নৱলগহ্বান গাঁৱত বেলি লহিওৱাৰ পৰত সৰু-ডাঙৰ সকলো স্কুলৰ খেলপথাৰখনলৈ বুলি ৰাওনা হৈছে। সিহঁতে খেলপথাৰখন চাফা কৰিছে, শিলগুটি আৰু জাবৰ আদি আঁতৰাইছে, চূণশিলৰ গুড়িৰে সীমা আঁকিছে আৰু ফ্লাডলাইটকেইটা ঠিকে আছে নে নাই, পৰীক্ষা কৰিছে।
আঠৰ পৰা ১৬ বছৰীয়া ল’ৰা-ছোৱালীবোৰ নীলা জাৰ্ছি পিন্ধি সাজু হ’ল আৰু সাতজনীয়া দলত বিভক্ত হৈ পৰিল।
কাবাদী! কাবাদী! কাবাদী!
খেল আৰম্ভ হৈছে। এতিয়া আবেলিটোৰ বাকীখিনি সময়ৰ বাবে আৰু সাঁজ লগাৰ পিছতো কিছু সময়লৈ এইবিধ ৰাষ্ট্ৰীয় খেল খেলি থকা শিশু আৰু যুৱকৰ চিঞৰ আপোনাৰ কাণত পৰি থাকিব। দৰ্শক হৈছে পৰিয়ালৰ সদস্যসকল আৰু মাৰাঠৱাড়া জিলাৰ হিংগ’লি গাঁৱৰ লগ-বন্ধু।
উশাহটো ধৰি ৰাখি এজন খেলুৱৈয়ে বিপক্ষৰ ফালে চোঁচা লৈছে আৰু নিজৰ শিবিৰলৈ ঘূৰি অহাৰ আগেয়ে যিমান পাৰি সিমানজনক চুই খেলৰ পৰা বাহিৰ কৰাৰ চেষ্টা চলাইছে। একেটা উশাহতে তেওঁ কাবাদী কাবাদী কৈ থাকিব লাগিব। তাৰ মাজতে বিপক্ষই যদি তেওঁক গবা মাৰি ধৰি ৰাখে, তেওঁ খেলৰ পৰা বাহিৰ হৈ যাব।
নৱলগহ্বানৰ খেলুৱৈসকলৰ প্ৰায়ভাগেই তেনেই সাধাৰণ পৰিয়ালৰ পৰা অহা আৰু তেওঁলোকৰ প্ৰায়সকলেই মাৰাঠা সম্প্ৰদায়ৰ। জীৱিকাৰ বাবে খেতিৰ ওপৰত নিৰ্ভৰশীল
দুই শ্ৰেষ্ঠ খেলুৱৈ শুভম ক’ড়দে আৰু কানবা ক’ড়দেৰ ওপৰত সকলোৰে চকু। বিপক্ষইও তেওঁলোকক সমীহ কৰে। “সিহঁত দুটাই এনেকৈ খেলে, যেন কাবাদী সিহঁতৰ তেজত আছে,” ভিৰৰ মাজৰ পৰা এজনে কয়।
শুভম আৰু কানবাই নিজৰ দলৰ হৈ খেলি জয়লাভ কৰিলে। প্ৰত্যেকেই জুম বান্ধি আলোচনাত লাগিল। খেলখন তন্ন তন্নকৈ আলোচনা কৰা গ’ল। লগতে প্ৰস্তুত কৰা গ’ল পৰৱৰ্তী দিনৰ পৰিকল্পনা। তাৰপিছত খেলুৱৈসকল ঘৰাঘৰি হ’ল।
মহাৰাষ্ট্ৰৰ নৱলগহ্বান গাঁৱৰ এয়া দৈনিক ৰুটিন। “আমাৰ গাঁৱৰ কাবাদী খেলৰ দীৰ্ঘদিনীয়া পৰম্পৰা আছে। বহু প্ৰজন্মই এই খেল খেলিছে, আজিও খেলে। আপুনি ঘৰে ঘৰে এজন হ’লেও কাবাদী খেলুৱৈ পাব,” মাৰতিৰাও ক’ড়দেয়ে কয়। তেওঁ গাওঁখনৰ সৰপঞ্চ। “কোনোবাদিন নৱলগহ্বানৰ খেলুৱৈয়ে ডাঙৰ খেল খেলিব। সেয়াই আমাৰ সপোন।”
ভাৰতীয় উপমহাদেশত কাবাদী খেলৰ ইতিহাস বহুত পুৰণি। ১৯১৮ত এইবিধ খেলে ৰাষ্ট্ৰীয় খেল হিচাপে স্বীকৃতি লাভ কৰে। ১৯৩৬ত বাৰ্লিন অলিম্পিকত কাবাদীয়ে আন্তৰাষ্ট্ৰীয় মঞ্চত আত্মপ্ৰকাশ কৰে। ২০১৪ৰ পৰা আৰম্ভ হোৱা প্ৰ’-কাবাদী লীগৰ পিছৰেপৰা ই পূৰ্বৰ জনপ্ৰিয়তা ঘূৰাই পায়।
গাওঁখনৰ খেলুৱৈসকলৰ পৰিয়ালবোৰ তেনেই সাধাৰণ। কেইঘৰমানক বাদ দি প্ৰায়ভাগ বাসিন্দাই মাৰাঠা সম্প্ৰদায়ৰ আৰু খেতিৰ ওপৰতে জীৱিকাৰ বাবে নিৰ্ভৰশীল। অঞ্চলটো ৰঙচুৱা শিল-বালিযুক্ত মাটিৰে ভৰা।
শুভমৰ পৰিয়ালটোৱেও খেতি-বাতি কৰি জীৱিকা নিৰ্বাহ কৰে। ছবছৰ বয়সৰ পৰাই তেওঁ কাবাদী খেলি আহিছে। “আমাৰ গাঁৱৰ পৰিৱেশটোৱেই প্ৰেৰণাদায়ক। মই সদায় ইয়ালৈ আহো আৰু অতিকমেও ডেৰঘণ্টা অনুশীলন কৰোঁ,” ষষ্ঠমানত পঢ়ি থকা ১২ বছৰীয়া শিশুটিৱে কয়। “মই পুনেৰী পল্টন (প্ৰ’-কাবাদী লীগৰ দল)ৰ অনুৰাগী। তেওঁলোকৰ টিমত ভবিষ্যতে খেলাৰ ইচ্ছা আছে,” তেওঁ কয়।
শুভম আৰু কানবাই চুবুৰীয়া গাওঁ ভাণ্ডেগাঁৱৰ সুখদেবানন্দ হাইস্কুলত পঢ়ে। কানবা দশমমানৰ ছাত্ৰ। তেওঁলোকৰ লগত আছে প্ৰতিভাসম্পন্ন ৰেইডাৰ বেদান্ত ক’ড়দে আৰু আকাশ ক’ড়দে। তেওঁলোক দুজনে এবাৰতে বিপক্ষৰ ৪-৫ জনক ধৰাশায়ী কৰিব পাৰে। “খেলখনত বেক-কিক, ছাইড কিক আৰু চিনহাচিউৰি (জাঁপ মাৰি নিজকে বিপক্ষৰ বান্ধোনৰ পৰা মুক্ত কৰা) আমাৰ প্ৰিয় অংশ,” সিহঁতে কয়। তেওঁলোক আটাইকেইজন খেলৰ অলৰাউণ্ডাৰ।
নৱলগহ্বানত ওজনৰ ভিত্তিত দল গঠন কৰা হয়। ত্ৰিশ কেজি অনুৰ্দ্ধ, পঞ্চাচ কেজি অনুৰ্দ্ধ আৰু মুকলি শাখা।
কৈলাশ ক’ড়দে মুকলি দলটোৰ অধিনায়ক। “আমি আজিৰ তাৰিখলৈ বহু ট্ৰফি লাভ কৰিছো,” ২৬ বৰ্ষীয় কৈলাশে কয়। তেওঁলোক ২০২৪ৰ মাত্ৰুত্ব সন্মান কাবাদী টুৰ্ণামেণ্টৰ বিজয়ী। তাৰোপৰি ২০২২ আৰু ২০২৩ত একেৰাহে বসুন্ধৰা ফাউণ্ডেচনৰ কাবাদী ছাছক ট্ৰফি লাভ কৰিছে। তেওঁলোকে ৰাজ্যিক পৰ্য্যায়ত আয়োজিত সুখদেবানন্দ কাবাদী ক্ৰীড়া মণ্ডলে আয়োজন কৰা টুৰ্ণামেণ্টতো বিজয়ী হৈছে।
“২৬ জানুৱাৰী, গণতন্ত্ৰ দিৱসত আয়োজিত খেলবোৰ বৰ গুৰুত্বপূৰ্ণ। বহু মানুহে আমাৰ খেল চাবলৈ আহে। চুবুৰীয়া গাঁৱৰ দলবোৰে প্ৰতিযোগীতাত ভাগ লয়। আমি বঁটা আৰু নগদ ধন পাওঁ।” এনেকুৱা খেল আৰু বেছি আয়োজিত হ’ব লাগে বুলি তেওঁ অনুভৱ কৰে। বৰ্তমান এনে খেল বছৰত দুবাৰ কি তিনিবাৰহে অনুষ্ঠিত হয়। উঠি অহা চামক এনে অধিক টুৰ্ণামেণ্ট আদিৰ প্ৰয়োজন, কৈলাশে কয়।
কৈলাশে পুলিচৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে। প্ৰতিদিনে তেওঁ হিংগোলিলৈ ১৩ কিলোমিটাৰ বাট বাই তাত থকা ষ্টাডি-ৰুমত দুঘণ্টাৰ বাবে পঢ়ে। তাৰপিছত তেওঁ খেলপথাৰলৈ গৈ নিজৰ নৈমিত্তিক ব্যায়াম আৰু শাৰীৰিক অনুশীলন কৰে। খেল, ব্যায়াম আৰু অধ্যয়নৰ প্ৰতি তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠাই বহুতকে অনুপ্ৰাণিত কৰিছে।
“কাবাদী খেলে নৱলগহ্বান আৰু আশে-পাশে থকা গাওঁ যেনে চাতাম্বা, ভাণ্ডেগাওঁ আৰু ইঞ্চাৰ বহু যুৱকক কেৰিয়াৰ গঢ়াত সহায় কৰিছে,” নাৰায়ন চৱনে কয়। কৈলাশৰ দৰে এই ২১ বৰ্ষীয় ডেকাল’ৰাজনে পুলিচৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু কাবাদীয়ে তেওঁক শাৰীৰিক অনুশীলনত আৰু ষ্টেমিনা বঢ়োৱাত সহায় কৰিছে। “আমি কাবাদী ভাল পাওঁ। সৰুৰেপৰা খেলি আহিছো।”
হিংগ’লিৰ সৰু সৰু চহৰবোৰত বিভিন্ন বয়সৰ গোটৰ বাৰ্ষিক কাবাদী খেল অনুষ্ঠিত হয়। এই খেল আয়োজন কৰে শ্ৰীপাত্ৰ কাটকৰ ফাউণ্ডেছনে আয়োজন কৰে, নাম দিছে মাত্ৰুত্ব সন্মান কাবাদী প্ৰতিযোগীতা। কাটকৰ ফাউণ্ডেছনৰ সঞ্জয় কাটকৰে কাবাদী অনুশীলনকাৰীৰ প্ৰশিক্ষণৰ লগতে এই কাৰ্য্যসূচীবোৰ আয়োজন কৰে। স্থানীয় ব্যৱসায়-বাণিজ্য যাতে বাঢ়ে আৰু এটা সময়ত গৈ যাতে প্ৰব্ৰজন কমে, তাৰবাবে এই ফাউণ্ডেছনে গ্ৰামাঞ্চলত কাম কৰি আহিছে। হিংগ’লি জিলাত কাবাদী টুৰ্ণামেণ্ট বুলিলে তেওঁলোকৰ নাম ওলায়।
২০২৩ত বিজয় ক’ৰ্দ আৰু কৈলাশ ক’ড়দেয়ে পুণেত এনে ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীত ভাগ লৈছিল। তেওঁলোকে এতিয়া নৱলগহ্বান গাঁৱৰ শিশু আৰু চেঙেলীয়াবোৰক প্ৰশিক্ষণ দিয়ে। “সৰুৰেপৰা এইবিধ খেলৰ প্ৰতি খুবেই আগ্ৰহী আছিলো আৰু অধিক জানিব বিচাৰিছিলো। সৰুবোৰে এই খেলৰ ভালদৰে প্ৰশিক্ষণ লৈ ভাল খেলাটো বিচাৰো,” বিজয়ে কয়।
এই ঠাইৰ শিশু খেলুৱৈসকল অতিকৈ প্ৰতিভাসম্পন্ন আৰু ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্য্যায়তো খেলিব পাৰিব, তেওঁ কয়। কিন্তু সকলো বতৰতে খেলিব পৰা ধৰণৰ খেলপথাৰ আদিৰ অভাৱে তেওঁলোকক বাট ভেটি ধৰিছে। “বৰষুণৰ বতৰত আমাৰ অনুশীলনত বাধা আহি পৰে,” বিজয়ে কয়।
বেদান্ত আৰু নাৰায়ণৰো একেই সমস্যা। “আমাৰ খেলপথাৰ নাই। আন খেলুৱৈৰ দৰে আমিও যদি মেটত প্ৰশিক্ষণ লোৱাৰ সুবিধা পাওঁ, নিশ্চয়কৈ আমি ভাল ফলাফল দেখুৱাব পাৰিম,” তেওঁলোকে কয়।
নৱলগহ্বানৰ কাবাদীৰ পৰম্পৰাত অৱশ্যে ছোৱালীক পৰ্য্য়াপ্ত সুযোগ দিয়া নাই। গাঁৱৰ বহুতে স্কুল পৰ্য্যায়ত খেলে যদিও তেওঁলোকে কাচিৎহে কোনো সুবিধা কিম্বা প্ৰশিক্ষক লাভ কৰে।
*****
মুকলিত খেলা খেলৰ ক্ষেত্ৰত কেতবোৰ প্ৰত্যাহ্বানো নথকা নহয়। পৱন ক'ড়দেয়ে এইবোৰৰ কথা ভালকৈ জানে।
যোৱা বছৰ ফাকুৱাৰ দিনা নৱলগহ্বানত খেল অনুষ্ঠিত কৰা হৈছিল। গোটেই গাঁৱৰ মানুহ খেল চাবলৈ গোট খাইছিল। পৱন ক'ড়দেয়ে পঞ্চাশ অনুৰ্দ্ধ গোটত খেলি আছিল। “মই বিপক্ষৰ এলেকাত সোমাই কেইগৰাকীমান খেলুৱৈক বাহিৰ কৰি উভতিব লৈছিলোহে, তেনেতে ভাৰসাম্য হেৰুৱাই চিৎ হৈ পৰিলো,” পৱনে কয়। তেওঁ বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।
তেওঁক ততালিকে হিংগ’লিলৈ নিয়া হৈছিল যদিও অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছিল। নন্দেৰৰ এখন হস্পিতাললৈ তেওঁক ৰেফাৰ কৰি দিয়া হ’ল। অস্ত্ৰোপচাৰ সফল হ’ল যদিও ডাক্তৰে ক’লে যে তেওঁ আৰু আগৰ দৰে খেলিব নোৱাৰিব।
“এই কথা শুনাৰ পিছত আমি হতাশাত ভাগি পৰিছিলো,” তেওঁ কয়। কিন্তু তেওঁ আশা এৰি নিদিলে। অস্ত্ৰোপচাৰৰ পিছত আৰোগ্য লাভৰ পিছৰেপৰা তেওঁ প্ৰশিক্ষণ আৰম্ভ কৰি দিলে। ছমাহ পিছত তেওঁ খোজ কাঢ়িব আৰু লাহে লাহে দৌৰিবপৰা হ’ল। “তেওঁ পুলিচৰ চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজে,” তেওঁৰ দেউতাকে কয়।
তেওঁৰ চিকিৎসাৰ গোটেই খৰছ কাটকৰ ফাউণ্ডেছনে বহন কৰিছিল।
কাবাদীক লৈ নবলগহ্বানে গৌৰৱ কৰে যদিও সকলোৰে এই খেল খেলাৰ বাবে পৰিয়ালৰ আৰ্থিক অৱস্থাই অনুমতি নিদিয়ে। বিকাশ ক'ড়দেয়ে জীৱিকা নিৰ্বাহ কৰিবলৈ উপাৰ্জন কৰাটো বেছি প্ৰয়োজন আছিল বাবে তেওঁ খেলিবলৈ এৰিলে। “কাবাদী খেলি ভাল পাইছিলো, কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া আছিল কাৰণে খেতিৰ কামত লাগিবলগীয়া হ’ল। সেয়ে পঢ়াও এৰিলো, লগতে খেলো এৰিলো,” ২২ বৰ্ষীয় বিকাশে কয়। যোৱাবছৰ বিকাশে টেম্প’ এখন কিনিছে। “মই খেতিৰ উৎপাদিত সামগ্ৰী (হালধি, ছয়াবিন আৰু সতেজ শাক-পাচলি) গাঁৱৰ পৰা হিংগ’লিলৈ কঢ়িয়াই নিয়া কাম কৰোঁ আৰু তেনেকৈয়ে কিছু উপাৰ্জন কৰোঁ,” তেওঁ কয়।
কাবাদীৰ বহুযুগীয়া পৰম্পৰা থকা নৱলগহ্বান গাওঁখনে নিজৰ পৰিচয় কাবাদীচা গাওঁ হিচাপে দাঙি ধৰিব খোজে। যুৱচামৰ বাবে “কাবাদীয়ে অন্তিম লক্ষ্য!”
অনুবাদ: পংকজ দাস