‘‘প্ৰতিবাৰে ভাটি [কমাৰশাল] জ্বলাওতে মই আঘাত পাওঁ।’’
চালমাই আঙুলিকেইটাত আঘাত পাইছে আৰু সেই আঘাতৰ উপশমৰ বাবে তেওঁ ভাটিৰ পৰা এমুঠি ছাঁই আনি তাত ঘঁহি দিছে৷
৪১ বৰ্ষীয়া চালমাৰ পৰিয়ালটো ছয়টা কমাৰ পৰিয়ালৰ ভিতৰত অন্যতম আৰু তেওঁলোকে সোণিপটৰ বাহালগড় বজাৰৰ জুগ্গিত একেলগে বাস কৰে৷ এফালে ব্যস্ত বজাৰ পথ আৰু আনফালে পৌৰনিগমৰ আৱৰ্জনাৰ স্তূপ৷ তাৰ কাষতে এটা চৰকাৰী শৌচালয় আৰু পানীৰ টেংকাৰো আছে৷ চালমা আৰু তেওঁৰ পৰিয়ালে নিত্য প্ৰয়োজনীয়তাসমূহ এই চৰকাৰী সুবিধাৰ পৰাই গ্ৰহণ কৰে৷
সেই জুগ্গিত বিদ্যুতৰ কোনো ব্যৱস্থা নাই৷ যদি ৪-৬ ঘণ্টাৰ বাবে বৰষুণ দিয়ে তেন্তে গোটেই এলেকাটো পানীৰে উপচি পৰে৷ যোৱাবাৰ ২০২৩ চনৰ অক্টোবৰত এনে ধৰণৰ অৱস্থা হৈছিল৷ সেই সময়ত তেওঁলোকে বিচনাত বহি ভৰিখন পানীত ডুবাই ৰাখি পানী কমি যোৱালৈ অপেক্ষা কৰিছিল৷ ২-৩ দিন ধৰি তেওঁলোক তেনেকৈয়ে আছিল৷ ‘‘সেই দিনকেইটা যথেষ্ট দুৰ্গন্ধময় হৈ পৰিছিল’’, চালমাৰ ল’ৰা দিলছাদে সেইদিনবোৰৰ কথা সোঁৱৰণ কৰে৷
‘‘কিন্তু আন ক’লৈ যাম?’’ চালমাই সোধে, ‘‘মই জানো যে আৱৰ্জনাৰ কাষত থকাৰ পৰা আমাৰ স্বাস্থ্যৰ হানি হ’ব৷ জাবৰৰ দ’মৰ পৰা অহা মাখিবোৰ আমাৰ খাদ্যৰ ওপৰতো পৰে৷ কিন্তু ইয়াৰ পৰিত্ৰাণৰ উপায় আছে জানো?’’
ৰাজস্থানৰ পিছপৰা জাতিসমূহৰ ভিতৰত গাডিয়া বা গাডুলিয়া লোহাৰক যাযাবৰ জনজাতি (এনটি) হিচাপে তালিকাভুক্ত কৰা হৈছে৷ এই সম্প্ৰদায়ৰ লোকসকল দিল্লী আৰু হাৰিয়ানাতো বাস কৰে যদিও তেওঁলোকক পূৰ্বে যাযাবৰ জনজাতি বুলিয়েই জনা গৈছিল৷ হাৰিয়ানাত তেওঁলোকক পিছপৰা জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে৷
তেওঁলোকে বাস কৰা বজাৰখন ১১ নং ৰাজ্যিক ঘাইপথ ওচৰতে আৰু সেয়ে সতেজ খাদ্য, মিঠাই, পাকঘৰৰ মচলা, বৈদ্যুতিক উপকৰণকে ধৰি বহু সামগ্ৰীৰ বাবে গ্ৰাহক আহে৷ বহুতে তাতে বিপণি পাতি বহে আৰু বজাৰ বন্ধ হোৱাৰ পিছত গুচি যায়৷
কিন্তু চালমাৰ দৰে লোকসকলৰ বাবে বজাৰখনেই ঘৰ আৰু কৰ্মস্থলী।
‘‘পুৱা ৬ বজাতেই মোৰ কাম আৰম্ভ হয়৷ ভাটিত জুই ধৰিব লাগে, পৰিয়ালৰ সদস্যবোৰৰ বাবে আহাৰ প্ৰস্তুত কৰিব লাগে আৰু পিছত কামলৈ যাব লাগে’’, ৪১ বৰ্ষীয়া চালমাই এইদৰে কয়৷ স্বামী বিজয়ৰ সৈতে তেওঁ দিনটোত দুবাৰকৈ ভাটিত কাম কৰে৷ লোবোৰ গলাই, হাতুৰীৰে পিটি সঁজুলি প্ৰস্তুত কৰা হয়৷ এদিনত তেওঁলোকে চাৰিৰ পৰা পাঁচটা সঁজুলি নিৰ্মাণ কৰিব পাৰে৷
আবেলি কিছুসময়ৰ বাবে চালমাই কামৰ পৰা আহৰি পায়৷ সেই সময়খিনিত তেওঁ বিচনাত আৰামকৈ বহি কাষত দুয়োটা সন্তান বহুৱাই লৈ গৰম চাহৰ কাপত চুমুক দিয়ে৷ তেওঁৰ ছোৱালী তনুৰ বয়স ১৬ আৰু ল’ৰা দিলছাদৰ বয়স ১৪৷ তেওঁৰ ননদৰ জীয়েক শিৱানী, কাজল আৰু চিৰিয়া কাষতে থাকে৷ কেৱল ৯ বছৰীয়া চিৰিয়াহে স্কুললৈ যায়৷
‘‘এইখিনি তোমালোকে হোৱাটছএপত দিবা নেকি? প্ৰথমে মোৰ কামখিনিৰ কথা উল্লেখ কৰিবা!’’ চালমাই কয়৷
তেওঁৰ ব্যৱসায়ৰ উপকৰণ আৰু চালনী, হাতুৰী-বটালি, কুঠাৰ আদি নিৰ্মিত সামগ্ৰীবোৰ আবেলিৰ ৰ’দৰ পোহৰত চিকমিকাই উঠে৷
‘‘এই জুগ্গিত আমাৰ সঁজুলিবোৰেই হ’ল আটাইতকৈ অমূল্য সম্পদ’’, চালমাই কয়৷ বিৰতিৰ শেষত তেওঁৰ হাতত চাহৰ কাপৰ ঠাইত হাতুৰি আৰু বটালিযে দখল কৰে৷ অভ্যাসত নিখুঁত হৈ পৰা হাতদুখনৰে চালমাই অতি সহজেই বটালিৰে পাত্ৰটোৰ তলিখন মাত্ৰ দুটা টোকৰতেই ছিদ্ৰ কৰিব পাৰে৷ ‘‘এই চালনী পাকঘৰৰ বাবে নহয়৷ খেতিয়কসকলে ইয়াক শস্য চালিবলৈ ব্যৱহাৰ কৰে৷’’
ঘৰৰ ভিতৰত দিনটোত দুবাৰ- পুৱা আৰু আবেলি ভাটিৰ সন্মুখত বিজয় বহে৷ আকাৰ দিবলৈ ভাটিত সোমাই দিয়া লোৰ মাৰিডাল ৰঙা হৈ পৰিছে যদিও সেই তাপত যেন বিজয়ে অকণো আমনি পোৱা নাই৷ ভাটিৰ জুই প্ৰস্তুত কৰিবলৈ কিমান সময় লাগে বুলি সোধাত বিজয়ে হাঁহি এটা মাৰি কয়, ‘‘যেতিয়া ভিতৰত জ্বলে আমি তেতিয়াহে গম পাও৷ বতাহ সেমেকা হ’লে সময়ৰ প্ৰয়োজন হয়৷ আমি ব্যৱহাৰ কৰা কয়লাৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে এঘণ্টা বা দুঘণ্টা সময়ৰ প্ৰয়োজন হয়৷
কয়লাৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৫ৰ পৰা ৭০ টকালৈকে হয়৷ চালমা আৰু বিজয়ে উত্তৰ প্ৰদেশৰ ইটা ভাটিৰ পৰা যথেষ্ট পৰিমাণে কয়লা ক্ৰয় কৰি আনে৷
বিজয়ে লোহাৰ স্তম্ভটোত এডাল ৰঙচুৱা লোৰ মাৰি পিটিবলৈ আৰম্ভ কৰে৷ সেই সৰু ভাটিটো লোৰ গোটেই টুকুৰাটো গলাব পৰাকৈ পৰ্যাপ্ত নহয়, সেয়ে তেওঁ অধিক শক্তি প্ৰয়োগ কৰিবলগীয়া হয়৷
১৬ শতিকাত মোগলে ৰাজস্থানৰ চিত্তোৰগড় দখল কৰাৰ পিছত অস্ত্ৰ - শস্ত্ৰ নিৰ্মাণ কৰা সম্প্ৰদায়টোৰ পূৰ্বপুৰুষসকল ভাৰতৰ বিভিন্ন স্থানত সিঁচৰতি হৈ পৰে বুলি কমাৰগৰাকীয়ে দাবী কৰে৷ ‘‘তেওঁলোক আমাৰ পূৰ্বপুৰুষ আছিল৷ তেতিয়াৰ জীৱন এতিয়াতকৈ বহু ভিন্ন আছিল’’, বিজয়ে মিচিকিয়াই কয়৷ ‘‘কিন্তু আমি এতিয়াও তেওঁলোকে শিকোৱা বিদ্যাটোৰেই জীৱন নিৰ্বাহ কৰি আছো৷ আৰু তেওঁলোকৰ দৰে কঢ়াই [ডাঠ খাৰু] পৰিধান কৰোঁ৷
তেওঁ এই বিদ্যা নিজৰ সন্তানকো শিকাইছে৷ ‘‘দিলছাদ এই কামত ওস্তাদ’’, তেওঁ এইদৰে কয়৷ চালমা আৰু বিজয়ৰ সন্তান দিলছাদে সঁজুলি এবিধলৈ আঙুলিয়াই কয়, ‘‘এয়া হ’ল হাথোৰা [হাতুৰী]৷ ডাঙৰটো হ’ল ঘান৷ বাপুই [পিতৃ] চিমতাৰে [চেপেনা] গৰম লোহাপাত ধৰে আৰু কেঞ্চি [কেঁচী]ৰে ইয়াক ভাঁজ কৰে৷’’
চিৰিয়াই ভাটিৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা হাতেৰে ঘুৰোৱা পাংখাখনৰ হেণ্ডেলডাল ঘুৰাবলৈ আৰম্ভ কৰিছে৷ উৰি যোৱা ছাঁইখিনিলৈ চাই তাই খিলখিলাই হাঁহি মাৰিছে৷
এগৰাকী মহিলাই কটাৰী এখন কিনিবলৈ আহিছে৷ চালমাই তেওঁক কটাৰীখনৰ দাম ১০০ টকা বুলি কৈছে৷ তাৰ উত্তৰত মহিলাগৰাকীয়ে সেই কটাৰীখনত ১০০ টকা দিয়াৰ পৰিৱৰ্তে প্লাষ্টিকৰ নাল লগোৱা কটাৰী এখন কম দামতে পাব বুলি কয়৷ এইদৰে দৰ-দাম কৰাৰ অন্তত চালমাই অৱশেষত ৫০ টকাত কটাৰীখন বিক্ৰী কৰে৷
মহিলাগৰাকী উভতি যোৱালৈ চাই চালমাই এটা নিশ্বাস এৰে৷ পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে এইখিনি বিক্ৰী পৰ্যাপ্ত নহয়৷ প্লাষ্টিকে এইক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ তেওঁলোকে দ্ৰুত গতিত সামগ্ৰী নিৰ্মাণো কৰিব নোৱাৰে অথবা প্লাষ্টিকৰ দামৰ সৈতে ফেৰ মাৰিবও নোৱাৰে৷
‘‘আমি এতিয়া প্লাষ্টিক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছো’’, তেওঁ কয়৷ ‘‘মোৰ দেৱৰৰ তেওঁৰ জুগ্গিৰ সন্মুখতে এখন প্লাষ্টিকৰ দোকান আছে আৰু মোৰ ভাইটিয়ে দিল্লীৰ তিক্ৰী বৰ্ডাৰৰ কাষত প্লাষ্টিকৰ বাচন বিক্ৰী কৰে৷’’ তেওঁলোকে বজাৰৰ ব্যৱসায়ীৰ পৰা প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰে আৰু অন্য ঠাইত বিক্ৰী কৰিও লাভ অৰ্জন কৰে৷
তনুৱে কয় যে তাইৰ খুৰাকে দিল্লীত অধিক উপাৰ্জন কৰে৷ ‘‘নগৰৰ মানুহে এই সৰু সৰু বস্তুবোৰ কিনিবলৈ অধিক আগ্ৰহ কৰে৷ তেওঁলোকৰ বাবে ১০ টকা এটা বেছি টকা নহয়৷ কিন্তু গাঁৱৰ মানুহৰ বাবে এয়াই বহুত টকা আৰু তেওঁলোকে এই টকা আমাৰ ওপৰত ব্যয় কৰিবলৈ নিবিচাৰে৷ সেয়ে মোৰ খুৰা আমাতকৈ ধনী৷’’
*****
‘‘মই মোৰ ল’ৰা-ছোৱালীকেইটাই পঢ়া-শুনা কৰাটো বিচাৰো,’’ যেতিয়া চালমাক মই প্ৰথমবাৰৰ বাবে ২০২৩ চনত লগ পাইছিলো, তেতিয়া তেওঁ এই কথাখিনি মোক কৈছিল৷ ‘‘মই সিহঁতে জীৱনত কিবা এটা কৰাটো বিচাৰো৷’’ উপযুক্ত নথিৰ অভাৱত তেওঁৰ ডাঙৰটো ল’ৰাই যেতিয়া স্কুল এৰিবলগীয়া হৈছিল তেতিয়া তেওঁ এইখিনি কথা গভীৰভাৱে অনুধাৱন কৰিছিল৷ ডাঙৰ ল’ৰাজনৰ বয়স এতিয়া ২০ বছৰ৷
‘‘মই পঞ্চায়তৰ পৰা আৰম্ভ কৰি মহকুমা, সকলো ঠাইলৈ দৌৰা-দৌৰি কৰিলো৷ তেওঁলোকে আধাৰ, ৰেচন কাৰ্ড, জাতিৰ প্ৰমাণপত্ৰ আদি বিচাৰিলে৷ মই অগণন কাগজত আঙুলিৰ চাপ দিলো৷ কিন্তু মূৰকত একো নহ’লগৈ৷’’
যোৱা বছৰ দিলছাদেও ষষ্ঠ শ্ৰেণীত পঢ়া আধাতে সামৰিছে৷ তেওঁ কয়, ‘‘চৰকাৰী স্কুলবোৰত কামৰ একো কথা নিশিকায়৷ কিন্তু মোৰ ভনী তনুৱে বহু কথা জানে৷ তাই পঢ়া-শুনা কৰিছে৷’’ তনুৱে অষ্টমমান শ্ৰেণীলৈ পঢ়িছে৷ কাষৰ স্কুলখনত দশম শ্ৰেণীৰ ব্যৱস্থা নাই আৰু উচ্চ শিক্ষাৰ বাবে তিনি কিলোমিটাৰ দূৰৈৰ খেৱাৰালৈ যাবলগীয়া হয়৷
‘‘মানুহে মোৰফালে বেয়াকৈ চায়, বেয়া বেয়া কথা কয়, মই সেইবোৰ এতিয়া আৰু কৈ নাথাকো’’, তনুৱে এইদৰে কয়৷ সেয়ে তাই ঘৰতে থাকি মাক-দেউতাকক কামত সহায় কৰি দিয়ে৷
পৰিয়ালটোৱে ৰাজহুৱা টেংকাৰৰ কাষত মুকলিকৈ গা ধুবলগীয়া হয়৷ তনুৱে লাহেকৈ কয়, ‘‘আমি গা ধুই থকা সময়ত সকলোৱে আমালৈ চাই থাকে৷’’ ৰাজহুৱা শৌচাগাৰত এবাৰত ১০ টকাকৈ দিবলগীয়া হয় আৰু সেয়া পৰিয়ালটোৰ বাবে যথেষ্ট অধিক৷ তেওঁলোকৰ উপাৰ্জনৰ ধন ঘৰতে শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে পৰ্যাপ্ত নহয়৷
পৰিয়ালটোৰ কোনেও ক’ভিড-১৯ৰ প্ৰতিষেধক লোৱা নাই৷ তেওঁলোক অসুস্থ হ’লে বাধ খালচা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (পিএইচচি) অথবা ছিয়লিৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ যায়৷ ব্যক্তিগত ক্লিনিকসমূহৰ খৰচ বেছি হোৱা বাবে প্ৰয়োজন নহ’লে তেওঁলোক তালৈ নাযায়৷
চালমাই অতি সাৱধানেৰে ধন খৰচ কৰে৷ ‘‘টকাৰ অভাৱত আমি কেতিয়াবা ফটাকানি-কাপোৰ সংগ্ৰহৰ কামো কৰিবলগীয়া হয়৷ তাত আমি প্ৰায় ২০০ টকা মানৰ কাপোৰ পাওঁ’’, তেওঁ এইদৰে কয়৷
মাজে-সময়ে পৰিয়ালটোৱে সোণিপট অন্য বজাৰলৈও যায়৷ তনুৱে কয়, ‘‘নৱৰাত্ৰিত আৰম্ভ হ’বলগীয়া ৰামলীলালৈ আমি যাম৷ যদি টকা থাকে তেন্তে বাটৰ কাষত কিবা খামো৷’’
‘‘মোৰ নামটো মুছলিম হ’লেও, মই হিন্দু৷ আমি হনুমান, শিৱ, গণেশক পূজা কৰো’’, চালমাই কয়৷
‘‘আৰু আমি আমাৰ পূৰ্বপুৰুষক আমাৰ কামৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাও!’’, দিলছাদে টপৰাই কয়, মাকে তাৰ কথা শুনি হাঁহি দিয়ে৷
*****
বজাৰত ব্যৱসায় মন্দা হোৱাৰ সময়ত চালমা আৰু বিজয়ে কাষৰ গাঁওসমূহত তেওঁলোকৰ বাচনবোৰ বিক্ৰী কৰিবলৈ যায়৷ এয়া মাহত এবাৰ বা দুবাৰ কৰিবলগীয়া হয়৷ কিন্তু ইয়াৰ পৰা এবাৰত তেওঁলোকে ৪০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰে৷ চালমাই কয়, ‘’মাজে-সময়ে এনে লাগে যেন ঘূৰি ঘূৰি আমাৰ ভৰিৰ হাড় গুড়ি হৈ গৈছে৷’’
সেই সময়তে কোনো গাঁওবাসীয়ে তেওঁলোকক মাকৰ পিয়ন এৰা দমৰা এটা দিছিল৷ পৰিয়ালটোৰ ভাড়াঘৰ এটা যোগাৰ কৰিবলৈ সামৰ্থ নথকাৰ বাবে অনিচ্ছাস্বত্বেও ফুটপাথতেই তেনেদৰে থাকিবলগীয়া হৈছে৷
কিশোৰী তনুৱে নিশা পথেৰে যোৱা মাতালবোৰলৈ চাই হাঁহে৷ দিলছাদে কয়, ‘‘আমি সিহঁতক মাৰিব লাগে আৰু খেদিব লাগে৷ আমাৰ মা আৰু ভনীহঁতে ইয়াতে শোৱে৷’’
শেহতীয়াকৈ পৌৰনিগমৰ (সোণিপট পৌৰনিগম) লোকে তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে৷ আৱৰ্জনাস্থলীৰ গেটখন তেওঁলোকৰ জুগ্গিৰ পিছফালে বনোৱা হ’ব আৰু সেয়ে তেওঁলোকে সেই চৰকাৰী ভূমি পৰিত্যাগ কৰিব লাগে বুলি জনোৱা হৈছে৷
যিসকল বিষয়াই পৰিয়ালটোৰ আধাৰ, ৰেচন আৰু পৰিয়ালৰ কাৰ্ডৰ তথ্য সংগ্ৰহ কৰিবলৈ আহিছিল, তেওঁলোকেও অহাৰ কোনো প্ৰমাণ ৰাখি যোৱা নাই৷ সেয়ে তেওঁলোকৰ কোনেও নাজানে যে কোন আহিছিল৷ প্ৰতি দুমাহত তেওঁলোকে এবাৰকৈ আহে৷
‘‘তেওঁলোকে আমি মটি এটুকুৰা পাম বুলি কৈছে’’, তনুৱে কয়৷ ‘‘কি মাটি, ক’ৰ মাটি? সেই মাটি বজাৰৰ পৰা দূৰৈত নেকি? তেওঁলোকে এই বিষয়ে ভালকৈ নকয়৷’’
পৰিয়ালটোৰ উপাৰ্জন চাৰ্টিফিকেটমতে তেওঁলোকে এমাহত এবাৰ ৫০,০০০ টকা উপাৰ্জন কৰিছিল৷ এতিয়া তেওঁলোকে কেৱল ১০,০০০ টকাহে উপাৰ্জন কৰে৷ তেওঁলোকক টকাৰ প্ৰয়োজন হোৱাৰ সময়ত আত্মীয়ৰ পৰা ধন ধাৰে লয়৷ যিমানে ওচৰৰ আত্মীয় হয় সিমানে সূত কম হয়৷ যেতিয়া তেওঁলোকে পৰ্যাপ্ত পৰিমাণে সামগ্ৰী বিক্ৰী কৰে, তেতিয়া ধনখিনি ঘূৰাই দিয়ে৷ কিন্তু মহামাৰীৰ পিছৰে পৰা বিক্ৰীৰ গতি ধীৰ হৈ পৰিছে৷
‘‘ক’ভিডৰ সময়ছোৱা আমাৰ বাবে ভাল আছিল’’, তনুৱে কৈ যা৷ ‘‘বজাৰ প্ৰায় খালী আছিল৷ আমি চৰকাৰী ট্ৰাকত অহা খাদ্য লাভ কৰিছিলো৷ আনকি কিছুমান মানুহে আহি মাস্কো বিতৰণ কৰিছিল৷’’
চালমা অধিক চিন্তিত৷ ‘‘মহামাৰীৰ পিছৰে পৰা মানুহে আমাক সন্দেহৰ চকুৰে চাবলৈ লৈছে৷ আমাৰ উপস্থিতিক তেওঁলোকে ঘৃণা কৰে৷’’ যেতিয়াই তেওঁলোকে বাহিৰলৈ ওলায়, কিছুমান স্থানীয় লোকে তেওঁলোকক জাতিত ধৰি গালি-গালাজ কৰে৷
‘‘তেওঁলোকে আমাক তেওঁলোকৰ গাঁৱত থাকিবলৈ নিদিয়ে৷ তেওঁলোকে আমাক জাতিত ধৰি কিয় গালি দিয়ে মই বুজি নাপাও৷’’ চালমাই তেওঁলোককো সমমৰ্যাদা দিয়াটো বিচাৰে৷ ‘‘ৰুটি আমাৰ বাবে ৰুটি আৰু তেওঁলোকেও আমাৰ দৰে একে খাদ্যই খায়৷ আমিবোৰ আৰু ধনীৰ মাজত পাৰ্থক্য কি?’’
অনুবাদক: মনোৰঞ্জন মজুমদাৰ