নিজৰ পাণবাৰীখনত থিয় হৈ আছে প্ৰকাশ বুন্দিৱাল। পানৰ গছবোৰ ঘনকৈ ৰোৱা আছে, ক্ষীণ ক্ষীণ ঠাৰিত পানৰ পাতবোৰ লাগিছে। প্ৰচণ্ড গৰম আৰু বতাহৰ পৰা ৰক্ষা কৰিবলৈ কৃত্ৰিম জালেৰে পাতবোৰ ঢাকি ৰখা হৈছে।
সমগ্ৰ ভাৰততে আহাৰ গ্ৰহণৰ পিছত পাণ খোৱা হয় আৰু এই পাণ বনাবলৈ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধেই হৈছে পাণৰ পাত। সেউজীয়া পাণত চূণ, কঠা মিহলাই ছফ, চুপাৰী আৰু গুলকন্দ আদিৰ দৰে বিভিন্ন বীজ আৰু বাদামেৰে মেৰিয়াই দিয়া হয়। পদিনাৰ দৰে সুগন্ধিযুক্ত এই পাণবোৰ খাবলৈ বৰ সোৱাদ লাগে।
এই গাঁওখনৰ মুঠ জনসংখ্যা ১১, ৯৫৬ জন। উন্নত মানৰ পাণৰ খেতিৰ বাবে সুপৰিচিত কুকড়েশ্বৰত প্ৰকাশৰ পৰিয়ালেও গাঁওখনৰ আন বহুতৰ দৰে জনা হোৱাৰ পৰাই পাণৰ খেতি কৰি আহিছে। মধ্যপ্ৰদেশৰ অ’বিচি (অন্য পিছপৰা শ্ৰেণী) হিচাপে তালিকাভুক্ত তাম্বোলি সম্প্ৰদায়ৰ লোকসকলেই মূলতঃ পাণৰ খেতিৰ সৈতে জড়িত। এতিয়া ষাঠিৰ দশকত ভৰি দিয়া প্ৰকাশেও ৯ বছৰ বয়সতে পাণৰ বাগানত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
কিন্তু প্ৰকাশ বুন্দিৱালৰ ০.২ একৰ ভূমিৰ খেতি পথাৰখনত সকলো কুশলে নাই। ২০২৩ চনৰ মে’ মাহত বিপৰ্যয় ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা ধুমুহাই গাঁওখনৰ ক্ষুদ্ৰ কৃষকসকলৰ জীৱনলৈ ধ্বংসলীলা নমাই আনিছিল। প্ৰকাশ বুন্দিৱালে কয়, “আমাক কোনো বীমা প্ৰদান কৰা নহয়, আৰু ধুমুহাত সকলো নষ্ট হৈ গ’লেও চৰকাৰে আমাক কোনো ধৰণৰ সহায় প্ৰদান নকৰে।”
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিৰ অধীনত কেতবোৰ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত বতৰ সম্পৰ্কীয় বীমা প্ৰদান কৰে যদিও পাণৰ খেতিৰ বাবে কোনো ধৰণৰ বীমা প্ৰদান কৰা নহয়।










