‘‘প্ৰতিবাৰে ভাটি [কমাৰশাল] জ্বলাওতে মই আঘাত পাওঁ।’’
চালমাই আঙুলিকেইটাত আঘাত পাইছে আৰু সেই আঘাতৰ উপশমৰ বাবে তেওঁ ভাটিৰ পৰা এমুঠি ছাঁই আনি তাত ঘঁহি দিছে৷
৪১ বৰ্ষীয়া চালমাৰ পৰিয়ালটো ছয়টা কমাৰ পৰিয়ালৰ ভিতৰত অন্যতম আৰু তেওঁলোকে সোণিপটৰ বাহালগড় বজাৰৰ জুগ্গিত একেলগে বাস কৰে৷ এফালে ব্যস্ত বজাৰ পথ আৰু আনফালে পৌৰনিগমৰ আৱৰ্জনাৰ স্তূপ৷ তাৰ কাষতে এটা চৰকাৰী শৌচালয় আৰু পানীৰ টেংকাৰো আছে৷ চালমা আৰু তেওঁৰ পৰিয়ালে নিত্য প্ৰয়োজনীয়তাসমূহ এই চৰকাৰী সুবিধাৰ পৰাই গ্ৰহণ কৰে৷
সেই জুগ্গিত বিদ্যুতৰ কোনো ব্যৱস্থা নাই৷ যদি ৪-৬ ঘণ্টাৰ বাবে বৰষুণ দিয়ে তেন্তে গোটেই এলেকাটো পানীৰে উপচি পৰে৷ যোৱাবাৰ ২০২৩ চনৰ অক্টোবৰত এনে ধৰণৰ অৱস্থা হৈছিল৷ সেই সময়ত তেওঁলোকে বিচনাত বহি ভৰিখন পানীত ডুবাই ৰাখি পানী কমি যোৱালৈ অপেক্ষা কৰিছিল৷ ২-৩ দিন ধৰি তেওঁলোক তেনেকৈয়ে আছিল৷ ‘‘সেই দিনকেইটা যথেষ্ট দুৰ্গন্ধময় হৈ পৰিছিল’’, চালমাৰ ল’ৰা দিলছাদে সেইদিনবোৰৰ কথা সোঁৱৰণ কৰে৷
‘‘কিন্তু আন ক’লৈ যাম?’’ চালমাই সোধে, ‘‘মই জানো যে আৱৰ্জনাৰ কাষত থকাৰ পৰা আমাৰ স্বাস্থ্যৰ হানি হ’ব৷ জাবৰৰ দ’মৰ পৰা অহা মাখিবোৰ আমাৰ খাদ্যৰ ওপৰতো পৰে৷ কিন্তু ইয়াৰ পৰিত্ৰাণৰ উপায় আছে জানো?’’
ৰাজস্থানৰ পিছপৰা জাতিসমূহৰ ভিতৰত গাডিয়া বা গাডুলিয়া লোহাৰক যাযাবৰ জনজাতি (এনটি) হিচাপে তালিকাভুক্ত কৰা হৈছে৷ এই সম্প্ৰদায়ৰ লোকসকল দিল্লী আৰু হাৰিয়ানাতো বাস কৰে যদিও তেওঁলোকক পূৰ্বে যাযাবৰ জনজাতি বুলিয়েই জনা গৈছিল৷ হাৰিয়ানাত তেওঁলোকক পিছপৰা জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে৷
তেওঁলোকে বাস কৰা বজাৰখন ১১ নং ৰাজ্যিক ঘাইপথ ওচৰতে আৰু সেয়ে সতেজ খাদ্য, মিঠাই, পাকঘৰৰ মচলা, বৈদ্যুতিক উপকৰণকে ধৰি বহু সামগ্ৰীৰ বাবে গ্ৰাহক আহে৷ বহুতে তাতে বিপণি পাতি বহে আৰু বজাৰ বন্ধ হোৱাৰ পিছত গুচি যায়৷




















