১৩ ফেব্ৰুৱাৰীত দেবিন্দৰ সিং ভাংগু নামৰ পাঞ্জাৱৰ এজন সমাজ বিজ্ঞানৰ ছাত্ৰই কৃষকৰ প্ৰতিবাদত যোগদান কৰিবলৈ বুলি বন্ধু-বান্ধৱীৰ সৈতে শম্ভু সীমান্তত উপস্থিত হয়। দুপৰীয়া প্ৰায় ২ বজাত যেতিয়া তেওঁলোক আহি পাইছিল তেতিয়া সীমান্তৰ হাৰিয়ানাৰ ফালৰ পৰা ইতিমধ্যে ৰেপিড একশ্যন ফৰ্চ (আৰএএফ) আৰু আৰক্ষী সষ্টম হৈ আছিল।
দেবিন্দৰৰ বন্ধু তৰণবীৰ সিঙে কয়, “আমি শান্তিপূৰ্ণভাৱে থিয় দি আছিলো। তেনেতে তেওঁৰ বাওঁ চকুত ৰবৰৰ গুলী লাগে। লগে লগে দেবিন্দৰ ঢলি পৰিল। আমি যেতিয়া তেওঁক উঠাবলৈ লৈছিলো, সেই সময়তে আৰক্ষীয়ে আমালৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছিল।” তেওঁলোক সভাস্থলীত উপস্থিত হোৱাৰ এঘণ্টাৰ ভিতৰতে বিয়লি প্ৰায় ৩ বজাত এই সকলোবোৰ সংঘটিত হৈছিল।
আন আন দাবীৰ লগতে নূন্যতম সমৰ্থন মূল্য (এম.এছ.পি)ৰ আইনী নিশ্চয়তাৰ দাবীৰে ১৩ ফেব্ৰুৱাৰীত কৃষকসকলে দিল্লীলৈ সমদল উলিয়াইছিল। পাঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু সীমান্তত আৰক্ষী আৰু আৰএএফে বেৰিকেড স্থাপন কৰিছিল। কৃষকসকলে আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল কন্দুৱা গেছ আৰু ৰবৰৰ গুলী। (আৰু পঢ়ক: ‘শম্ভু সীমান্তত নিজকে কাৰাৰুদ্ধ যেন লাগিছে’)।
কন্দুৱা গেছৰ প্ৰভাৱকো নেওচি বন্ধুসকলে তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা দেবিন্দৰক ততাতৈয়াকৈ তুলিবলৈ চেষ্টা কৰিছিল। ২২ বছৰীয়া দেবিন্দৰক এম্বুলেন্সৰ জৰিয়তে প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা বানুৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগে লগে তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু তাতেই ১৫ ফেব্ৰুৱাৰীত তেওঁৰ চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। চিকিৎসকে জনোৱা মতে তেওঁ বাওঁ চকুটোৰে আগৰ দৰেকৈ দেখা পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।
দেবিন্দৰৰ পিতৃ কৃষক মঞ্জিত সিঙে সাংবাদিকৰ আগত কয় যে তেওঁৰ পুত্ৰই বিদেশলৈ যোৱাতকৈ দেশতে থাকি আৰক্ষীত যোগদানৰ প্ৰস্তুতি চলাই আহিছিল।






















