ইয়াত সকলোৰে মুখে মুখে থকা নামটো বিৰাট কোহলি, সকলোৰে প্ৰিয়। ডুংগ্ৰা চোটাত ভাৰতৰ ক্ৰিকেট তাৰকাসকলৰ অনুৰাগীৰ অভাৱ নাই।
শীতকালি ৰাতিপুৱা ১০ বজাৰ পিছত যথেষ্ট সংখ্যক কমবয়সীয়া ল’ৰা-ছোৱালী এবিধ খেলত নিমগ্ন হৈ পৰিছে। বৰ্গাকাৰ মুকলি মাটিডোখৰৰ দাঁতিকাষৰীয়া গোমধানৰ পথাৰবোৰ দেখি সেইখন এখন ক্ৰিকেট ফিল্ড যেন আপোনাৰ নালাগিব পাৰে, কিন্তু বংশৱাৰা জিলাৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহীসকলৰ পপিং ক্ৰিজৰ পৰা বাউণ্ডেৰী লাইনলৈকে ইয়াৰ প্ৰতিটো চুক-কোণ চিনাকি।
সকলোৱেই জানে যে ক্ৰিকেট অনুৰাগীসকলৰ সৈতে কথা-বতৰা আৰম্ভ কৰিবলৈ সহজ উপায়টো হৈছে তেওঁলোকৰ প্ৰিয় খেলুৱৈৰ বিষয়ে সোধা। এয়া বিৰাট কোহলিৰে আৰম্ভ হ’ব পাৰে, কিন্তু ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, মদম্মদ চিৰাজ আদি নামবোৰো ইটোৰ পিছত সিটো কম সময়তে আলোচনাৰ বিষয় হৈ পৰে...
অৱশেষত ১৮ বছৰীয়া শিৱম লাবানাই আমাৰ কথাত যোগ দিলে, “মই স্মৃতি মান্ধানাক ভাল পাওঁ।” ইণ্ডিয়া উইমেন টি২০ স্কোৱাডৰ এই অ’পেনিং বেটাৰ আৰু প্ৰাক্তন কেপ্টেইন স্মৃতি হৈছে দেশৰ এগৰাকী অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ।
কিন্তু ক্ৰিকেটৰ জগতখনত তেঁৱেই একমাত্ৰ বাওঁহতীয়া খেলুৱৈ নহয়, আৰু এগৰাকী আছে, যাক আমি বিচাৰি পালো।
উদীয়মান বলাৰ আৰু বেটাৰৰ ল’ৰাৰ জুমটোৰ মাজত মাত্ৰ এজনী ছোৱালীহে জিলিকি আছিল। তাই হ’ল মাত্ৰ নবছৰীয়া হিতাক্ষী ৰাহুল হৰক্ষী। বগা জোতা, ক্ষীণকায় দেহটোত টানকৈ মেৰ খাই থকা উৰু আৰু কিলাকুটিত বেটিং পেডেৰে সৈতে তাই সম্পূৰ্ণ সা-সঁজুলি লগত লৈ আহিছিল।










