন (ইভিএম) কেবাবাৰো বিকল হোৱা তেওঁ দেখিছে। “কেতিয়াবা মেচিনটো বিকল হৈ পৰে। ১০-১১ টা ভোটলৈকে ঠিকে থাকে। কিন্তু বাৰ নম্বৰটো ভোট দিলে ভুল কাগজ ওলায়,” ৰুবিলাই কয়। তেওঁ সেয়া ভাল কৰাৰ এটা উপায় কয়। “প্ৰক্ৰিয়াটো এনে হ’ব লাগে যে বুটাম টিপাৰ লগে লগে কাগজখন পাব লাগে, তাৰপিছত সেয়া নিশ্চিত কৰি বাকচত ভৰাব পাৰিব লাগে, আগৰ ব্যৱস্থাৰ দৰে,” তেওঁ কয়।
ইয়াৰ লোকসভা আসনখন জনজাতীয় লোকৰ বাবে সংৰক্ষিত। ঝাৰখণ্ডৰ ডুমকা সমষ্টিত জেএমএমৰ প্ৰতিষ্ঠাপক শিবু চৰেণ আঠোটা কাৰ্য্যকাল ধৰি আছিল, ২০১৯ত বিজেপি (ভাৰতীয় জনতা দল)ৰ প্ৰাৰ্থী সুনীল চৰেণে তেওঁক হৰুৱাই সাংসদ হয়। এতিয়া বিজেপিৰ সীতা চৰেণ, শিবু চৰেণৰ ডাঙৰজনী বোৱাৰী, যিয়ে জেএমএমৰ পৰা বিজেপিলৈ দুমাহ আগতে দল বাগৰি আহিছে, তেওঁ জেএমএম-ৰ নলীন চৰেণৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। জেএমএম ইণ্ডিয়া এলায়েন্সত আছে।
২০২৪ৰ ৩১ জানুৱাৰীত ঝাৰখণ্ডৰ পূৰ্বৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণক গ্ৰেপ্তাৰ কৰাৰ পিছৰ পৰা জনতাৰ মাজত ক্ষোভ বাঢ়িছে। ভূমি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত আৰ্থিক কেলেংকাৰীৰ গোচৰ সংক্ৰান্তত আইন বলৱৎকাৰী সঞ্চালকালয়য়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। তাৰপিছত তেওঁ সেই পদৰ পৰা ইস্তফা দিয়ে।
“এইবাৰ এটাও ভোট আমাৰ গাঁৱৰ পৰা বিজেপিলৈ নাযায়,” ৰুবিলাই কয়। “আজি আপোনাৰ চৰকাৰ থকা কাৰণে আপুনি গ্ৰেপ্তাৰ কৰিলে। এয়া ৰাজনীতি আৰু আদিবাসীসকলে এয়া ভালকৈয়ে বুজি পায়।”
*****
চাঁওতাল সম্প্ৰদায়ৰ ত্ৰিশ বছৰৰ আশে-পাশে বয়সৰ লিতাতী আৰু শৰ্মিলাৰ নিজা মাটি নাই, দুয়ো খেতিৰ বতৰত আধিয়া খেতি কৰে আৰু ফচলৰ আধাখিনি পায়। কিন্তু যোৱা তিনিটা বছৰত শৰ্মিলাই কয়, “ একো দানা খেতি নহী হুৱা হ্যে (ক’তো অলপো খেতি হোৱা নাই)।” পাঁচটা হাঁহ পোহা শৰ্মিলাই গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ দূৰত থকা দশোৰধিৰ সাপ্তাহিক বজাৰত কণী বিক্ৰি কৰে।
বছৰৰ আন সময়ত তেওঁ ঘাইকৈ গাঁৱৰ পৰা চাৰি কিলোমিটাৰমান দূৰৰ ডুমকা চহৰৰ নিৰ্মাণ ছাইটবোৰত কাম কৰে। যাতায়াতৰ বাবে তেওঁলোকে টোটো (ই-ৰিক্সা)ক ২০ টকা দিয়ে। “দিনে ৩৫০ টকা উপাৰ্জন কৰোঁ,” শৰ্মিলাই এই প্ৰতিবেদকক কয়। “সকলো মহঙা হৈ গৈছে। আমি কোনোমতে চলি থাকো।”
লিতাতীয়ে কয়, “আমি সামান্য উপাৰ্জন কৰো আৰু কমকৈ খাও,” হাতেৰে দেখুৱাই তেওঁ কয়। “কাম নাথাকিলে আমি মাৰভাত খাই থাকো,” চুবুৰীটোত একো কাম নাপালে তাকেই কৰে বুলি তেওঁ কয়।
ডুমকা জিলাত প্ৰায়ভাগ জনজাতীয় গাওঁ খেতি নাইবা আন কোনো কামত বা চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে পোৱা একমাত্ৰ চৰকাৰী আঁচনি হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পাঁচ কিলোগ্ৰাম চাউল।
মহিলাকেইগৰাকীৰ নিজৰ নামত শ্ৰমিক কাৰ্ড নাই। “যোৱাবছৰ কাৰ্ড বনাবলৈ মানুহ আহিছিল, কিন্তু আমি ঘৰত নাছিলো, কামলৈ গৈছিলো। তাৰপিছত কোনো এতিয়ালৈ অহা নাই,” শৰ্মিলাই কয়। কাৰ্ড নহ’লে তেওঁলোকে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি (মনৰেগা)ৰ অধীনত কাম কৰিবলৈ নাপায়।
“যি কাম পাওঁ, তাকেই কৰোঁ,” লিতাতীয়ে কয় আৰু লগতে যোগ দিয়ে, “ জ্যাদা ধোনে কা কাম মিলতা হ্যে , কহি ঘৰ বন ৰহা হ্যে , তো ইটা ধো দিয়ে , বালু ধো দিয়ে (আমি ঘাইকৈ বস্তু কঢ়িওৱা কাম পাওঁ, ক’ৰবাত যদি ঘৰ বনাই আছে, তাত আমি ইটা আৰু বালি কঢ়িওৱা কাম কৰোঁ।”
কিন্তু কামৰ কোনো নিশ্চয়তা নাই, শৰ্মিলাই কয়। “কেতিয়াবা কাম পাব, কেতিয়াবা নাপায়। কেতিয়াবা আপুনি সপ্তাহত দুই-তিনিদিনলৈ কাম নাপাব।” তেওঁ শেষবাৰ কাম পাইছিল চাৰিদিন আগত। লিতাতীৰ দৰে শৰ্মিলাও পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। তেওঁ শহুৰ-শাহু আৰু তিনি সন্তানৰ সৈতে থাকে।
মহিলাসকলৰ দিনটো পুৱাই আৰম্ভ হয়, তেওঁলোকে ভালে থকা দমকলটোৰ পৰা পানী আনিবলৈ যায়। সেইটোৰ পানীৰে ৫০ টা পৰিয়াল চলে। তাৰপিছত তেওঁলোকে ৰন্ধা-বঢ়া আৰু ঘৰৰ আন কাম কৰে। তাৰিপছত বেলচা আৰু প্লাষ্টিকৰ খদাটো লৈ কামৰ সন্ধানত ওলাই যায়। তেওঁলোকে লগত নেত্থো এটাও লৈ যায়, কিবা ওজন থকা বস্তু কঢ়িয়াবলৈ তেওঁলোকে সেইটো প্ৰথমে মূৰত লয়।
মহিলাসকলে কামৰ সন্ধানত ডুমকালৈ গ’লে তেওঁলোকৰ সন্তানহঁতৰ দায়িত্ব লয় ককা-আইতাকহঁতে।
“কাম নাথাকিলে খাবলৈ একো নাথাকে। কাম কৰা দিনকেইটাত আমি শাক-পাচলি কিনো,” তিনি সন্তানৰ মাতৃ লিতাতীয়ে কয়। মে’ৰ প্ৰথমটো সপ্তাহত তেওঁ বজাৰলৈ গৈ দেখে যে আলুৰ দাম ৩০ টকা কিলো হৈছে। “ দাম দেখ কৰ মাতা খৰাব হৌ গয়া ,” তেওঁ শৰ্মিলালৈ মুখ কৰি কয়।
“আমাক সৰা-মচা কিবা কাম থাকিলে দিয়ক,” লিতাতীয়ে পাৰিৰ এই প্ৰতিবেদকক কয়। “যাতে আমি এঠাইতে কাম কৰি থাকিব পাৰো, অনাই-বনাই কাম বিচাৰি ফুৰিবলগীয়া নহয়।” তেওঁ কয় যে গাঁৱৰ বেছিভাগ মানুহৰে অৱস্থা একেই, নিচেই কম পৰিয়ালৰ চৰকাৰী চাকৰি আছে।
শৰ্মিলাই কয়, “নেতা লোগ ভোট কে লিয়ে আতা হ্যে, ঔৰ চলা জাতা হ্যে, হমলোগ অইচেহি জচ কা তচ (নেতাবোৰ ভোট বিচাৰি আহে আৰু যায়, আমাৰ অৱস্থা একেই থাকি যায়)...”
অনুবাদ: পংকজ দাস