“গৰাল!” অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ চিংচুং চহৰৰ অকোৱা-পকোৱা বাটেৰে গাড়ী চলাই গৈ থাকোতে ড. উমেশ শ্ৰীনিবাসনে এই চাৰিঠেঙীয়া জন্তুবিধ দেখি উল্লসিত হৈ পৰে।
পূব হিমালয়ৰ ওখ-চাপৰ অৰণ্য আৰু পৰ্বতৰ মাজত, নাতিদূৰত এটি চুটি-চাপৰ গাঁঠলু ছাই-বৰণীয়া জন্তু এটা ৰাস্তাৰ সিপাৰে দেখা গৈছে।
“আপুনি কেতিয়াও আগতে এনে দৃশ্য নেদেখিলেহেঁতেন,” ৱেষ্ট কামেং বনাঞ্চলত যোৱা ১৩ বছৰে কাম কৰি অহাৰ অভিজ্ঞতাসম্পন্ন বন্যপ্ৰাণী জীৱবিজ্ঞানীগৰাকীয়ে বিস্মিত হৈ কয়।
ছাঁইবৰণীয়া গৰাল ( Naemorhedus goral) হিমালয়ৰ থিয় পৰ্বতীয়া অঞ্চল যেনে ভুটান , চীন , উত্তৰ ভাৰত , নেপাল আৰু পাকিস্তানৰ ছাগলীজাতীয় প্ৰাণী। কিন্তু ২০০৮ চনত প্ৰকৃতি সংৰক্ষণৰ আন্তৰাষ্ট্ৰীয় সংঘ (আই . ইউ . চি . এন . )য়ে সংকুচিত বসতিস্থলৰ আৰু চোৰাং চিকাৰৰ ফলত এই জন্তুবিধক “ সংকটাসন্ন ” বুলি তালিকাভুক্ত কৰিছে।
“সিহঁত আগৰে পৰা গভীৰ হাবিত থাকিছিল, ওলাই আহিবলৈ সংকোচবোধ কৰিছিল,” হিমালয়ৰ নামনিৰ ভাগত আৰু উত্তৰ-পূব ভাৰতত মানুহৰ বসতি অধিক থকা অঞ্চলত বৰ্তমান দেখিবলৈ পোৱা সংকটাসন্ন প্ৰাণীবিধৰ প্ৰসংগত উমেশে কয়।
গৰালটো দেখাৰ পিছত চিংচুঙৰ খেতিয়ক নিমা চেৰিং মনপাই আমালৈ চাহ আগবঢ়ায় আৰু আন এবিধ জন্তুৰ বিষয়ে কিছু তথ্য দিয়ে। “কেইসপ্তাহমান আগতে মই খেতিপথাৰত এটা ৰঙা পাণ্ডা ( Ailurus fulgens ) দেখিছিলো, সেই স্থান ইয়াৰ পৰা বেছি দূৰত নহয়।” বিলুপ্তপ্ৰায় প্ৰজাতিৰ ৰঙা পাণ্ডা চীন, ম্যানমাৰ, ভূটান, নেপাল আৰু ভাৰতত পোৱা যায় যদিও যোৱা তিনিটা প্ৰজন্মত জন্তুবিধৰ সংখ্যা ৫০ শতাংশ হ্ৰাস পাইছে। আগন্তুক দুটা দশকত জন্তুবিধৰ সংখ্যা আৰু হ্ৰাস পাব বুলি আই.ইউ.চি.এন. য়ে সতৰ্ক কৰি দিছে।
চিংচুঙত বনৰীয়া জীৱ-জন্তু দেখা পোৱাটো কোনো কাকতালীয় সংযোগ নহয়, স্থানীয় লোকে কয়। ২০১৭ত বহনক্ষম সংৰক্ষণৰ বাবে আৰম্ভ হোৱা পদক্ষেপৰ এই ফল বুলি তেওঁলোকে বিশ্বাস কৰে। ২০১৭ত স্থানীয় জনগোষ্ঠী বুগুনৰ সৈতে অৰুণাচল বন বিভাগে পূৰ্বে বৰ্গীকৰণ নোহোৱা সামূহিক বনাঞ্চলক চিংচুং বুগুন গাওঁ সামূহিক সংৰক্ষিত বনাঞ্চল (এছ . বি . ভি . চি . আৰ .) লৈ ৰূপান্তৰ কৰে।
চিংচুঙৰ দাঁতিকাষৰীয়া নিচেই কম ব্যাসাৰ্ধৰ বনাঞ্চলখনত বিশ্বৰ ঘোৰ সংকটজনক পক্ষীসমূহৰ এবিধ বুগুন লিওচিকলা ( Liocichla bugunorum ) পোৱাৰ পিছত এই সামূহিক বন সংৰক্ষণৰ কাহিনী আৰম্ভ হয়।
সততে চকুত নপৰা জলফাই বৰণীয়া চৰাইবিধৰ মুৰত ঘন ক’লা টুপি, চকুৰ ওপৰভাগত উজ্জ্বল হালধীয়া বৰণ আৰু ডেউকাৰ শেষৰফালে ৰঙা ৰং থাকে। ২০০৬ত প্ৰজাতি হিচাপে তালিকাভূক্ত কৰা চৰাইবিধৰ নাম ৰখা হৈছে বুগুন জনগোষ্ঠীৰ নামত, কিয়নো এই জনগোষ্ঠীৰ বসতিস্থলতে চৰাইবিধৰ ঘৰ।
“গোটেই পৃথিৱীৰ মানুহে এই চৰাইবিধৰ বিষয়ে জানিব পাৰিছিল,” চালিনা পিন্যাই চিংচুঙৰ নিজ শোৱনি কোঠাত বহি আমাক কয়, কোঠাটোৰ বেৰবোৰ স্থানীয় ক্ৰান্তীয় পাৰ্বত্য অঞ্চলৰ ফটোৰে ভৰি আছে।
পাঁচ বছৰ আগৰ কথা, পিন্যাই বুগুন লিওচিকলা বুলি যে কিবা এটা আছে, তাকো নাজানিছিল। কিন্তু আজি এই ২৪ বৰ্ষীয় মহিলাগৰাকী চিংচুং বুগুন গাওঁ সামূহিক সংৰক্ষিত অঞ্চলৰ প্ৰথমগৰাকী টহলদাৰী বিষয়া আৰু এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ পূব হিমালয়ৰ এই অৰণ্যবোৰ নথিবদ্ধ কৰে।
২০১৭ত বহনক্ষম সংৰক্ষণৰ উদ্দেশ্যে চিংচুং বুগুন গাওঁ সামূহিক সংৰক্ষিত বনাঞ্চল গঠনৰ পিছৰে পৰা বিৰল প্ৰজাতিৰ চৰাই-চিৰিকতি সঘনে পৰিলক্ষিত হৈছে
জনগোষ্ঠীটোৱে যাতে এই বনাঞ্চলখনত নিজৰ কৰ্তৃত্ব থকাটো অনুভৱ কৰে, তাৰবাবে ১৯৯৬ত প্ৰথমবাৰৰ বাবে চৰাইবিধ দেখা ব্যক্তি ৰমন আত্ৰেয়াই কয়, “এছ.বি.ভি.চি.আৰ. যোগেদি সম্প্ৰদায়টোৱে নিজৰ জৈৱবৈচিত্ৰ সংৰক্ষিত কৰিব পাৰিছে, লগতে সম্প্ৰদায়টোৱে কিদৰে ভৱিষ্যতে আগবাঢ়িব বিচাৰে, তাৰবাবে সেই বনাঞ্চলখন কেনেদৰে ব্যৱহাৰ কৰিব, তাৰ প্ৰতিও সচেতন হৈ উঠিছে।”
তেওঁ নিজেই সংৰক্ষিত বনাঞ্চলখনৰ নামটো বুগুনসকলৰ নামেৰে ৰখাৰ বাবে জোৰ দিছিল, যাতে কণমানি পক্ষীবিধৰ বসতিস্থল সংৰক্ষণত জনগোষ্ঠীটোৱে ঘনিষ্ঠভাবে জড়িত থকাটো অনুভৱ কৰে আৰু তেনেকৈয়ে এতিয়া চৰাইবিধৰ ঘৰ নিৰাপদ, সংৰক্ষিত।
অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ নিম্ন প্ৰদেশত অৱস্থিত এছ.বি.ভি.চি.আৰ.খন ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত গঠন কৰা হৈছে। গঠন হোৱাৰ পৰা এতিয়ালৈ পাঁচ বছৰত এই ১৭ বৰ্গকিলোমিটাৰজোৰা সামূহিক সংৰক্ষিত বনাঞ্চলখনে সামূহিক সংৰক্ষণৰ ক্ষেত্রত দৃষ্টান্তমূলক হৈ পৰিছে।
এই বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্রত স্থানীয় বুগুন সম্প্ৰদায়ৰ পিন্যাহঁতে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁৰ কাম হৈছে ১০জন আন বন বিষয়াৰ সৈতে অঞ্চলটোত টহল দিয়া আৰু চোৰাং চিকাৰীৰ পৰা বনাঞ্চলখনক ৰক্ষা কৰা।
এছ.বি.ভি.চি.আৰ.ৰ এগৰাকী টহলদাৰী বিষয়া লেকি নৰ্বুৱে বনাঞ্চলখনত হ’বপৰা অবৈধ কাৰ্য্যকলাপ যেনে গছ কটা, চিকাৰ কৰা, ফান পতা আদিৰ ওপৰত চোকা নজৰ দিয়ে। “গছ কটাৰ জৰিমনা ১,০০,০০০ পৰ্য্যন্ত হ’ব পাৰে, একেদৰে চিকাৰৰ বাবেও তাতোকৈ বেছি জৰিমনা ভৰিব লাগিব,” ৩৩ বৰ্ষীয় বুগুন জনগোষ্ঠীৰ নৰ্বুৱে কয়।
মানৱীয় কাৰ্য্যকলাপ নাইকিয়া হোৱাত ঘন অৰণ্যৰ পৰা জীৱ-জন্তু ওলাই আহি এছ.বি.ভি.চি.আৰ.ত সোমাবলৈ লৈছে। তৃণভূমিত বিচৰণ কৰা গৰু-ম’হৰ লেখীয়া আটাইতকৈ ডাঙৰ প্ৰজাতি মেঠোন অসুৰক্ষিত প্ৰাণীৰ তালিকাত আছে, কিন্তু এছ.বি.ভি.চি.আৰ.ত লেকিয়ে কয়, “নম্বৰ থৌ জ্যাদা হুৱা জেচা হ্যে। পেহলে সে আতা থা, পৰ জ্যাদা নম্বৰ ম্যে নহী আতা হ্যে, চিংগল হি আতা থা (বনাঞ্চলত এতিয়া অধিক সংখ্যক মেঠোন দেখিবলৈ পোৱা গৈছে। আগতেও আহিছিল, কিন্তু এটা-দুটা। এতিয়া জাক পাতি অহা হৈছে।”
আন জীৱ-জন্তুও জাকত দেখিবলৈ পোৱা গৈছে। “ধোলে নামে ৰাং কুকুৰৰ ( Cuon alpinus ) সংখ্যা বাঢ়িছে, যোৱা ৩-৪টা বছৰত এছ.বি.ভি.চি.আৰ.ত এই ৰাং কুকুৰৰ কাৰ্য্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে,” চিংচুঙৰ বাসিন্দা বুগুন সম্প্ৰদায়ৰ খান্দু গ্লোৱে কয়, তেওঁ এছ.বি.ভি.চি.আৰ. কমিটিৰ অধ্যক্ষ।
অৰণ্যখনে চিংচুং চহৰ আৰু ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যখনৰ মাজত বাফাৰ জ’ন হিচাপে কাম কৰে। অভয়াৰণ্যখন বিভিন্ন বন্যজীৱ যেনে গোধাফুটুকী, মাৰ্বল চকুৱা মেকুৰী, এছীয়ায় সোণালী মেকুৰী আৰু লতামাকৰি বাঘেৰে ভৰি আছে। সংকটাপন্ন টুপীপিন্ধা হনুমান, গৰাল, ৰঙা পাণ্ডা, এছিয়ায় ক’লা ভালুক আৰু বিপন্ন অৰুণাচলী মেকাক আৰু মেঠোন আদিৰো ঘৰ এই অৰণ্য। ৩,২৫০ মিটাৰ উচ্চতাত হাতীৰ বসতি থকা পৃথিৱীৰ একমাত্ৰ অৰণ্যখনো ইগলনেষ্ট।
কিন্তু চৰাইবোৰেহে দেশী-বিদেশী পৰ্য্যটকক আকৰ্ষিত কৰি আহিছে। ইগলনেষ্ট ৬০০ৰো অধিক প্ৰজাতিৰ পক্ষীৰ ঘৰ, তাৰে কিছুমান অতিকৈ বিৰল যেনে স্কাৰ্লেট বেলিড ৱাৰ্ডচ্ ট্ৰগন ( সংকটাসন্ন ), ডঁৰিক জাতীয় ডাঙৰ অসুৰক্ষিত চৰাই যেনে ব্লিথচ্ ট্ৰেগোপান আৰু উজ্জ্বল নীলা-ছাইবৰণীয়া বিউটিফুল নটেচ্চ ( অসুৰক্ষিত )।
এতিয়া ইগলনেষ্টৰ কাষতে থকা চিংচুংখনো চৰাইৰ জনপ্ৰিয় পৰ্য্যটকস্থলী হৈ পৰিছে। ঘোৰ সংকটজনক বুগুন লিওচিকলাৰ সন্মোহনী তীক্ষ্ন সুৰীয়া মাত শুনিবলৈ পৰ্য্যটক ইয়ালৈ আহে। বিশ্বত মাত্ৰ ১৪ৰ পৰা ২০ টামান প্ৰজননক্ষম প্ৰাপ্তবয়স্ক বুগুন লিওচিকলা থকা এই বাগী দিয়াত পাকৈত চৰাইবিধ মুহূৰ্তৰ বাবে চাবলৈ পোৱাটো পক্ষী নিৰীক্ষকসকলে ভাগ্যৰ কথা বুলি বিবেচনা কৰে।
বুগুন লিওচিকলা সাধাৰণতে যুৰীয়া হিচাপে নাইবা জাক পাতি থকা দেখা যায়। পূব হিমালয়ৰ নিম্নভাগৰ ঘন অৰণ্য (সাগৰপৃষ্ঠৰ পৰা ২,০৬০-২,৩৪০ মিটাৰ উচ্চতাত) এই চৰাইবিধৰ একমাত্ৰ বসতিস্থল।
“ইগলনেষ্ট, নামদফা ৰাষ্ট্ৰীয় উদ্যান (অৰুণাচল প্ৰদেশতে আছে) আৰু অসমত অলেখ চৰাই পোৱা যায়, কিন্তু লিওচিকলা কেৱল চিংচুঙতে পাব। চৰাইবিধ ইয়াত নাপালে মানুহ ইয়ালৈ নাহিলেহেঁতেন,” লামা কেম্প নামে পৰিৱেশ অনুকুল ইক’ কেম্প চলোৱা ইন্দি গ্লোৱে কয়। “চৰাইবিধ নাপালে মানুহে অতিৰিক্ত দুই-চাৰিদিন ইয়াত থাকি যায়,” গ্লোৱে কয়।
ইয়ালৈ অহা শ শ পৰ্য্যটকৰ পৰা স্থানীয় লোক উপকৃত হয়। “আজিকালি চিংচুঙত বছৰি ৩০০ৰ পৰা ৪০০ পৰ্য্যটক আহে আৰু পৰ্য্যটকৰ সংখ্যা বাঢ়িব ধৰিছে।” বাৰিষাৰ ঠিক আগে আগে, এপ্ৰিলৰ পৰা জুন মাহত পৰ্য্যটকৰ সংখ্যা সৰ্বাধিক হয়।
সমালোচনা যিয়েই নহওঁক, আত্ৰেয়াই পৰ্য্যটক আহিলে ভাল পায়, কিয়নো তেওঁৰ উপাৰ্জন হয়। “ইয়াত পইচাৰ প্ৰয়োজন। কেৱল দৰমহাৰ পৰিমাণ (সংৰক্ষণৰ পদক্ষেপৰ বাবে) বছৰি ১৫ লাখ টকা।” পেছাত ৰেডিঅ’ জোতিৰ্বিজ্ঞানী আত্ৰেয়াই অৰুণাচল প্ৰদেশৰ সংৰক্ষণৰ সৈতে ওতঃপ্ৰোতঃভাবে জড়িত আৰু বুগুনসকলৰ এই পদক্ষেপৰ প্ৰশংসা কৰি কয়, “বুগুনসকলে এইবাৰ দায়িত্ব লৈছে আৰু ভালেই কৰিছে। তেওঁলোকে আমি আশা কৰাতকৈ বহুত ভাল কৰিব পাৰিছে।”
আজিকালি জনগোষ্ঠীটোৰ লোকসকলে পৰিৱেশানুকূল শিবিৰ চলায়, নিয়মীয়াকৈ টহল দিয়ে আৰু অঞ্চলটোৰ স্কুলবোৰত সজাগতা অভিযানো চলায়। বুগুনসকল অনুসূচিত জনজাতিৰ অন্তৰ্গত আৰু ২০১৩ৰ এই প্ৰতিবেদন অনুযায়ী তেওঁলোকৰ জনসংখ্যা ১,৪৩২। কিন্তু তেওঁলোকে কয় যে তেওঁলোকৰ জনসংখ্যা অতিকমেও তাৰ দুগুণ।
পিন্যাহঁতৰ দৰে স্থানীয় লোকে ৱেষ্ট কামেং জিলাৰ স্কুলবোৰত অৰণ্য আৰু তাৰ জৈৱবৈচিত্ৰ প্ৰয়োজনীয়তা সম্পৰ্কে বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰে। শৈশৱত সততে দেখি অহা ঘটনাৰ পৰা তেওঁ বুজি পাইছে যে সংৰক্ষণৰ দিশত সজাগতাৰ কিমান প্ৰয়োজন আছে। “মই দেখিছিলো কেনেকৈ মোৰ লগৰীয়াবোৰে হাবিলৈ গৈ সৰু সৰু চৰাইবোৰ মাৰি খাইছিল। এই কথাত মই হতাশ হৈছিলো আৰু সিহঁতক বচাব বিচাৰিছিলো, লগৰীয়াবোৰক প্ৰশ্ন কৰিছিলো, ‘খাবৰ বাবে চিকেন আছেই, সেয়া খাব যদি পাৰি, তেন্তে কিয় এই হাবিখনক, চৰাইবোৰক কষ্ট দিছা?’”
তেওঁৰ সহকৰ্মী নৰ্বুৱে যোগ দিয়ে, “আমাৰ পঢ়াত মন নাছিল। আমি দল বান্ধি হাবিলৈ গৈ কেতিয়াবা চিকাৰ ধৰি আনিছিলো - কেতিয়াবা সুগুৰী পহু, ডঁৰিকজাতীয় চৰাই, বনৰীয়া গাহৰি আদি,” তেতিয়া চিকাৰ কৰাটো চখ আছিল, পঢ়াত কাৰো গুৰুত্ব নাছিল।
“কেতিয়াবা খাবলৈ চিকাৰ কৰা হৈছিল, কেতিয়াবা এনেয়ে মানুহে এনেয়ে কৰিছিল,” সংকটাপন্ন বন্যপ্ৰাণী থকা অৰণ্যখনত অবৈধ কাৰ্য্যকলাপৰ ওপৰত এতিয়া চোকা নজৰ ৰখা নৰ্বুৱে কয়।
সংৰক্ষিত বনাঞ্চলখনৰ অন্যতম চালিকাশক্তি হৈছে ৱেষ্ট কামেং জিলাত আঠ বছৰ ধৰি কাম কৰি অহা প্ৰাক্তন জিলা বন বিষয়া (ডি.এফ.অ’.) মিলো টাছাৰ। “সম্প্ৰদায়টোৰ লোকসকলক আগস্থান দি আগনবঢ়া হ’লে এই সংৰক্ষণস্থলী গঢ়ি তোলাটো সম্ভৱ নহ’লহেঁতেন,” এতিয়া জিৰ’ ভেলীৰ ডি.এফ.অ’. টাছাৰে কয়। “ই পোনপটীয়াকৈ নিয়োগৰ সুবিধা সৃষ্টি কৰিলে আৰু সম্প্ৰদায়টোক অন্তৰ্ভুক্ত কৰি নোলোৱাহেঁতেন এছ.বি.ভি.চি.আৰ. গঠনৰ এই প্ৰক্ৰিয়া সম্ভৱ হৈ নুঠিলহেঁতেন,” সামূহিক অংশগ্ৰহণৰ বিষয়টোত জোৰ দি বন বিষয়াজনে কয়।
বহু পৰিয়ালৰ অতিকমেও এজনকৈ হ’লেও সদস্য ইয়াত ৰান্ধনী, বনকৰ্মী, গাড়ীচালক আৰু আন সেৱাত নিয়োজিত হৈ আছে। সন্মুখ শ্ৰেণীৰ কৰ্মীসকলে প্ৰায়ে ৰাজ্যিক অনুদানৰ অধীনত পাবলগীয়া দৰমহা পলমকৈ পায় আৰু পৰ্য্যটনৰ ফালৰ পৰা উপাৰ্জন অতিকৈ আৱশ্যক হৈ পৰে।
বুগুনসকলে অৱশ্যে সেই সৰু চৰাইটিৰ বাবেই চহৰখনলৈ পৰিৱৰ্তন অহা বুলি কয়। “লিওচিকলা নথকা হ’লে চিংচুংখন ইমান উন্নত নহ’লহেঁতেন,” গ্লোৱে কয়।
*****
চৰাইবিধে সম্প্ৰদায়ৰ পৰা আধা নাম পাইছে যদিও “আধা নাম লিওচিকলা আহিছে ৰোমান ভাষাৰ মিহি চৰাইৰ পৰা,” গভীৰ সেউজ অৰণ্য আৰু উপত্যাকাত চৰাই-চিৰিকতিৰ মাতেৰে ভৰা এছ.বি.ভি.চি.আৰ.ত খোজকাঢ়ি কথা পাতি থকাৰ মাজতে উমেশে কয়।
আমি জানিবলৈ পালো যে এই ঘন সেউজ অৰণ্যখনত এক সমস্যাই দেখা দিছে।
ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত গৱেষণাৰত পক্ষীবিদ শ্ৰীনিবাসনে কয় যে পৰ্বতাঞ্চলত উষ্ণতা বৃদ্ধি পাইছে, হোৱাইট-টেইলড ৰবিন আৰু কমন গ্ৰীণ মেগপিয়ে উষ্ণতা বঢ়াৰ বাবে তাপ সহ্য কৰিব নোৱাৰি পৰ্বতৰ ওখ স্থানলৈ গতি কৰিছে।
বিখ্যাত চৰাইবিধ “এতিয়া কেৱল সাগৰপৃষ্ঠৰ ২,০০০-২,৩০০ মিটাৰ উচ্চতাত ২ বৰ্গকিলোমিটাৰ এলেকাৰ ভিতৰত পোৱা যায়,” তেওঁ কয়। “কিন্তু লিওচিকলাইও ঠাই সলাব লাগিব, আৰু সলালে সিহঁত ওপৰলৈ যাব।” এই কথা চিন্তা কৰি সামূহিক সংৰক্ষিত অঞ্চলটো ভালেমান ওখ পৰ্বতাঞ্চল আগুৰি নিৰ্মাণ কৰা হৈছে। “এছ.বি.ভি.চি.আৰ.খন ১,৩০০ৰ পৰা ৩,৩০০ মিটাৰ উচ্চতা সামৰি গঢ়ি তোলা হৈছে,” শ্ৰীনিবাসনে কয়। চৰাইবোৰ কেনেকৈ উষ্ণতা বৃদ্ধিৰ সৈতে টিকিব নোৱাৰি ক্ৰমে পৰ্বতৰ উপৰভাগলৈ গতি কৰিছে, সেইবিষয়ে এই প্ৰতিবেদন পঢ়িব পাৰে: অৰুণাচলৰ এধানি পখীয়ে দিছে জলবায়ু পৰিৱৰ্তনৰ সংকেত
কিন্তু সামূহিক সংৰক্ষিত বনাঞ্চলখন পতাৰ ফলত সমালোচনাও হৈছিল। “আমি আমাৰ অৰণ্যৰ সৈতে সংস্পৰ্শ হেৰুৱাইছো আৰু সেয়ে এই সামূহিক সংৰক্ষিত বনাঞ্চলখন সৃষ্টিত প্ৰথমে আপত্তি কৰিছিলো,” স্থানীয় ঠিকাদাৰ চাং নৰ্বু ছৰাইয়ে কয়। “বন বিভাগে মাটি লৈ যায় আৰু মানুহে বিনিময়ত একো নাপায়,” চিংচুঙৰ বাসিন্দা বুগুন সম্প্ৰদায়ৰ নৰ্বু ছৰাইয়ে কয়।
কিন্তু সংৰক্ষিত বনাঞ্চলখনত থকা জলাশয়টোৱে তেওঁৰ লগতে আন প্ৰতিবাদীসকলক চিন্তা কৰিবলৈ বাধ্য কৰালে। “চিংচুংখন জলাশয়টোৰ নামনিত আছে আৰু তাৰপৰাই চহৰখনে পানী পায়। জলাশয়টো সুৰক্ষিত কৰিবলৈ হ’লে আমি অৰণ্যখন সংৰক্ষণ কৰিবই লাগিব, বিশেষকৈ গছ কটা আৰু নিৰ্বননিকৰণ বন্ধ কৰাটো অতিকৈ জৰুৰী আছিল,” প্ৰাক্তন স্থানীয় ঠিকাদাৰ ছৰাইয়ে কয়।
অসমৰ তেজপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ ইগলনেষ্টলৈ বুগুনৰ ছবি গোটেই অঞ্চলটোতে দেখিবলৈ পাব। বুগুন সম্প্ৰদায়ৰ লোকৰ সংৰক্ষণৰ প্ৰচেষ্টা আৰু চৰাইবিধ কিমান জনপ্ৰিয় হৈ উঠিছে, ইয়াৰ পৰাই জানিব পাৰি। “আজি পৃথিৱীত আমাৰ নাম আছে, আমাক মানুহে জানিছে,” ছৰাইয়ে কয়। “ইয়াতকৈ বেছি আমাক আৰু কি লাগিছে?”
অনুবাদ: পংকজ দাস