নৱ কুমাৰ মাইতিৰ কাৰখানাটোৰ চাৰিওফালে হাঁহৰ পাখি সিঁচৰতি হৈ আছে। চাফা পাখি, লেতেৰা পাখি, কাটি থোৱা পাখি, বিভিন্ন আকাৰ আৰু ৰঙৰ পাখিৰে ভৰি আছে কাৰখানাটো। খোলা খিৰিকীৰে সোমাই অহা মৃদু বতাহজাকত পাখিবোৰ সামান্য উৰিছে, আকৌ মাটিত পৰিছেহি।
আমি উলুবেৰিয়াৰ নৱ কুমাৰৰ তিনিমহলীয়া ঘৰটোৰ ভূমি মহলাত আছো। কাৰখানাটোৰ ভিতৰখন কেঁচীৰে পাখি কটা শব্দ আৰু লোহাৰ কাটাই যন্ত্ৰৰ শব্দৰে মুখৰিত। ইয়াতেই তৈয়াৰ কৰা হয় ভাৰতৰ বেডমিণ্টনৰ শ্বাটলককবোৰ। “বগা হাঁহৰ পাখি, চিন্থেটিক বা কাঠৰ কৰ্ক, নাইলন মিহলি কপাহী সূতা আৰু আঠা - এইখিনিৰেই শ্বাটল বনোৱা যায়,” ৰপ্তানিৰ বাবে সাজু শ্বাটলকক এটা হাতত লৈ তেওঁ বুজাই কয়।
২০২৩ৰ আগষ্ট মাহৰ শেষৰফালৰ এটা গৰম দিন, সোমবাৰে আঠ বাজিছে। এইখিনি সময়ত আমি নাজানো যে পাঁচ সপ্তাহ পিছত ভাৰতীয় বেডমিণ্টন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এছিয়ান গেমচত দক্ষিণ কোৰিয়াক ২১-১৮, ২১-১৬ত হৰুৱাই সোণৰ পদক জিকিব।
উলুবেৰিয়াৰ কাৰখানাৰ সন্মুখত শাৰী শাৰীকৈ থোৱা আছে শিল্পকাৰসকলৰ চেন্দেল আৰু চাইকেলবোৰ। ইস্ত্ৰী কৰা মেৰুন ৰঙৰ চোলা আৰু ফৰ্মেল পেণ্ট পৰিহীত নৱ সিং দিনটোৰ বাবে সাজু হৈছে।
“মই হাঁহৰ পাখিৰে বেডমিণ্টনৰ বল বনোৱা আৰম্ভ কৰিছিলো ১২ বছৰ বয়সতে, আমাৰ গাওঁ বাণীবনৰ কাৰখানা এটাত,” পাখি কটা কামেৰে এই উদ্যোগত সোমোৱা ৬১ বৰ্ষীয় শিল্পকাৰজনে কয়।
“প্ৰথমটো কাৰখানা (পশ্চিমবংগত) আছিল পীৰপুৰ জে বসু এণ্ড কোম্পানী। এশ বছৰ আগতে, ১৯২০ৰ দশকত। তাৰপিছত জে বসুৰ শিল্পকাৰসকলে কাষৰ গাওঁবোৰত নিজাকৈ কাৰখানা বহুৱাবলৈ ল’লে। এনে এটা কাৰখানাতে মই এইবিধ শিল্প শিকিছিলো,” তেওঁ কয়।
১৯৮৬ত নৱ কুমাৰে উলুবেৰিয়াৰ বাণীবন গাঁৱৰ হাট্টালাত কাৰখানা আৰম্ভ কৰে। ১৯৯৭ত সেইটো বৰ্তমানৰ কাৰখানা থকা ঘৰটোত, জাদুৰবেৰিয়ালৈ স্থানান্তৰ কৰে। ইয়াত তেওঁ উৎপাদন চায়, কেঁচামালৰ যোগানৰ তদাৰকী কৰে আৰু বিক্ৰীও চায়। তেওঁ পাখিবোৰ ভাগ কৰা কামো কৰে।
বাণীবন জগদীশপুৰ, বৃন্দাবনপুৰ, উত্তৰ পীৰপুৰ আৰু বাণীবন আৰু উলুবেৰীয়া পৌৰনিগম এলেকা আৰু হাওৰা জিলাৰ বৰ্ধিষ্ণু এলেকাত (২০১১ৰ লোকপিয়ল অনুযায়ী) প্ৰধান তিনিবিধ উৎপাদিত পণ্যৰ ভিতৰত শ্বাটলককো অন্তৰ্ভুক্ত।
“উলুবেৰীয়া অঞ্চলত ২০০০ চনৰ প্ৰথমভাগত প্ৰায় ১০০ টামান ইউনিট আছিল। কিন্ত এতিয়া ৫০টা মানহে আছে। তাৰে মোৰটোৰ দৰে ১০টা মান কাৰখানাত ১০-১২টা মানকৈ কাৰিকৰ আছে,” নৱ কুমাৰে কয়।
*****
নৱ কুমাৰৰ কাৰখানাটোৰ সন্মুখত আছে পকী চোতাল এখন, এটা হেণ্ডপাম্প, উনান (মাটিৰ মুকলি চৌকা) আৰু মাটিত ফিক্স কৰি থোৱা দুটা পাত্ৰ। “এই ঠাইখিনিত পাখিবোৰ ধোৱা হয় আৰু এইটোৱে শ্বাটল বনোৱা প্ৰক্ৰিয়াৰ প্ৰথমটো কাম,” তেওঁ কয়।
এই কাৰখানাতে কাম কৰা এজন কাৰিকৰ ৰঞ্জিত মণ্ডলে ১০ হাজাৰ হাঁহৰ পাখি সাজু কৰিছে। ৩২ বৰ্ষীয় শিল্পকাৰজনে কয়, “পাখিৰ যোগান পশ্চিমবংগৰ উত্তৰ প্ৰান্তৰ কোচবিহাৰ, মুৰ্শ্চিদাবাদ আৰু মধ্যবংগৰ বীৰভুমৰ পৰা হয়। কিছুমান স্থানীয় বেপাৰীও আছে, কিন্তু তেওঁলোকৰ দৰবোৰ বেছি।” তেওঁ এই কাৰখানাটোত কাম কৰাৰ ডেৰ কুৰি বছৰ হৈছে, বৰ্তমান তদাৰকীৰ দায়িত্বত আছে।
পাখিবোৰ মুঠা হিচাপত বিক্ৰী হয়। এটা মুঠাত ১০০০ টা পাখি থাকে, দাম গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰে। “আটাইতকৈ ভাল গুণগত মানৰ পাখইবোৰ ১,২০০ টকাত বিক্ৰী হয়, মানে এটা পাখিত ১ টকা ২০ পইচা দাম,” চৰিয়া এটাত গৰম পানীত তিয়াই থোৱা পাখি অলপ হাতত লৈ ৰঞ্জিতে কয়।
তেওঁ মজলীয়া আকাৰৰ চৰিয়া এটাত পাখিবোৰ চাৰ্ফ এক্সেলেৰে ধুইছে। খৰিৰ জুইত সেইবোৰ উতলাইছে। “শ্বাটলত ব্যৱহৃত পাখিবোৰ শুধ বগা হ’ব লাগে। গৰম চাবোন পানীত ধুলে সকলো ধৰণৰ ময়লাবোৰ আঁতৰি যায়,” তেওঁ কয় আৰু যোগ দিয়ে, “বেছিদিন এই পাখিবোৰ ৰাখিব নোৱাৰি, পচিবলৈ ধৰে।”
পাখিবোৰ মোহাৰি চাফা কৰাৰ পিছত তেওঁ বাঁহৰ এটা খৰাহিত সেইখিনি ঠাকঠিক কৰি থয় আৰু পানখিনি নিগৰি ওলাই যাবলৈ দিয়ে আৰু শেষবাৰৰ বাবে পানীত তিয়াই ধোৱে। “ধোৱা প্ৰক্ৰিয়াটোত দুঘণ্টা লাগে,” ৰ’দত শুকুৱাবলৈ ১০,০০০ পাখি চাদলৈ লৈ যোৱাৰ সময়ত ৰঞ্জিতে কয়।
“হাঁহৰ পামত মাংসৰ বাবে কটা হাঁহৰ পাখিবোৰেই ঘাইকৈ ইয়ালৈ অনা হয়। কিন্তু গাঁৱৰ মানুহেও প্ৰাকৃতিকভাৱে সৰি পৰা পাখিবোৰ সংগ্ৰহ কৰি চাফ-চিকুণ কৰি বেপাৰীক বেচে,” তেওঁ কয়।
চাদত ৰঞ্জিতে এখন ক’লা ৰঙৰ টাৰ্পলিনৰ চুকত ইটা দি সেইখন উৰি নোযোৱাকৈ ৰাখি তাত পাখিবোৰ মেলি দিয়ে। তেওঁ কয়, “আজি সুৰ্য্যৰ ৰ’দৰ প্ৰখৰ। এঘণ্টাতে পাখিবোৰ শুকাব। তাৰপিছত সেয়া বেডিমিণ্টন বল বনোৱাৰ বাবে উপযোগী হৈ উঠিব।”
পাখিবোৰ এবাৰ শুকুৱাৰ পিছত সেয়া গুণগত মানৰ বাবে পৃথকীকৰণ কৰা হয়। “আমি বাওঁফালৰ পৰা সোঁফাললৈ পাখিবোৰ গ্ৰেড হিচাপে ছটা ভাগ কৰোঁ। ক’ৰপৰা পাখিবোৰ অনা হৈছে, তাৰ ওপৰতো গ্ৰেড নিৰ্ভৰ কৰে। প্ৰত্যেকখন ডেউকাৰ পাঁচৰ পৰা ছখন পাখি আমাৰ কামত আহে,” ৰঞ্জিতে কয়।
“এটা শ্বাটলত ১৬ টা পাখি থাকে, তাৰে প্ৰায়ভাগেই একেখন ডেউকাৰ পৰাই অহা। সেয়ে শ্বাটলককটোৰ পাখিবোৰ সমানে মজবুত হয় আৰু শ্বাটলককটোৰ ধুৰাবোৰৰ শক্তি আৰু ধুৰাৰ দুয়োফালে থকা পাখিৰ ঘনত্ব একে থাকে,” নৱকুমাৰে কয়।
“সাধাৰণ মানুহৰ বাবে পাখিবোৰ দেখাত একেই। কিন্তু আমি স্পৰ্শ কৰিয়ে পাৰ্থক্য বিচাৰ কৰিব পাৰো,” তেওঁ কয়।
ইয়াত নিৰ্মিত শ্বাটলককবোৰ কলকাতাৰ স্থানীয় বেডমিণ্টন ক্লাবলৈ বিক্ৰী কৰা হয় আৰু পশ্চিমবংগ, মিজোৰাম, নাগালেণ্ড আৰু পুডুছেৰীৰ পাইকাৰী বিক্ৰেতাক দিয়া হয়। “উচ্চ পৰ্য্যায়ৰ মেচত জাপানী কোম্পানী য়নেস্কে ৰাজহাঁহৰ পাখিৰ শ্বাটলকক ব্যৱহাৰ হয়, সেই কোম্পানীয়ে গোটেই বজাৰখন দখল কৰি থৈছে। সেইটো পৰ্য্যায়ত আমি প্ৰতিযোগীতা কৰিব নোৱাৰো,” নৱ কুমাৰে কয়। “আমাৰ শ্বাটলককবোৰ নিম্ন পৰ্য্যায়ৰ খেলত আৰু নতুনকৈ অনুশীলন কৰা খেলুৱৈয়ে ব্য়ৱহাৰ কৰে।”
ভাৰতে চীন, হংকং, জাপান, ছিংগাপুৰ, টাইৱান আৰু গ্ৰেট বৃটেইনৰ পৰাও শ্বাটলকক আমদানি কৰে। ভাৰত চৰকাৰৰ বাণিজ্য আৰু পৰিসংখ্যাৰ মহানিৰ্দেশালয়ৰ এক প্ৰতিবেদনত এই তথ্য অনুসৰি ২০১৯ৰ এপ্ৰিলৰ পৰা ২০২১ৰ মাৰ্চলৈ ১২২ কোটি টকাৰ শ্বাটলকক ভাৰতলৈ আমদানি কৰা হৈছিল। “শীতকালত চাহিদা বাঢ়ে, কিয়নো এইবিধ খেল ঘাইকৈ অভ্যন্তৰিণ ষ্টেডিয়ামত খেলা হয়,” নৱ কুমাৰে কয়। তেওঁৰ ইউনিটত গোটেই বছৰটো উৎপাদন চলি থাকে, কিন্তু ছেপ্টেম্বৰ মাহত কাম বহুত বাঢ়ি যায়।
*****
দুটা কোঠাৰ কাৰখানাটোত ভৰি কোচাই বহি থকা শিল্পকাৰসকলে শ্বাটলকক বনোৱা কামটো কৰোঁতে প্ৰায়ে হাউলি থাকে। পাখিবোৰ বতাহে বিশৃংখল কৰি দিয়াৰ সময়কণতহে তেওঁলোকৰ মনযোগ ভাঙে আৰু খৰতকীয়া কামত সামান্য যতি পৰে।
প্ৰত্যেক ৰাতিপুৱা নৱ কুমাৰৰ পত্নী ৫১ বৰ্ষীয় কৃষ্ণা মাইতিয়ে প্ৰাৰ্থনা কৰি তললৈ নামি কাৰখানাত সোমায়। দুটা কোঠালীৰ কাৰখানাটোৰ চুকে-কোণে ধুপৰ সুগন্ধ বিয়পাই তেওঁ বিৰবিৰাই মন্ত্ৰ মাতে আৰু কাৰখানাটো সুগন্ধৰে ভৰি পৰে।
কোঠাটোত ৬৩ বৰ্ষীয় শংকৰ বেৰাৰ হাতত প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, তেওঁ এইটো ইউনিটত যোৱা এটা বছৰ ধৰি কাম কৰি আহিছে। তেওঁ এটা এটাকৈ পাখি উলিয়াই সেয়া লোৰ কেঁচী এখনত তিনি ইঞ্চিৰ ব্যৱধানত কাটি গৈছে। “পাখিবোৰ ছয়ৰ পৰা দহ ইঞ্চিৰ হয় আৰু সেয়া নিৰ্দিষ্ট এক জোখত কাটি লোৱা হয়,” তেওঁ কয়।
“পাখিৰ মাজৰ ধুৰাডালৰ মাজৰ অংশ আটাইতকৈ মজবুত আৰু সেয়া ট্ৰিম কৰি লোৱা হয় আৰু এনে ১৬ টা পাখি লগ লগাই এটা শ্বাটল বনোৱা হয়,” শংকৰে পাখিবোৰ কাটি সেয়া প্লাষ্টিকৰ সৰু খৰাহি এটাত ভৰাই সেয়া চাৰিজন শিল্পকাৰলৈ পৰৱৰ্তী কামৰ বাবে আগবঢ়াই দি থকাৰ মাজত কয়।
প্ৰহ্লাদ পাল (৩৫), মণ্টু পাৰ্থ (৪২), ভবানী অধিকাৰী (৫০) আৰু লিখন মাঝি (৬০)য়ে তিনি ইঞ্চি জোখত কটা পাখিখিনিৰ দ্বিতীয় পৰ্য্যায়ৰ কামখিনি কৰে। তেওঁলোকে কাঠৰ ট্ৰে এখনত পাখিখিনি লৈ ট্ৰেখন কোলাত লৈ লয় আৰু পাখিবোৰক নিৰ্দিষ্ট এক আকাৰ দিয়ে।
“ধুৰাডালৰ তলৰ অংশটো সম্পূৰ্ণকৈ কটা হয় আৰু তলৰ অংশটো এফালে বক্ৰাকাৰে কটা হয় আৰু আনফালে পোনকৈ,” প্ৰহ্লাদে লোৰ কেঁচীৰে পাখি এটা কাটি আমাক দেখুৱায়, কামটোত দহ ছেকেণ্ডমান লাগে। পাখি কটা আৰু তাক আকাৰ দিয়া কামত তেওঁলোকে প্ৰতি ১০০০ পাখিৰ বিনিময়ত ১৫৫ টকা পায়, মানে প্ৰতিটো শ্বাটলককত ২.৫ টকা।
“পাখিবোৰৰ ওজন নাথাকে, কিন্তু তাৰ ধুৰাবোৰ মজবুত আৰু টান থাকে। প্ৰতি ১০-১৫ দিনৰ মুৰে মুৰে আমি কেঁচীবোৰ স্থানীয় কমাৰৰ তাত ধাৰ কৰিবলৈ পঠিয়াবলগীয়া হয়,” নৱ কুমাৰে কয়।
আনফালে ৪৭ বছৰীয়া সঞ্জীৱ বোদাকে সমগ্ৰ উৎপাদন প্ৰক্ৰিয়াত ব্যৱহৃত একমাত্ৰ হস্তচালিত মেচিনেৰে ৰেডিমেড অৰ্ধগোলাকাৰ কৰ্কত ফুটা কৰি আছে। হাতৰ স্থিৰতা আৰু চকুৰে দেখাৰ নিখুঁততাৰ ওপৰত নিৰ্ভৰ কৰা এই কামটোত তেওঁ প্ৰতিটো কৰ্কত ১৬ টা সমদূৰত্বৰ ফুটা কৰে। তেওঁ ফুটা কৰা প্ৰতিটো কৰ্কৰ বাবদ তেওঁ ৩.২০ টকা পায়।
“এই অৰ্ধগোলাকাৰ কৰ্ক বেছবোৰ দুই ধৰণৰ। আমি কৃত্ৰিমবোৰ মেৰুট আৰু জলন্ধৰৰ পৰা আৰু প্ৰাকৃতিকবোৰ চীনৰ পৰা পাওঁ, সঞ্জীৱে কয়। তেওঁ লগতে কয়, “প্ৰাকৃতিক কৰ্ক উন্নত মানৰ পাখিৰ বাবে ব্যৱহাৰ কৰা হয়। গুণগত মানৰ পাৰ্থক্য তেওঁলোকৰ মূল্য নিৰ্ধাৰণত স্পষ্ট হৈ পৰে। সঞ্জীৱে কয়, “কৃত্ৰিম কৰ্কৰ দাম প্ৰায় এটকা, আনহাতে প্ৰাকৃতিক কৰ্কৰ দাম প্ৰায় পাঁচ টকা।
কৰ্কৰ বেছবোৰ ফুটা কৰাৰ পিছত আকাৰ দিয়া পাখিৰ সৈতে সামগ্ৰীখিনি জ্যেষ্ঠ গ্ৰাফ্টিং বিশেষজ্ঞ তাপস পণ্ডিত (৫২) আৰু শ্যামসুন্দৰ ঘৰোই (৬০) হাতলৈ আহে। তেওঁলোকেই প্ৰক্ৰিয়াটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো কৰে - পাখিবোৰ কৰ্কত কৰা ফুটাবোৰত সুমোৱাই দিয়া।
প্ৰতিটো পাখিৰ তলৰ অংশটো অলপ প্ৰাকৃতিক আঠাত তিয়াই লৈ এটা এটাকৈ ফুটাত সুমুৱাই দিয়া হয়। “পাখি সুমুৱাই দিয়া কামটোত বিজ্ঞান সোমাই আছে। ক’ৰবাত সামান্য ইফাল-সিফাল কৰা মানে শ্বাটলৰ উৰণ, ঘূৰ্ণন আৰু দিশত প্ৰভাৱ পৰিব,’ নৱ কুমাৰে বুজাই কয়।
“পাখিবোৰ নিৰ্দিষ্ট এক কোণত ইটোৰ কাষত সিটো বহুৱাব লাগে, প্ৰতিটো পাখি সমান জোখত থাকিব লাগে। এই শাৰীবিন্যাসৰ কামটো টুইজাৰৰ সহায়ত কৰা হয়,” ৩০ বছৰীয়া অভিজ্ঞতাৰে এই কামটোত নিখুঁত হৈ উঠা তাপসে কয়। তেওঁৰ লগতে শ্যামসুন্দৰৰ মজুৰি নিৰ্ভৰ কৰে তেওঁলোকে শ্বাটলৰ কিমানটা বেৰেল ভৰাব পাৰিছে। এটা বেৰেলত ১০ টা শ্বাটলকক থাকে, বেৰেলে প্ৰতি তেওঁলোকে ১৫ টকা পায়।
পাখিবোৰ কৰ্কত ভৰোৱাৰ পিছত ই শ্বাটলৰ প্ৰাৰম্ভিক ৰূপ লয়। ইয়াৰ পিছত শ্বাটলবোৰ ৪২ বছৰীয়া তাৰখ কোয়লক দিয়া হয়। তেওঁ সূতা মেৰিওৱা কামটো কৰে। “এই সূতাবোৰ স্থানীয় বজাৰৰ পৰা কিনা হয়। কপাহৰ লগত মিহলি কৰা নাইলনে সূতাবোৰ মজবুত কৰে,” এহাতত দহ ইঞ্চি দীঘল সূতাবোৰ আৰু আনখন হাতত পাখি লগোৱা কৰ্ক হাতত লৈ থকা তাৰখে বুজাই দিয়ে।
১৬ টা পাখিৰে কৰ্কটো সূতাৰে বান্ধিবলৈ তেওঁক মাত্ৰ ৩৫ ছেকেণ্ড সময় লাগে। “প্ৰতিটো পাখি এটা গাঁঠিৰে ধৰি ৰখা হয় আৰু আৰু তাৰ পিছত পাখিটোত এটা পেচ মাৰি পৰৱৰ্তী পাখিটোলৈ আগবঢ়া হয়,” তাৰখে বুজাই কয়।
তেওঁৰ হাতদুখন এই কামটোত ইমান খৰকৈ চলে যে ভালকৈ নাচালে একো ধৰিব নোৱাৰি। তাৰখে চূড়ান্ত গাঁঠিটো মাৰি কেঁচীৰে অতিৰিক্ত সূতাখিনি কাটে, গোটেই কামটোত ১৬ টা গাঁঠি আৰু ৩২ টা পেচ দিয়া হয়। তেওঁ প্ৰতি ১০ টা শ্বাটলৰ বাবদ ১১ টকা পায়।
৫০ বছৰীয়া প্ৰবাশ শ্যাশমালে অন্তিমবাৰৰ বাবে প্ৰতিটো শ্বাটলককক পাখিৰ এলাইনমেণ্ট আৰু থ্ৰেড প্লেচমেণ্টৰ বাবে পৰীক্ষা কৰে। প্ৰয়োজনত ঠিক কৰি তেওঁ বেৰেলৰ পিছত বেৰেলত শ্বাটল ভৰাই পুনৰ সঞ্জীবৰ ওচৰলৈ লৈ যায় যিয়ে শ্বাটলৰ শক্তি বৃদ্ধি কৰিবলৈ ক্লিয়াৰ কৰা খাদ আৰু সূতাত কৃত্ৰিম ৰেজিন আৰু হাৰ্ডনাৰৰ মিশ্ৰণ প্ৰয়োগ কৰাৰ কাম হাতত লয়।
আঠাবোৰ শুকাই যোৱাৰ পিছত তেওঁলোকে শেষ কামটোৰ বাবে আগবাঢ়ে। সঞ্জীৱে কয়, “আমি কৰ্কৰ ৰিমটোত ব্ৰেণ্ডৰ নাম লিখা থকা ২.৫ ইঞ্চি দীঘল নীলা ফিটা এডাল লগাওঁ আৰু ধুৰাডালৰ বেছত এটা গোলাকাৰ ষ্টিকাৰ লগাওঁ। “তাৰ পিছত প্ৰতিটো শ্বাটলকক পৃথকে পৃথকে ওজন কৰা হয় আৰু ৰূপ অনুসৰি বেৰেলত ভৰোৱা হয়,” তেওঁ লগতে কয়।
*****
“আমাৰ দেশত অলিম্পিকত পদক অনা খেলুৱৈ আছে - ছাইনা নেহৱাল আৰু পি.ভি. সিন্ধু। বেডমিণ্টন অতি জনপ্ৰিয় হৈ পৰিছে।” ২০২৩ চনৰ আগষ্টত পাৰিৰ সৈতে কথা পাতোতে নৱ কুমাৰে কয়। “কিন্তু উলুবেৰিয়াত যুৱক-যুৱতীসকলে পাখিৰ এই শিল্প শিকিলেও খেলুৱৈসকলৰ দৰে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ’ব বুলি কোনো নিশ্চয়তা নাই।”
পশ্চিমবংগৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সঞ্চালকালয়ে উলুবেৰিয়া পৌৰসভাক শ্বাটলকক উৎপাদন ক্লাষ্টাৰ হিচাপে শ্ৰেণীভুক্ত কৰিছে। কিন্তু নৱ কুমাৰে কয়, “ক্লাষ্টাৰ হিচাপে অঞ্চলটো চিহ্নিত হোৱাৰ পিছতো একো পৰিৱৰ্তন দেখা নাই। কেৱল কাগজে-পত্ৰইহে সেয়া আছে। আমি সকলোৱে নিজেই নিজক চাবলগীয়া হৈছে।”
২০২০ৰ জানুৱাৰীত পাখিৰ শ্বাটলকক উদ্যোগটোত এক দুঃখবৰ আহে। বেডমিণ্টনৰ আন্তৰাষ্ট্ৰীয় পৰিচালন নিকায় বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনে স্থায়িত্ব, “আৰ্থিক আৰু পৰিৱেশ” আৰু “দীৰ্ঘম্যাদী বহনক্ষমতা”ৰ দোহাই দি খেলৰ সকলো স্তৰতে কৃত্ৰিম পাখিৰে নিৰ্মিত শ্বাটলৰ ব্যৱহাৰৰ অনুমোদন জনায়। তাৰ পিছত নিকায়টোৱে বেডমিণ্টনৰ নিয়মৰ ২.১ নং দফাটো আনুষ্ঠানিকভাবে সলনি কৰে, এতিয়া তাত উল্লেখ কৰা হৈছে যে “শ্বাটলটো প্ৰাকৃতিক আৰু/বা কৃত্ৰিম সামগ্ৰীৰে নিৰ্মিত হ’ব।”
“প্লাষ্টিক বা নাইলনে আচল পাখিৰ শ্বাটলৰ লগত ফেৰ মাৰিব পাৰে জানো? খেলখনৰ কি হ’ব নাজানো, কিন্তু যদি এই সিদ্ধান্ত গোটেই বিশ্বতে লোৱা হৈছে, তেন্তে আমাৰ কামৰ মুধা মৰিব, জীৱিকাৰ উপায় নাইকিয়া হৈ নাযাবনে?” নৱ কুমাৰে প্ৰশ্ন কৰে। “আমাৰ হাতত চিন্থেটিক শ্বাটল বনাব পৰা প্ৰযুক্তি আৰু দক্ষতা দুয়োটাই নাই।”
“এতিয়া যিখিনি শিল্পকাৰ আছে, তেওঁলোক প্ৰায় ৩০ বছৰ বা তাতকৈ অধিক অভিজ্ঞতা থকা মধ্যবয়সীয়া বা জ্যেষ্ঠ নাগৰিক। পৰৱৰ্তী প্ৰজন্মই এই জীৱিকাক বিকল্প হিচাপে বিবেচনা কৰা নাই,” তেওঁ কয়। সামান্য মজুৰিতে এনেকৈ দীঘলীয়া সময় এনেকৈ কাম কৰি থাকিব লাগে, তাতে কামটোত বিশেষ দক্ষতাৰো প্ৰয়োজন। সেই কাৰণতে হয়তো নতুন প্ৰজন্মই এই কামৰ প্ৰতি অনাগ্ৰহী।
“চৰকাৰে যদি মানসম্পন্ন পাখিৰ যোগান উজু কৰি তোলে, পাখিৰ দামৰ ওপৰত সীমাবদ্ধতা বান্ধি দিয়ে আৰু আমাক শেহতীয়া মেচিন প্ৰযুক্তিৰ ব্যৱস্থা কৰি নিদিয়ে, তেন্তে উদ্যোগটো অদূৰ ভৱিষ্যতে বন্ধ হোৱাটো খাটাং,” নৱ কুমাৰে কয়।
প্ৰতিবেদকে অদ্ৰীশ মাইতিত তেওঁৰ অমূল্য সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে .
এই ষ্ট ’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে ।
অনুবাদ: পংকজ দাস