“সোণালী পাৰি আৰু কোঁচ দি মই এইটো চিলাম। হাতখনত কটা কিছুমান নক্সাও দিব পাৰি, কিন্তু তাৰবাবে আৰু ৩০ টকা লাগিব।”
গ্ৰাহকৰ সৈতে সদায় এনেধৰণৰ কথা-বতৰা শাৰদা মাকৱানাৰ (৩৬) হৈয়ে থাকে। হাতখন কিমান দীঘল হ’ব, খোলা-পিঠিৰ ব্লাউজ এটা বান্ধিবলৈ কিধৰণৰ ফিটা লাগে আৰু জৰীত বন্ধা মণি-মুকুতাৰ ওজন কিমান হ’ব লাগিব, আদি বিভিন্ন সুক্ষ্ম সুক্ষ্ম কামৰ কথা কিছুমান গ্ৰাহকে নিৰ্দিষ্ট কৰি দিয়ে। “মই কাপোৰৰ পৰা ফুল বনাই সেয়া কাপোৰত শোভাবৰ্ধনৰ বাবে লগাব পাৰো,” তেওঁ গৌৰৱেৰে আমাক তেওঁ জনা কামবোৰৰ বিষয়ে কয় আৰু দেখুৱাইও দিয়ে।
কুশলগড়ত মহিলাৰ বাবে শাৰদা আৰু তেওঁৰ দৰে দৰ্জীসকল হৈছে তেওঁলোকৰ প্ৰিয় ফেশ্বন পৰামৰ্শদাতা। নহ’বইনো কিয়, গাভৰু ছোৱালীৰ পৰা সকলো বয়সৰ মহিলা যিয়ে শাড়ী পিন্ধে, তেওঁলোকে শাৰদাহঁতৰ হতুৱাইয়ে সেই ৮০ চেণ্টিমিটাৰ কাপোৰ চিলায়।
এনে এখন ৰাজ্য় য’ত পিতৃপ্ৰধান সমাজখন খুবেই কঠোৰ আৰু ৰাজহুৱা মেল-মিটিঙলৈকে মহিলাৰ কণ্ঠই ঢুকি নাপায়, য’ত প্ৰতি ১,০০০ গৰাকী পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা ৮৭৯ (ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা, এনএফএইছএছ-৫), তেনে এক পৰিৱেশত নিজৰ পোচাক-পাতিৰ ওপৰত নাৰীৰ দখল থকাটো আনন্দৰ বিষয়।
ৰাজস্থানৰ বাঁচৱাৰা জিলাৰ সৰু চহৰখন দৰ্জীৰ দোকানেৰে ভৰি আছে। পুৰুষৰ দৰ্জীৰ দোকানবোৰৰ ভাগ দুটা - চোলা আৰু পেণ্ট; আনটো বিয়াৰ বাবে কুৰ্তা, ঠাণ্ডাৰ দিনত হোৱা বিয়াৰ বাবে কোট আদি চিলাই কৰা দৰ্জীৰ দোকান। দুয়োবিধ কাপোৰক লৈ কোনো বিশেষ আলোচনা নাই। তেওঁলোকৰ পচন্দৰ ৰঙো পাতল গুলপীয়া বা ৰঙাৰ পৰা আগ নাবাঢ়ে।










