ৰুবেল শ্বেইখ আৰু অনিল খানে গাড়ী চলাইছে ঠিকেই, কিন্তু গাড়ীকেইখন মাটিত চলি থকা নাই। চলিছে মাটিৰ পৰা ২০ ফুট ওপৰত, প্ৰায় উলম্বভাৱে, ৮০ ডিগ্ৰী কোণ কৰি। আগৰতলাৰ মেলাখনত দৰ্শকৰ ভিৰৰ পৰা কিৰীলি ভাঁহি আহিছে। ৰুবেল আৰু অনিলে চলন্ত গাড়ীৰ পৰা গা-মুৰ উলিয়াই দৰ্শকলৈ হাতবাউলিৰে দৰ্শকৰ সঁহাৰিৰ আহ্বান জনাইছে।
এয়াই হ’ল মৌত কা কুঁৱা, য’ত বৃহৎ কুঁৱা আকৃতিৰ এটা গাঁথনিৰ বেৰত একেলগে কাৰ আৰু বাইক চলে।
প্ৰতিটো দৰ্শনীৰ সময় দহ মিনিট। ৰাতিটো ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰদৰ্শনী চলি থাকে। কুঁৱাটো চটা চটা কাঠ আৰু লোৰ ফ্ৰেম দি বনোৱা হয়। মেলাত প্ৰদৰ্শনীৰ বাবে গোটেই গাঁথনিটো সাজু কৰোঁতে কেবাদিনো লাগে। বাইক আৰোহী আৰু কাৰ চালকসকলে নিজে এই কাম কৰে। তেওঁলোকৰ সুৰক্ষাৰ দিশটোৰ লগতে প্ৰদৰ্শনী ভাল হোৱাটো কোনো ক্ৰুটি ৰৈ নোযোৱাকৈ গাঁথনিটো তৈয়াৰ কৰাৰ ওপৰতে নিৰ্ভৰ কৰে।
মৌত কা কুঁৱা নামটো শুনিবলৈ আচহুৱা যদিও নামটোৰ কাৰণেই ত্ৰিপুৰাৰ আগৰতলা চহৰত অক্টোবৰৰ দুৰ্গা পূজাৰ সময়ত এইখন মেলাৰ অন্যতম আকৰ্ষণ হৈ পৰিছে মৌত কা কুঁৱাৰ খেল। মেলাত ফেৰিছ হুইল, মেৰী-গ’-ৰাউণ্ড, পুতলা ৰেল আদি খেলো চলিছে।
“আমি যিকোনো কাৰেই বেৰত চলাব পাৰো, কিন্তু মাৰুতি ৮০০ৰ খিৰিকীবোৰ বহল আৰু সহজেই তাৰ পৰা (প্ৰদৰ্শনীৰ সময়ত) ওলাব পাৰি, সেয়ে এইখন গাড়ীয়েই পচন্দ কৰোঁ,” বিপজ্জনক খেল দেখুওৱা ৰুবেলে কয়। মটৰ গাড়ীৰ সমানে সমানে চলে চাৰিখন আৰ.এক্স.-১৩৫ । “পুৰণি বাইকেই ব্যৱহাৰ কৰোঁ, কিন্তু ভালদৰে মেৰামতি কৰি ৰাখো।”
পশ্চিমবংগৰ মালদা চহৰৰ ৰুবেল এই পেচাদাৰী চালকৰ দলটোৰ মুৰব্বী, বাহনকেইখন তেওঁৰ। এই মটৰ চাইকেলকেইখন প্ৰায় ১০ বছৰ ধৰি ব্যৱহাৰ কৰি অহা বুলি তেওঁ কয়, অৱশ্যে “নিয়মীযাকৈ চাৰ্ভিচিং কৰাই থকা হয়।”
গ্ৰামাঞ্চলৰ ডেকা ডেকা ল’ৰাবোৰ এই কামৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায়। কেনেকৈ এই খেলত সোমাল, সেই বিষয়ে সোধাত ঝাৰখণ্ডৰ গোড্ডা জিলাৰ মহম্মদ জগ্গা আনছাৰীয়ে কয়, “সৰুতে গাঁৱৰ মেলাত এই খেল চাই আকৰ্ষিত হৈছিলো,” তেনেকৈয়ে তেওঁ চাৰ্কাছত চেঙেলীয়া বয়সত সোমাইছিল আৰু আৰম্ভণিতে সৰু-সুৰা কামবোৰত সহায় কৰি দিছিল।
বিহাৰৰ নৱাদা জিলাৰ ৱাৰিচালিগঞ্জ গাঁৱৰ পংকজ কুমাৰেও কৈশোৰতে এই কাম আৰম্ভ কৰিছিল, “মেট্ৰিক পৰীক্ষা দিয়ে পঢ়া এৰি মটৰ চাইকেল চলাবলৈ শিকিছিলো।”
মৌত কা কুঁৱাৰ দৰ্শকৰ বীথিকা আৰু কুঁৱা সদৃশ গাঁথনিটো নিৰ্মাণৰ কাম কৰা চালক আনচাৰী আৰু পংকজৰ দৰে আন প্ৰদৰ্শকো দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহে আৰু ইখনৰ পিছত সিখন মেলালৈ ভ্ৰমি ফুৰে। ৰুবেল আৰু আনচাৰীয়ে লগত পৰিয়াল লৈ আহিছে, আনহাতে পংকজ অকলে আহিছে। কাম নথকা দিনবোৰত তেওঁ বিহাৰৰ নিজ গাঁৱলৈ গুছি যায়।
মৌত কা কুঁৱা পতাৰ প্ৰথমটো ঢাপ হৈছে কুঁৱাৰ লেখীয়া গাঁথনিটো বনোৱা। “এই কামটোত সাধাৰণতে ৩ৰ পৰা ৬ দিন লাগে যদিও এইবাৰ হাতত সময় একেবাৰে কম আছিল, সেয়ে তিনি দিনতে সাজি উলিয়াবলগীয়া হ’ল,” সময় থাকিলে কামটো লাহে-ধীৰে কৰা হয় বুলি ৰুবেলে কয়।
অৱশেষত প্ৰদৰ্শনীৰ সময় আহি পৰিল। সন্ধিয়া সাত বজাত টিকট কাটিবলৈ মানুহৰ ভিৰ লাগিছে - ডাঙৰৰ বাবে টিকটৰ মূল্য ৭০ টকা, সৰু ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া। প্ৰতিটো প্ৰদৰ্শনী ১০ মিনিটলৈ চলে আৰু অতিকমেও চাৰিজনে দুখন গাড়ী আৰু দুখন মটৰ চাইকেলেৰে খেল দেখুৱায়। এৰাতিত তেওঁলোকে প্ৰতি দৰ্শনীৰ শেষত ১৫-২০ মিনিটৰ বিৰতি লৈ কমেও ৩০ বাৰ খেল প্ৰদৰ্শন কৰে।
আগৰতলাৰ এই মেলাখনত তেওঁলোকৰ খেল ইমানেই জনপ্ৰিয় হৈ পৰিল যে তেওঁলোকে পাঁচ দিনৰ ঠাইত সাত দিন খেল দেখুৱাবলগীয়া হ’ল।
“আমাৰ দিনহাজিৰা ৬০০ৰ পৰা ৭০০ টকা, কিন্তু খেলৰ সময়ত মানুহে যি দিয়ে, সেয়াই আমাৰ ঘাই উৎপাৰ্জন,” আনচাৰীয়ে কয়। ভাল দিনত তেওঁলোকে ২৫,০০০ পৰ্য্যন্ত টকা পায়।
ৰুবেলে কয় যে গোটেই বছৰটো প্ৰদৰ্শনী পতাটো সম্ভৱ নহয়, “বাৰিষা এই খেল পতাটো কঠিন হৈ পৰে।” একো কাম নথকা দিনবোৰত ৰুবেলে গাঁৱলৈ গৈ খেতি-বাতিত লাগে।
খেলবিধ খুবেই বিপজ্জনক যদিও সেই কথালৈ বিশেষ গুৰুত্ব পংকজে দিয়া নাই। তেওঁ কয়, “ভয় কৰিবলগীয়া একো নাই। ভয় নাখালে ভয় কৰিবলগীয়া একোৱেই নাথাকে।” তেওঁলোকে কাম কৰা সময়ছোৱাত কোনো মাৰাত্মক ঘটনা ঘটা নাই বুলি গোটটোৱে কয়।
“প্ৰদৰ্শনৰ সময়ত মানুহৰ হাঁহি-ফুৰ্তি ভৰা মুখবোৰ দেখি সুখ পাও,” ৰুবেলে কয়।
অনুবাদ: পংকজ দাস