তেনেহ’লে পাতনি মেলো...
পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিয়ে ২০১৪ৰ পৰা ভাৰতীয় বৈচিত্ৰময় ভাষাৰ জগতখনক প্ৰতিনিধিত্ব কৰি আহিছে, এনে এখন দেশ, য’ত ৮৩.৩ কোটি লোকে প্ৰায় ৮৬ টা ভিন্ন লিপিৰ ৭০০ টা ভাষা কয়। এই ভাষাবোৰে, যাৰ কিছুমানৰ কোনো লিপি নাই, সেইবোৰেই লগ লাগি ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যৰ ধাৰাক প্ৰৱাহিত কৰি ৰাখিছে। এই ভাষাবোৰৰ অবিহনে ভাৰতীয় জনজীৱনৰ ভঁৰাল এটাৰ কথা কল্পনা কৰিব নোৱাৰি, বাস্তৱ ৰূপ দিয়া দূৰৰে কথা। পাৰিৰ প্ৰতিটো ষ্ট’ৰিৰ ক্ষেত্ৰত এই ভাৰতীয় ভাষাবোৰলৈ অনুবাদৰ এক অপৰিসীম ভূমিকা থাকে।
“জনজীৱনৰ এই জীৱন্ত মহাফেজখানাই সাংবাদিকতাৰ ক্ষেত্ৰখনত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। অনুবাদক ই সামাজিক ন্যায়ৰ দৃষ্টিৰে চায়,” স্মিতা খাটোৰে কয়। “গ্ৰামাঞ্চলৰ সংখ্যাগৰিষ্ঠ ভাৰতীয়ই এতিয়াও ইংৰাজী ভাষাৰ পৰা শত যোজন দূৰত থকা এনে সময়ত জ্ঞানৰ উন্মোচন আৰু ইয়াৰ প্ৰসাৰ কেৱল ইংৰাজী ভাষাত দীক্ষিত, ইংৰাজী ভাষা কওঁতা শ্ৰেণীটোৰে যাতে কেৱল বিশেষাধিকাৰ হৈ নাথাকে, সেয়া ই নিশ্চিত কৰে।”
আমাৰ ভাষা সম্পাদক আৰু অনুবাদকসকলে প্ৰায়ে শব্দৰ সাংস্কৃতিক প্ৰসংগ, বাক্যাংশৰ সঠিক অনুবাদ আদিক লৈ সঘনে আলোচনা কৰে, তৰ্ক কৰে আৰু নিজ নিজ ভাৱ বিনিময় কৰে। এনেকুৱাই এটা দিনৰ কথা...
স্মিতা: পুৰুষোত্তম ঠাকুৰৰ সেই ষ্ট’ৰিটো মনত আছে, তাত যে তেওঁ তেলাংগনাৰ এটা ইটাৰ ভাতীত কাম কৰি থকা কুৰুমপুৰিৰ পৰা প্ৰব্ৰজিত শ্ৰমিকক লগ পোৱাৰ কথা বৰ্ণনা কৰিছিল। তেওঁলোক যে কিমান আনন্দিত হৈ পৰিছিল পুৰুষোত্তমদাক দেখি। বয়সীয়া মানুহবোৰৰ এজনে তেওঁক কৈছিল, ‘বহুদিনৰ মুৰত মই ওড়িয়া ভাষা কোৱা মানুহ এজন লগ পাইছো। আপোনাক দেখি যে কিমান সন্তোষ পাইছো!’
আৰু মহাৰাষ্ট্ৰৰ পৰা জ্যোতি শিনৌলিয়ে ৰঘু নামৰ প্ৰব্ৰজিত শ্ৰমিকজনৰ ওপৰত কৰা ষ্ট’ৰিটো। যাৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো আছিল নতুন স্কুলখন অভ্যস্ত হোৱা, য’ত শিক্ষক আৰু বন্ধুসকলৰ কোনেও তেওঁ বুজি পোৱা ভাষাত কথা পতা নাছিল। ষ্ট’ৰিটোত ল'ৰাটোৰ মাক গায়ত্ৰীয়ে কয়, “মাত্ৰ তিনি সপ্তাহ চেন্নাইৰ স্কুলখনলৈ যোৱাৰ পিছত এদিন কান্দি কান্দি সি ঘৰলৈ উভতি আহিল। স্কুললৈ আৰু সি হেনো নাযায়। সিহঁতে কি কথা পাতে, সি একো বুজি পোৱা নাছিল আৰু কোনেও তাৰ সৈতে ভালকৈ কথা পতা নাছিল।”
মানুহে জীৱিকাৰ সন্ধানত দূৰ-দূৰণিলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱা পৰিস্থিতিত ভাৰতৰ গ্ৰামাঞ্চলৰ মানুহৰ বাবে ভাষিক পৰিচয় অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰে।









