আমি জোপোহা হাবিখনত সোমাই পিৰান্দাই (অসমীয়াত হাড়জোৰা লতা, ইংৰাজী নাম ডেভিলচ্ বেকব’ন) বিচাৰি ফুৰিছো। স্থানীয় ভাষাত ইয়াক পিৰানদাই বুলি কয়, Cissus quadrangularis হৈছে বৈজ্ঞানিক নাম। এই চাৰিকোণীয়া চয়তানৰ হাড়কে ৰথী আৰু মই বিচাৰি ফুৰিছো। লতাবিধৰ গুণ বহুত। বিশেষকৈ লতাবিধৰ কুমলীয়া ঠানি চিঙি আনি চাফা কৰি শুকান জলকীয়াৰ গুড়ি, নিমখ আৰু তিলৰ তেলৰ সৈতে সংৰক্ষণ কৰা হয়। ভালদৰে সংৰক্ষণ কৰিলে ই বছৰটোলৈ বেয়া নোহোৱাকৈ থাকে। আৰু ভাতৰ লগত খাই বৰ ভাল লাগে।
জানুৱাৰী মাহৰ উষ্ম আবেলি এটাত আমি হাবিখনত এবিধ প্ৰাচীন শুকান লতা বিচাৰি পালো। ইয়াৰ এটা ভাবোদ্বেলক তামিল নাম আছে: য়েল্লাইআট্টাম্মান ওড়ই। আক্ষৰিক অৰ্থত দেৱীৰ নৈ, যাৰ কোনো সীমা নাই। এই কথাত আপোনাৰ নোম শিহৰি উঠিব পাৰে। আৰু শিলত খুন্দা খাই এবাৰ ইফালে, এবাৰ সিফালে বৈ অহা কোনো এখন তৰংগিনীৰ ভাবি আপোনাৰ আকৌ এবাৰ নোম শিহৰিব পাৰে।
ৰথীয়ে আমি খোজ কাঢ়ি গৈ থাকো মানে কাহিনীবোৰ কৈ গৈ থাকে। তাৰে কিছুমান কল্পকাহিনী আৰু ৰোমাঞ্চকৰ। কমলা আৰু পখিলাক লৈ। কিছুমান সঁচা আৰু চিন্তনীয়। সেইবোৰ নব্বৈৰ দশকত গা কৰি উঠা খাদ্যৰ ৰাজনীতি আৰু জাতিগত সংঘৰ্ষক লৈ, তেতিয়া তেওঁ হাইস্কুলীয়া ছাত্ৰী। “আমাৰ পৰিয়ালটো থুটুকুৰিলৈ পলাই আহিছিল…”
দুটা দশক পিছত ৰথী তাইৰ নিজ গাঁৱত এগৰাকী পেছাদাৰী কাহিনীকথক, গ্ৰন্থাগাৰ সহায়ক আৰু পুতলানাচ প্ৰদৰ্শক হিচাপে আহিছে। তেওঁ লাহে লাহে কথা কয়, খৰকৈ পঢ়ে। “ক’ভিডৰ সময়ত সাত মাহত মই ২২ হাজাৰ সৰু-ডাঙৰ শিশুগ্ৰন্থ পঢ়িছো। কেতিয়াবা মোৰ সহায়কজনে মোক পঢ়া বন্ধ কৰিবলৈ কাকূতি কৰিছিল। পঢ়ি নাথাকিলে মই সংলাপ গাবলৈ ধৰো,” তেওঁ কৈ হাঁহে।
তেওঁৰ হাঁহিটো নৈৰ দৰেই স্বচ্ছল, ঠিক যিদৰে তেওঁৰ নামটো - ভাগীৰথী। চমুকৈ ৰথী। হিমালয়ৰ দক্ষিণে ৩,০০০ কিলোমিটাৰ দূৰত তেওঁ বসতি, তাতে নদীখনে গংগা নাম লৈছে। তেওঁৰ গাওঁখনৰ নাম টেংকালাম। তামিলনাডুৰ তিৰুনেলভেলি জিলাত অৱস্থিত গাওঁখন পাহাৰ আৰু জোপোহা হাবিয়ে আগুৰা। তেওঁ সেই পাহাৰবোৰ ভালকৈ জানে, যিদৰে তেওঁক গাঁৱৰ মানুহবোৰে।
“হাবিলৈ কিয় গৈ আছা?” কেইগৰাকীমান শ্ৰমিক মহিলাই সুধিলে। “আমি হাড়জোৰা লতা বিচাৰিছো,” ৰথীয়ে কয়। “লগত থকা মহিলাগৰাকী কোন? তোমাৰ বন্ধু?” গৰু চৰাই ফুৰাগৰাকীয়ে জানিব বিচাৰিলে। “হয়, হয়, বান্ধবী,” ৰথীয়ে মিচিকিয়াই হাঁহিলে, মই হাতবাউল দি বিদায় জনাই ৰথীৰ লগত আগবাঢ়িলো।

















