শশী ৰূপেজাই ন দি ক’ব নোৱাৰে যদিও তেওঁ ভাবে যে কাপোৰত হাতেৰে ফুল তুলি থকা সময়তে তেওঁৰ ওপৰত গিৰীয়েকৰ চকু পৰিছিল। “তেওঁ মোক ফুলকাৰী কামত লাগি থকা দেখি চাগে ভাবিলে মই বহুত পৰিশ্ৰম কৰোঁ,” এইবুলি কৈ শশীয়ে সেই মধুৰ স্মৃতিৰ কথা মনত পেলাই হাঁহে, হাতত তেওঁৰ আধা বছা ফুলকাৰী।
পাঞ্জাৱৰ শীতৰ এটা দিন। শশী আৰু তেওঁৰ বান্ধৱী বিমলাই চুবুৰীত চিকুণ ৰ’দ পুৱাইছে। চুপতি মাৰি থকাৰ মাজতে তেওঁলোকৰ হাত দুখন ফুলকাৰীৰ কামত ব্যস্ত। আলোচনাৰ বিষয় দৈনন্দিন জীৱন। মেলত তেওঁলোক মজি আছে যদিও কাপোৰত নানৰঙী সুতাৰে ফুলকাৰী চানেকি তোলোতে তীক্ষ্ন বেজীয়ে যাতে নিবিন্ধে, তালৈকো তেওঁলোকে ঠিকেই লক্ষ্য ৰাখিছে।
“আগতে ঘৰে ঘৰে ফুলকাৰী চানেকি তুলিবপৰা তিৰোতা আছিল,” ৰঙা দোপাত্তা এখনত বাছি থকা ফুলটোত আন এডাল সূতা সযতনে সী উঠি পাটিয়ালা চহৰৰ ৫৬ বৰ্ষীয় শশীয়ে কয়।
ফুলকাৰী এবিধ ফুল বছা শৈলী। এনে ফুলাম চানেকি দোপাত্তা, চেলোৱাৰ-কামিজ আৰু শাড়ী আদিত তোলা হয়। কাঠৰ ব্লকত কটা ফুলৰ চানেকি প্ৰথমে চিয়াহীৰে কাপোৰত তুলি লোৱা হয়। তাৰপিছত সেই চানেকিৰ ওপৰে ওপৰে পাটিয়ালা চহৰৰ পৰা অনা ৰঙীন ৰেচমী আৰু কপাহী সূতাৰে ফুল বছা হয়।
“আমাৰ ত্ৰিপুৰি অঞ্চলটো ফুলকাৰীৰ বাবে বিখ্যাত,” চাৰিটা দশক পূৰ্বে বিয়াৰ পিছত হাৰিয়ানাৰ পৰা পাঞ্জাৱৰ পাটিয়ালা জিলালৈ অহা শশীয়ে কয়। “ত্ৰিপুৰিত আন মহিলাৰ পৰা চাই চাই মই এই কলা আয়ত্ত্ব কৰিলোঁ।” শশীয়ে এই ঠাইত বিয়া হোৱা ভনীয়েকজনীৰ ঘৰলৈ আহিছিল। তেতিয়াই দেখিছিল ফুলকাৰী শিল্প। তেনেকৈয়ে ১৮ বছৰীয়া শশীৰ শিল্পবিধৰ প্ৰতি আগ্ৰহ জন্মিছিল। তাৰে এবছৰ নে দুবছৰ পিছত তেওঁ তাৰেই বাসিন্দা বিনোদ কুমাৰৰ সৈতে বিয়াত বহে।
২০১০ত পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানত ভৌগোলিক সূচক চিহ্ন লাভ কৰা এইবিধ হস্তকলা ঘৰৰ পৰা কাম কৰিব বিচৰা মহিলাসকলৰ মাজত খুবেই প্ৰচলিত। তেওঁলোকে ২০ৰ পৰা ৫০ গৰাকী শিপিনী লগ হৈ কমিচন ভিত্তিত কাম কৰে।
“আজিকালি খুব কমেইহে হাতেৰে ফুলকাৰীৰ কাম কৰে,” শশীয়ে কয়। মেচিনেৰে বনোৱা সস্তীয়া সূচিকৰ্মৰে বজাৰ উপচি পৰিছে। তৎস্বত্ত্বেও ত্ৰিপুৰিৰ মূল বজাৰখনত হাতেৰে ফুল বছা ফুলকাৰী কাপোৰ বিক্ৰেতাৰ দোকান ভৰি আছে।
শশীয়ে ২৩ বছৰ বয়সতে এই সূচিশিল্পৰ যোগেদি প্ৰথমবাৰৰ বাবে উপাৰ্জন কৰিব পাৰিছিল। তেওঁ ১০ যোৰ চেলোৱাৰ-কামিজত ফুল বাছি দি মুঠ ১,০০০ টকা পাইছিল। পৰিয়ালটোৰ নাটনিৰ দিনত এই সূচিশিল্পই বহুত সহায় কৰিছিল বুলি শশীয়ে কয়, “ল’ৰা-ছোৱালীক পঢ়ুওৱাৰ উপৰিও আন বহু খৰছ আছিল।”
শশীৰ স্বামী এগৰাকী দৰ্জী। শশীয়ে কাম আৰম্ভ কৰাৰ সময়ত তেওঁৰ ব্যৱসায় একেবাৰে মন্দা চলি আছিল। স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত তেওঁ বৰকৈ কামত বহিব নোৱাৰা হোৱাত শশীয়ে দায়িত্ব মূৰপাতি ল’লে। “এখেত তীৰ্থযাত্ৰাৰ পৰা আহি যেতিয়া দেখিলে যে মই তেওঁৰ দোকানৰ নক্সাই সলনি কৰি পেলাইছো, তেখেত আচৰিতেই হৈছিল,” চিলাই মেচিন আঁতৰাই সূতা আৰু কাঠৰ ব্লক ভৰাই সূচিশিল্পশালা কৰি তোলা দোকানখনৰ প্ৰসংগত শশীয়ে কয়। জমা ধন ৫,০০০ টকাৰে তেওঁ এই আটাইখিনি কৰিছিল বুলি তেওঁ কয়।
ভয়-ভীত নকৰা এইগৰাকী সূচিশিল্পীয়ে ফুলকাৰী বছা কাপোৰ বিক্ৰী কৰিবলৈ পাটিয়ালা চহৰৰ লাহোৰি ঘাটৰ দৰে ব্যস্ততাপূৰ্ণ এলেকালৈ যোৱাৰ কথা মনত পেলায়। ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰিবলৈ তেওঁ ৫০ কিলোমিটাৰ দূৰৰ আম্বালালৈ ৰেলগাড়ীৰে অহা-যোৱাও কৰিছিল। “স্বামীৰ লগত মই যোধপুৰ, জয়ছেলমেৰ আৰু কাৰ্নালত ফুলকাৰী বছা কাপোৰৰ প্ৰদৰ্শনীও পাতিছো,” তেওঁ কয়। এইবোৰ কামত বহুত কষ্ট দেখি তেওঁ কাপোৰ বিক্ৰীৰ কাম এৰি সূচিশিল্পক অৱসৰী কাম হিচাপে লৈছে। এতিয়া তেওঁৰ ৩৫ বৰ্ষীয় পুত্ৰ দীপাংশু ৰূপেজাই ফুলকাৰী বছা কাপোৰ বিক্ৰীৰ ব্যৱসায় চম্ভালে আৰু পাটিয়ালাৰ সূচিশিল্পীসকলৰ সৈতে কাম কৰে।
“মেচিনে কৰা সূচিকৰ্মৰ কাপোৰেৰে বজাৰ ভৰি পৰিছে যদিও হাতে বছা ফুলকাৰী কাপোৰৰ চাহিদা এতিয়াও বেছি,” দীপাংশুৱে কয়। দুয়োবিধৰ মাজত প্ৰতিযোগিতা আছে যদিও দামৰ ক্ষেত্রত পাৰ্থক্য মন কৰিবলগীয়া। হাতে বছা ফুলকাৰী দোপাত্তা ২,০০০ টকাত বিক্ৰী হয়, কিন্তু মেচিনত বনোৱা ফুলকাৰী দোপাত্তাৰ দাম ৫০০ৰ পৰা ৮০০ টকা মাত্ৰ।
“কিমানটা ফুল বছা হৈছে, সেই সংখ্যা আৰু চানেকিৰ জটিলতাৰ ওপৰত ভিত্তি কৰি আমি দাম দিও,” দীপাংশুৱে কয়। এয়া শিল্পীগৰাকীৰ নৈপুণ্যতাৰ ওপৰতো নিৰ্ভৰ কৰে। সেই হিচাপত এটা ফুলত ৩ৰ পৰা ১৬ টকা দিয়া হয়।
দীপাংশুৰ লগত কাম কৰা এগৰাকী শিল্পী বলৱিন্দৰ কৌৰ, তেওঁৰ বয়স ৫৫ বছৰ। পাটিয়ালা জিলাৰ মিয়াল গাঁৱৰ বাসিন্দা বলৱিন্দৰে দীপাংশুৰ ত্ৰিপুৰিস্থিত দোকানলৈ মাহত ৩-৪ বাৰ অহা-যোৱা কৰে। তালৈ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। দোকানৰ পৰা তেওঁ সূতা আৰু চাব মৰা ফুলকাৰী চানেকি থকা কাপোৰ লৈ যায়, য’ত তেওঁ ফুল বাছে।
পাকৈত সূচিশিল্পী বলৱিন্দৰে মাত্ৰ দুটা দিনতে চেলোৱাৰ-কামিজত ১০০ টা ফুল তুলিব পাৰে। “কোনেও মোক আনুষ্ঠানিকভাৱে সূচিশিল্পৰ কাম শিকোৱা নাই,” ১৯ বছৰ বয়সৰ পৰাই এই কাম কৰি থকা বলৱিন্দৰে কয়। “আমাৰ পৰিয়ালটোৰ খেতিমাটি নাছিল, চৰকাৰী চাকৰিও নাছিল,” তিনি সন্তানৰ মাতৃ বলৱিন্দৰে কয়। তেওঁৰ গিৰীয়েকে দিনহাজিৰা কৰিছিল, কিন্তু প্ৰথম কাম কৰা সময়ত নিবনুৱা আছিল।
বলৱিন্দৰে তেওঁৰ মাকে কোৱা মনত পৰে, “হুন জৌ তেৰি কিস্মত হ্যে তেনু মিল গেয়া হ্যে। হুন কুঁজ না কুঁজ কৰ, ত্যে খা (কপালত যি আছে, সেয়াই পাবি। এতিয়া কিবা এটা কৰি পেটটো পোহ)।” তেওঁৰ চিনাকি কিছুমানে ত্ৰিপুৰিৰ কাপোৰ বেপাৰীৰ পৰা ফুলকাৰী বছা কাপোৰৰ মোটা অৰ্ডাৰ লৈছিল। “মই তেওঁলোককেই পইছাৰ প্ৰয়োজন আছে বুলি ক’লো আৰু দোপাত্তাত ফুল বছা কাম দিব নেকি সুধিলো। তেওঁলোকেই না নকৰিলে।”
প্ৰথমে ফুলকাৰীৰ বাবে কাপোৰ দিওতে বেপাৰীয়ে তেওঁৰ পৰা জামিন জমা বিচাৰিছিল। তেওঁ প্ৰায়ে ৫০০ টা বেপাৰীক জমা দিবলগীয়া হৈছিল। কিন্তু সোনকালেই “মোৰ কাম দেখি বেপাৰীৰ বিশ্বাস জন্মিল,” বলৱিন্দৰে কয়, এতিয়া তেওঁক ত্ৰিপুৰিৰ ফুলকাৰী পোছাকৰ প্ৰতিজন ডাঙৰ বেপাৰীয়ে তেওঁক চিনি পায়। “কামৰ কোনো অভাৱ নাই,” এতিয়া প্ৰতিমাহে ১০০ জোৰ কাপোৰত ফুল বছা কাম পায় বুলি তেওঁ কয়। তেওঁ ফুলকাৰী কাম কৰা শিল্পীৰ এটা গোট গঠন কৰি লৈছে, প্ৰায়ে তেওঁলোকক নিজৰ পৰা কিছু কাম দিয়ে। “মই আন কাৰো ওপৰত নিৰ্ভৰ কৰি চলিব নিবিচাৰো,” তেওঁ কয়।
আজিৰ পৰা প্ৰায় ৩৫ বছৰ আগতে যেতিয়া তেওঁ কামত ধৰিছিল, বলৱিন্দৰে এখন দোপাত্তাত ফুল বাছি ৬০ টকা পাইছিল। এতিয়া তেওঁ সুক্ষ্ম ফুল বছা কামৰ বাবদ ২,৫০০ টকা পায়। বিদেশলৈ যোৱা কিছুমানে তেওঁ বছা ফুল থকা পোছাক উপহাৰ দিবলৈ লৈ যায়। “মই নিজহাতে ফুল বছা কাপোৰ আমেৰিকা, কানাডা আদিলৈকো যায়। মই যি দেশলৈ গৈ পোৱা নাই, সেই দেশলৈ মোৰ কাপোৰ যোৱা কথাটোক লৈ মনত বৰ সুখ পাওঁ,” তেওঁ গৌৰৱেৰে কয়।
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এমএমএফ)ৰ ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।
অনুবাদ: পংকজ দাস