২০২৩ চনৰ জুনৰ মাজভাগৰ ঘটনা। একেৰাহে পাঁচ দিন ধৰি ঔৰংগাবাদৰ সংমণ্ডল আয়ুক্তৰ কাৰ্যালয়ৰ সমুখত অনশন কৰিছিল আজিম শ্বেইখে।
ভীষণ গৰমকো নেওচি মুখত পানী এটুপিও নিদিয়াকৈ অনশন চলাই গৈছিল ২৬ বছৰীয়া যুৱকজনে। অনশনৰ শেষত যথেষ্ট দুৰ্বল হৈ পৰিছিল, মূৰ ঘূৰাইছিল, আনকি থিয় হৈ খোজ দিবলৈকো গাত বল নাইকিয়া হৈ পৰিছিল।
তেওঁৰ দাবী কি আছিল? থানাত এখন এজাহাৰ দাখিলৰ দাবী। কিন্তু ঔৰংগাবাদৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত জালনা জিলাৰ তেওঁৰ গাঁৱৰ স্থানীয় থানাৰ আৰক্ষীয়ে সেইখিনিও কৰিবলৈ ৰাজি নাছিল।
২০২৩ চনৰ ১৯ মে’ত স্থানীয় মাৰাঠা সম্প্ৰদায়ৰ সোণাওনে পৰিয়ালৰ লোকসকলে নিশা ১১ বজাত আজিমৰ ঘৰত আক্ৰমণ চলাই তেওঁৰ পৰিয়ালক লাঠিৰে প্ৰহাৰ কৰিছিল আৰু শিলগুটি নিক্ষেপ কৰিছিল। এই আক্ৰমণত আজিমৰ মাক-দেউতাক আৰু ভাতৃ আঘাতপ্ৰাপ্ত হৈছিল। “বয়সীয়া মাক হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছিল। বহুত বেয়াকৈ নৃশংসভাৱে প্ৰহাৰ কৰিছিল। আমাৰ ঘৰৰ পৰা ডেৰ লাখ টকাতকৈয়ো অধিক মূল্যৰ গহনা আৰু নগদ ধনো লুটি নিছিল,’’ পাৰিৰ আগত এইদৰে কয় আজিমে।
এই প্ৰতিবেদকে ঘটনা সন্দৰ্ভত আজিমে অভিযোগ কৰা নীতিন সোণাওনেৰ সৈতেও যোগাযোগ কৰিছিল। নীতিনে এই বিষয়ে মন্তব্য কৰিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি কৈছিল, “এইধৰণৰ একো কথা আমি শুনাই নাই।’’
আজিমৰ ঘৰটো ৮ একৰ খেতিৰ মাটিৰ মাজত অৱস্থিত। মধ্য মহাৰাষ্ট্ৰৰ ভোকাৰদান মৌজাৰ অন্তৰ্গত তেওঁলোকৰ গাঁও পলাশখেড়া মুৰতাদ মূল বসতিস্থলৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগত।
“ৰাতি হ’লে চৌদিশ নিৰ্জন, নিমাওমাও হৈ পৰে, সেয়ে চিঞৰি সহায় বিচাৰিও একো লাভ হোৱা নাছিল,’’ তেওঁ কয়।







