ইয়াত সকলোৰে মুখে মুখে থকা নামটো বিৰাট কোহলি, সকলোৰে প্ৰিয়। ডুংগ্ৰা চোটাত ভাৰতৰ ক্ৰিকেট তাৰকাসকলৰ অনুৰাগীৰ অভাৱ নাই।
শীতকালি ৰাতিপুৱা ১০ বজাৰ পিছত যথেষ্ট সংখ্যক কমবয়সীয়া ল’ৰা-ছোৱালী এবিধ খেলত নিমগ্ন হৈ পৰিছে। বৰ্গাকাৰ মুকলি মাটিডোখৰৰ দাঁতিকাষৰীয়া গোমধানৰ পথাৰবোৰ দেখি সেইখন এখন ক্ৰিকেট ফিল্ড যেন আপোনাৰ নালাগিব পাৰে, কিন্তু বংশৱাৰা জিলাৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহীসকলৰ পপিং ক্ৰিজৰ পৰা বাউণ্ডেৰী লাইনলৈকে ইয়াৰ প্ৰতিটো চুক-কোণ চিনাকি।
সকলোৱেই জানে যে ক্ৰিকেট অনুৰাগীসকলৰ সৈতে কথা-বতৰা আৰম্ভ কৰিবলৈ সহজ উপায়টো হৈছে তেওঁলোকৰ প্ৰিয় খেলুৱৈৰ বিষয়ে সোধা। এয়া বিৰাট কোহলিৰে আৰম্ভ হ’ব পাৰে, কিন্তু ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, মদম্মদ চিৰাজ আদি নামবোৰো ইটোৰ পিছত সিটো কম সময়তে আলোচনাৰ বিষয় হৈ পৰে...
অৱশেষত ১৮ বছৰীয়া শিৱম লাবানাই আমাৰ কথাত যোগ দিলে, “মই স্মৃতি মান্ধানাক ভাল পাওঁ।” ইণ্ডিয়া উইমেন টি২০ স্কোৱাডৰ এই অ’পেনিং বেটাৰ আৰু প্ৰাক্তন কেপ্টেইন স্মৃতি হৈছে দেশৰ এগৰাকী অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ।
কিন্তু ক্ৰিকেটৰ জগতখনত তেঁৱেই একমাত্ৰ বাওঁহতীয়া খেলুৱৈ নহয়, আৰু এগৰাকী আছে, যাক আমি বিচাৰি পালো।
উদীয়মান বলাৰ আৰু বেটাৰৰ ল’ৰাৰ জুমটোৰ মাজত মাত্ৰ এজনী ছোৱালীহে জিলিকি আছিল। তাই হ’ল মাত্ৰ নবছৰীয়া হিতাক্ষী ৰাহুল হৰক্ষী। বগা জোতা, ক্ষীণকায় দেহটোত টানকৈ মেৰ খাই থকা উৰু আৰু কিলাকুটিত বেটিং পেডেৰে সৈতে তাই সম্পূৰ্ণ সা-সঁজুলি লগত লৈ আহিছিল।
“মই বেটছমেন হ’ব বিচাৰোঁ। মেৰেকো চবচে আচ্ছি লগতি হ্যায় বেটিং (বেটিং কৰি মোৰ আটাইতকৈ বেছি ভাল লাগে),” তাই পাৰিৰ আগত কয়। “মে ইণ্ডিয়া কে লিয়ে খেলনা চাহুংগি (মই ভাৰতৰ হৈ খেলিব বিচাৰোঁ),” তাই কয়। কথা পতাৰ প্ৰতি বৰ ইচ্ছা নথকা হিতাক্ষীয়ে অৱশ্যে ক্ৰীজত থিয় হৈ তাইৰ খেল দেখুওৱাৰ প্ৰতি আগ্ৰহী। কঠিন পিটচখনৰ ওপৰেৰে খোজকাঢ়ি তাই কেইটামান ছিজন বলত নেট হিচাপে কাম কৰা চেইন-লিংক ফেন্সিঙলৈ বেটেৰে কোব মাৰিছিল।
হিতাক্ষীৰ ভাৰতৰ কাৰণে খেলাৰ হাবিয়াসটোত তাইৰ দেউতাকেও সহযোগ কৰিছে আৰু তেওঁ লগতে তাইৰ প্ৰশিক্ষকো। দিনটোৰ কামখিনি তাই এনেদৰে বৰ্ণনা কৰি যায়: “স্কুলৰ পৰা ঘৰলৈ আহি মই এঘণ্টা শোওঁ। তাৰপাছত মই আবেলি চাৰিটাৰ পৰা সন্ধিয়া আঠ বজালৈকে প্ৰশিক্ষণ লওঁ।” সপ্তাহটোৰ শেষত বা আজিৰ দৰে বন্ধৰ দিন পৰিলে তাই পুৱা প্ৰায় ৭.৩০ বজাৰ পৰা দুপৰীয়ালৈকে প্ৰশিক্ষণ লয়।
“আমি এতিয়া একেৰাহে প্ৰশিক্ষণ লোৱা প্ৰায় ১৪ মাহ হ’ল। তাইৰ লগতে মই নিজকো শিকোৱাৰ দৰকাৰ হৈছে,” ২০২৪ৰ জানুৱাৰীত পাৰিৰ সৈতে কথা পাতোতে হিতাক্ষীৰ পিতৃ ৰাহুল হৰক্ষীয়ে কয়। ৰাজস্থানৰ বংশৱাৰা জিলাৰ ডুংগ্ৰা ৱাড়াত তেওঁৰ এটা যান-বাহনৰ গেৰেজ আছে। জীয়ৰীৰ পাৰদৰ্শিতাত তেওঁ গৌৰৱান্বিত আৰু আত্মবিশ্বাসী। তেওঁ কয়, “শ্বানদাৰ প্লেয়িং হ্যায় (তাই বঢ়িয়া খেলে)। দেউতাক হিচাপে মই তাইৰ ক্ষেত্ৰত ইমান কঠোৰ হ’ব নালাগে, কিন্তু মই হ’বই লাগিব।”
‘শ্বানদাৰ প্লেয়িং হ্যে (তাই বঢ়িয়া খেলে),’ এসময়ৰ ক্ৰিকেটাৰ পিতৃ আৰু এতিয়া হিতাক্ষীৰ প্ৰশিক্ষক ৰাহুল হৰক্ষীয়ে কয়
মাক-দেউতাকে লগতে তাইৰ কাৰণে এক স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ব্যৱস্থা কৰিছে। “আমি তাইক সপ্তাহত চাৰিদিন কণী আৰু লগতে অলপ মাংসও দিওঁ,” ৰাহুলে জনায়। “তাই প্ৰতিদিনে দুগিলাচ গাখীৰৰ লগতে চালাদ হিচাপে তিঁয়হ আৰু গাজৰো খায়।”
এই প্ৰচেষ্টাসমূহ হিতাক্ষীৰ খেলৰ জৰিয়তে জিলিকি উঠিছে। তাই ১৮ বছৰীয়া শিৱম লাবানা আৰু ১৫ বছৰীয়া আশীষ লাবানাৰ দৰে পুৰণি খেলুৱৈৰ সৈতে খেলৰ অনুশীলন কৰে। ডুংগ্ৰা চোটাৰ এই ল’ৰা দুজনে জিলা পৰ্যায়ত খেলিছে। দুয়োজনেই বলাৰ আৰু তেওঁলোকে লাবানা প্ৰিমিয়াৰ লীগ (এলপিএল)কে ধৰি ৪-৫ বছৰ ধৰি টুৰ্নামেণ্টত ভাগ লৈ আহিছে, য’ত লাবানা সম্প্ৰদায়ৰ ষাঠিটা টীমে ইটোৱে সিটোৰ সৈতে প্ৰতিযোগিতাত নামে।
“আমি এলপিএল-ত প্ৰথমবাৰ অংশগ্ৰহণ কৰোঁতে তাত আমি কেৱল ল’ৰাবোৰহে আছিলোঁ। তেতিয়া আমাৰ ৰাহুল ভাইয়া (হিতাক্ষীৰ দেউতাক)ৰ দৰে প্ৰশিক্ষক নাছিল,” শিৱমে কয়। “মই মেচবোৰৰ এখনত পাঁচটা উইকেট লৈছিলোঁ।”
আজিকালি তেওঁলোকে ৰাহুলে আৰম্ভ কৰা হিতাক্ষী ক্লাবৰ হৈও খেলে। “আমি তাইক (হিতাক্ষী) শিকাই আছোঁ,” শিৱমে কয়। “আমি বিচাৰোঁ তাই আমাৰ টীমটোৰ প্ৰথম ছোৱালী হওক। আমাৰ সম্প্ৰদায়ৰ ছোৱালীয়ে ক্ৰিকেট নেখেলে, গতিকে আমি ভাবো তাই খেলাটো খুবেই ভাল হৈছে।”
ক্ৰিকেটৰ জনপ্ৰিয়তা থকা স্বত্বেও পৰিয়ালবোৰে তেওঁলোকৰ ল’ৰা-ছোৱালীক এয়া খেলিবলৈ দিব নিবিচাৰে। শিৱমে ১৫ বছৰীয়া তেওঁৰ টীমৰ লগৰ এজনৰ তেনেধৰণৰ অৱস্থা হোৱাৰ কথা উল্লেখ কৰে। তেওঁ বহুবাৰ জিলা পৰ্যায়ত খেলিছিল আৰু খেলা আগবঢ়াই নিয়াৰ কথা ভাবিছিল যদিও এৰি দিয়াৰ সিদ্ধান্ত ল’লে। তাৰ পৰিয়ালে সম্ভৱ তাক কোটালৈ পঠিয়াব।” কোটা বুলি ক’লে ক’চিং ক্লাছ আৰু উচ্চ শিক্ষাৰ কথা মনলৈ আহে, আৰু কোটা মানে এনে লাগে যেন ক্ৰিকেট আৰু যিকোনোৰে পৰা পৃথক হৈ পৰা বিষয়।
সৌভাগ্যক্ৰমে হিতাক্ষীৰ বাবে মাক-দেউতাকে অন্য ধৰণেৰে সপোন দেখিছিল। তাইৰ কমবয়সীয়া টীমৰ সতীৰ্থসকলে কয়, “ উনকা ড্ৰীম হ্যায় উছকো আগে ভেজেংগে (তাইক আগবঢ়াই নিয়াটোৱেই তেওঁলোকৰ সপোন)।” হিতাক্ষীৰ মাক শীলা হৰক্ষী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ এগৰাকী হিন্দী শিক্ষয়িত্ৰী। পৰিয়ালটোৰ সকলোৰে দৰে তেঁৱো এগৰাকী ক্ৰিকেট অনুৰাগী। “মই ভাৰতীয় দলটোৰ প্ৰতিজন খেলুৱৈৰে নাম জানো আৰু সকলোকে চিনি পাওঁ। অৱশ্যে মোৰ আটাইতকৈ বেছি ভাল লাগে ৰোহিত শৰ্মাক,” তেওঁ হাঁহি মাৰি কয়।
শিক্ষকতাৰ লগতে তেওঁ গেৰেজৰ কামো চম্ভালে। আমি তেওঁক তাতে লগ পাইছিলোঁ। “এই মুহূৰ্তত আমাৰ ৰাজস্থানৰ পৰা ক্ৰিকেট খেলা ল’ৰা-ছোৱালী বহুত বেছি নাই৷ আমি আমাৰ ছোৱালীজনীৰ বাবে অলপমান চেষ্টা কৰিছোঁ আৰু আমি চেষ্টা কৰি যাম।”
নবছৰীয়া হিতাক্ষীৰ এতিয়াও বহুদূৰ যাবলৈ বাকী। কিন্তু “তাইক এগৰাকী দক্ষ ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় সকলোখিনি কৰিবলৈ” তাইৰ মাক-দেউতাক দৃঢ়প্ৰতিজ্ঞ।
“ভৱিষ্যতে কি হ’ব মই নাজানো”, ৰাহুলে কয়। “কিন্তু এগৰাকী পিতৃ আৰু ভাল খেলুৱৈ হিচাপে মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে তাই ভাৰতৰ হৈ খেলিব।”
অনুবাদ: বন্যা বৰুৱা