শশী ৰূপেজাই ন দি ক’ব নোৱাৰে যদিও তেওঁ ভাবে যে কাপোৰত হাতেৰে ফুল তুলি থকা সময়তে তেওঁৰ ওপৰত গিৰীয়েকৰ চকু পৰিছিল। “তেওঁ মোক ফুলকাৰী কামত লাগি থকা দেখি চাগে ভাবিলে মই বহুত পৰিশ্ৰম কৰোঁ,” এইবুলি কৈ শশীয়ে সেই মধুৰ স্মৃতিৰ কথা মনত পেলাই হাঁহে, হাতত তেওঁৰ আধা বছা ফুলকাৰী।
পাঞ্জাৱৰ শীতৰ এটা দিন। শশী আৰু তেওঁৰ বান্ধৱী বিমলাই চুবুৰীত চিকুণ ৰ’দ পুৱাইছে। চুপতি মাৰি থকাৰ মাজতে তেওঁলোকৰ হাত দুখন ফুলকাৰীৰ কামত ব্যস্ত। আলোচনাৰ বিষয় দৈনন্দিন জীৱন। মেলত তেওঁলোক মজি আছে যদিও কাপোৰত নানৰঙী সুতাৰে ফুলকাৰী চানেকি তোলোতে তীক্ষ্ন বেজীয়ে যাতে নিবিন্ধে, তালৈকো তেওঁলোকে ঠিকেই লক্ষ্য ৰাখিছে।
“আগতে ঘৰে ঘৰে ফুলকাৰী চানেকি তুলিবপৰা তিৰোতা আছিল,” ৰঙা দোপাত্তা এখনত বাছি থকা ফুলটোত আন এডাল সূতা সযতনে সী উঠি পাটিয়ালা চহৰৰ ৫৬ বৰ্ষীয় শশীয়ে কয়।
ফুলকাৰী এবিধ ফুল বছা শৈলী। এনে ফুলাম চানেকি দোপাত্তা, চেলোৱাৰ-কামিজ আৰু শাড়ী আদিত তোলা হয়। কাঠৰ ব্লকত কটা ফুলৰ চানেকি প্ৰথমে চিয়াহীৰে কাপোৰত তুলি লোৱা হয়। তাৰপিছত সেই চানেকিৰ ওপৰে ওপৰে পাটিয়ালা চহৰৰ পৰা অনা ৰঙীন ৰেচমী আৰু কপাহী সূতাৰে ফুল বছা হয়।










